সমললৈ যাওক

পৃষ্ঠা:কুৰুক্ষেত্ৰ কাব্য.pdf/৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কুৰুক্ষেত্ৰ একে দৈৱকীৰ স্তন পৰম অমৃতময় আৰো মাধৱৰ পিত শেষ। পৰম সন্তোষে তাক ছয়ো কৰিলন্ত পান দূৰ ভৈল পাতেক নিঃশেষ॥ কৃষ্ণ অঙ্গ পৰশনে পাছে সিটো ছয়োজনে নুহিকো মনুষ্য আমি ঘোৰ ব্ৰহ্ম শাপক তৰিল। হৃদয়ত ইহাক স্মৰিল॥ ৫৯৩॥ সেহি মৃত্য বিদ্যাধাৰী গাৱে গীত অপেশ্বৰী বাৱে সুললিত বাদ্যভণ্ড॥ কৃষ্ণক নমিলা পাৱে পৰি॥ ছয়ো মৰীচিৰ পুত্ৰ বসুদেৱ দৈৱকীক ছয়ো প্ৰণামিয়া পাছে বলোক প্ৰণাম কৰি অনুমতি লৈয়া পাছে লৰি গৈল বিমানত চড়ি॥ ৫৯৪॥ ছয় গোটা সুৰ্যযেন প্ৰাকাশি স্বৰ্গ যায় চাই আছে লোক সমস্তয়। দেখিয়া দৈৱকী সতী মনত গুণন্ত ইটো কিনো ভৈল মহা বিপৰ্যয়॥ আসিল মৃত ছয় তনয় দুনাই মোৰ এখনো আছিল স্তন খায়া। আহ্মাক প্ৰণামি পৰি হেৰা স্বৰ্গে যায় লৰি বুজিলো কৃষ্ণৰ সৱে মায়া॥ ৫৯৫॥ কৈৰপৰা আসে জীৱ কাকা বোলে পুত্ৰ জীউ মায়া মোহ একোকে নজানি। এহি বুলি মহা সতী পৰম বিস্ময় মতি থাকিলেন্ত কৃষ্ণৰ জননী॥ বোলন্ত উৎসুকে শুকে শুনলা নৃপতি তুমি মহেশ্বৰ কৃষ্ণৰ মহিমা। এবম্বিধ মাধৱৰ অনন্ত চৰিত্ৰ আছে কোনো কহি পাৱৈ তাৰ সীমা॥ ৫৯৬॥ Scanned with CamScanner