সমললৈ যাওক

পৃষ্ঠা:কুৰুক্ষেত্ৰ কাব্য.pdf/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কুৰুক্ষেত্ৰ ৰাজ সমজ্যাক নিৰীক্ষিলো চকু চাই। কৃষ্ণৰ আগতে দেখো মৃতক পৰায়॥ ২৪৫॥ পৰম ঈশ্বৰ মূৰ্ত্তি দেখিয়া সাক্ষাত। কৰিলা সুৱৰ্ণ মালা চূড়ায়া মাথাত।। পৰি প্ৰণামিলো চৰণত জানু পৰি। অশ্বাসিয়া তুলি মোক ধৰিলা মুৰাৰি॥২৪৬॥ দেখি ৰাজসৱ মহা অহঙ্কাৰ কৰি। গৰ্জ্জে মাধৱক কোপে শৰ ধনু ধৰি॥ কৰে ধৰ মাৰবোল প্ৰচণ্ড প্ৰতাপে। আহ্মাৰ কন্যাক আজি নিৱে কাৰ বাপে॥২৪৭॥ হেন শুনি তৰতৰি কাম্পে মোৰ তনু। ধৰিলন্ত মাধৱে শাৰঙ্গ মহা ধনু॥ মোক পাছ কৰিয়া অভয় দিয়া দান। বৰিষিল অসংখ্য সহস্ৰ দিব্য বাণ॥ ২৪৮॥ স্বামীৰ শয়কে ফুটি সমস্ত শৰীৰে। ধনু শৰ এৰিয়া লৱৰ দিলা ভিৰে॥ ৰথ গজ বাজী পৰি থাকিল তথাতে। মৰো জীউ কৰিয়া পলাইল সুদা হাতে॥ ২৪৯॥ মোৰ ভ্ৰাতৃগণ আছে কৃষ্ণৰ বিৰোধী জপাইলেক যুদ্ধ সাজি পন্থক নিৰোধি॥ জীৱন্তে ধৰিয়া কাটিবাক চান্ত স্বামী। চৰণত ধৰিয়া ৰাখিলো পাছে আমি॥ ২৫০॥ কুকুৰ যুথক যেন মত্ত সিংহে জিনি। নেই নিজ ভাগ যেন নামাৰিয়া ঘিনি॥ সেহিমতে পৰম ঈশ্বৰ স্বামী মোক। কৰিলা বিবাহ দেখিলেক সৰ্বলোক॥ ২৫১॥ পৰম ভকতি পিতৃ সাদৰি স্বামীক। সকলে সৰ্বস্ব দিলা লগতে যৌতুক॥ গজবাজী দাস দাসী তাৰ নাই সীমা। কি কহিব সখী সিটো কৃষ্ণৰ মহিমা॥ ২৫২॥ আন নবাঞ্ছোহো মনে স্বামী পাৱে ধৰি। জন্মে জন্মে হুইবো তান চকী কিঙ্কৰী॥ ৫৩ Scanned with CamScanner