সমললৈ যাওক

পৃষ্ঠা:কুৰুক্ষেত্ৰ কাব্য.pdf/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮
কুৰুক্ষেত্ৰ
 

শুনি মহাৰাজা সৱে পৰম উৎসৱে।
কৰে ৰঙ্গে কুৰুক্ষেত্ৰ যাত্ৰা সবান্ধৱে॥৬॥
একে একে ৰাজা চলে পৰম লীলায়।
বলে বীৰ্য্যে ধৈৰ্যো যেন দিগগজ পৰায়॥
পৰিচ্ছদে মহেন্দ্ৰ সদৃশ চমৎকাৰ।
কিছু লেখা দিও শুনা নাম তাসম্বাৰ॥৭॥
কেকয় কৌশল কুৰু সৃঞ্জয় কাম্বোজ।
মহাবীৰ্য বিৰাচট বিদৰ্ভ কুন্তি ভোজ॥
মদ্ৰ দমঘোষ সব্য ভীষ্মক হাৰ্দ্দিক।
ধৃষ্টকেতু চেকিতান বিতাল বাহ্লিক॥৮॥
যুধমন্যু মৈথিলা সুশৰ্মা উশীনৰ।
বিন্দ অনুৱিন্দ চন্দ্ৰদত্ত দিৱাকৰ॥
শ্ৰুতাযুদ্ধ প্ৰবুদ্ধ ধৰণীধৰ কাল।
নগ্নজিৎ পুৰুজিৎ সোম মহীপাল॥৯॥
সাৰ সুৰথ ৰথী সুপাৰ্শ্ব প্ৰতীপ।
চন্দ্ৰচূড় চক্ৰকেতু কৌশাম্বিৰ নৃপ॥
পৰ পুৰঞ্জয় জয়সেন মহোৎসৱ।
চমৎকাৰে চলে অতি সৈন্য সবান্ধৱ॥১০॥
কৌৰৱ পাণ্ডৱ আদি কৰি যচ ৰাজা।
পুত্ৰ পত্নী সমন্বিতে সঙ্গে লৈয়া প্ৰজা॥
হয় হস্তী ৰথে কেহো চৰি নৰযান।
কুৰুক্ষেত্ৰ তীৰ্থে আসি ভৈলা একথান॥১১॥
পুৰ্বত পৰশুৰামে কৰিলা নিশ্চয়।
ক্ষত্ৰিয়ৰ ৰুধিৰে নিৰ্মলা হ্ৰদয়॥

কৃষ্ণৰ কুৰুক্ষেত্ৰ যাত্ৰা

আপুনি কৰিলা স্নান দান যজ্ঞ যত।
নাই পুণ্য ক্ষেত্ৰ তাক সম সংসাৰত॥১২॥
পৃথিৱীৰ ৰাজা একথান ভৈলা তথা।
অত অনন্তৰে শুনা কেশৱৰ কথা॥
সৰ্বগ্ৰাস গ্ৰহণৰ শুনি সিয়ো বাৰ্ত্তা।
সৰংশে কৰিলা কৃষ্ণে কুৰুক্ষেত্ৰে যাত্ৰা॥১৩॥