সমললৈ যাওক

পৃষ্ঠা:কুৰুক্ষেত্ৰ কাব্য.pdf/৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৪
কুৰুক্ষেত্ৰ
 

কৃষ্ণৰ চৰণ দুই হাতে ধৰিয়া
 শিৰত আছিলা তুলি।
আজিসি সমস্তে পাপ দূৰ ভৈল
 জন্ম সাম্ফলিলো বুলি॥৫৮৯॥
পাছে দৈত্যেন্দ্ৰক আশ্বাস বুলিয়া
 উৎসাহ আতি বঢ়াইলা।
ছয়ো ভাইক পাছে ৰথত তুলিয়া
 ত্বৰিতে দ্বাৰকা পাইলা॥
দৈৱকী মাৱৰ আগতে ছয়োকে
 যোগাই ৰঙ্গে কৃষ্ণ ৰাম।
দিলো মৰা পুত্ৰ বুলিয়া মাতৃকা
 কৰিলা দুয়ো প্ৰণাম।৷৫৯০॥

॥ছবি॥

পাছে চয়ো ছৱালক নিৰেখি নিৰেখি চাই
 চিনিলন্ত দৈৱকী নিশ্চয়।
মাৰিল পাতেকী কংসে যিটো ছয় গুটি পোক
 সেহি সৱে মোহোৰ তনয়॥
মহা স্নেহে স্ৰৱৈ স্তন হৰিষিত তনু মন
 এহি মোৰ প্ৰাণ পুত্ৰ বুলি।
অথে বেথে ধৰি গলে ভিজাইল নেত্ৰৰ জাল
 সাৱটি ধৰিলা বুকু তুলি॥৫৯১॥
ইগুটিকথন্ত কতো সিগুটিক লন্ত তুলি
 উৎসুকে পিয়ান্ত কতো খীৰ॥
লুণ্ডি ঘুণ্ডি মহাসুখে কৰন্ত চুম্বন মুখে
 ঘনে ঘনে ঘ্ৰাণ পুত্ৰ শিৰ॥
কৌতুকৰ নাহি অন্ত উৎসুক যাচন্ত যেন
 বিষ্ণুমায়া মুহিলেক চিত্ত।
দুনাই মৰা পুত্ৰ পাই আনন্দৰ সীমা নাই
 ভৈলন্ত দৈৱকী কৃতকৃত্য॥৫৯২॥