সমললৈ যাওক

পৃষ্ঠা:কুৰুক্ষেত্ৰ কাব্য.pdf/৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কুৰুক্ষেত্ৰ
৮১
 

মাতৃৰ বিলাপ দেখি নসহে হৃদয়।
লগতে কান্দিলা দুখে কৃষ্ণ কৃপাময়॥
পীত বস্ত্ৰে মুছি মুখ যশোদা নন্দৰ।
বোলন্ত প্ৰবোধ দুইকো কৰিয়া কাতৰ॥৪৩৩॥
কুন্ধচ সংসাৰ ইটো হেনয় কুনয়।
সুহৃদ সংযোগ চিৰকাল নৰহয়॥
জানা মায়াময় ইটো পিতৃ পুত্ৰ দেহ।
নাটক টাটক সৱ বান্ধৱৰ স্নেহ॥৪৩৪॥
হেন অনুমানি সান্ত কৰিয়োক চিত্ত।
এহি বুলি দোহাঙ্কো বুজান্ত প্ৰতিনিত॥
ৰাত্ৰি ভৈলে বিৰলত বুজান্ত গোপীক।
জানা তুমি সৱ মোৰ প্ৰাণতো অধিক॥৪৩৫॥
সদায়ে হৃদয়ে কৰো তোমাসাক ধ্যান।
নাহি প্ৰিয়তম তুমি সৱ বিনে আন॥
কান্দে গোপীসৱে সুমৰিয়া কৃষ্ণ কেলি।
প্ৰবোধন্ত ধৰি স্নেহে চাৰি বাহু মেলি॥৪৩৬॥
আঞ্চলে মুচন্ত মুখ কান্দিয়া লগতে।
সমস্ত ৰজনী যায় নিতে এহিমতে॥
একদিন বসুদেৱ আছন্ত সমাজে।
লগতে আছন্ত বসি নন্দ গোপৰাজ॥৪৩৭॥
সমস্তে সুহৃদে আছে লগতে আৱৰি।
বসুদেৱে বোলন্ত নন্দৰ হাতে ধৰি॥
শুনা সখি গোপৰাজ বচন আহ্মাৰ।
ঈশ্বৰ নিৰ্ম্মিত স্নেহ পা বজ্ৰসাৰ॥৪৩৮॥
জ্ঞান বলে যোগীগণে নপাৰে ছেদিত।
ইটো কথা ভৈল সখি তোহ্মাৰ বিদিত॥
তুমিহেস মহন্ত মহা সাধু মধ্যে সাৰ।
কৰি আছা আহ্মাৰ উত্তম উপকাৰ॥৪৩৯॥
নুসুমৰো আমি সিটো গুণক কিঞ্চিত।
তথাপি আহ্মাৰ এতমান স্নেহ চিত॥
এতেকে দুস্ত্যজ স্নেহ জানিলোহো মনে।
নুশুজিলো তযু গুণ যি কাৰণে॥৪৪০॥