সীতাহৰণ-কাব্য

ৱিকিউৎসৰ পৰা
[  ]

সীতাহৰণ-কাব্য


ভোজন সুমিষ্ট চাও নাহি উপাৰ্জ্জন।

লাভ চাওঁ বহু, কিন্তু নাই মূলধন॥
নাহি বল বোলাইবে চাহোঁ মহাবীৰ।

থৰ ধৰি হিয়া মুখে বচন গম্ভীৰ॥


৺ভোলানাথ দাস প্ৰণীত


লয়াৰ্ছ বুক ষ্টল
গুৱাহাটী: অসম

[  ]

প্ৰকাশক:

শ্ৰী বিচিত্ৰনাৰায়ণ দত্ত বৰুৱা, বি-এল

লয়াৰ্ছ বুক ষ্টল

গুৱাহাটী, অসম

 

দ্বিতীয় সংস্কৰণ

১৯৫৮

 

মূল্য—২॥০ টকা

 

মুদ্ৰক:

শ্ৰীকালীচৰণ পাল

নবজীৱন প্ৰেছ

৬৬, গ্ৰে ষ্ট্ৰীট, কলিকতা-৬

[  ]

সূচীপত্ৰ

 বিষয়  পিঠি
প্ৰকাশকৰ কথা •••  •••  
প্ৰথম সৰ্গ (সূচনা) •••  •••  
দ্বিতীয় সৰ্গ (যুদ্ধ) •••  •••  ২৬
তৃতীয় সৰ্গ (বাৰ্তা) •••  •••  ৭২
চতুৰ্থ সৰ্গ (মাৰীচ-মন্ত্ৰণা) •••  •••  ৮৫
পঞ্চম সৰ্গ (আন্দোলন) •••  •••  ১১৭
ষষ্ঠ সৰ্গ (দেৰ-মন্ত্ৰণা) •••  •••  ১৩১
সপ্তম সৰ্গ (হৰণ) •••  •••  ১৬০


[  ]
প্ৰথম সংস্কৰণৰ প্ৰকাশকৰ কথা

 এই গ্ৰন্থৰ গ্ৰন্থকাৰ অনেক সুপৰিচিত; এতেকে তেওঁৰ পৰিচয় সম্বন্ধে কোনো কথা লেখা বাহুল্য মাত্ৰ। এই সীতাহৰণ কাব্যখনি সম্বন্ধে মাত্ৰ পাঠকবৰ্গৰ জ্ঞাতাৰ্থে অলপ কথা কব খুজিছোঁ।

 গ্ৰন্থকাৰে এই কাব্যখনি বহু বছৰ পূৰ্বেই লেখিবলৈ আৰম্ভ কৰিছিল। বঙ্গীয় কবি ৺মধুসূদন দত্তই বাঙ্গালা ভাষাত অমিত্ৰাক্ষৰ ছন্দৰ প্ৰথম সৃষ্টি কৰে। তেওঁক অনুকৰণ কৰি আমাৰ গ্ৰন্থকাৰেও অসমীয়া ভাষাত উক্ত ছন্দত প্ৰথম কবিতা ৰচনা আৰম্ভ কৰে। সীতাহৰণ কাব্যও অমিত্ৰাক্ষৰ ছন্দত কেইপাতমান লেখি তেওঁ ‘আসাম-বিলাসিনী' পত্ৰিকাত প্ৰকাশ কৰিছিল। উক্ত পত্ৰিকাই অসমীয়া ভাষাত অমিল ছন্দৰ ৰচনা কিম্ভূত-কিমাকাৰ যেন ভাবি, আৰু গ্ৰন্থকাৰৰ 'ইটো’ 'সিটো’ ব্যৱহাৰ অশুদ্ধ বুলি ইতিকিং কৰিছিল। ‘বিলাসিনী’ৰ মতে ‘ইতো’ ‘সিতো’ হে শুদ্ধ। গ্ৰন্থকাৰে তেওঁৰ ‘চিন্তা-তৰঙ্গিণী' দ্বিতীয় ভাগত ‘ইটো' সিটো' শীৰ্ষক কবিতাটী কিয় লেখিছিল, বোধ কৰোঁ কোনেও বুজিব পৰা নাই। গ্ৰন্থকাৰে ‘ইটো’ ‘সিটো’ শব্দ ব্যৱহাৰ কৰাত আৰু অমিত্ৰাক্ষৰ ছন্দত কবিতা লিখাত ‘আসাম-বিলাসিনী’এ তীব্ৰ সমালোচনা কৰা দেখি, তেওঁ সেইটি লেখে। তলত কবিতাটী পাঠকবৰ্গে দেখিবৰ

নিমিত্তে দিয়া হল। [  ]

‘ইটো’ ‘সিটো’
(১)
কি লেখিছে সেই জন
কৰি ভাষা আশোভন?
অমিত্ৰ-অক্ষৰ ছন্দে কি কৰে ৰচন
নোহে পদ্য নোহে গদ্য,
কিবা লেখে মূৰ্খে অদ্য,
অনুকৰি বাঙ্গালাৰ শ্ৰীমধুসূদন॥
(২)
‘ইটো’ ‘সিটো’ ব্যৱহাৰ,
শুদ্ধ নাহি হোৱে বাৰ,
‘ইতো’ স্থানে ‘ইটো’ লেখে ‘সিতো’ স্থানে ‘সিটো’।
সিজনে কবিতা গঁথা,
কেলে লাজৰ কথা,
হেন উচ্চ আশা নোহে উচিত স্বপ্নতো॥
(৩)
অসমীয়াৰ পদ গান,
যেন পাপীৰ গঙ্গাস্নান,
নোহোৱা নোপজা কথা কতু শুনা নাই।
কিয় তৱে হীন জন,
কৰে হেন উচ্চ মন,
অপাৰ সমুদ্ৰ লম্ফে পাৰ হব চায়॥

[  ]

(৪)
প্ৰকাশি তাৰ কবিতা,
“বিলাসিনী” কলুষিত,
পড়িল সোপান হন্তে খসি এক পদ।
কিন্তু সোধোঁ এক কথা,
কিয় “বিলাসিনী” মাতা,
পুনঃ তবে প্ৰকাশিলে সিজনৰ পদ॥

 বিদ্যালয়ত পঢ়ি থাকাৰে পৰা কবিতাত গ্ৰন্থকাৰৰ অনুৰাগ জম্মিছিল; আৰু ভালে বেয়াই ৰচনা কৰিবলৈ চেষ্টা কৰিছিল। এই কথা তেওঁ নিজ মুখেও ‘চিন্তা-তৰঙ্গিণী’ দ্বিতীয় ভাগৰ ‘কবিতা' শীৰ্ষক প্ৰবন্ধত এই দৰে কইছে—

(২)
বাল্যকাল থাকি,— কিন্তু নাজানোঁ কাৰণ—
আছিল তোমাৰ প্ৰতি,
ই হীন জনৰ মতি;
পালে পদ্যময়ী পুথি কৰিয়া যতন
পঢ়িছিলোঁ যতে ততে হষিত মন।
(৩)
বাল্যকাল হন্ত,—কিন্তু অৱশ্যে বৃথায়,—
আঁকিছিলোঁ তব ছবি,
ভাবিছিলোঁ হবোঁ কবি,

[  ]

ৰাখিছিলোঁ যত্নে আমি সি চিত্ৰ সুমাই;
দেখিলে সি চিত্ৰ এবে মুখে হাসি পায়।

 ‘আসাম-বিলাসিনী’ৰ সমালোচনা গ্ৰন্থকাৰৰ মনত বোধ হয় বৰকৈ লাগিছিল। উক্ত ‘কবিতা’ শীৰ্ষক প্ৰবন্ধতত উক্ত কথাকে লক্ষ্য কৰি তেওঁ এইদৰে লেখিছে :—

(১)
দূৰাশা উচিত শাস্তি পালোঁ হাতে হাতে;
দেখি মোৰ চপলতা,
ক্ৰোধে “বিলাসিনী” মাতা
কৰিলা গঞ্জনা; আমি বহিলোঁ অমাতে;
পুনঃ মোৰ দুৰাকাঙ্খা দিলোঁ অধঃপাতে।
(২)
হে কবিতে! আকৌ মোৰ নিৰলজ্জ মন,
(কি লাজ আছয় তাৰ,
গঞ্জনাও প্ৰিয় যাৰ),
সব কাতি কৰি আজি কৰিছে নৰ্ত্তন;
চাইছে কৰিবে পুনঃ তুলিকা চালন।

 গ্ৰন্থকাৰে পূৰ্ব্বে নিজ ঘৰতে থাকিবলৈ পোৱাত অনেক সময় পাইছিল। সেই সুবিধাতে অলপ বয়সতে তেওঁ ‘পাৰমিতি ও জৰীপ’, ‘চিন্তা-তৰঙ্গিণী’ দুই খণ্ড, আৰু ‘কবিতামালা’ সুই খণ্ড [  ] ৰচনা কৰি প্ৰকাশিত কৰিছিল। তেওঁৰ সেই নবীন বয়সত ‘সীতাহৰণ-কাব্য’ ৰচনাও আৰম্ভ হইছিল; এনে সময়তে ইং ১৮৮৮ চনত তেওঁ ‘চব-ডিপুটী কালেক্টৰ’ পদত নিযুক্ত হল। এই কাম পাই নানা ঠাইত ফুৰিব লগা হোৱাত, তেওঁৰ থান- থিতাপি নোহোৱাত পৰিল। তেওঁৰ পিতৃৰ তেৱেঁই একমাত্ৰ সন্তান; ১৮৯৩ চনত পিতৃ-বিয়োগ হোৱাত গৃহ-চিন্তাইও তেওঁক বেৰি ধৰিলে। গৃহ-দগ্ধ, গৃহ-চুৰি, দীৰ্ঘকাল বিষম জ্বৰ ভোগ, স্ত্ৰী-বিয়োগ প্ৰভৃতি সাংসাৰিক দুৰ্ঘটনাও ক্ৰমে ক্ৰমে তেওঁৰ ঘটিছিল। ইত্যাদি কাৰণত অনেককাল পূৰ্ব্বেই লেখিবলৈ আৰম্ভ কৰা এই সীতাহৰণ-কাব্যখনি ইমান বছৰ অসমাপ্ত হৈ আছিল। যাহোক কোনো কোনো বন্ধুৰ উৎসাহত গ্ৰন্থকাৰে কাব্যখনি লেখি এতিয়া সমাপ্ত কৰিলে, আৰু আমিও উদ্যোগ কৰি তাক প্ৰকাশ কৰি সহৃদয় পাঠক সকলৰ হাতত অৰ্পণ কৰিলোঁ।

ডিব্ৰুগড় সদৰ স্কুল,
শক ১৮২৪ ফাগুণ।
শিবনাথ ভট্টাচাৰ্য্য
প্ৰকাশক

[ ১১ ]

সীতাহৰণ-কাব্য

প্ৰথম সৰ্গ

(সূচনা)

 লক্ষ্মণ সীতাৰ সহ, পিতৃসত্য পালি,
দাশৰথি ৰঘুপতি পঞ্চবটী বনে।
তপস্বীৰ বেশে, ভক্ষি বন ফল মুল
তপস্বী-আহাৰ, যৱে ছিলা বনবাসে;
কিৰূপে ৰাৱণ বলী লঙ্কা-অধিপতি
হৰিলা জনক সুতা,—যিটো অপৰাধে
মৰিলা সবংশে পাছে ৰাক্ষস-ঈশ্বৰ
দেবকুল-অৰি—সেহি ৰামায়ণ গীত
গাইবে বাঞ্ছিছোঁ আমি মুঢ় অকিঞ্চন
অমিত্ৰ-অক্ষৰ ছন্দে, হেʼ মাতঃ বাগ্দেৰি।
যি ছন্দে গাইলা বহু মধুময় গীত।
তব অনুগ্ৰহে অতি প্ৰিয় পুত্ৰ তব
শ্ৰীমধুসূদন বঙ্গ-কবিকুলমণি।

[ ১২ ]

অতি দুৰাকাঙকা কিন্তু কৰিছোঁ মনত
হীন আমি, শ্বেতভুজে! অবুজ অন্তৰে
কিয় হল হেন ইচ্ছা নাজানোঁ কাৰণ।
সুদূৰ আকাশস্থিত নক্ষত্ৰক দেখি,
উঠিবে ইচ্ছয় ক্ষুদ্র খদ্যোত পিপৰা
প্রকাশিয়া নিজ তেজ অতি গৰ্ব্ব মনে;
কিন্তু ক্ষীণদেহী প্রাণী হীনবল অতি,
ইচ্ছিলে কি হব? পাছে অপাৰগ হুয়া
সলজ্জ অন্তৰে হায় অধােগামী হােৱে।
আমিও কৰিছোঁ, দেবি, সিমত দুৰাশা,
দেহে কিন্তু নাহি বল, নাহি কোনাে গুণ;
হাসে কিবা বুধজন বুদ্ধিহীন মােক,
ইভয়ে কম্পিত হিয়া, লেখনী স্থগিত।
কৰিও কৰুণা মুৰ্খে, মুৰ্খতা-নাশিনি!
দয়াময়ি! দীনজনে কৰিওক দয়া;
কি জানাে ভকতি তব পদ পঙ্কজে
আমি অপদার্থ দাসে? কি বুজো অবুজে
অনন্ত মহিমা তব, অনন্ত ৰূপিনি!
দিয়া পদ্ছায়া, মাতঃ, গাওঁ আমি ৰচি
বৈদেহী হৰণ গীত, তব অনুগ্রহে !


