সমললৈ যাওক

পৃষ্ঠা:কুৰুক্ষেত্ৰ কাব্য.pdf/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩৬ পৰম বিস্ময় হুয়া শিহৰাইল গাৱ। উপজিলা কৃষ্ণৰো গোপীত প্ৰেমভাৰ॥ ১৩৩ || কমল নেত্ৰৰ পৰা পৰে নীৰ ঝবি। কতোক্ষণে আছিল গোপীক মনে স্মৰি॥ পচে ব্ৰজ-বধু সমস্তক নাৰায়ণে। সম্বোধিয়া প্ৰবোধিলা মধুৰ বচনে॥১৩৪॥ মোক নপাই পাইলাহা বিৰহ মহাদুখ। ধৰি পীতবস্ত্ৰে মছিলস্ত আখি মুখ॥ অনেক সাদৰে বিৰলক লাগি নিল। মেলি মহা বাহু গাৱে আলিঙ্গিল॥১৩৫॥ কৃষ্ণৰ পৰম ৰসে হৰিষিত মন। মধ্য কৰি কৃষ্ণক বসিলা গোপীগণ॥ পুনু কৃষ্ণ প্ৰাণক নিৰীক্ষি নেত্ৰ ভৰি। এৰাইল সন্তাপ সৱ ব্ৰজৰ সুন্দৰী॥১৩৬॥ পায়া মাধৱৰ মহা পৰম সন্মান। জুড়াইলা অমৃত পৰি যেন তনু প্ৰাণ॥ প্ৰণামিলা কৃষ্ণ পাৱে পৰশিলা বসি। পুছিলন্ত কেশৱো কুশল হাসি হাসি॥১৩৭॥ তুমিসৱ আমাৰ পৰম প্ৰিয়তৰ। কহিয়ো কল্যাণ কথা গৃহ শৰীৰৰ॥ 50 সকুটুম্বে গোকুলত বঞ্চা ভালে ভালে। তোমাসাক সখি নেদেখিলো চিৰকালে॥১৩৮॥ হে সখিসৱ মোক সুমৰা সৰ্ব্বথা। মনত পৰেকি আসি সিটো পূৰ্ব্বকথা॥ অল্পতে আসিবো বুলি প্ৰবোধি তোহ্মাক। বন্ধু বান্ধৱৰ অৰ্থে গৈলো মথুৰাক॥১৩৯॥ পৃথিৱীক পীড়ে দুষ্ট ৰাজাগণ যত বহু শত্ৰু আহ্মাৰ মাৰিওঁ নপাওঁ অন্ত॥ বৈসাই আনি বংশক কৰন্তে প্ৰতিপাল। এতেকে বিলম্ব মোৰ ভৈল চিৰকাল। ১৪০॥ কৰহা ভকতি মোক অৰ্পি জীউ প্ৰাণ। নাহিকে সুহৃদ তুমিসৱৰ সমান॥ - কুকৰে Scanned with CamScanner