সমললৈ যাওক

পৃষ্ঠা:কুৰুক্ষেত্ৰ কাব্য.pdf/৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কু ৰু ক্ষেত্ৰ কুৰুক্ষেত্ৰ জুৰি কৃষ্ণৰ চেষ্টা যত। নাহি কহে নাৰী পুৰুষে পুৰুষত॥ আন একো গ্ৰাম্য কথা নাছিল তথাত। মহোদয় লোকৰ মিলিল সিবেলাত॥৩৩৯॥ কুৰুক্ষেত্ৰে জুৰি যেন জগত আধাৰ। পাতিলা প্ৰচুৰ প্ৰভু প্ৰেমৰ প্ৰসাৰ॥ জগতৰ ৰাজা প্ৰজা বেহাইলেক হাট। কৰাইলা ঈশ্বৰ কৃষ্ণে প্ৰেমময় নাট॥৩৪০॥ ॥ তীৰ্থযাত্ৰা শেষ॥ কহে শুক শুনা অনন্তেৰে পৰীক্ষিত। আইল মুনিসৱ পাছে কৃষ্ণক দেখিত॥ নাৰদ দেৱল বামদেৱ চ্যৱন। বিশ্বমিত্ৰ অত্ৰি দ্বিজ শতানন্দ॥৩৪১॥ পুলস্ত্য অগস্ত ভৃগু বশিষ্ঠ গৌতম। কশ্যপ কুশাৰু মাৰ্কণ্ডেয় নৰোত্তম॥ ভৰদ্বাজ যমদাগ্নি ব্যাস বৃহস্পতি। অঙ্গিবা অসিত ৰাম গালৱ প্ৰভৃতি॥৩৪২॥ আসিয়া অনেক মুনি মিলিলা তহিত। দেখি সৱ সমাজে উঠিল সচকিত॥ কৌৰৱ পাণ্ডৱ ৰাজাচয় কৃষ্ণ ৰাম। বসুদেৱ সমে পৰি কৰিলা প্ৰণাম॥৩৪৩॥ বৈসইলা সৱাকো আনি সুৱৰ্ণ আসনে। পুছিল কুশল কথা মধুৰ বচনে॥ গন্ধে পুষ্পে দূপে দীপে দৈৱকী নন্দন। গৌৰৱে সৱাকো আনি অৰ্চিলা চৰণ॥৩৪৪॥ পখালিয়া পাৱক আপুনি জগন্নাথে পৰম সাদৰে পদোদক লৈলা মাথে॥ মৌন হুয়া সমস্ত সমাজে চাই আছে। কৃতাঞ্জলী হুয়া কৃষ্ণে বুলিলন্ত পাছে॥৩৪৫॥ কিনো ভাগ্যে দেখিলো চৰণ তোমাসাৰ জন্মৰ সফল ভৈল আজিসে আহ্মাৰ॥ ৬৭ 49 Scanned with CamScanner