সমললৈ যাওক

পৃষ্ঠা:কুৰুক্ষেত্ৰ কাব্য.pdf/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৮
কুৰুক্ষেত্ৰ
 

আৱে যদুদেৱ হৰম্ভ বৃষক
 জিনিয়া নিয়া কন্যাক।
উঠি কৃষ্ণে পাছে কাছি পীত বস্ত্ৰে
 সাজ ভৈলা যুজিবাক॥
সাত মূৰ্তি হুয়া সাতো বৃষভক
 ধৰিলা হাম্ফুলি বলে।
মঞিঁ মাত্ৰ দেখো প্ৰভুৰ মহিমা
 সভাত আনে নাকলে॥২৭৮॥
শৃঙ্গত ধৰিয়া মুচড়িল ঘাৰ
 মাটিত পৰি ডেডাই।
তেজি মল মূত্ৰ হ্ৰেসনি কাঢ়য়
 প্ৰাণান্তিক পীড়া পায়॥
আজুৰিয়া নিয়া স্তম্ভত বান্ধিলা
 শিশু যেন ছাগ জাক।
বাজে বাদ্য ভণ্ড দিলেক প্ৰজায়ে
 জয় কৃষ্ণ বুলি ডাক॥২৭৯॥
কৃষ্ণৰ মাথাত মালা পিন্ধাই পাছে
 বৰিলো পাবত পৰি।
শৰীৰ শিহৰি প্ৰেম যায় চড়ি
 লোতক পৰে নিগড়ি॥
আশ্বসিয়া পাছে ধৰি প্ৰাণনাথে
 মনত মিলাই উৎসাহ।
পৰম প্ৰাৰম্ভে পাছে পিতৃ মোক
 আনন্দে দিলা বিবাহ॥২৮০॥
সালঙ্কৃত তিনি সহস্ৰ সুন্দৰী
 দাসী কৰি মোৰ সঙ্গে।
হাজাৰ দশেক ঘটস্ববা ধেনু
 দিলন্ত পৰম ৰঙ্গে॥
মত্ত হস্তী নৱ হাজাৰ সেনাৰ
 ৰথ নৱলক্ষ মান।
সুৱৰ্ণ পাখৰে নৱ কোটি ঘোঁৰা
 যৌতুক কৰিলা দান॥২৮১॥