সমললৈ যাওক

পৃষ্ঠা:কুৰুক্ষেত্ৰ কাব্য.pdf/৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৯০ শৰীৰক ম‍ই বুলি কৰে কৰ্ম্ম যত। সেহি কৰ্ম্মে অন্ধ হুয়া ভ্ৰমে সংসাৰত||৪৮৯॥ ইটো তত্ত্বজ্ঞান কিছো নুবুজে৷ তোহ্মাৰ ই জন্মতো নতৰিলো দুৰ্ঘোৰ সংসাৰ॥ জানিলো নোৱাৰো মঞি নিয়মিবে চিত্ত। কিনো অধমৰ মোৰ বুদ্ধি বিপৰীত॥৪৯০॥ এহিমতে বোলন্তে মিলল অনুতাপ। কৃষ্ণৰ আগত সৌৰি কৰন্ত বিলাপ॥ ধাৰায়ে বহৱে দুয়ো নেত্ৰৰত লোতক। কৰম্ভ কৰুণা চাই ঈশ্বৰ কৃষ্ণক॥৪৯১॥ নৰহে ঈশ্বৰ জ্ঞান তৰিবো কিমতে। দুৰ্ল্লভ মনুষ্য জন্ম লভিলো ভাৰতে।। ভৈলো মহামত্ত মঞি আপোনাৰ অৰ্থে। তোহ্মাৰ মায়ায়ে আয়ু গৈল সৱ ব্যৰ্থে॥৪৯২॥ ধন জন পুত্ৰ ভাৰ্যা আকে বোলো মোৰ। শৰীৰক মঞি বুলি ভৈলো সেৱা চোৰ॥ এহি অপৰাধে স্নেহ পাছে আছে বান্ধি নিবেদন্ত দুখ বসুদেৱে কান্দি কান্দি॥৪৯৩॥ কতো কোটি জন্ম মঞি ভ্ৰমো সংসাৰত কৃমি কীট পক্ষী হুয়া আছে৷ নানা মত॥ মই মহা দীন দেৱ পৰম অনাথ কৰা পৰিত্ৰাণ আৰে বাপ জগন্নাথ॥৪৯৪॥ হেনবা বুলিবা আমি তোহ্মাৰ তনয়। কিসক বোলয় মোক এতেক বিনয়॥ মোহোৰ আগত কেনে কৰা অনুতাপ। ইহাৰ সিদ্ধান্ত আৱে শুনিয়োক বাপ॥৪৯৫॥ নুহিকা মোহোৰ পুত্ৰ তুমি নাৰায়ণ | জগত কাৰণ যিটো তাহাৰ কাৰণ॥ যত দুষ্ট ক্ষত্ৰিয় ভূমিৰ মহা ভাৰ। তাক সহৰিবে মৈতে ভৈলা অৱতাৰ॥৪৯৬॥ ঈশ্বৰৰো ঈশ্বৰ তুমিসে মহহৰি। মায়ায়ে মনুষ্য চেষ্টা কৰা অৱতৰি॥ -কু ৰু ক্ষেত্ৰ Scanned with CamScanner