সমললৈ যাওক

পৃষ্ঠা:কুৰুক্ষেত্ৰ কাব্য.pdf/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬০
কুৰুক্ষেত্ৰ
 

॥ছবি॥

শুনিয়োক সভাসদ মহা ভাগৱত পদ
 কৃষ্ণ কথা কৰ্ণৰ অমৃত।
যাৱে নতো ধৰে কালে আছা মানে ভালে ভালে
  শুনা নিতে কৃষ্ণৰ চৰিত।
এহি মানে মাত্ৰ সাৰ দুৰ্ঘোৰ কলিত আৰ
 নাহি গতি দাতা আত পৰে।
ভুকুতি মুকুতি বীজ কৃষ্ণসে সুহৃদ নিজ
 জানি লৈয়ো শৰণ সত্বৰে॥২৮৬॥
নমো নমো নমাই মাথ হে বাপ জগন্নাথ
 মই অধমৰ কেন হৌক।
মহা মোহে ভৈলো অন্ধ নাহি ভকতিৰ গন্ধ
 যাইবে আবে লাগে পৰলোক।
লভিয়া মনুষ্য কায়া তুমি হেন প্ৰভু পায়া
 নিচিন্তিলো চৰণ তোহ্মাৰ।
কৃষ্ণৰ সেৱাক ত্যজি বিষয় ৰসত মজি
 চিন্তিলো আপুনি মই মাৰ॥২৮৭॥
বাক্যে গুণ নাম ধৰে মনে যে তোহ্মাক স্মৰে
 তাকে থাকা মোৰ বুলি ৰাখি।
জানিয়া ইসৱ তত্ত্ব আছা এহি হৃদয়ত
 তথাপি নভজি খালো আখি॥
মোৰ বন্ধু নাহি কেৱ তুমি দয়াশীল দেৱ
 আপুনি ৰক্ষাৰ কৰা কাম।
যিমতে তোহ্মাত ৰতি হোৱে হেন দিয়া মতি
 নিৰন্তৰে বোলা ৰাম ৰাম॥২৮৮॥
আত অনন্তৰে দিলা লক্ষ্মণা সিদ্ধান্ত।
শুনিয়ো দ্ৰোপদী এৱে আমাৰ বৃত্তান্ত॥
বৃবৎসেন নামে মহাৰাজা মোৰ পিতা।
তাহন দুহিতা মই গুণে অনিন্দিতা॥২৮৯॥
নাৰদৰ মুখে শুনি কৃষ্ণৰ চৰিত।
কৃষ্ণ পাদ পদ্মত ধৰিলা মোৰ চিত॥