সমললৈ যাওক

পৃষ্ঠা:কুৰুক্ষেত্ৰ কাব্য.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কুৰুক্ষেত্ৰ
২৫
 

জিহ্বায়ে চেলেকে নাকে মুখে যেন
 নয়নৰ পথে গিলে॥৫৯॥
জগতৰ প্ৰিয় আত্মা ভগৱন্ত
 তাঙ্ক দৰশন পাই।
তনু পুলকিত লোতক নিগড়ে
 আনন্দৰ সীমা নাই॥
পৃথিৱীৰ ৰাজা যত আসিয়াছে
 শত্ৰু মিত্ৰ উদাসীন।
কৃষ্ণৰ পৰম ঈশ্বৰ জানিয়া
 ভৈল সৱে মোহ হীন॥৬০॥
ভীষ্ম দ্ৰোণ কৃপ কৰ্ণ কুন্তীভোজ
 কাম্বোজ কুণ্ডিল পতি।
বিশালাক্ষ বীৰ বিৰাট বাহ্লিক
 কৈকেয় কাশী নৃপতি॥
যুধামন্যু মত্ত মৈথিল সুশৰ্ম্মা
 ধৃষ্টকেতু চেকিতান।
সৃঞ্জয় সঞ্জয় বিদুৰ বিৰাট
 দেখি উল্লসিত প্ৰাণ॥৬১॥
সুৰল শকুনি ধৃতৰাষ্ট ৰাজা
 সপুত্ৰে সতী গান্ধাৰী।
সত্যৱতী কুম্ভী দ্ৰৌপদী প্ৰমুখ্যে
 যত পাণ্ডৱৰ নাৰী॥
যুধিষ্ঠিৰ ভীম অৰ্জ্জুন নকুল
 সহদেৱ পাঞ্চো ভাই॥
ৰাজসূয় যজ্ঞে জিনিলা যতেক
 ৰাজাগণ সমুদায়॥৬২॥
দেখিলা আনন্দ মূৰতি কৃষ্ণৰ
 সাক্ষাতে লক্ষ্মী নিৱাস।
কোটি এক শশী সূৰ্য্য একেবাৰে
 কৰন্ত যেন প্ৰকাশ॥
ষোড়শ হাজাৰ পত্নীসৱ সিটো
 সাক্ষাতে লক্ষ্মীৰ নয়।