সমললৈ যাওক

পৃষ্ঠা:কুৰুক্ষেত্ৰ কাব্য.pdf/৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কুৰুক্ষেত্ৰ
৭৩
 

॥ছবি॥

শুনা সভাসদ যত ইটো মহা ভাগৱত
 ধৰ্ম্মৰ মধ্যত ইসে সাৰ।
কৃষ্ণৰ চৰিত্ৰ যশ সম্যকে অমৃত ৰস
 কৰ্ণ ভৰি পীয়া বাৰে বাৰ।
যাৱে নতু ধৰে কালে আছে যাৱে ভালে ভালে
 কৃষ্ণ পাৱে পশিয়া শৰণে।
কৃষ্ণত অৰ্পিয়ো চিত্ত কৃষ্ণেসে সুহৃদ হিত
 হৈবা হৰি সহায় মৰণে॥৩৭২॥
ননো হেন কৃষ্ণদেৱ মোত পৰে নাহি কেৱ
 জানিলো অধম মূঢ়মতি।
আছা এই হৃদয়ত তুমি হেন ঈশ্বৰত
 নকৰিলো একান্ত ভকতি॥
তুমি দেৱ সদাশিৱ তুমি জগতৰে জীৱ
 ব্ৰহ্মাদিৰো তুমি বুদ্ধি সাক্ষী।
তুমি মোৰ গতি দাতা তুমিসে সুহৃদ আত্মা
 তথাপি নভজি খাইলো আসি॥৩৭৩॥
মই দীন দয়াময় তুমি দেৱ কৃপাময়
 কৰা যেন যুৱাই হেন জানি।
তোহ্মাৰ চৰণে ৰতি হোক যেন দিয়া মতি
 তোহ্মাকেসে আছো গুৰু মানি॥
নুহিকো কিছোৰে পাত্ৰ তোহ্মাৰ চৰণে মাত্ৰ
 সৰ্ব্বথা থাকোক মোৰ চিত
ছাৰি বিষয়ৰ কাম নিৰন্তৰে ৰাম ৰাম
 বোলা যেৱে তৰিবা কলিত॥৩৭৪॥

॥পদ॥

শুক নিগদতি ৰাজা শুনা একমনে।
যেবে বসুদেৱক হাসিলা মুনিগণে॥
সবাকো সম্বোধি পাছে নাৰদ বদতি।
নহাসিবা কেহো বসুদেৱক সম্প্ৰতি॥৩৭৫॥
পুত্ৰ বুলি কৃষ্ণক কৰিয়া অনাদৰ।
আহ্মাৰ পুছিলা কথা অৰ্পণা কৰ্ম্মৰ॥