 খদ্যোত পিপৰা—জোনাকী পৰুৱা। [ ১৩ ]
 

 প্রভাতিলা নিশা। উষা আশুগতি ধৰি
আসিলা; কুৰুলি দিলা সুদীর্ঘে পেঁচক ;
বায়স কৰিলা 'কা কা' ; যেন হেৰুৱাই
লঙ্কা, লঙ্কা-প্রিয়-পক্ষী কুকুট পুছিলা।
‘লঙ্কাপুৰ ক’ত’ বুলি; গাইলা চৌদিশে
প্রভাতীয় গীত যত প্রভাতী বিহঙ্গ;
বৃকধূৰ্ত্ত দল দিলা হুৱা ধ্বনি দূৰে।
উদিলা আদিত্য দেব উদয় অচলে
উজলি শিখৰ শিৰ, পৰে তৰুশিৰ
সুউচ্চ, অনুচ্চ পৰে; পৰে লতা বন;
ক্রমে ধৰাতল পাছে; ৰজতৰ বিভা।
শােভিল জগৎ যুৰি। ডৰি বিভাবৰী
বিভাবৈৰী দৰশনে, পলাল অন্তৰে;
কন্দৰে তিমিৰমালা লুকাল তবাসে।
প্রভাতে প্ৰক্ষালে যথা নিদ্ৰা পৰিহৰি
নিজ নিজ মুখ নৰ; ধুইলা সিমত,
(শ্রেষ্ঠ জনে অনুকৰা অশ্রেষ্ঠৰ ৰীতি),
বিটপী ব্রততী তৃণ যতেক কাননে
আনন্দে আনন নিজ নিশিৰ নীয়ৰে।


 বায়স—কাউৰ। বৃকধুৰ্ত্ত—শৃগাল। বিভাবৰী—ৰাত্রি।
 বিভাবৈৰী—বিভা (পােহৰ) ৰূপ শত্রু। বিটপী—বৃক্ষ

 ব্রততী—লতা। [ ১৪ ]
 

প্রফুল্ল প্রসূনৰাশি,—প্রফুল্ল বান্ধব
বান্ধব-মিলনে যথা—,হাসি মধুহাসি
দর্শে দিনবন্ধু মুখ ; দেখি দিনবন্ধু
মুছিলা বদন বাৰি আদৰে সবাৰ
প্ৰসাৰি সহস্ৰ কৰ; দীনবন্ধু যথা
কৰয় আদৰ দীনে। কুসুমবদন—
হাসি-নিঃসৰিত মধু লােভে লােভী যত
গুঞ্জৰি মধুপপুঞ্জ উড়িলা চৌদিশে
চুম্বি প্রতি পুষ্পানন। স্বার্থপৰ অলি
পীয়ে মধু, বঞ্চি আনে; দেখিয়া সমীৰ
উদাৰ, উজাৰি পুষ্প-পৰিমল-মধু
বিলাইলা, দাতা যথা, সৰ্ব্ব জীৱগণে।
পুলকিত প্রাণী যত মধুৰ আঘ্ৰাণে।
কুহৰিলা পিককুল ; গাইলা শালিকা
খেলিমেলি গীত; প্রিয়বিৰহ-কাতৰা
কেতকী বিনালা বনে ‘কেতকি কেতকি’
গহন কানন মাজে ডাকিলা সুধীৰে
‘সহদেৱ সহদেৱ' সহদেৱ পক্ষী।
শিখৰে পাদপ-শিৰ শােভি শিখিবৰ,


 প্রসূন-পুষ্প। দিনবন্ধু—সূৰ্য্য। দীনবন্ধু—পৰিৰ বন্ধু, অর্থাৎ

দাতা। মধূপ, অলি—ভ্ৰমৰ। উদাৰ,—মহৎ, দাতা, সৰল। [ ১৫ ]
 

—কানু শিৰে চূড়া—, উচ্চাৰাও কৰি
ডাক দিলা 'ৰাম কানুʼ,প্ৰতিধ্বনি তাৰ
ধ্বনিল গহ্বৰ থাকি। কনক মণ্ডিত
চঞ্চু, নেত্ৰ পদ যাৰ, বিহগী ময়না
দ্বিজধন্যা কুজনিলা । গাইলা ধনেশ
হৰিষে,—ধনেশ জন হৰষিত যথা;
গাইলা পাৰ্ব্বত্য পক্ষী আৰু কত কত।
হায় পৰ্ব্বতীয়া শোভা কিবা মনোৰম!
বিস্তাৰি বিস্তীৰ্ণ কায়, ব্যাপি বহু স্থল,
উচ্চ শিৰে ধৰাধৰ, ধৰাপতি যেন,
দৰ্শিছে চৌদিশ গৰ্ব্বে। সহস্ৰ সহস্ৰ
শিলাৰূপী-গজ-মালে আবৰিত দেহ
কোন স্থলে; কোন স্থলে, উচ্চ তৰুৰাজি,
তৃণ, পত্ৰ, লতা, বনে শৰীৰ সজ্জিত।]
নিৰ্ঝৰিণী শত শত; (পাষাণ হৃদেও
থাকে দয়াময়ী মূৰ্ত্তি; সমাংস শৰীৰী
মানব নিষ্ঠুৰ কিন্তু, ধিক হেন নৰে),


 ডাক দিলা 'ৰাম কানু’—ময়ুৰে মাতিলে ʼবা কাউ’ বা ‘ৰাম কানু’ বোলা যেন শুনা যায়। দ্বিজধন্যা—পক্ষী ধন্যা। ধনেশ—ধনেশ্বৰ পক্ষী। ধনেশ জন—ধনবান লোক। শিলাৰূপী-গজ-মালে—শিলাৰূপ ধাৰণ কৰা

হাতীৰ মালাৰে; (পৰ্ব্বতৰ গাত থকা শিলবিলাকক হাতী বুলিছে)। [ ১৬ ]
 

শত নিৰ্ঝৰিণী গিৰি স্ববক্ষ বিদাৰি
দিছে বহির্গত কৰি; কল কল স্বৰে
চলিছে সলিল-স্রোত শিলাৰাশি মাজে
ধৰি দুগ্ধনিভ বর্ণ ঠেকিছে যি স্থলে।
কি মতে বর্ণিবোঁ শােভা? যি জন ভ্রমিছে
পর্ব্বতে, বুজে সি মাত্র কি শােভা সুন্দৰ।
হায়ৰে লেখনি মােৰ, শিখৰে শিখৰে,
গিৰি পদতলে, ঘােৰ কন্দৰে, কাননে,
ভ্ৰমিলি অভাগা সঙ্গে, কত কত বাৰ ;
দেখিলি স্বচক্ষে শােভা; কিয় অপাৰগ
বর্ণিবে দেখিলি যেহি ? বুজিছোঁ কাৰণ,
নাই বল দেহে, মন কি হব থাকিলে।
 জানিয়া প্রভাত নিশি, সজীব জগৎ।
বৃক্ষে বৃক্ষে তৃণে তৃণে সুমন্দ শ্বসন
স্বনিলা; কৰিলা বনদেবীক ব্যজন।
ফুটিলা অসংখ্য ফুল, বনৰত্নাবলী;
সম্ভাষিলা ঘ্রাণেন্দ্রিয় প্ৰদানি সুঘ্রাণ,
ৰঞ্জিলা নয়ন ৰূপে। নিকুঞ্জে নিকুঞ্জে,
নিন্দিয়া মানবকৃত বাদ্যযন্ত্র স্বৰ,
গাইলা বিহগগণ। হৰিণ হৰিণী
লম্ফে জম্ফে বন মাজে কৰিলা ভ্রমণ।


 নিভ-সদৃশ। শ্বসন—বায়ু। নিন্দিয়া-তুচ্ছ কৰি। [ ১৭ ]
 

 জাগিলা জগতে জীৱ; জাগিলা কুটীৰে
আদিত্য উদিত দেখি আদিত্য-কুলজ
ৰাম লক্ষণ বীৰ, পঞ্চবটী বনে;
জাগিলা ৰাজর্ষি-সুতা সীতা সুহাসিনী
শ্ৰীৰাম মহিষী। গােদাবৰী স্বচ্ছ জলে
স্নানি তিনো জনে প্রাতঃক্রিয়া সমাপিলা।
 শ্ৰীৰাম আসিলা বনে পিতৃসত্য পালি ;
ভ্রাতৃস্নেহ পাশে বদ্ধ সুমিত্রা-নন্দন।
লক্ষণ, আসিলা সঙ্গে ; দুই ভাই, যেন
সুন্দ উপসুন্দাসুৰ দানবৰ কুলে,
এক স্নেহসূত্রে গাঁথা। পতিৰতা সীতা,
—পদাৰ্থৰ সঙ্গ ছায়া নাহি এবে যথা—
আসিলা স্বামীৰ সঙ্গে নিবিড় অৰণ্যে।
গােদাবৰী তীৰে নিৰ্ম্মি সামান্য কুটিৰ
ৰহিলা ৰাঘব, চিত্তবিনােদিনী সহ,
শােভি পঞ্চবটীবন ; যথা নিশাপতি
শােভয় চিত্ৰাৰ সহ নীল নভঃস্থলে ;
অথবা, কৈলাস শৃঙ্গে ভূজঙ্গ-ভুষণ।
ভূতনাথ, যথা দেবী ভবানীৰ সহ।


 আদিত্য-কুলজ—সূৰ্য্যবংশ জাত। ৰাজর্ষি—যি ৰজাৰ ঋষিৰ দৰে আচৰণ। জনক ৰজাৰ আচৰণ সেইৰূপ আছিল, সেই নিমিত্তে তেওঁক

ৰাজর্ষি বােলে। তিনাে—তিনিও। [ ১৮ ]

