এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কুৰুক্ষেত্ৰ
১০৩
এহি ছয়জন পৰম পৱিত্ৰ
আছা কাম ক্ৰোধ জিনি॥৫৮৫॥
যৈসানি ব্ৰহ্মায়ে নিজ দুহিতাক
ক্ৰীড়া কৰিবাক চান্ত।
দেখি ছয়ো দেৱে ব্ৰহ্মাক নিন্দিয়া
উপহাস্য কৰিলন্ত॥
জগতৰ তুমি পিতামহ হুয়া
কৰা গৰিহিত কাম।
শুনি প্ৰজাপতি জাজ্বল্য সন্মান
কোপে নিকলিল ঘাম॥৫৮৬॥
অসুৰ যেনিক যাহা বুলি ব্ৰাহ্মা
শাপ দিলা কোপ মনে
হিৰণ্যকশিপু দৈত্যৰ তনয়
আসি ভৈল ছয়জনে॥
পাছে দৈৱকীৰ গৰ্ভত ছয়োকো
উপজাইলা যোগমায়া।
ধৰি কংসৰায় সৱাকো মাৰিলা
অধৰ্ম একো নাচায়॥৫৮৭॥
সম্প্ৰতি তোহ্মাৰ কাচতে আছন্ত
ছয়ো মোৰ জ্যেষ্ঠ ভাই।
আসম্বাক লাগি সদায় ক্ৰন্দন
কৰন্ত দৈৱকী আই॥
সবৱাহাঙ্কে আজি দ্বাৰকাক নিবো
খণ্ডাইবো মাৱৰ শোক।
মোহৰো প্ৰসাদে শাপ এড়াই আজি
ছয়ো পাইবে স্বৰ্গলোক॥৫৮৮॥
এহিসে কাৰণে তোহ্মাৰ সভাক
আসি আছো দৈত্যপতি।
শুনি উঠি বলি ছয়কো আগতে
যোগাইলা কৰি ভকতি॥