সমললৈ যাওক

পৃষ্ঠা:কুৰুক্ষেত্ৰ কাব্য.pdf/৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৯৬ তাহাৰ সুৰভি মধু লোভেমধুকৰে। মহা মত্ত হুৱা সৱে বঢ়িয়া গুঞ্জৰে॥ ৫৩৬ || মৌৰে ৰঞ্জিত চাক চৰণ কমল। উত্তৰ অঙ্গুলি ৰত্ন উজণ্টি উজ্বল॥ আৰকত নখচয় চন্দ্ৰমাৰ পাত্তি। ৰাতুল কমল পদতলে কৰে কান্তি॥৫৩৭॥ ধ্বজ বজ্ৰ পঙ্কজে অঙ্কুশে অলঙ্কৃত। হোৱে ভকতৰ যিটো মনত বিদিত॥ কোটি কন্দৰ্পৰো দৰ্প হোৱৈ চূৰ। হেন ব্ৰহ্মময় মহা মূৰ্ত্তিক প্ৰভুৰ॥৫৩৮॥ সাক্ষাতে দেখিয়া বলি ভৈল সচকিত। ত্বৰিতে উঠিলা বলি সবংশে সহিত॥ মহা আনন্দত আতি হৃদয় দ্ৰৱিল। শিহৰি শৰীৰ নীৰ নেত্ৰৰ ঝৰিল॥৫৩৯॥ জগৰৰ আত্মা যিটো পৰম দৈৱত। মোৰ নিজ প্ৰাণনাথ ভৈলা গৃহাগত॥ এতেকে দেখিলো ব্ৰহ্মাদিৰো আদি মূল। মিলিল সম্ভ্ৰম আতি আনন্দে আকুল॥ ৫৪০॥ সপুত্ৰ বান্ধৱে বলি কৃষ্ণ কৃষ্ণ ৰড়ি। কৰিলা প্ৰণাম পদ পঙ্কজত পৰি॥ ভাগ্যৱন্ত বলি মেলি আপোনাৰ চুলি। মলচি লৈলন্ত দুই চৰণৰ ধূলি॥৫৪১॥ সুৱৰ্ণৰ সিংহাসন আথে বেথে মাথে। বসিবাক লাগি পাৰি দিলা দৈত্যনাথে॥ বসিলা আনন্দে দুয়ো দৈৱকী নন্দন। হৰিসে ধৰিয়া বলি দুহানে চৰণ॥৫৪২॥ ধৱাইবে লাগিল সুৱৰ্ণৰ পাত্ৰ আনি। সুৱৰ্ণ ভূঙ্গাৰে বিন্ধ্যাৱলী দেন্ত পানী॥ ব্ৰহ্মায়ে সহিতে ইটো সমস্ত ত্ৰৈলোক্য। পৱিত্ৰ হোৱন্তে আছে যিটো পাদোদক॥৫৪৩॥ তাক ঘৰে পাইলা দুইৰো চৰণ পখালি। সবান্ধৱে আনন্দতে নাচে শিৰে ঢালি॥ 'কু ক ক্ষেত্ৰ Scanned with CamScanner