ৰহিলা লক্ষ্মণ তাত ভ্ৰাতৃভক্ত বীৰ
ৰক্ষক, কাৰ্ম্মুক কৰে; শূৰ নন্দি যেন
উমা উমানাথ পাশে ধৰিয়া ত্ৰিশূল।
 উঠিলা আকাশ পথে বহুদূৰ ভানু;
জানি বেলা, ধৰি ধনু ধানুকী লক্ষ্মণ
চলিলা অন্বেষি ফল গহন গুহিনে।
ৰাঘব ৰাঘব বাঞ্ছা যুগল মূৰতি,
—অনুপম গৃহে যাৰ ছিলে বাস স্থান-
কপোতৰ সঙ্গে যথা কপোতী বিহগী,
বহিলা কুটীৰে। হায় কি কুটিল গতি
কালৰ! ধৰণীতলে বুজে কোন জনে?
ধনী হয় ভিক্ষাজীবী; হয় ধনপতি
কুবেৰ, সততে যিটো ভিক্ষা কৰি খায়।
ৰাজা হোৱে ৰাজ্যহীন; হীনজন হয়
উৰ্ব্বীপতি। উৰ্দ্ধবাসী নক্ষত্ৰ নিচয়
খসি পড়ে; অধঃবাসী পিপৰাৰ দল
লভে পক্ষ, এৰি অধঃ উড়ে শূন্য স্থলে।
এহি নৃপসুত কালি অতুল সম্পদে
ছিলা হৈম হৰ্ম্ম্যতলে; যাহাৰ শয়ন
আছিল দ্বিৰদ-ৰদ নিৰ্ম্মিত পালঙ্কে;


 কাৰ্ম্মুক—ধনু। কপোত-কপৌ। উৰ্ব্বীপতি-পৃথিবীপতি।

 হৰ্ম্ম্য-অট্টালিকা। দ্বিৰদ-ৰদ-হস্তীদন্ত। [ ১৯ ]

বসনা যাহাৰ দেৱ দুৰ্ল্লভ ভোজনে
আস্বাদিত সদা; হায় সেই মহাজন,
⸺ৰবি কুলোদ্ভব হেন ভূপতি তনয়⸺,
কাননে কাটিছে কাল। সামান্য কুটিৰ
গৃহ তাৰ। নৃপসুত তৃণশয্যা ৰচি
কৰিছে দৰিদ্ৰ তুল্য ভূতলে শয়ন;
কটু তিক্ত বন ফল ভোজন কৰিয়া,
⸺কেনে কাল চক্ৰ⸺,কষ্টে যাপিছে জীৱন!
 গুণমণি গুণবতী, শ্ৰীৰাম জানকী
বসিলা পজাৰ তলে; মুকলি দুৱাৰে
দেখিলা অদূৰ বনে নানা পশু পক্ষী
ৰঙ্গে ভঙ্গে নিৰভয়ে বিচৰণ কৰে।
পুছিলা ৰাঘবে পাছে ৰাঘব-ৰমণী,
( মৃদু মৃদু বাক্যে যেন মধু নিঃসৰিলা),
“প্ৰাণকান্ত! কৌতুহল আছে মোৰ মনে
জানিবে কিহেতু কতো কতো পশুগণ
ধৰে শৃঙ্গ; কতো কতো কি হেতু নধৰে।
শৃগাল কুকুৰ ব্যাঘ্ৰ, নাই ইসবৰ।
শিৰে শৃঙ্গ; মৃগ ছাগ মহিষ গো আদি
ধৰে শৃঙ্গ; হেতু কিবা নাজানো ইয়াৰ।”
প্ৰেয়সী বচন শুনি সীতা-চিন্তামণি
কহিলা ৰাঘব, “প্ৰিয়ে মধুৰ হাসিনি।

[ ২০ ]

আত্মৰক্ষা কৰে নৰ নানা অস্ত্ৰ ধৰি
ধনুৰ্ব্বাণ শেল শূল; কিন্তু পশুগণ
নোৱাৰে ধৰিব অস্ত্ৰ; সিহেতু বিধাতা
কাকো নখ দন্ত, কাকো শিৰে শৃঙ্গদ্বয়,
দিছে অস্ত্ৰ পৰিবৰ্ত্তে আত্মৰক্ষা হেতু।
নখ কিম্বা দীৰ্ঘ দন্ত আছে যি সবৰ,*
সিসবৰ শৃঙ্গ নাই; পুনঃ যিসবৰ
পদত খণ্ডিত খুড়, আছে শৃঙ্গ শিৰে।
মূষিক বিড়াল শশা কুকুৰ শৃগাল
শাৰ্দ্দুল ভল্লুক সিংহ আদি চতুষ্পদী
নখী হেতু, শৃঙ্গ নাই; ছাগল হৰিণ
গো মহিষ আদি ধৰে ফাড়া খুড় পদে,
সি হেতু সিসব শিৰে শৃঙ্গৰ সৃজন।
যদিও গৰ্দ্দভ অশ্ব হোৱে খুডপদী,
অখণ্ডিত খুড় কিন্তু; অশৃঙ্গী সি হেতু।
 শুনি পশু শ্ৰেণীভেদ সংক্ষেপে, মহিষী
কহিলা, “প্ৰভেদ প্ৰভু তোমাৰ প্ৰসাদে


 খণ্ডিত খুড়-ফলা খুড়া, যেনে গৰুৰ খুডা।
 * নখ কিম্বা দীঘল দাঁত থকা পশুৰ শিং নাই; বড়াৰ নখ নহলেও দীঘল দাঁত হয়; সেই নিমিত্তে তাৰ ভৰিত ফলা খুড়া থাকিলেও, শিং নহয়। [ ২১ ]

পাইলোঁ,—অশৃঙ্গী নখী, শৃঙ্গী খুড়পদী—।
আৰু এক কৌতুহল আছে ইদাসীৰ;
কোনো প্ৰাণী বৎস দিয়ে, ডিম্ব কোনো কোনো,
ডিম্ব হন্তে হোৱে পাছে বৎসৰ উদ্ভব;
এই দুইৰূপে প্ৰাণী লভয় জনম
অহৰহ। কৃপাময়, কোৱা কৃপা কৰি
কোন্ প্ৰাণী একজন্মী, কোন্ প্ৰাণী দ্বিজ।”
জানকীৰ কৌতুহলে কৌশল্যা কুমাৰ
কহিলা কৌতুকে, “সতি! চৰ্ব্বণ কৰিয়া
আহাৰে যিসব জীৱ, বৎস সিসবৰ
হোৱে জন্ম একেবাৰে। চৰ্ব্বণ নকৰি
গিলি খায় যিবিলাকে; সিসবে প্ৰসব
কৰে অণ্ড। অশ্ব নৰ বানৰ বাদুলী
গো মহিষ আদি প্ৰাণী কৰয় চৰ্ব্বণ
আহাৰ; সিহেতু বৎস জন্মে সিসবৰ!
মৎস্য সৰ্প বেঙ আদি, আৰু পক্ষী জাতি,
চৰ্ব্বণ নকৰি ভক্ষ্য গিলি মাত্ৰ খায়;
প্ৰসবে সিহেতু ডিম্ব, চিত্তবিনোদিনি”
 পতি মুখে ব্যাখ্যা শুনি হৰষিতা অতি
মধুৰ ভাষিণী সতী সুকণ্ঠে ভাষিলা,


 অশৃঙ্গী নখী, শৃঙ্গী খুড়পদী-যাৰ নখ আছে, তাৰ শিং নাই, আৰু

যাৰ ভৰিত ফলা খুড়া আছে, তাৰ শিং আছে। [ ২২ ]

“তব অনুগ্ৰহে দাসী, ৰঘুকুল-নিধি!
পাইলে সহজ সংজ্ঞা একজ দ্বিজৰ,
চৰ্ব্বণে হোৱয় বৎস, ডিম্ব অচৰ্ব্বণে।”
 সীতা মুখে শুনি সূত্ৰ হাসি দাশৰথি
বুলিলা চিবুক ধৰি, “এহি সূত্ৰ তব,
—‘চৰ্ব্বণে হোৱয় বৎস, ডিম্ব অচৰ্ব্বণে—,
ন অৰ্চ্চে তোমাত প্ৰিয়ে! জনক কৰ্ষণে
পাইলে তোমাক অণ্ডৰূপে ভূমিতলে;
অণ্ড সমুদ্ভুতা, সতি, অমানবী তুমি,।”
কান্তৰ কৌতুক-বাক্যে ঈষদ লজ্জিতা
সুহাসিনী, মৃদু হাসি পতি বক্ষঃস্থলে
লুকাইলা শশিমুখী, সৌদামিনী যেন
মেঘ বক্ষে। বুলাইয়া শ্ৰীকৰ শ্ৰীৰাম
শ্ৰীমুখে, কহিলা, লোভী লজ্জ-ৰাহু আসি
গ্ৰাসিছিলে বিধুমুখ; বিতাৰিলোঁ হাতে
শত্ৰু তব; বিধুমুখি, পাইও প্ৰকাশ।
দেখিও আসিছে সৌৱা ফল মূল সহ
দেৱৰ লক্ষণ তব।” সচকিত সীতা
প্ৰকাশিলা পদ্মানন, আঁতৰিলা হাসি।


 একজ—যাৰ এবাৰ জন্ম হয়; যেনে মানুহ গৰু পহু ইত্যাদি। দ্বিজ—যাৰ দুবাৰ জন্ম হয়; যেনে চৰাই সাপ ইত্যাদি। ন অৰ্চ্চে—

না খাটে। সৌদামিনী—বিজুলী। বিতাৰিলোঁ—খেদালোঁ। [ ২৩ ]

 বন হন্তে হেনকালে হলা উপস্থিত
উৰ্ম্মিলা-বিলাসী আসি, মেলিয়া তুপলি
সুৰসাল ফল মুল বিবিধ প্ৰকাৰ
প্ৰদানিলা সতী প্ৰতি। প্ৰশ্নিলা বৈদেহী,
“কিহেতু বিলম্ব আজি হল, বীৰমণি,
তোমাৰ? তপন তাপে তপ্ত মুখ খানি;
গৈয়াছিলাঁ। বহু দূৰ হয় অনুমান।”
 সীতাৰ সস্নেহ বাক্যে কৰিলা উত্তৰ
সুমিত্ৰা-অঞ্চল-নিধি, “নিমিলে নিকটে
ফল মুল, স্নেহময়ি! সিকাৰণে আজি
গৈয়াছিলোঁ অন্বেষিয়া সুদূৰ কাননে,
গোদাবৰী অন্য পাবে। আসিব সময়ে
নাই ভেলা, যাত কৰি হুয়াছিলোঁ পাৰ,
ভাসিগল স্ৰোতস্বতী সস্ৰোত সলিলে।
কাটিয়া কদলী বৃক্ষ নিৰ্ম্মি জলযান
নব, উতৰিলোঁ নদী; বিলম্ব সিহেতু
হুয়াছে অধিক আজি তব ইদাসৰ।”
উত্তৰিলা ৰঘুকুল-কমল ৰাঘব,
“পাইছা বীৰেশ ক্লেশ; যাই তব গৃহে


 উৰ্ম্মিলা-বিলাসী—উৰ্মিলাৰ পতি, লক্ষ্মণ। স্ৰোতস্বতী—নদী।

সলিল—জল। উতৰিলোঁ—পাৰ হলোঁ। [ ২৪ ]
 

