সমললৈ যাওক

পৃষ্ঠা:কুৰুক্ষেত্ৰ কাব্য.pdf/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

80 শুনা সামাজিক কৃষ্ণ চৰিত্ৰ নিতান্ত সংসাৰ ব্যাধিক ইসে কৰে উপশান্ত॥ মোহ নিদ্ৰা এৰি লৈয়ো সত্বৰে চেতন। কালে পাইলে হেৰা কৰা কৃষ্ণক স্মৰণ॥৫৪॥ হে প্ৰাণনাথ নাৰায়ণ কৃষ্ণ দেৱ। তোহ্মাৰ চৰণে মনে কৰো কোটি সেৱ॥ মই মহা মূঢ় মন্দমতি দুৰাচাৰ দীন দয়াশীল কৰা আপদে উদ্ধাৰ॥৫৫॥ তুমিসো হৃদয় প্ৰিয় আত্মা নিষ্ঠে নিষ্ঠ। উপদেশ দাতা তুমি গুৰুদেৱ ইষ্ট॥ এতেক জানন্তে মোৰ থিৰ নোহে মতি। আপুনি কৰিয়ো কৃষ্ণ অগতিৰ গতি॥৫৬॥ কৃপা কৰা কৃষ্ণ লৈলো তোহ্মাক শৰণ। সদায়ে স্মৰোক মনে অৰুণ চৰণ।। নছাৰোক মুখে মোৰ কৃষ্ণ হেন নাম। নিৰন্তৰে নৰে ডাকি বোলা ৰাম ৰাম॥৫৭॥ ॥ দুলড়ী॥ -কু কক্ষে জ নিগদতি শুক শুনা পৰীক্ষিত যেন কথা আতপৰে। পৃথিৱীৰ মহা মহাৰাজ যত আসিয়াছে নিৰন্তৰে। দেখি বসুদেৱ প্ৰমুখ্যে যাদৱ গণ ভৈলা আনন্দিত পৰম সাদৰে সৱাকো অৰ্চ্চিলা যাক যেন যথোচিত॥ ৫৮॥ ৰামে সমে কৃষ্ণে কৰিলা সন্মান সৱাকো বিনয় ভাৱে। কৃষ্ণক নিৰীক্ষ নৃপতিসকলে কৃষ্ণ দশনে এক দৃষ্টি কৰি চাৱে॥ সমস্তৰ মনে পৰম আনন্দ মিলে। Scanned with CamScanner