থিৰ চিত্তে অভ্যাসিও পিতৃ মহাশয়।
দেখিবা জগত সৱ নাৰায়ণময়॥৫১৩॥
কহিলা ৰহস্য মহা তত্ত্বজ্ঞান ভেদ।
শুনি বসুদেবৰ সংশয় ভৈল ছেদ॥
ধৰিলা নিবিড় ধ্যান কৰি থিৰচিত্ত।
গুচিল প্ৰপঞ্চ সৱে ঈশ্বৰ বিদিত॥৫১৪॥
নেদেখন্তা একো আন শৰীৰ পৰ্য্যন্তে।
প্ৰকাশন্ত একমাত্ৰ ব্ৰহ্মক গাৱম্ভে॥
যত নানাবিধ ভেদ বুদ্ধি ভৈল দূৰ।
মিলিল আনন্দ মহা মনত প্ৰচুৰ॥৫১৫॥
দ্ৰৱিল হৃদয় ভৈল লোমাঞ্চ শৰীৰ।
প্ৰেমৰ ভৰত জুৰে নয়নৰ নীৰ॥
মহা প্ৰীতি পাই আছে সৌৰি মহাশয়।
থাকিলন্ত তম্ভিয়া লভিয়া মহোদয়॥৫১৬॥
কহে শুক শুনিলা নৃপতি বিদ্যমান।
যেনমতে বসুদেৱ পাইলা মহা জ্ঞান॥
তত্ত্ব উপদেশে প্ৰভু পিতৃক তোষিলা।
শুনা আৱে আৰো ঈশ্বৰৰ মহা লীলা॥৫১৭॥
॥দৈৱকীৰ মৃত পুত্ৰ অনাৰ প্ৰৰ্থনা॥
বলিৰ সভাৰ পৰা মৰা পোক আনি।
দৈৱকীক দিলন্ত যিমতে চক্ৰপাণি॥
পৰম আশ্চৰ্য যিটো কৃষ্ণৰ চৰিত্ৰ।
শ্ৰৱণ মাত্ৰকে কৰে পাপীকো পৱিত্ৰ॥৫১৮॥
অনন্তৰে দৈৱকীয়ো বসিয়াছা তথা।
সুমৰিলা গুৰু পুত্ৰ আমিবাৰ কথা॥
সন্দিপণি গুৰুৰ মৃতক পুত্ৰ আনি।
দিলা গুৰু দক্ষিণা এহেন্তে চক্ৰপাণি॥৫১৯॥
মোৰো মাৰি আছে কংসে ছয়গুটি পোক।
হেন আলোচন্তে মনে উপজিল শোক॥
অধোমুখ ভৈলন্ত লোকত পৰে কৰি।
কৰন্ত ক্ৰন্দন পুত্ৰ সৱক সুমৰি॥৫২০॥