সমললৈ যাওক

পৃষ্ঠা:কুৰুক্ষেত্ৰ কাব্য.pdf/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কুৰুক্ষেত্ৰ
৫৯
 

নৱ শত কোটি দিলন্ত পদাতি
 কছাই বস্ত্ৰ অলঙ্কাৰে।
বাদ্য ভণ্ডে আগ বঢ়াইলে আহ্মাক
 পিতৃ মহা চমৎকাৰে॥
নিৰন্তৰ ৰাজা এক সাজু ভৈলা
 মোত আতি আশা ভঙ্গে।
আমাৰ কন্যাক কেনে কৃষ্ণ নিব
 আগ ভেটি আছে খঙ্গে॥২৮২॥
তোহ্মাৰ মধ্যম পতি ধনঞ্জয়
 স্বামীৰ নেৰন্ত কাছ।
দেখি খঙ্গে অতি আগুৱাইল কাছি
 কৃষ্ণক কৰিয়া পাছ॥
ধনুক টঙ্কাৰি হৃদয় বিদাৰি
 শৰ প্ৰহাৰিলা ৰাগি॥
বাঘৰ আগত ছাগৰ ফটালি
 ফাট দি পলাইল ভাগি॥২৮৩॥
তোহ্মাৰ স্বামীৰ পৰম বীৰত্ব
 স্বচক্ষে দেখিলো আমি।
এহিমতে আমি পৰম ঈশ্বৰ
 কেশৱকো পাইলো স্বামী॥
সোপনে সচিতে এহিমানে বাঞ্ছো
 কৃষ্ণৰ ধুৱাইব ভৰি।
জন্মে জন্মে সখী হুইবো প্ৰাণ মঞিঁ
 কৃষ্ণৰ গৃহ কিঙ্কৰী॥২৮৪॥
এতেকে বোলন্তে লোতক ঝৰিল
 তনু ৰোমাঞ্চিত আতি।
প্ৰেম বসে মজি ভৈলন্ত আকুল
 থাকিলা তম্ভি নমাতি॥
তাহান ভকতি দেখি সমস্তৰে
 নয়নৰ পৰে পানী।
সাধু সাধু সত্যা সাৰ্থক জন্মিলা
 বুলিলা প্ৰশংসা বাণী॥২৮৫॥