সমললৈ যাওক

পৃষ্ঠা:কুৰুক্ষেত্ৰ কাব্য.pdf/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

- কুককে 80 সখীসৱ তেজা দুখ আৰো মোমাসাৰ শোক মচিলন্ত আসি মুখ ধৰি পীত বস্ত্ৰৰ আঞ্চোলে। মহা প্ৰেম ভকতিৰ বলে॥ কৰিলেক বশ্য মোক তুমি সৱ মোৰ প্ৰাণ তোমাকেসে কৰো ধ্যান আন নাহি তোমাসাত পবে। প্ৰিয় বাক্যে সন্তোষিয়া গাৱে গাৱে আলিঙ্গিয়া প্ৰবোধিলা দেৱ দামোদৰ॥ ১৬০॥ কৃষ্ণৰ সন্ধান পায়া নিৰন্তৰ গোপ জায়া গৌৰৱে কৃষ্ণক তুতি বুলি। মহা মনোথ পূৰিব প্ৰদক্ষিণে ফুৰি ফুৰি ঘসে শিৰে চৰণ ধূলি॥ হৰিষিত তনু চিত্ত হুৱা আতি কৃতকৃত্য এৰাইল বিৰহ মহাতাপ যাৰ যেন বুজি হিয়া পৰম প্ৰসাদ দিয়া ভৈলা বাজ জগতৰ বাপ॥ ১৬১॥ । দুলড়ী॥ শুক নিগদতি পাত নৃপতি সম্প্ৰতি শুনা আৰো কৃষ্ণ কথা। মহা অনুগ্ৰহ গোপী সমস্তক কৰিয়া কেশৱে তথা॥ উদ্ধৱ প্ৰমুখ্যে মহা মন্ত্ৰীগণ ৰঙ্গে সঙ্গে লৈয়া পাছে। কৰিয়া উৎসৱ চলিলা মাধৱ যুধিষ্ঠিৰ আদি কাহাকো নমিলা মহা সতকাৰ যৈত ৰাজ সভা আছে॥ ১৬২॥ ১ দেখা দেখি ভৈলা আসি। চাহিলা কাহাকো হাসি।। সৱাৰো বাৰ্তা কল্যাণ। সুহৃদ সৱক কাকো সম্বোধিলা কৰিয়া পুছিলা Scanned with CamScanner