সমললৈ যাওক

পৃষ্ঠা:কুৰুক্ষেত্ৰ কাব্য.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮
কুৰুক্ষেত্ৰ
 

কৃষ্ণৰ চৰিত্ৰচয় সম্যকে অমৃতময়
 কৰা কৰ্ণঞ্জলি ভৰি প্ৰাণ॥
হেন কৃষ্ণ কৃপাময় মই মহা দুৰাশয়
 বিষয় বাসনা নেৰে মোক।
তোহ্মাৰ চৰণে মতি নকৰে ভকতি ৰতি
 আৱে মোৰ কোনে গতি হোক॥৭১॥
বচনত মাত্ৰ মূঢ় মই শূন্য মতি মূঢ়
 পৰ উপদেশত পণ্ডিত।
তুমি হেন দেৱ জানি নপাৰিলো চক্ৰপাণি
 আপোনাৰ দুখক খণ্ডিত॥
নেৰাইলো সংসাৰ তাপ চৰণে উদ্ধাৰা বাপ
 কৰো হেৰা চৰণে প্ৰণাম।
তুমি বিনে ত্ৰাণ নহে কৃষ্ণৰ কিঙ্কৰে কহে
 নিৰন্তৰে বোলা ৰাম ৰাম॥৭২॥
॥কৃষ্ণ-বলৰাম আৰু নন্দ-যশোদাৰ মিলন॥

॥পদ॥

নিগদতি শুক শুনা নৃপ পৰীক্ষিত।
কৃষ্ণৰ চৰিত্ৰ লীলা পৰম অমৃত॥
আত অনন্তৰে কথা শুনা মহাবীৰ।
যিসৱ বৃতান্ত ভৈল গোকুলবাসী॥৭৩॥
শুনিলা আনন্দ বাৰ্ত্তা নন্দ গোপে পাচে।
কৃষ্ণ সমে যত যদুবংশ আসিয়াছে॥
মিলিল উৎসুক মনে মহা হৰিষন্ত।
তোলাইলা শকটে আনি সকল সম্ভৃত॥৭৪॥
তথাতে ৰহিবো বাসা নন্দৰ আশয়।
গোপগণ সমে যাওঁ আনন্দ হৃদয়॥
কৃষ্ণক দেখিবো বুলি মনত উল্লাসে।
যশোদা প্ৰমুখ্যে গোপী চলে লয়লাসে॥৭৫॥
ভৈলা সুপ্ৰভাত আজি বিধাতা প্ৰসন্ন।
পাইবো প্ৰেম পঙ্কজ নেত্ৰক দৰিশন॥
ঈষত হসিত মুখ দেখিবো দুনাই।
প্ৰেমে পৰিপূৰ্ণ গোপীসৱ চলি যায়॥৭৬॥