সমললৈ যাওক

পৃষ্ঠা:কুৰুক্ষেত্ৰ কাব্য.pdf/৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কু ৰুক্ষেত্ৰ মুনি সমস্তৰ বাক্য শুনিয়া সভাত। জানিলো প্ৰভাৱ প্ৰভু দেখিলো সাক্ষাত। ৪৯৭॥ ছোদিয়োক স্নেহ মঞি মোৰ মহাপাশ। বিষময় বিষয়ে ওচোক অভিলাস॥ সলোতক মুখে দখে কৰন্ত কাতৰ। ত্ৰাহি মহা অজ্ঞানীক মোক মহেশ্বৰ॥ ৪৯৮॥ তযু পাদ পঙ্কজত পশিলো শৰণে। ভকতৰ ভয় হৰৈ এহিসে চৰণে॥ আৱে দীনবন্ধু মোক কৰা পৰিত্ৰাণ দিওক উপায় গুচে যিমতে অজ্ঞান॥৪৯৯॥ মই ইন্দ্ৰিয়ৰ সুখ সাধো প্ৰতিনিতি। শৰীৰত মাত্ৰ আত্মা বুদ্ধি কৰো আতি॥ তুমি হেন ঈশ্বৰত ভৈল পুত্ৰ বোধ। কৰিও বান্ধৱ ইটো কুবুদ্ধি নিৰোধ॥৫০০॥ হেনবা বুলিবা নোহো ঈশ্বৰ সাক্ষাত তোহ্মাৰেসে পুত্ৰ মই জগতে প্ৰখ্যাত॥ ইহাৰ উত্তৰ শুনা জগতৰ স্বামি। সুমৰিলো সুতিকা গৃহৰ কথা আমি॥৫০১॥ যি কালত দৈৱকীৰ গৰ্ভে ভৈলা জাত। পৰম ঈশ্বৰ ৰূপ দেখিলো সাক্ষাত॥ দুয়ো প্ৰাণী পৰি স্তুতি কৰিলো কাৰুণি। উপৰি জন্মৰ কথা কহিলা আপুনি॥৫০২॥ আছিলা সুতপা পৃঞ্চি নামে প্ৰজাপতি। পৃষ্ণি গৰ্ভ নামে মই ভৈলো উতপতি॥ অদিতি কাশ্যপ পাছে ভৈলা তোৰা দুই। উপজিলো তোহ্মাতে বামন ৰূপ হুই॥৫০৩॥ বসুদেৱ দৈৱকী সম্প্ৰতি ভৈলা আসি। নিজ ৰূপে ভৈলো পুত্ৰ মহিমা প্ৰকাশি॥ তোহ্মাৰ মুখৰ কথা পৰিল মনত dir জানিলোহো তুমিসে ঈশ্বৰ মহাতত্ত্ব॥৫০৪॥ নানা বিধ ধৰা তনু লীলায়ে মাধৱ। বুজিবেক কোনে যোগ মায়াৰ বৈভৱ॥ ৯১ Scanned with CamScanner