মহা প্ৰেমে মাধৱত নিমজিল চিত।
সাফল লভিল জন্ম ভাৰত ভূমিত॥১৮১॥
এহি বুলি গোপীক প্ৰশংসি অসংখ্যত।
আনন্দে আছন্ত বসি সেহি সমজ্যাত॥
কৃষ্ণ কথা শুনিতে উৎসুক আতি মতি।
দ্ৰৌপদীক নাৰীগণে দিলা অনুমতি॥১৮২॥
আপুনি পুছিয়ো কৃষ্ণ মহিষী সৱাতে।
বিবাহ কৰিলা কৃষ্ণে যাক যেন মতে॥
তেসন্বে কহোক আমি সৱে শুনো যাই।
কৃষ্ণ কথা বিনে আৰ বৃথা আয়ু যায়॥১৮৩॥
শুনি পাঞ্চালিৰ চিত্তে হৰিষ মিলিল।
গাঁৱে গাঁৱে কৃষ্ণ পত্নী সৱাতে পুছিল॥
শুনিয়ো ৰুক্মণী সত্যভমা জাম্বৱতী।
লক্ষ্মণা কালিন্দী ভদ্ৰা সৱ্যা সত্যা সতী॥১৮৪॥
ৰোহিণী প্ৰমুখ্যে শুনা যতেক সুন্দৰী।
মায়ায়ে মনুষ্য চেষ্টা দেখাই দেৱ হৰি॥
যাক যেনমতে আনি কৰিলা বিবাহ।
সিটো কথা শুনিবাক পৰম উৎসাহ॥১৮৫॥
সংসাৰৰো মহৌষধি বৰ্ণৰো অমৃত।
প্ৰকটি কহিয়ো শুনো কৃষ্ণৰ চৰিত॥
জন্মৰো সাফল হৌক আজি সমস্তৰ।
শুনিয়া ৰুক্মিণী দিলা প্ৰথমে উত্তৰ॥১৮৬॥
ভিক্ষু মুখে মোৰ কথা শুনি দ্বাৰকাত।
মিলিল স্বামীৰ বাঞ্ছা অনেক আহ্মাত॥
দেশান্তৰী মুখে ময়ো শুনি তাণ গুণ।
কৃষ্ণত পশিল সমুদায়ে মোৰ মন॥১৮৭॥
শিশু হন্তে চিন্তো ইটো কৃষ্ণৰ চৰণ।
পিতৃৰ মাতৃৰ তাকে বিহা দিবে মন॥
মোৰ শ্ৰেষ্ঠ ভাই মন্দ পৰম পাৰম।
নামো নশুনয় সিটো স্বামী মাধৱৰ॥১৮৮॥
শিশুপাল ৰাজাক আনিল বৰ বাছি।
আসিল অনেক নৃপ অস্ত্ৰ শস্ত্ৰ কাছি॥
পৃষ্ঠা:কুৰুক্ষেত্ৰ কাব্য.pdf/৩২
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কুৰুক্ষেত্ৰ
৪৫