সমললৈ যাওক

পৃষ্ঠা:কুৰুক্ষেত্ৰ কাব্য.pdf/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কু ৰু ক্ষেত্ৰ প্ৰভুৰ প্ৰসাদে সৱ দুখ গৈল খণ্ডি। দিব্য ৰত্নময় অলঙ্কাৰে মোক মণ্ডি। ২১৩॥ বিহা দিয়া সমপিলা প্ৰভুৰ পাৱত। সুৱৰ্ণ ভাজন ৰত্ন আছে যত যত॥ অলঙ্কাৰে ৰঞ্জি দাসী সহস্ৰ সংখ্যাত। সমস্ত সম্ভাৰ দিলা মোহোৰ বিহাত॥ ২১৪॥ লগতে যৌতুক দিলা স্যমন্তক মণি।” আগ বঢ়াই বাদ্যে ভণ্ডে দণ্ডে ছত্ৰে চানি॥ কতবা জন্মৰ ফল সাঞ্চি আছো আমি। তাৰ ফলে পাইলো ইটো ঈশ্বৰক স্বামী॥ ২১৫॥ এতেকেসে বাঞ্ছো মই মুকুতিকো এৰি। জন্মে জন্মে হুইবো আন চৰণৰ চেড়ী। এতেক বোলন্তে প্ৰেমে দ্ৰৱিল হৃদয়। ঝৰি যায় নেত্ৰৰ লোতক আতিশয়॥২১৬ || পৰম ভকতি ভাৱ দেখি নাৰীগণে। উপজে কৰুণা চাৱে লোতক নয়নে॥ কৃষ্ণ কথা ৰসত মজিল যিটো ৰামা। অনন্তৰে কথা কহিলন্ত সত্যভামা॥ ২১৭॥ আমাৰ বৃত্তান্ত আৱে শুনিয়ো পাঞ্চালী। মোক যেনমতে পাইলা প্ৰভু বনমালী॥ জিনি জাম্বৱন্ত স্যমন্তক মণি আনি। . পিতৃক দিলন্ত সমাজত চক্ৰপাণি॥২১৮॥ বুলিলা বচন তুমি দাৰুণ নিঃশঙ্ক মিছাত আহ্মাক দিলা দাৰুণ কলঙ্ক॥ কৰিলা গৰিহা মহা মহন্ত সমাজে। নযাই নু পুৱাই তান আতি ভয় লাজে॥২১৯॥ যতেক দ্বাৰকাবাসী সৱে শপে আতি। নৱজান্ত গৃহৰ শুণন্ত দিনে ৰাতি॥ কেনমতে মাধৱৰ মন হোৱে শান্ত। গুণি গাছি মনে একো উপায় নপান্ত॥২২০॥ আছো কন্যা ৰত্ন ম‍ই তাহান দুহিতা। কৃষ্ণক দিবেক মোক আলোচিলা পিতা॥ ৪৯ Scanned with CamScanner