সমললৈ যাওক

পৃষ্ঠা:কুৰুক্ষেত্ৰ কাব্য.pdf/৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নাহিকে আশ্চৰ্য্য আত নুহিবা বিস্ময়। মায়ায়ে মোহিত মনুষ্যৰ হেন নয়॥৩৭৬॥ যদ্যপি কাছত আছা দেৱ নাৰায়ণ। সমীপত বাসা অনাদৰৰ কাৰণ।। যেন তীৰবাসী গঙ্গাজল তেজি যায়। অন্যত্ৰ জলত স্নানে সিদ্ধিক আশায়॥৩৭৭॥ যাহাৰ জ্ঞানক কালে নকৰে লুপুত মায়ায়ে কৰিছা নিজ মহিমা গুপুত।। নিচিনে ঈশ্বৰ বুলি দৈৱকীৰ পোক Revire হিমে মেঘে ছন্ন হেন বোলে আদিত্যক॥৩৭৮॥ সুখ দুখ তিনি গুণময় অহঙ্কাৰে। যাহাক সৱেয়ো আৱৰিবেও নপাৰে॥ যিটো মায়া আমাকো মুহিলে আজি দেখা। ইহাত গৃহস্থ মনুষ্যৰ কোন লেখা॥৩৭৯॥ যিটো মায়া কৰে ব্ৰহ্মদিৰো জ্ঞান নাশ। জানি বসুদেৱক নকৰা উপহাস॥ এহি বুলি নাৰদ প্ৰমুখ্যে ঋষি যত কহিবে লাগিলা বসুদেবৰ আগত॥৩৮০॥ শুনি আছে যত সমাজ্যাৰ ৰাজামানে। তথাপি আছম্ভ ৰাম কৃষ্ণ বিদ্যমানে।। PUPO PISTO যিৱা কৰ্ম্মে কৰে সৱে কৰ্ম্মক নিহাৰে। শুনা বসুদেৱ আৱে কথা কহো তাৰ॥৩৮১॥ শ্ৰদ্ধায়ে যজিবে হৰি যজ্ঞ ঈশ্বৰক। নাহিকে উত্তম কৰ্ম্ম আত ব্যাতিৰেক॥ এহি ধৰ্ম্ম হেতু হোৱে চিত্ত উপসাম। জ্ঞানীগণো কহে আক উপায় সুগম॥৩৮২॥ এহি ধৰ্ম্মে হবে মহা অন্ধকাৰ বন্ধ। কিছো কিছো কৰি মিলে মনত আনন্দ॥ পৰম নিষ্কামে অতিশয় শুদ্ধ চিত্তে। ঈশ্বৰক যজিবে প্ৰত্যক্ষ একচিত্তে॥৩৮৩। গৃহস্থ দ্বিজত ইসে কল্যাণৰ পথ আত হস্তে সিজে কাম মোক্ষ ধৰ্ম্ম অৰ্থ॥ -কু ক ক্ষে ত্ৰ Scanned with CamScanner