বিশ্রামা; শৰীৰ শ্ৰম ক্লান্তি হােক দূৰ।”
চলিলা সুমিত্রা-সুত আপােন কুটীৰে।
 “দেৱৰ পাইছে কষ্ট”, কহিলা সুমুখী
নিৰখি ৰাঘব মুখ, “ভ্রমি প্রতিদিন
ফল মুল অন্বেষিয়া গহন কাননে ;
তথাপি সতত হর্ষ সৌমিত্রি অন্তৰে
বিৰাজিত। ত্যজি বীৰ জননী বনিতা
ৰাজ্যভােগ, তব হেতু আসিয়াছে বনে ;
ৰাত্ৰিত ৰক্ষক হােৱে, দিবসে কিঙ্কৰ ;
এনে ভ্ৰাতৃভক্তি, প্রভু, বিৰল ভুবনে।”
 হেন কালে, ভ্রমি বনে, বন-বিহাৰিণী
দুষ্টা নিশাচৰী এক, পঞ্চবটী বনে
হলা উপনীতা আসি,—নাম শূর্পনখা,
লঙ্কেশ ৰাৱণ ভগ্নী, নিকষা নন্দিনী—।
মানব বসতি দেখি অমানব বনে,
চাইলা ৰাক্ষস-ভগ্নী আড়ালত থাকি
পর্ণ গৃহ দিশে; তথা দেখিলা বিস্ময়ে
শােভিছে শ্ৰীৰাম ৰূপ অৰণ্য উজলি।
অতি সুগঠিত দেহ; শ্যামল বৰণ;
আজানুলম্বিত বাহু ; মুখ সুকোমল
সুধা সুগঠিত, যেন সুধাংশু আমন;


 নিখি—চাই। অমানব বনে—মানুহ নােহোৱা বনত। [ ২৫ ]
 

পঙ্কজ নয়ন দুটী, দৃষ্টি মনোহৰ;
ওপৰত তাৰ,—যেন ফুলধনু ধনু—,
ঈষদ বঙ্কিমভাৱে সুচিকণ কৰি,
—ৰমণী কুলৰ মন হৰণৰ হেতু—,
চতুৰ চতুৰানন চিত্ৰিলা ভ্ৰূযুগ।
অপূৰ্ব্ব ৰাঘব ৰূপ ভুবন মোহন,
ৰতিপতি পৰাজয় পায় যেন ৰূপে।
 মোহন মুৰতি নৃপৰূপে বিমোহিতা
হুইলা নিকষাসুতা ধৰি পুষ্পধনু
মদন আনন্দ মন সন্মোহন শৰে।
বিন্ধিলা ৰাক্ষসী হিয়া; ব্যাকুলা ৰাক্ষসী।
এৰি নিশাচৰী ৰূপ, পাছে মায়াবিনী
শূৰ্পনখা, মায়াবলে চিত্তবিমোহিনী।
সুন্দৰী ৰমণী হলা; দোলাইলা গলে
পীন পয়োধৰ মাজে পূৰ্ণি বক্ষঃস্থল
নানাবিধ ফুলমালা; ক্ষুদ্ৰ ক্ষুদ্ৰ ফুলে
গাঁথিয়া কপালি-মালা আঁৰিলা কপালে।
খোপাত শোভিল ফুল; কৰ্ণমূলে ঝুলে
ফুল; হাতে ফুলমালা; ফুলময় দেহ
হলা ৰক্ষোবালা; যেন কুসুম মণ্ডিতা


 ফুলধনু—যি ফুলৰ ধনু ধাৰণ কৰে অৰ্থাৎ মদন।

 ফুলধনু—ধনু ,—মদনৰ ধনু। [ ২৬ ]

বসুন্ধৰা বসন্তত। সাজিলা ইমতে
সুন্দৰী তৰুণী, দুষ্টা তৰুতলে বসি;
দৰশিলা গোদাবী-জীৱন-দৰ্পণে
নিজ আস্য; হাস্য কৰি গুণিলা মনত
“কোন জন নুভুলিব ইৰূপ দৰ্শনে।”
অনন্তৰে ধীৰ পদে, ৰমণী-সুলভ
ধৰিয়া কটাক্ষ ভঙ্গি সুহাস বদনে,
চলিলা ৰাঘব পাশে ৰাৱণ-ভগিনী।
 বুলিলা কৰ্ব্বুৰ-বালা বীৰেশে সম্ভাষি
মধুবাক্যে, “বন্দোঁ পদে, পুৰুষ-পুঙ্গব,
আমি বন-বিহাৰিণী; পৰিচয় দানে
তুষিও শ্ৰৱণ মোৰ। নৃপ পুত্ৰ তুল
সুন্দৰ তোমাৰ তনু। কৰিছা বসতি
কি ক্লেশে তপস্বীবেশে বিপদ সঙ্কুল
অকূল কাননে? হেন অতুল কুসুম
অথলে, অশ্ৰপপূৰ্ণ কন্টকিত স্থলে,
কিহেতু ফুটিলা? তুমি দেব কি মানব?
কোমলাঙ্গী হেমপ্ৰভা ৰমণী-ৰতন
সঙ্গে তব; কিবা হোৱে ই চন্দ্ৰবদনী?
কি হোৱে পুৰুষ সিটি গৌৰাঙ্গ-গঞ্জন?”


 গোদাবৰী-জীৱন-দৰ্পণে—গোদাবৰীৰ পানীৰূপ আচিত। আস্য—

মুখ। কৰ্ব্বুৰ—ৰাক্ষস। পুঙ্গব—শ্ৰেষ্ঠা। অশ্ৰপ—ৰাক্ষস। [ ২৭ ]

 নাৰীৰূপা নিশাচৰী বচ আকৰ্ণি,
উত্তৰিলা সীতাকান্ত শান্ত গুণনিধি
সুমৃদু বচনে, “মোৰ জন্ম সূৰ্য্যকুলে;
ৰথীশূৰ দশৰথ অযোধ্যা নৃপতি
পিতা মম; ৰাম নামে আমি অভিহিত।
সিজন লক্ষ্মণ ভাই; প্ৰেয়সিনী সীতা
ইটি। পিতৃসত্য হেতু কাননে নিবসোঁ
ধৰি বনচাৰী বেশ, ফলমুলাহাৰি।
দিয়া তব পৰিচয়; কিয় একাকিনী
কামিনী, কাননে ভ্ৰমা? উৰ্ব্বশী মেনকা
কিম্বা তিলোত্তমা হবা; নহলে, ৰূপসি,
সস্তবে কি হেন ৰূপ? নহলে, কি সাহে
ভ্ৰমিছা ইঘোৰ বনে তুমি, সুবদনি?”
 ৰঘুমণি মধুবাণী ৰমণী-স্ৰৱণ
মধুৰিলা, মধুকালে মধুকাল-প্ৰিয়
কুহুকণ্ঠ কুহু যথা। হাসিয়া হনূষী
উত্তৰিলা,"ৰক্ষকুলোদ্ভবা, বীৰমণি,
এহি দাসী; ধৰোঁ নাম শূৰ্পনখা; বাস
লঙ্কাপুৰে; লঙ্কাপতি দশাস্য ৰাৱণ


 আকৰ্ণি—শুনি। ফলমূলাহাৰি—ফল মূল খাই।
 মধুৰিলা—সোৱাদ লগালে। মধুকাল-প্ৰিয়—বসন্ত প্ৰিয়।

 কুহুকণ্ঠ—কোকিল। কুহু—কুহুধ্বনি। হনূষী—ৰাক্ষসী। [ ২৮ ]
 

জগত বিজয়ী শূৰ, মোৰ সহোদৰ।
অন্য ভাই কুম্ভকৰ্ণ, সুৱৰ্ণ শয্যাত,
শিখৰী শিখৰ সম, আছয় নিদ্ৰিত
লঙ্কাত,—শঙ্কাত যাৰ ত্ৰিদশ শঙ্কিত—;
আৰু ভাই বিভীষণ ধৰ্ম্ম পৰায়ণ।
সমৰ-প্ৰখৰ খৰ, দুৰ্দ্দম দূষণ,
দুভাই ইবনে বসে, কৃতান্ত কিঙ্কৰ
সদৃশ। নৃমণি! মই সবাৰে স্নেহৰ
ভগিনী; নিৰ্ভয়ে ফুৰোঁ সৰ্বত্ৰ অবাধে,
নাহি ডৰ যক্ষ নৰ দেবতা কিন্নৰে।
দৰশি তোমাৰ ৰূপ, হে নৃপ-কেশৰি,
পৰাজিতা আজি দাসী! ভুলিলোঁ আপোনা;
দিলোঁ লাজে জলাঞ্জলি। জৰ জৰ হৃদি,
বিন্ধিলে কুসুম শৰে কুসুম-কাৰ্ম্মুকী।
এত দিন ধাতা অবিবাহিতা ৰাখিলা
আমাক; জানিলো হেতু, তুমি হেন পতি
ছিলা ভাগ্যে; বিধি আজি মিলাইলা নিধি
বনমাজে; বনফুলে বৰ-মাল্য গাঁথি
আনিছোঁ; পিন্ধাওঁ গলে আজিও নৃপতি।
কৰিও, তৰুণী-মন-মোহন, পূৰণ
তৰুণীৰ মনোবাঞ্ছা। লইয়া তোক


 কুসুম-কাৰ্ম্মুকী— ফুলধনুধাৰী, অৰ্থাৎ কামদেৱ।। [ ২৯ ]
 

যাবোঁ যৈত ইচ্ছা তব,—সুমেৰু পর্ব্বতে,
কৈলাসে, সমুদ্রপাৰে, নন্দন-কাননে,
লঙ্কাৰ অশােকবনে, কিম্বা মধুৰনে,
যথা অভিৰুচি—, মােৰ অবাধিত গতি।
তব সঙ্গে অতি ৰঙ্গে প্রেমৰ তৰঙ্গে
ভাসিবোঁ ; কৌতুকে, যেন কাম কামকলা,
বিহৰিবোঁ বিজনত ফুলশয্যা ৰচি।
অহৰহ কৰা তব সার্থক জীৱন
সার্থকা যৌবনাে মােৰ, ৰমণী-ৰমণ!
 প্রেমাকুলা ৰক্ষোবালা-বচন শুনিয়া,
দুশ্চৰিত্ৰা জানি, মনে কৰি উপহাস,
সম্বােধিলা ৰঘুবৰ বীৰেন্দ্ৰ-বাৰণ
যুবতীক, “মনােৰমে কমল-বদনি!
দেখিও সস্ত্রীক আমি ; পাইবা সতিনী
বৰিলে আমাক; যােৱা লক্ষ্মণৰ পাশে।
সুলক্ষণ শূৰমণি, বাৰিজ বয়ান,
আছয় অস্ত্রীক ; তুমি ভাৰ্য্যা হােৱা তাৰ ;
সমানে সমান ৰূপ হােক্‌ সম্মিলিত ;
নবীন নবীনা মিলি শােভিও কানন।”
কৌশল্যা-কাচল-নিধি কৰি উপহাস
যি কহিলা, সত্য মানি, চলিলা কামুকী,


 কামকলা—কামপত্নী, ৰতি। [ ৩০ ]
 

(ধৰিয়া কামুক কাম কুসুম-কাৰ্ম্মুক
পঞ্চশৰ বৰষণে কৰিছে কামুকী),
শূর্পনখা লয়লাসে ৰামানুজ পাশে;
কহিলা সম্বােধি শূৰে সুহাসি বদনে,
“বন্দো‍ঁ অৰিন্দম তব পদ-অৰবিন্দে
কুলাঙ্গনা আমি। আদেশিছে ৰঘুপতি
বৰিবে তােমাক পতি। অপত্নী হুইয়া
পাইছা কাননে ক্লেশ; সেবিবোঁ তােমাক
তবাগ্ৰজ-জায়া যথা সেবে তবাগ্ৰজে।
বৃথায় যৌবন তব,—পুষ্প-পৰিমল
বিজন বিপিনে যথা আদৰ বিহনে—,
যায় পত্ন্যাদৰ বিনে, হে ভূপ-কুমাৰ !
নােশােভে ইবেশ তব ; সুৰেন্দ্ৰ সমান
পাইবা, শূৰেন্দ্র, ভােগ ; গ্রহিও আমাক ;
বাঞ্ছিছোঁ তােমাক স্বামী, তৰুণী-তাৰণ!”
 শুনি শূর্পনখা বােল, বুলিলা সৌমিত্রি,
“দাশৰথি পাস আমি; কি সুখ লভিবা


