তাতে বসি প্ৰকাশিলা প্ৰভু আতিশয়।
নক্ষত্ৰৰ মাজে যেন চন্দ্ৰৰ উদয়॥২৯৮॥
থৈলা আনি আগত লোহাৰ ধনু খান।
দিলা পিতৃ সবাকো সম্বোধি সমিধান॥
পাৰে দিবা বীৰে ইটো কন্যা ৰত্নে তাক॥২৯৯॥
শুনি মহা মহা ৰাজা উঠিল ত্বৰিত।
মোৰ ৰূপে সমস্তৰে ভোল গৈল চিত॥
ধৰে ধনু বস্ত্ৰ কাছি কতো কূতুহলে।
দাঙ্গিব নুবাৰে ধৰে শৰীৰৰ বলে॥৩০০॥
কতো কথামপি তুলি দশন কামুৰি।
নুৱাৰিল গুণ দিব ধনুক আজুৰি॥
কতো গুণ দেন্তে পৰে আপুনি উফৰি।
মোক চাহি নিশ্বাস ফোকাৰে দন্ততৰি॥৩০১॥
ভাগি গৈল গৰ্ব সৱে বদন বিৱৰ্ণ।
তাক দেখি হাসি ভীম দুৰ্যোধন কৰ্ণ॥
মাগধ চেদিপ আনো মোৰ ৰূপে ভুলি।
ধনুৰ লগাইবে গুণ ধৰিল হাম্ফুলি॥৩০২॥
হানে বাণ নাজানে মৎস্যৰ থান থিত।
ব্যৰ্থ হুয়া পৰে বাণ উলতি মাটিত॥
মোহোৰ নৈৰাশে মন মলিন সৱাৰে।
পালটিয়া বসি হুম নিশ্বাস ফোকাৰে॥৩০৩॥
উঠিলন্ত কাছি পাছে আনন্দে অৰ্জ্জুন।
নিমিষেকে ধনুত লগাইলা হাসি গুণ॥
জানি থিত মৎস্যৰ ছায়াক চাহি জলে।
প্ৰহাৰিলা বাণ বীৰে শৰীৰৰ বলে॥৩০8॥
কথমপি মৎস্যক চুইলেক মাত্ৰ শৰে।
নুৱাৰিলে ছেদিবা অৰ্জ্জুন ধনুৰ্দ্ধৰে॥
উৰুত চৰণ দিয়া বসিলা পালটি।
তেৱে সৱ বীৰৰ ভাগিল চটচটি॥৩০৫॥
জগত ঈশ্বৰ যদুদেৱ চাহি আছি।
উঠিল কটিত পাছে পীত বস্ত্ৰ কাছি॥
ধনুত লগাইলা গুণ কৰি অল্প হাস।
একবাৰ চাইল মাত্ৰ জলত আভাস॥৩০৬॥
পৃষ্ঠা:কুৰুক্ষেত্ৰ কাব্য.pdf/৪৯
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬২
কুৰুক্ষেত্ৰ