সমললৈ যাওক

পৃষ্ঠা:কুৰুক্ষেত্ৰ কাব্য.pdf/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কু ৰু ক্ষে ত্ৰ - আভিজিত মুহূৰ্ত্তত প্ৰহাৰিলা বাণ। লীলায়ে ছেদিলা মৎস্য দেখি বিদ্যমান॥ দুই খণ্ড হুয়া মত্‍স্য পৰিলা মাটিত॥ প্ৰজা জয় শৱদ কৰিলা বিপৰীত॥ ৩০৭ || বজাৱে দুন্দুভি দেৱে আকাশত থাকি। বৰষিলা পুষ্প দেৱে কেশৱক ঢাকি॥ তেৱেসে জানিলা পাইলেক মাধৱ স্বামীক। মিলিল আনন্দ মোৰ মোক্ষতো অধিক। ৩০৮॥ শুনিয়া দ্ৰৌপদী ম‍ই পাছে মহাৰঙ্গে। অসংখ্যাত সালঙ্কতা সখীলৱ সঙ্গে॥ চলি গৈলো লয়লাসে সমীপ স্বামীৰ। চৰণে জ্বলকে আতি ৰত্নৰ মন্দিৰ। ৩০৯॥ জলে অঙ্গে উত্তম বসন পাট পীত। ৰত্নৰ মেখলা বাৱে কিঙ্কিণী কটিত॥ অমূল্য ৰত্নৰ হাৰ প্ৰকাশে হিয়াত। কণক উজ্জ্বল ৰত্নমালা আছে তাত॥৩১০॥ জল মল কৰে কৰ্ণে মকৰ কুণ্ডল। তাৰে ৰশ্মি প্ৰকাশে পাণ্ডুৰ গণ্ডস্থল॥ কপালে চঞ্চল চাৰু অলকা পঙ্কতি। উত্তম খোপাত ভাসে চম্পক মালতী॥ ৩১১॥ হৰে তাপ হেন হাস্য কটাক্ষ বিলাসে। চাহন্তে মোহিত হোৱে ৰাজা দুই পাশে॥ সখী সৱে বজাৱে যন্ত্ৰত তুলি নাদ। মদনে অকুল চিত্ত হুয়া নিশবদ॥ ৩১২॥ পৰম সুৰভি কৰ্পূৰ ধূলি সিঞ্চে। দুয়ো পাশে ধৱল চামৰে মোক বিষ্ণে॥ প্ৰভুৰ সমীপ পাইলো অনুৰাগী বালা। পিন্ধাইলো কণ্ঠত দিয়া দিব্য ৰত্নমালা॥ ৩১৩॥ স্বামী ভাৱে বৰিয়া কৰিলো নমস্কাৰ। বহে নয়নৰ নীৰ আনন্দে আহ্মাৰ॥ পুলকিত অঙ্গ লাজে নচাও তুলি মাথ। মোক আশ্বাসিলা তুলি জগতৰ নাথ॥৩১৪॥ ৬৩ Scanned with CamScanner