 কামুক—যাৰ কাম ভাব অধিক। কাৰ্ম্মুক—ধনু।
 ৰামানুজ—ৰামৰ ভাই, অর্থাৎ লক্ষণ।
 অৰিন্দম—শত্রু দমনকাৰী। অৰবিন্দ—পদ্ম।
 অগ্রজ—ককাই। জায়া—স্ত্ৰী।
 সুৰেন্দ্ৰ—দেবৰাজ। শূৰেন্দ্ৰ—বীৰশ্রেষ্ঠ। [ ৩১ ]

বৰিলে কিঙ্কৰ-বৰ তুমি, বৰাননি!
দাসপত্নী দাসী হুয়া সীতাৰ সতত,
কিমতে বঞ্চিবা কাল, আজ্ঞা অনুপালি,
অনুপমে? অতুলন তব ৰূপ ৰাশি
ভূতলে; সুন্দৰীদল-দৰ্পহৰা তুমি
সুচাৰু ৰমণী-ধন্যা; হেন কমলিনী
কিমতে হুইবা কোৱা কুমুদী-কিঙ্কৰী?
কি ছাৰ জানকী? তুমি ৰূপে শ্ৰেষ্ঠতৰা;
ৰঘুৰাজে ভজি শ্ৰেষ্ঠা ৰাজ্ঞী অযোধ্যাৰ
হোৱা, বালা! দাসে ভজি কিয় হবা দাসী?”
  উৰ্ম্মিলা-বান্ধব যদি কহিলা ইমতে,
নুবুজিয়া উপহাস অগিৰ-অঙ্গনা
উলটি আসিলা সীতা-বল্লভ নিকটে;
বিনয়ে কৰিলা উক্তি, “তবানুজ বাকে
আসিলোঁ হে গুণমণি আতুৰা অবলা
পুনশ্চ শ্ৰীপদ পাশে; পদছায়া দিয়া
শীতলা তাপিত প্ৰাণ। নকৰা বঞ্চনা;
কৰা বাঞ্ছা পূৰ্ণ মোৰ, বালা-বাঞ্ছা তৰু!”


 বৰাননি—শ্ৰেষ্ঠমুখী, সুমুখী।
 সুন্দৰীদল-দৰ্পহৰা-যাৰ ৰূপ দেখিলে সুন্দৰী বিলাকৰ দৰ্প যায়।
 উৰ্ম্মিলা-বান্ধব-উৰ্ম্মিলাৰ পতি, অৰ্থাৎ লক্ষ্মণ।

 অগিৰ-ৰাক্ষস। [ ৩২ ]

 ৰাক্ষসী আতুৰ বাক্যে হাসিয়া ৰাঘব
নিৰখি সুমুখী সীতা, কৌতুক কৰিয়া
কহিলা, “কি বোলা সতি! সপত্নী হুইবে
বাঞ্ছে বালা তব সহ। দিয়া অনুমতি।”
উত্তৰিলা কুপি পদ্মদলাক্ষী জানকী
ৰাজলক্ষ্মী, “লক্ষ্মীছাড়ী কৈত হন্তে আসি
বিচাৰে বনত পতি! নাপায় নিলাজী
লাজ মনে? যি আসিছে তাকে বলকিছে
দুৰ্ম্মুখে দুৰ্ম্মুখী, পৰ পুৰুষ সম্মুখে।
নাপাইলে স্বামী আৰু জগতে বিচাৰি,
—কি লাজ, লুকাওঁ কৈত—,চাহে পৰ পতি
কামুকী। আসিছে হুব সতিনী পামৰী
ৰক্ষকুল-কলঙ্কিনী। অনুমতি মোৰ,
—চাহে যদি অনুমতি—, দুষ্টা কামাতুৰা
শান্তোক তাপিত প্ৰাণ পশিয়া ত্বৰিতে
গোদাবৰী-বাৰি, বান্ধি গলত কলসী;
অথবা লগাই ৰজ্জু গলে আৰু শাখে
পড়োক ওলমি শূন্যে, শীতল সমীৰে
শীতলোক তপ্তপ্ৰাণ চামৰ ব্যজনে।
দূৰ হোক পাপমুখী নিলাজী ৰাক্ষসী॥”
 ৰঘুকুল-বধূ সতী হেমাঙ্গিনী যদি
কুপিলা ঈষদ‌্‌ভাৱে, তেজৰাশি আসি

[ ৩৩ ]

ৰাঙ্গিলা আনন; পূবে গগণ-আমন
ৰাঙ্গে যথা উদি ভানু উদয় অচলে;
অথবা কৃষাণু যথা কান্তিয়া কাঞ্চনে
ৰাঙ্গে তাপে। সীতা বাক্যে কুপিতা কৰ্ব্বুৰী
কহিলা বাঘবে চাই, “দয়াময়! যদি
কৰা অধিনীক দয়া, জনক তনয়া,
—কণ্টক তোমাৰ সুখে—, গুছাওঁ জঞ্জাল;
নিষ্কণ্টকোঁ তব পথ প্ৰেম পাৰাবাৰে।”
তৰ্জ্জিলা সীতাক দুষ্টা, “ভৎৰ্সিলি যাহাক,
জান কি, জানকি! কোন সেহি বীৰাঙ্গনা?
নুবুজিলা দিলি গালি, পড়িলি বিপাকে।”
 এত কহি নিশাচৰী সলাইলা ৰূপ
ধৰিলা ভীষণ মূৰ্ত্তি। মোহিনী মুৰতি
লুকাল; লুকাল আৰু কুসুমৰ মালা;
হৰিল সুহাসি মুখে, মৃদু দৰশন।
শূৰ্পনখা শূৰ্প-নখ, দন্ত কোৰ সম,
কৰী-কৰ্ণ তুল কৰ্ণ, ধৰিলা নিমিষে;
বিশাল নাসিকা ৰন্ধে, বহিল নিশ্বাস,
ভাতীমুখে বায়ু যেন। টকালি ৰসনা,


 অথবা কৃষানু....ৰাঙ্গে তাপে—অথবা যেনেকৈ অগ্নিয়ে উত্তাপৰে সোণক কান্তিযুক্ত কৰি ৰঙ্গা কৰে। শূৰ্প-নখ—কুলাৰ সমান নখ। [ ৩৪ ]

নিকটি বিকট দন্ত, চক্ষু পকাইয়া
চলিলা গ্ৰাসিৰে সীতা ভীমা মায়াবিনী।
 ৰাক্ষসীৰ মুৰ্ত্তি দেখি ভয়ত বিহ্বলা,
“ৰক্ষনাথ খায় মোক নিশাচৰী,” বুলি
ৰাম-ক্ৰোড়ে ৰাম-বাঞ্ছা পড়িলা ঢলিয়া
নয়ন মুদ্ৰিত কৰি; শ্যামাঙ্গে শোভিল
হেমাঙ্গিনী মুৰ্ত্তি; যেন বাৰিদে বিদুলী;
কিম্বা নীলাম্বৰ অঙ্কে শশাঙ্ক মূৰতি;
অথবা নীলাম্বুবক্ষে যথা কমলিনী।
হায়ৰে লৱনু-তনু কোমলা ললনা।
সুহাসিনী সুভাষিনী সুচাৰু লোচনী
তৰাসে অভয় মাগি, স্বামী ক্ৰোড়ে দেহি
পড়িলে মুৰ্চ্ছিতা হুয়া; কোন হেন পতি
ভূতলে, ধৈৰষ ধৰে সুস্থিৰ থাকিয়া;
কোন আছে হেন, যাৰ নোপজে কৰুণা?
 মুৰ্চ্ছিতা হুইলা সীতা; আকুল ৰাঘব
অজজ-অঙ্গজ বীৰ, অনুজে আঙ্গিলা
ইঙ্গিতে, শান্তিৰে দুষ্টা। শান্তিলা লক্ষ্মণ


 নিকট—নিকটাই। ৰাম-বাঞ্ছা—ৰামৰ স্ত্ৰী, অৰ্থাৎ সীতা। অঙ্কে—কোলাত। লৱনু-তনু—মাখনৰ দৰে কোমল শৰীৰ যাৰ।

অজজ—অজ ৰজাৰ পৰা যাৰ জন্ম অৰ্থাৎ দশৰথ। অঙ্গজ—পুত্ৰ। [ ৩৫ ]
 

কটাক্ষে কাটিয়া কৰ্ণনাসা ৰাক্ষসীৰ।
ভয়ঙ্কৰ নাদ ভীমা শমন-কিঙ্কৰী
কৰিলা যন্ত্ৰণা পাই; সস্ৰোতে শশাণিত
বহিল শৰীৰে। কবি কৰ উত্তোলন
দেখাই তৰ্জ্জনী ক্ৰোধে কৰিয়া তজ্জন,
“ৰহিও অধম নৰ, পাৰি প্ৰতিফল
তুৰন্তে ৰাক্ষস হাতে; মোৰ নাক কাণ
কাটিলি; পোটক তুলি কৰিবোঁ চৰ্ব্বণ।
সীতাৰ নাসিকা কাণ; কোন বাপে ৰাখে,”
পলাইলা ভয়ে চণ্ডা চপলা চমকে।
 বোদন্তে ৰাক্ষস-বালা চলিলা সবেগে
মহা দুঃখে; ছিন্ন কৰ্ণ নাসিকা থাকিয়া
অবিশ্ৰান্ত ৰক্তস্ৰোত অশ্ৰুস্ৰোতে মিশি
বহিল শৰীৰ যুৰি। ৰাৱণ-ভগিনী
হইলা ৰঞ্জিতা ৰক্তে, ৰক্তাপ্লুতা যথা
নৃমুণ্ডমালিনী কালী কৰাল বদনী।
ৰাক্ষসী-ৰুধিৰ বিন্দু ঘন ঘন পড়ি
ৰাঙ্গিলেক পথময়; মৃগৰ শোণিত
ৰাঙ্গে যথা বনময়, বধি তাক প্ৰাণে
নিয়ে যবে ব্যাঘ্ৰে ধৰি অৰণ্য ভিতৰে।


 পোটক তুলি—প্ৰতিফল দি। [ ৩৬ ]

দ্বিতীয় সৰ্গ
(যুদ্ধ)

 দণ্ডক ৰাক্ষস-বন। নিশাচৰ কুল
বাঢ়িল বহুল; স্থান কনক লঙ্কাত
হল অপ্ৰতুল; লঙ্কা লঙ্কা-সিন্ধুকুল
পূৰ্ণ নিশাচৰে; দেখি নিশাচৰনাথ
ৰাৱণ, পাছিলা খৰ দূষণ দুজন
ৰক্ষ সেনাপতি, বহু ৰক্ষ-অনীকিনী
লইয়া কৰিবে বাস দগুক কাননে।
লঙ্কেশ আদেশ পাই লইয়া কটক
অগণ্য, দূষণ খৰ দ্বি বীৰ-কুঞ্জৰ।
কৰিলা বসতি বনে। সেহি দিন থাকি
হইলা দণ্ডকাৰণ্য দৰ্ব্বোপনিবেশ।
যি-বন, তপস্বী মুনি ঋষিৰ আশ্ৰমে
ছিলে পূৰ্ণ; নিষ্কণ্টকে নিৰাতঙ্কে যথা
কৰিছিলে যোগ যাগ তৰ্পণাদি সবে।


 লঙ্কা-সিন্ধুকুল—লঙ্কাৰ সমুদ্ৰৰ পাৰ।

 অনীকিনী—সেনা। দৰ্ব্ব—ৰাক্ষস
[ ৩৭ ]

