নিৰোধিলা তাক কণ্ঠ বাক্য নসঞ্চাৰে।
পৰম আনন্দ মনে মিলে সমস্তৰে॥
ধৰাধৰি কৰি আসি বসিয়া আসনে।
পুছিলা কুশল বাৰ্ত্তা মধুৰ বচনে॥৩৮॥
দ্ৰৌপদী প্ৰমুখ্যে ৰাজ মহিষী যতেক।
কৃষ্ণপত্নী সমস্তকে দেখিয়া প্ৰত্যেক॥
পৰম সুহৃদ ভাৱে ধৰি আলিঙ্গিল।
কুঙ্কুমে ৰঞ্জিত দুই তনক পীড়িল॥৩৯॥
পাইলন্ত পৰম প্ৰীতি আন্যোঅন্যে চাই।
মহা প্ৰেমভাৱে নীৰ নেত্ৰৰ বঝাই॥
কনিষ্ঠে জ্যেষ্ঠক কৰিলন্ত নমস্কাৰ।
অন্যোঅন্যে কুশল কৰিল আপোনাৰ॥৪০॥
যত মহা মহা ৰাজা আসিয়াছে তথা।
পাতিয়া বহল সভা কহে কৃষ্ণ কথা॥
নাৰীসৱে একত্ৰে বসিয়া মহা সুখে।
কৃষ্ণৰেসে চৰিত্ৰ কহয় মাত্ৰ মুখে॥৪১॥
যাদৱগণ সিটো মহা শ্ৰীক দেখি।
ঈশ্বৰ কৃষ্ণৰ মূৰ্ত্তি নিৰেখি নিৰেখি॥
ভৈলন্ত বিস্ময় আতি সিটো সামৰাজে।
নাহি আন কথা কৃষ্ণ মহিমাত বাজে॥৪২॥
পিতৃক মাতৃক দেখি কুন্তী ৰাজমাৱে।
মহা প্ৰীতি পৰি প্ৰণামিলা দুইৰো পাৱে॥
যত ভাৰ্য্যা ভগিণী ভাৰ্য্যাৰ ভাতৃচয়।
কৰিলা সাদৰ সমস্তক যেন নয়॥৪৩॥
কৃষ্ণক দেখিয়া মহা প্ৰেম উপজিল।
কণ্ঠত ধৰিয়া নীৰ নেত্ৰৰ ত্যাজিল॥
গৌৰৱে কুম্ভীৰ পাচে নমিলা মাধৱে।
ভৈলা সলোতক মুখ দেখি সবান্ধৱে॥৪৪॥
ভ্ৰাতৃ বসুদেৱক কৰিলা বহুমান।
কান্দন্তে দিলন্ত তাক কুন্তী সমিধান॥
তুমি শ্ৰেষ্ঠ ভাতৃ পিতৃ সমানে সবুদ্ধি।
এতমন আপদতো নকৰিলা শুদ্ধি॥৪৫॥
পৃষ্ঠা:কুৰুক্ষেত্ৰ কাব্য.pdf/৯
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২
কুৰুক্ষেত্ৰ