সমললৈ যাওক

পৃষ্ঠা:কুৰুক্ষেত্ৰ কাব্য.pdf/৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৮২ আপদত আছিলো নাছিল ধন অৰ্থ। উপকাৰ কৰিবে সিবেলা অসমৰ্থ॥ এৱে শ্ৰীমদে অন্ধ ভৈলো সমুদায়। নুসুমৰো তুমি হেন মিত্ৰক সদায়॥৪৪১॥ একেমতে নুশুজিলো উপকাৰ ঋণ মই মিত্ৰ বঞ্চক পৰম বুদ্ধি হীন॥ কুশলক আশা যাৰ থাকিবেক ভালো। 2 জানো ৰাজশ্ৰীক সিটো বাঞ্জৈ একোকালে॥৪৪২॥ শ্ৰীমদে সুহৃদ বন্ধুক কৰে হেলা। দেখিও নেদেখে যেন দিনতে অন্ধলা॥ এহিমতে বোলন্ত নন্দৰ হাতে ধৰি। পিছে দ্ৰৱিল হৃদয় সৌৰি সুহৃদ সুমৰি॥৪৪৩। যত পুৰ্ব্ব উপকাৰ কহিয়া প্ৰকটি। কান্দিবে লাগিলা ধৰি সখিক সাৱটি॥ এ জীবন নেত্ৰৰ লোতক বহে নসহে হৃদয়। কৰন্ত ক্ৰন্দন বসুদেৱ মহাশয়॥৪৪৪॥ কৰিলা আশ্বাস ধৰি নন্দে হেন দেখি। মোক আৱে বুলিবে নালাগে প্ৰাণ সখি॥ কতবা জন্মৰ মোৰ আছে মহাভাগ। তুমি হেন মহন্তক মিত্ৰ পালো লাগ॥।৪৪৫॥ জগত প্ৰসিদ্ধ তুমি মহা ভাগৱত প্ৰত্যেক্ষে দেখিলো আমি যজ্ঞৰ মহত॥ বুলিলা মধুৰ বাক্য অনেক সাদৰি। কৰন্ত সন্মান তাঙ্ক নিতে ৰাম হৰি॥৪৪৬॥ অনুদিনে বাঢ়ে অন্যো অন্যে স্নেহ পাশ। আজি কালি কৰিতে গৈলেক তিনি মাস। নন্দে আলোচন্ত আসি চলিকো প্ৰভাতে। লন্ত অনুমতি যদুবংশৰ সৱতে॥৪৪৭॥ কথাতে গধূলি ভৈল নজানন্ত তাক। কালি যাৰা বুলি বসুদেৱ দেন্ত হাক।। কাকো কেৱে এৰিবাক নাপৰে স্নেহত। পুনু পুনু যদুগণে নেদন্ত সন্মত॥৪৪৮॥ কু ক ক্ষেত্ৰ Scanned with CamScanner