আনন্দে;—অৰণ্য যেন ছিলে পুণ্যধাম—
ৰাক্ষস-সঙ্কুল হল সেহি তপোবন,
ধৰিলে বিভিন্নৰূপ বিৰূপ-মিলনে।
ফুৰয় ৰাক্ষসবৃন্দ বন চতুৰ্ভিতি
পিন্ পিন্ কৰি,—যেন পিপৰাৰ দল—,
আতঙ্কিয়া বনবাসী; আশ্ৰমে প্ৰবেশি
কৰে উপদ্ৰব; দ্ৰব্য বলে নিয়ে কাঢ়ি।
যজ্ঞ আৰম্ভন মাত্ৰ আসয় নিকট
বিকট মূৰতি সব; সঙ্কট দেখিয়া
যজ্ঞকাৰী বিপ্ৰগণ পলায় বিপাঙ্গে।
হাতে হাতে ৰক্ষোদল যজ্ঞফল ফুল
ঘৃত দধি দুগ্ধ আদি নিয়ে লুটিপুটি
লণ্ডিভণ্ডি যজ্ঞ; দূৰে পেলায় নিক্ষেপি
কোশা কুশি ঘণ্টা ধূপ বিবিধ সামগ্ৰী।
এইৰূপে নিৰন্তৰ কৰে নিশাচৰ
অত্যাচাৰ মুনিগণে। সহিব নোৱাৰি
লাঞ্ছনা ৰাক্ষস হাতে, আশ্ৰম এৰিয়া
চলিলা অন্যত্ৰ ক্ৰমে বনবাসীগণ।
অনাহাৰী জলাহাৰী ফলাহাৰী যত।


 বিৰূপ-মিলনে—যাৰ বেয়াৰূপ তাৰ মিলনত অৰ্থাৎ ৰাক্ষসৰ মিলনত।

 বিপাঙ্গে—সঙ্কটত, সঙ্কট ভাবি। [ ৩৮ ]
 

হুইলে দণ্ডকে পূৰ্ণ ৰক্ষ-অধিকাৰ
দুঃসহ, দূষণ খৰ প্ৰখৰ প্ৰতাপে।
 সভাতলে বসি খৰ ৰক্ষকুলবলী,
কনিষ্ঠ দূষণ প্ৰতি কহিবে লাগিলা,
“বহুদিন, বীৰবৰ! লক্ষিয়াছোঁ আমি
কুলক্ষণ ৰক্ষোদলে; লক্ষিছা কি নাই
তুমি ভাই? আছে যত আমাসাৰ সেনা
ইবনে, ক্ৰমশঃ যেন হীনবল সবে;
নোৱাৰে বধিব আৰু ৰক্ষকুল-শূল
মুনিগণে; হেতু কিবা নুবুজিছোঁ আমি।
দুষ্ট মুনিগণ কিবা মোহমন্ত্ৰ বলে।
মোহিয়াছে অনীকিনী অকামিলা কৰি;
—ভগ্নদন্ত অহি যথা—, হীনবল সবে।
ভুবন-অমিত্ৰ সেই বিশ্বামিত্ৰ মুনি
আছে এতকাল বাঁচি! ই কাল বৈৰীৰ
নাই কি মৰণ? কূট বৃদ্ধ জটাধাৰী,
সঙ্গী মুনিগণ সহ কূট বৃদ্ধি কৰি,
শ্ৰীৰাম লক্ষ্মণ হাতে মৰালে তাড়কা;
অন্তিলে ত্ৰিকোটী আৰু ৰাক্ষসৰ সেনা
যজ্ঞকালে মিথিলাত। তাড়কা-তনয়


 হইলে দণ্ডকে.......প্ৰখৰ প্ৰতাপে—খৰ দুষণৰ প্ৰখৰ প্ৰতাপত

অসহ্য ৰক্ষ-অধিকাৰ দণ্ডক বনত পূৰ্ণ হল। [ ৩৯ ]
 

মাৰীচ,—মৰণোম্মুখ বাজি বজ্ৰবাণ
ৰক্ষে—, দিলা ৰণভঙ্গ লইয়া পৰাণ।
জগতে অপ্ৰিয় দীৰ্ঘ শুভ্ৰ শ্মশ্ৰুধাৰী
ৰক্ষহিংসা কৰে সদা; হিংসা বৃত্তি তাৰ
 নে সদা জাগৰিত; তথাপি অধৰ্ম্মী।
বোলায় ধাৰ্ম্মিক; কিনো অবোধ মানব,
পড়ি পড়ি সেৱে তাক সবে ভূমণ্ডলে।
সেহি বিশ্বামিত্ৰ, আৰু ৰাক্ষস-অমিত্ৰ
মুনি যত, প্ৰতিফল নাপালে; বাঁচিছে
এতকাল; ধিক যত অকৰ্ম্মা ৰাক্ষসে।”
 খৰৰ বচন শুনি কৰিলা উত্তৰ।
দূষণ,“হে শূৰমণি! তপ-জপ-কাৰী
হোমকাৰী,—ধূমকাৰী আন্ধাৰি গগণ—,
মুনিগণ ৰক্ষোদল-দৌৰাত্ম্যে, ইবন
এৰিয়া অন্যত্ৰ গতি কৰিছে সম্প্ৰতি।
যিবা দুটী এটী আছে, থাকে লুকাইয়া
মহীগৰ্ত্তে মহীৰূহ-কোটৰে অথবা।
মহীধৰ-গহবৰে, দিনে; ৰাত্ৰি কালে


 হোম কাৰী....আন্ধাৰি গগণ—আকাশ আন্ধাৰ কৰি ধোঁৱা কৰোঁতা হোমকাৰী।

 মহীৰূহ—বৃক্ষ। মহীধৰ—পৰ্ব্বত। [ ৪০ ]
 

কৰে তপ জপ যাগ বাহিৰ ওলাই;
অনুশৰ দল অনুসন্ধানি নাপায়।”
 শুনি খৰ দূষণৰ কথোপকথন,
তৃতীয়ে ত্ৰিশিৰা ৰক্ষ দ্বিতীয়ক চাহি
কহিলা, “প্ৰকাশি মুৰ্ত্তি কিমতে ৰাক্ষস
ধৰিব তপস্বিগণে? পাৰে কি শাৰ্দ্দুলে
ধৰিব হৰিণ-শিশু, মাৰ্জ্জাৰে মূষিক,
নিষাদে বিহঙ্গ, দিয়া সাক্ষাত দৰ্শন?
কোনে গা পাতিব, ভক্ষ হইয়া, ভক্ষকে?
লুকাইয়া, ছল কৰি, বৈৰী নিৰ্য্যাতন
নকৰিলে; শত্ৰুনাশ হোৱে কি সম্ভব?
মায়াবী ৰাক্ষসগণ মায়া বিস্তাৰিয়া।
অবাধে বধিব পাৰে অবোধ মানব
মুনিগণে; যদি কৰে বুদ্ধিৰ চালনা।”
 “ত্ৰিশিৰা কহিছে ঠিক,” উত্তৰিলা খৰ,
নাথাকিলে চেষ্টা যত্ন কাৰ্য-একাগ্ৰতা,
নোহে কাৰ্য্যসিদ্ধি কভু; কহে বিজ্ঞগণ
সাধনে হোৱয় সিদ্ধি, যতনে ৰতন।
বাতাপি ইল্বল দুই কেনে বুদ্ধিমান
আছিল ৰাক্ষস-বংশে; বধিলে বুদ্ধিৰে


 অনুশৰ—ৰাক্ষস। মাৰ্জ্জাৰ—বিড়ালী। নিষাদ—ব্যাধ।

 বাতাপি আৰু ইল্বল নামেৰে দুটা ৰাক্ষস আছিল। [ ৪১ ]
 

ৰক্ষকুল-শত্ৰু কত অবোধ তপস্বী।
বাতাপি হোৱয় মেষ; তাৰ মাংস কাটি
ইল্বল আতিথ্য কৰি গৃহ-অতিথিক
কৰায় ভোজন; পাছে ‘বাতাপি’ ‘বাতাপি’
ডাকিলে ইল্বলে, হয় বাহিৰ বাতাপি
বিদাৰি অতিথি-গৰ্ভ। ইমতে দুভাই
পঠাইলে কত বিপ্ৰ শমন সদনে।”
 শুনি ৰক্ষোবৰ বাণী, সনম্ৰে দূষণ
উত্তৰিলা, “বীৰমণি! মুনিগণ মাজে
আছে কিন্তু একোজন, অগ্নিশিখা সম
ধৰে তেজ তপোবলে; নিৰ্গতি অনল
নেত্ৰ থাকি, কৰে ভষ্ম যাৰ দিশে চায়;
যথা: ৰক্ষশূৰ ভষ্মলোচন লঙ্কাৰ;
অথবা কৈলাসপতি ৰতিপতি কামে
কৰিছিলা ভষ্ম যথা নয়ন-অনলে।
শুনিয়াছোঁ জহ্ণুমুনি কৰিছিলে পান
গণ্ডুষে গঙ্গাৰ জল; পাইলা লঞ্ছনা
গৌতমৰ কোপানলে সহস্ৰ-লোচন।
কি কাম অধিক দূৰে? বাতাপি ইল্বল,
—কহিলা যাহাৰ কথা; মায়ায় বধিলে
যি দুজনে মুনিগণ—, কিমতে পতন


 নিৰ্গতি অনল—অগ্নি বাহিৰ কৰি। [ ৪২ ]
 

লভিলে মুনিৰ হাতে, বীৰচূড়ামণি,
ভাবিয়া দেখিও মনে। উদৰে অগস্ত্য
বাতাপি কৰিলা জীৰ্ণ; বাতকৰ্ম্ম কৰি,
—কি আশ্চৰ্য্য!—বাতানলে নাশিলা ইল্বলে।
সব মুনি নোহে সম। সাম্য কোনোজন;
অতি উগ্ৰমূৰ্ত্তি কোনো; সলিল সমান
শীতল কোনোবা; কোনো অগ্নিৰ-আঙ্গনি।
যথা ইচ্ছা সিদ্ধি হোৱে সাধনাৰ বলে।
বাতাপি ইল্বল কথা স্মৰিয়া ৰাক্ষস
কৰে ভয় মুনিগণ কৰিবে ছলনা”
 ইসময়ে উপনীত আসি শূৰ্পনখা
ছিন্নকৰ্ণা ছিন্ননাসা, ৰুধিবে ৰঞ্জিতা,
—ৰুধিব-ৰঞ্জিতা যথা ছিন্নমস্তা ভীমা—
সভাস্থলে; যথা বসি দণ্ডক-অধিপ
কৰিছিলা বাক্যালাপ দূষণ সহিতে।
মানিলা বিস্ময় খৰ বীৰকুলবৰ,
ৰক্ষোভগ্নী দশা দৰ্শি; পুছিলা সত্বৰে,
“ইকি সৰ্ব্বনাশ শূৰ্প! কি ঘটিল তোৰ?
কোনে ঘটাইলে হেন অঘটন আজি?
হায় হায়! লঙ্কানাথ দশাস্য সোদৰা


 কোনো অগ্নিৰ-আঙ্গনি—অৰ্থাৎ কোনোজন মহাৰাগী।

 সোদৰা—ভগ্নী। [ ৪৩ ]
 

আদৰৰ ধন তই স্বৰ্ণ লঙ্কাধামে;
কুমলী নুমলী ভগ্নী সবাৰো স্নেহৰ;
তোৰ ই দুৰ্দ্দশা! কৰ্ণ নাসিকা ছেদন!
আকুল পৰাণ মোৰ; ক মোক ভগিনি!
টুটিল আয়ুস কাৰ অবনী মণ্ডলে।”
 পড়িলা হনূষাঙ্গনা কান্দি হুমহুমি
খৰ দূষণৰ পদে; শোকৰ আবেগ।
খৰৰ সস্নেহ বাক্যে বাঢ়িল বালাৰ;
নুফুটে বচন মুখে। ধৰাতল থাকি,
তুলিলা দুভায়ে ধৰি ভগ্নীক আদৰে।
 “কি আশ্চৰ্য্য ৰক্ষোমণি!” বুলিলা দূষণ,
নিহাৰি ভ্ৰাতৃৰ মুখ, “কি আশ্চৰ্য্য দাদা!
কোন নৰাধম ধৰি কিৰূপ সাহস,
দিলে ৰক্ষকুলে খোট? অবোধ ভূতলে
কোন হেন, দিলে হান্ বিষধৰ দলে।
মাতিয়া মৰণ নিজ? নাভাবিলে সিটো
পড়ি নিশাচৰ হাতে যাব যমপুৰে?
নডৰিলে আমি দোহে দণ্ডক অধিপ?
নশঙ্কিলে সুৰ-শঙ্কা লঙ্কেশ্বৰ শূৰে?”

