সমললৈ যাওক

পৃষ্ঠা:কুৰুক্ষেত্ৰ কাব্য.pdf/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৪৮ নছাৰন্ত দুকো দুই নগালটে কোপ। দুইৰো মহা আন্দোলে জগত দলদোপ॥ ২০৫॥ মহা বৈৰ বুদ্ধি কৰি আতি অসন্তোষে। যুজন্ত আঠাইশ দিন পৰম আক্ৰোশে॥ কৃষ্ণ অঙ্গ ঘৰিষনে যেন বজ্ৰপাত। MAR ভৈলা বলক্ষীণ ঋক্ষৰাজ নাসে মাত॥ ২০৬॥ নাহিকে চেতন চক্ষু মেলিয়া নচান্ত। মহা পীড়া পাই পিতৃ পৰিয়া কেঙ্কান্ত। মনত বোলন্ত কিনো মহা পৰাক্ৰমী হেন নাহি ত্ৰৈলোক্যত মোৰ আছে দামী॥২০৭॥ এতেকে জানিলো এন্তে নোহন্ত মানুষ। জগত কাৰণ যিটো পৰম পুৰুষ॥ যোনো আৱে আসিয়াছে প্ৰাণৰ ৰঘুনাথ। এহি বুলি পিতৃ নিৰীক্ষিলা তুলি নাথ॥২০৮॥ দেখিলন্ত চক্ষু মেলি চাই উৰি হাত সেহি সীতা পতি নিজ স্বামীক সাক্ষাত॥ কান্দিৱে লাগল আৱে চৰণত পৰি। লোতকে তিয়াইলা মাধৱৰ দুই ভৰি॥ ২০৯॥ আৱেসে জানিলো সেহি প্ৰাণ প্ৰভু মোৰ। কৰিলা সীতাৰ তাপে পয়ান দুৰ্ঘোৰ॥ নেদে দেখা সাগৰৰ অপ গৰ্ব দেখি। চক্ষু পকাই চাইল কোপে কটাক্ষে নিৰীক্ষি॥২১০॥ উজৰিল জল জন্তু কুম্ভীৰ মগৰ। মহাবেগে খলকিল সকল সাগৰ॥ দিলা পন্থ আথে বেথে পশিয়া শৰণ। ৰত্নৰ সম্ভাৰ্চয়ে আৰ্চিলা চৰণ॥২১১॥ শিলায়ে বান্ধিলা পাছে মহাপ্ৰভু সেতু। বধিলা ৰাৱণ সীতা হৰণৰ হেতু। তোহ্মাক যুজিলো আৱে ঐ প্ৰাণনাথ এহি বুলি কান্দন্ত পাৱত থৈয়া মাথ॥২১২॥ শুনি কেশৱৰ সম্পজিল মহা স্নেহ। মাজিল অমৃত হাতে সুস্থ ভৈল দেহ॥ কু ক ক্ষেত্ৰ Scanned with CamScanner