সমললৈ যাওক

পৃষ্ঠা:কুৰুক্ষেত্ৰ কাব্য.pdf/৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৯২ হৰিও অজ্ঞান মোৰ জ্ঞানে দামোদৰ৷ সংসাৰ জগত মৰো কৰোহোঁ কাতৰ॥৫০৫॥ এতেকে বোলতে প্ৰেমে পৰসিল বাবে। নয়নৰ নীৰ সৰসৰি বাৰি পৰে॥ লোতকে বেঢ়িলে কণ্ঠ গদগদ মাত। তম্ভিল কৃষ্মক চাহি কৰি যোৰহাত॥৫০৬॥ পৰীক্ষিত ৰাজাত কহন্ত শুক মুনি। পিতৃ বসুদেৱৰ কাৰুণ্য বাণী শুনি॥ ভৈলন্ত সন্তুষ্ট কৃষ্ণ দেৱ কৃপাময় বুলিলন্ত হাসি হাসি বচন বিনয়॥৫০৭॥ নলাগয় জ্ঞান তুমি স্বভাৱে কৃতাৰ্থ। যতেকে কহিলা মানে এহি পৰমাৰ্থ॥ পৰম মহন্ত পিতৃ পৰিহৰা খেদ তথাপিতো কহো জ্ঞান লোৱা পৰিচ্ছেদ॥৫০৮॥ আহ্মাক উদ্দেশি নিৰূপিলা তত্ত্ব যত। এহিতো পৰম জ্ঞান মোহোৰ সন্মত॥ কিন্তু সমস্ততে কৰা এহি ব্ৰহ্ম দৃষ্টি। তাপ দূৰ হোৱৈ যেন অমৃতৰ বৃষ্টি॥৫০৯॥ মই তুমি সব যদুবংশ নিৰন্তৰ। দেখা শুনা মানে আনো যত চৰাচৰ॥ সব ব্ৰহ্ময় ইটো কহিলো তোহ্মাত। জ্ঞান দৃষ্টি নিৰীক্ষণে দেখিবো সাক্ষাত॥৫১০॥ নিত্য নিৰঞ্জন স্বপ্ৰকাশ আত্মা এক। মায়া উপাধিৰ পদে দেখিয় অনেক॥ যতেক আকৃতি মানে মায়াময় সৃষ্টি। হেন জানি কেৱল ব্ৰহ্মত দিয়া দৃষ্টি॥৫১১॥ স্বৰূপত একে মাত্ৰ মৃত্তিকা আকাৰ। ঘট পট ভেদে দেখি অনেক প্ৰকাৰ। এহিমতে অনেক অদ্বৈত আত্মযুদ্ধ। মায়া উপাধিৰ পদে দেখি বহুবিধ॥৫১২॥ মায়াময় নামৰূপ সৱাকে উপেক্ষা। অন্তৰ্যামী ম‍ই ঈশ্বৰক মাত্ৰ দেখা॥ কু ৰু ক্ষেত্ৰ Scanned with CamScanner