 হনূষাঙ্গনা—ৰাক্ষস-অঙ্গনা, ৰাক্ষসী।

 নশঙ্কিলে—শঙ্কা নকৰিলে, ভয় নকৰিলে। [ ৪৪ ]
 

সুধিলা ভগ্নীক বীৰ, “কোন দুৰমতি,
কৰিলে দুৰ্গতি হেন, কহিও প্ৰকাশি।”
 উত্তৰিলা নৈকষেয়া উচুপি উচুপি,
নাকি স্বৰে,—হায় দেহি নাসিকা অভাৱে,
নাকে উড়ি যায় মাত, “আমি অভাগিনী,
গৈছিলোঁ। অৰণ্যে আজি পুষ্প আহৰণে।
গোদাবৰী নদী তীৰে পঞ্চবটী বনে,
দেখিলোঁ। কুটীৰ এক; তাৰ ভিতৰত,
কৰে বাস দুই নৰ বনচাৰী বেশে,
লগত সুন্দৰী নাৰী। ৰমণী স্বভাব,—
ৰমণীৰ সঙ্গ লাভ বাঞ্ছয় ৰমণী,
নদী সঙ্গ নদী যথা—; চলিলোঁ হৰিষে,
সেহি ৰূপসীৰ পাশে, কৰিবে সম্ভাষ।
কিন্তু কি অদৃষ্ট মোৰ! ভালে মন্দ ঘটে;
আদৰি তোলোঁতে ফুল হাতে হুল ফুটে,
কিনো বিধাতাৰ বিধি! বিনা অপৰাধে,
অকাৰণে, দাদা, বাণ মাৰি খৰশান
কৰিলে দুৰ্দ্দশা হেন নিৰ্ম্মম মানবে।
কোন মুখে এই মুখ দেখাবোঁ লঙ্কাত?
কোন মুখে যাম লঙ্কা? ধিক ইজীৱন
কি কাম ৰাখিয়া? দিয়া বিষ, ভক্ষি মৰোঁ।”

[ ৪৫ ]

 শুনি খৰ থৰ থৰ ক্ৰোধে কলেৱৰ,
কহিলা “নগণ্য নৰ কৰে হেন দশা?
ৰক্ষোভক্ষ ক্ষুদ্ৰ নৰ ৰক্ষ ভগিনীৰ,
নাসিকা শ্ৰৱণ কাটে? ভিখাৰী মানব
ফল মুলাহাৰী ধৰে এতেক সাহস?
মুষিক-মানব দেখে কৰিলে বিবাদ
ৰাক্ষস-শাৰ্দ্দুল সহ? তুৰন্তে, ত্ৰিশিৰা,
চতুৰ্দ্দশ নিশাচৰ পঞ্চবটী বনে।
দিয়া প্ৰেৰি; ধৰি অৰি আনোক মানবে
বিহিবোঁ পিছত দণ্ড যি হয় বিচাৰে।”
হলা সুখী শূৰ্পনখী। বদন নিৰখি,
তাইৰ, দূষণ ক’লা, “তুমিও ভগিনি!
যোৱা দন্তবক্ৰ, ভীম, বিৰূপ, কৰ্ক্কৰী,
আদি চৌধ সেনা লই; দিবা দেখাইয়া,
কোন্ নৰকীট হেন কৰিলে দুৰ্গতি।”
চলিলা ত্ৰিশিৰা শূৰ্পনখা সভা থাকি।
সৈন্যক্ষেত্ৰে; মুখ্য মুখ্য চৌধ সেনা লই,
চলি গলা নিশাচৰী পঞ্চবটী বনে।
 চলিলা ৰাক্ষসগণ কিৰিলি মাৰিয়া
মহাৰঙ্গে। খঙে কোনো কহিলা, “মানব


 তুৰন্তে—শীঘ্ৰে। প্ৰেৰি—পঠাই।

 ‘ধৰি অৰি আনোক মানবে’—শত্ৰু মনুষ্যক ধৰি আনোক। [ ৪৬ ]
 

কৰে অপকৰ্ম্ম হেন; খাবোঁ মুণ্ড তাৰ।”
টকালি কহিলা কোনো, “ৰসাল ৰুধিব
নৰৰ কৰিবোঁ পান।” বোলে অন্য জনে
“লভিব চৈতন্য দুষ্ট দেখি চৌধ জন।”
বোলে আৰু জন, “কিবা গল পলাইয়া
পলাতক নৰ পশু, এৰি পঞ্চবটী;
নাপাওঁ নৃমাংস কিবা কৰিব ভক্ষণ।”
চলিলা ইৰূপে দম্ভি চৌধ নিশাচৰ।
 সভাতলে বলা বসি দুই ৰক্ষোবীৰ
ৰাজ-ভগ্নী দুৰগতি ভাবিয়া অন্তৰে
শোকত মলিন মুখ; বাহুৰ গৰাসে
মলিন শশাঙ্ক যথা; কিম্বা গিৰিপতি
উচ্চশিৰ, স্লান মুখ মেঘ আবৰণে।
“অহহ কি লাজ আজি!” কহিলা অগ্ৰজ
অগিৰ শিখৰ খৰ, “খ্যাত ৰক্ষকুলে
বহিল অখ্যাতি ভাই! ভুবন-বিজয়ী
সুৰ-নৰ-যক্ষ-শঙ্কা লঙ্কাৰ ৰাৱণ
বীৰেন্দ্ৰ,-দেবেন্দ্ৰ স্বৰ্গে অদেবেন্দ্ৰ দৰে,
ডৰি যাক, নতশিৰ; নতশিৰ যথা


 অগিৰ-ৰাক্ষস।
 দেবেন্দ্ৰ স্বৰ্গে.....যাক, নতশিৰ-স্বৰ্গত দেবেন্দ্ৰই যাক ডৰি

অদেবেন্দ্ৰৰ দৰে নতশি। [ ৪৭ ]
 

ফণীন্দ্ৰ পক্ষীন্দ্ৰ ভয়ে—; তাহাৰ সোদৰা
ৰক্ষকুলে স্নেহ পাত্ৰী অতি আদৰিণী
শূৰ্পনখা; তাৰ ভাগ্যে ইহেন দুৰ্গতি।
কি কহিব ৰক্ষোনাথ শুনিলে ইবাৰ্ত্তা
আমি দোহে! হায় বিধি, কি ঘটলা আজি!”
 ভ্ৰাতৃৰ বচন শুনি সুদীৰ্ঘে নিশ্বাসি,
বুলিল দূষণ শূৰ সম্লান বদনে,
“ৰহিল কলঙ্ক, দাদা, ৰাক্ষসৰ কুলে;
নৰ হাতে খাঁড়ী নাকী লঙ্কেশ-ভগিণী!
ৰক্ষোৰিপু সুৰদল হাসিবে ত্ৰিদিবে,
পাতালত নাগগণ, নৰ মৰ্ত্ত্যলোকে,
হাসিবে অলকাপুৰে যত যক্ষদলে।
কেনে বিধি বিড়ম্বনা! নৰকীট আসি
পশি ৰক্ষকুল-বনে, বিষদন্ত ধৰি
কাটিলে নিৰ্ম্মম হায় স্নেহৰ কুসুমে।”
কৰিলা ইৰূপে খেদ দুই ভাই বসি।
 অস্তিলা ভাস্কৰ ক্ৰমে। নৰপতি যথা,
আসনে বসিব কালে, সম্বৰে অম্বৰ,
মণিময় দীপ্তিকৰ; সম্বৰিলা তথা।
অংশুমালী অংশুশি বসিব সময়ে


 পক্ষীন্দ্ৰ—গৰুড়। সম্বৰে অম্বৰ—কাপোৰ সামৰে।

 অংশুমালী—সূৰ্য্য। অংশু—কিৰণ, দীপ্তি। [ ৪৮ ]
 

অস্তাচল-চূড়াসনে। সূৰ্য্যপ্ৰাণা সতী
সূৰ্যমুখী, পতিমুখ ৰহিলা চাইয়া,
ভূতলে বিমৰ্ষমনে; সপত্নী নলিনী
হইলা মলিনা ধনী সৰসি-সলিলে।
লম্ফে জম্ফে ক্ৰীড়মান বৎসগণ সহ
গাভীদল ধীৰে ধীৰে গৃহ অভিমুখে,
চলিলা উড়াইয়া ধূলি। দেখিয়া গোধূলি,
উড়িলা বিহঙ্গকুল নিজ নিজ নীড়ে
পূৰি কলৰবে দিশ। শশাঙ্ক আসিয়া
শোভিলা অম্বৰ-ভালে; কামিনী কপালে
শোভয় তিলক যথা। শশাঙ্ক-বাসনা
সুহাসিনী কুমুদিনী হাসিল হৰষে।
 হেনকালে মুক্তকেশী ধাবমানা ভীমা
শূৰ্পনখা, উপস্থিতা উধাতু খাইয়া
হলা আসি, পুনঃ খৰ দূষণ সমীপে।
শ্ৰমে শ্ৰান্ত কলেৱৰ; ঘন ৰয় শ্বাস;


 অস্তাচল-চূড়াসনে—অস্তগিৰিৰ টিংৰূপ আসনত।
 ‘নৰপতি যথা.......চুড়াসনে’—ৰজাই আসনত বহোঁতে যেনেকৈ মণিময় উজ্জ্বল কাপোৰ সামৰি বহে, সেইৰূপে সূৰ্য্যই অস্তগিৰিৰ চূড়াৰূপ আসনত বহিবৰ সময়ত কিৰণমালা সামৰি বহিছিল।
 সপত্নী—সতিনী। নীড়ে—বাঁহলৈ।

 অম্বৰ-ভালে—আকাশৰ কপালত। শশাঙ্ক-বাসনা—চন্দ্ৰৰ প্ৰিয়া। [ ৪৯ ]
 

বসন তিতাই ঘৰ্ম্ম বয় জৰ জৰে;
নুফুটে বচন মুখে। জিজ্ঞাসিলা খৰ,
“কি হেতু আসিছা লৰি? শত্ৰুৰ নিধন
হুয়াছে কি? কিম্বা ভয়ে গল পলাইয়া
ভীৰু নৰ? কোৱা বাৰ্ত্তা বিংশাক্ষ-ভগিনি?”
নিৰানন্দা চণ্ডা পাছে নিকষা-নন্দিনী,
খণ্ডিত বচনে ঘনে হেঁফাই কহিলা,
“দণ্ডিবে দণ্ডাৰ্হ নৰ, সেনা চৌধজন
নিছিলোঁ বাছিয়া; কিন্তু নৰল বাঁচিয়া
এজনো, বীৰেন্দ্ৰ! অতি অদ্ভুত ঘটনা!
নিমিষে এজন নৰে নিধনিলে সবে।
কথমপি অভাগিনী এৰালোঁ মৰণ;
শৰীৰে হেৰাল তত, না পাইলোঁ পথ;
দুৰ্গম অৰণ্য মাজে আসিলোঁ চলিয়া;
কণ্টকে ফালিলে বস্ত্ৰ, আকুহি শৰীৰ
বেৱাইলে ৰক্তধাৰ, দেখিও নয়নে।”
 শুনি নিশাচৰ হত নিশাচৰী মুখে
মানিয়া আশ্চৰ্য্য খৰ কৰ্ব্বুৰ-শিখৰ।
লাগিলা কহিবে, “হলোঁ স্তম্ভিত শুনিয়া
তোৰ ইবাৰতা শূৰ্প! অদ্ভুত কাহিনী,


