সমললৈ যাওক

পৃষ্ঠা:কুৰুক্ষেত্ৰ কাব্য.pdf/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কু ক ক্ষে ত্ৰ - আনন্দে দুন্দুভি বাদ্য বজাৱে স্বৰ্গত। হৰিষে বৰিষে পুষ্প কৃষ্ণৰ শিৰত। দশোদিশ পুৰিলেক জয় কৃষ্ণ ৰৱে। দাৰুকে ডাকন্ত ৰথ পৰম উৎসৱে॥ ৩২৩॥ মোক লৈয়া গৈয়া পাছে দ্বাৰকা নগৰ। 1315 ধ্বজ দণ্ড পতাকা তোৰণ মনোহৰ॥ পূৰ্ণ কুম্ভ পতাকা প্ৰকাশে শাৰী শাৰী। অয়াযাত কৰে যত সালঙ্কৃতা নাৰী॥৩২৪॥ স্বামী সমে প্ৰৱেশিলো হেন দিব্য পুৰী। ভাৰ্যা সমে সূৰ্য যেন যায় অশুগিৰি॥ আসিলা পাছত পিতৃ অনেক সম্ভাৱে। অৰ্চিলও সুহৃদক বস্ত্ৰ অলঙ্কাৰে॥৩২৫॥ দাস দাসী গজ বাজী মহাৰত্ন যত। দিলন্ত যৌতুক সৱ আমাৰ লগত॥ এহিমতে পাইলো স্বামী ঈশ্বৰ কৃষ্ণক। কি কহিবো প্ৰাণ সখী আহ্মাৰ ভাগ্যক॥৩২৬॥ জন্মে জন্মে হুইবো তান চৰণৰ দাসী। এতেকে বোলতে প্ৰেম পৰশিল আসি॥ শিহৰিল তনু নয়নৰ নীৰ ঝৰে। দেখি সকৰুণ ভৈল নাৰী সমস্তৰে॥৩২৭॥ নেত্ৰৰ লোতক পৰে বড়ে ৰাম হৰি। লক্ষ্মণাকো প্ৰশংসিলা যতেক সুন্দৰী॥ অনন্তৰে দ্ৰৌপদীত ৰোহিণী বদতি। আমাৰ বৃত্তান্ত আৱে শুনয়োক সতী॥৩২৮॥ কৰি দিগবিজয় নৰক দুৰাচাৰ। আলিনা কন্যাক কাঢ়ি ষোড়শ হাজাৰ॥ থৈলেক নিৰোধি সৱ বহু মনে কৃষ্ণৰ চৰণে মনে পশিলো শৰণে॥৩২৯॥ ple যাহাৰ স্মৰণে হৰে সংসাৰৰ ভয়। গৰুড় বাহন হৰে সংসাৰৰ ভয়। গৰুড় বাহন হেন কৃষ্ণ কৃপময়॥ মেলাইলন্ত আহ্মাক তাহাক মাৰি বণে। কৰিলন্ত বিবাহ সৱাকো একেক্ষণে॥৩৩০॥ ৬ Scanned with CamScanner