 বিংশাক্ষ—ৰাৱণ। চণ্ডী—মুখৰা, দন্দুৰী।

 খণ্ডিত বচনে—ভঙ্গ ভঙ্গ কথাৰে। দণ্ডাৰ্হ—দণ্ডৰ যোগ্য। [ ৫০ ]
 

পটু পত্তি দুই সপ্ত চক্ষুৰ পলকে
বধিলে তপস্বী নৰ; সিংহদলে যেন
দলিলে শৃগাল একা! হেন পৰতাপী
কোন সি মানব, ভগ্নি, কোৱা পৰিচয়
জানা যদি। কিবা নাম, কৈত তাৰ ধাম,
কাৰ বা নন্দন সিটো—টুটিল যাহাৰ
মোৰ হাতে ভব-বাঞ্ছা ই ভবমণ্ডলে।”
 কহিলা ৰাৱণ-ভগ্নী, “এক জন নাম
শ্ৰীৰাম; লক্ষণ নাম ধৰে অন্য জন;
অযোধ্যাধিপতি দশৰথৰ তনয়।
উভয়ে; কৰিছে বাস কানন ভিতৰে
পালিয়া জনক সত্য। জনক-নন্দিনী
সীতা নামে সঙ্গে নাৰী,—শ্ৰীৰাম মহিষী।
এহিৰূপ পৰিচয় দিছিলে তপস্বী;
সত্য কি অসত্য দুষ্ট বনচাৰী কথা
কোনে জানে? কিন্তু, দাদা, অদ্ভুত মানব,
দৰশনে ক্ষুদ্ৰ কায়, ৰুদ্ৰ পৰাক্ৰমে।”
 ৰক্ষ-ৰিপু পৰিচয় শূৰ্পনখা মুখে
শুনিয়া দূষণ দূপ্ৰ কহিবে লাগিলা,
“এহি ৰাম, মহাবাহু, সেই নৰাধম,
যাৰ শৰে ৰক্ষ সেনা হুইলে নিপাত


পত্তি—পদাতিক সৈন্য। দুপ্ৰ—বলী। [ ৫১ ]
 

যজ্ঞকালে মিথিলাত,—যেহি দোষে পাছে
(শুনো লোক মুখে), দশৰথ মহাৰথ
দেখিয়া দুৰন্ত তাক ৰাজ্য হন্তে দূৰি
দিলে বনবাসে। সেই ৰক্ষকুল-ৰিপু
ৰক্ষ-ৰাজ্যে পশি দেখোঁ ৰক্ষ সহ বাদ
কৰিছে; নিৰ্বোধ থাকি জলৰ ভিতৰ
বিবাদিছে মীন যেন কুম্ভীৰ সহিতে।
বাঢ়িল আশয় অতি নগণ্য নৰৰ
বধি ক্ষুদ্ৰ সেনাগণ; ৰাজগৃহে এবে
দিলে খোট দুৰমতি, —লাঞ্ছিলে ভগিনী
পড়িল বিপাকে মূৰ্খ; বিধি বিড়ম্বিলে;
আপুনি মাতিলে মূঢ় মৃত্যু আপোনাৰ,
আপুনি পতঙ্গ যেন পশিল পাবকে।”
 দূষণ নীৰব হল; উত্তৰিলা খৰ
খৰমতি, “এই ৰাম অজ-অব্জ-কুলে
উপজিল অজ-মূৰ্খ; নহলে কি মুঢ়
বঢ়ায় আপোন শত্ৰু পৰৰ কাৰণে
হিংসি ৰক্ষ মিথিলাত? নহলে কি,—ধিক্‌—


 খৰমতি—প্ৰখৰ মতি; চোকা।
 ‘এই ৰাম অজ ....... অজমূৰ্খ—এই ৰাম অজ ৰজা ৰূপ পদ্মৰ বংশত অজ-মূৰ্খ (ছাগলৰ নিচিনা মূৰ্খ, অথবা যাৰ দৰে মূৰ্খ উপজা নাই অৰ্থাৎ

মহামূৰ্খ) উপজিল। [ ৫২ ]
 

লাঞ্ছিয়া অবলা বালা অকলা অৰণ্য,
দেখায় পৌৰুষ? কালি প্ৰত্যুষে উঠিয়া
যাবোঁ পঞ্চবটী বন। কত বল ধৰে
হীনবল বনবাসী দেখিবোঁ স্বচক্ষে;
দেখিবোঁ ৰাঘবে কালি কিমত সমৰী।
বহু ৰক্ষ ক্ষয়কাৰী পাপীৰ মৰণ
(প্ৰায়শ্চিত্ত হেতু যেন) মিলালে বিধাতা;
নিক্ষেপিলে চিৰশত্ৰু কেশৰী-কবলে।
কৰিও দূষণ ভাই আজি ৰজনীতে
ঘোষণা, কৰিবোঁ কালি ৰণযাত্ৰা ঘোৰ;
সৈন্যদল থাকে যেন প্ৰস্তুত প্ৰত্যুষে।”
এত কহি ৰক্ষোবীৰ, অগ্নি-শিখা সম
জ্বলি ক্ৰোধে, সভা এৰি চলিলা গম্ভীৰে
অন্তঃপুৰে। সৈন্যক্ষেত্ৰে চলিলা দূষণ।
শূৰ্পনখা চলি গৈলা আপোন আলয়ে।
 নিশাকাল এবে। যথা ৰতন-মণ্ডিত
পৰিধান ধৰি শোভে ৰাজৰাজেশ্বৰী;
তথা জীৱকুলেশ্বৰী সুখদা ৰজনী,
অগণিত তাৰাদল-ৰতন-ৰঞ্জিত
সুনীল-অম্বৰে, দেহ শোভিলা আবৰি।


 ‘যথা ৰতন-মণ্ডিত........ শোভিলা আবৰি’—ৰাজৰাজেশ্বৰীয়ে

ৰত্নমণ্ডিত বস্ত্ৰ পিন্ধি যেনেকৈ শোভে, জীবগণৰ ঈশ্বৰী সুখদা ৰজনীয়ে [ ৫৩ ]
 

বক্ষঃস্থলে কৰে কান্তি শশাঙ্ক উজলি,
বনমালী বক্ষে যথা কৌস্তুভ-ৰতন।
সান্তিলা সস্নেহে ধনী যত জীৱকুল
সামৰি স্ববক্ষে। জীৱ বিশ্ৰাম লভিলা
পড়ি স্নেহময়ী ক্ৰোড়ে মাতৃ ক্ৰোড়ে যথা।
নীৰব ধৰণীতল, জন শব্দ নাই,
আনন্দে নিদ্ৰিত প্ৰাণী। মাত্ৰ একোবাৰ
ডাকে নিশাচৰগণ,—কতুবা ফেউৰা।
বনজ ব্যাঘ্ৰে দেখি কৰি ফেউ ৰব
দিয়াছে জাননী জীবে; কতুবা কুৰুলি
দিয়া, কিম্বা নিউ শব্দে উৰিছে উলূক;
থাকি থাকি কোনো স্থলে ডাকে কাল হুদু
সুগম্ভীৰে; কতু যমডাকিনী ডাকিছে
বহি বহি হৃদিস্থল বিকম্পি কুস্বনে।
ৰাত্ৰিচৰচয় বিনে, আৰু যত প্ৰাণী
জগতে, ৰজনী যোগে সুখদ বিশ্ৰাম


অসংখ্য তাৰাৰূপ ৰত্নেৰে মণ্ডিত নীল বস্ত্ৰেৰে দেহ আবৰণ কৰি তেনেকৈ শোভিল। উলূক—পেঁচা।
 যমডাকিনী—এবিধ চৰাই; ইয়াক মৰচৰাইও বলে; ইয়াৰ মাত অমঙ্গলীয়া বুলি মানুহে ভয় কৰে।
 কুম্বন—বেয়া বা ভয় লগা মাত।

 ৰাত্ৰিচৰচয়—ৰাতি ফুৰা জীৱ বিলাক। [ ৫৪ ]
 

লভিছে শয়নে শুই চিন্তা পৰিহৰি।
ৰজনীৰ সহচৰী শান্তি প্ৰদায়িণী
নিদ্ৰা, ক্লান্ত জীৱ দেহে সুধা বৰষিয়া
মুদালে আখিৰ পাতি। সুযোগ পাইয়া
নিদ্ৰা-চিৰসহচৰী স্বপ্ন কুহকিনী
ৰঙ্গিণী, কুহক-জাল পাতিলা আসিয়া;
জীৱদল আত্মা লই ধৰিলা ধেমালি।
 কি কৰিছে শূৰ্পনখা ইহেন সময়ে
বসি দ্বাৰৰুদ্ধ গৃহে? কি হেতু বসিয়া
আছে ই সুখদ কালে? কিয় ৰক্ষোবালা
ক্ষুণ্ণা আজি, ত্যজি শয্যা বসি ধৰাসনে?
কি ভাবনা? প্ৰকৃততে চিত্ত অধিকাৰ
কৰিছে ভাবনা আজি। ৰাজ-ভগ্নী হুয়া
মুখ্যাঙ্গ বিহীনা! নোহে সামান্য লাঞ্ছনা!
হেন অপমান হায় সহে কি পৰাণে
লঙ্কেশ-ভগ্নীৰ? দেহি, ভূতলে বসিয়া,
দৰ্পণে দৰশি আস্ত, কৰাঘাত কৰি
কপালে, বিলাপে বালা পৰম বিষাদে,
“হা বিধাতা এয়ে মনে আছিল তোমাৰ
চিৰকাল দুৰ্ভাগিনী কৰিবে দাসীক!
যৌবনে বিধবা মোক দিলা, পতি বধি
ভ্ৰাতৃ কৰে। মাতৃ গৃহে বহিলোঁ লঙ্কাত;

[ ৫৫ ]

ছিলোঁ সখী দল সঙ্গে। বিড়ম্বিলা তাতে;
ঘটালা বিবাদ, দেব, সঙ্গিণীৰ সঙ্গে।
জননী নুবুজি মোক বুলিল দন্দুৰী;
দিলা মোৰ গাতে দোষ। সেই খঙে এৰি
মাতৃ গৃহ, চলি গলোঁ বৰ বউ গৃহে।
তাতে নবঞ্চালা, বিধি, অভাগিনী মোক
বহুদিন। মধুমুখী গৰল-উদৰী।
মন্দোদৰী সঙ্গ এৰি, প্ৰমিলাৰ গৃহে
থাকিলোঁ কতেক দিন; দানব-নন্দিনী
কৰিছিলে স্নেহ মোক। ৰূপসী-গঞ্জিনী
অতুল ৰূপৰ কিন্তু কৰে অভিমান,
ন সহিল সি গৰিমা আমাৰ অন্তৰে।
আমাৰ প্ৰকৃতি এক, ধৰে লঙ্কাবাসী
অৰূপ; যেন হায় বিভিন্ন ধাতুৰে
গঢ়িলা, হে প্ৰভু, মোক আৰু লঙ্কাবাসী।
নিমিলিলোঁ নিজ বংশে; ত্যজি অবশেষে
সুবিষাদে হৈম লঙ্কা, এৰি হৈমালয়
হলোঁ বন-বিহাৰিণী আসিয়া দণ্ডকে।
এতেক দুৰ্গতি কৰি নহল সন্তোষ
চিত্তে তব সৃষ্টিকৰ্ত্তা! কুক্ষণত আজি
ভেটালা ভুজঙ্গ সহ কালকূটে ভৰা।


 কালকূট—বিষ। [ ৫৬ ]
 

কুক্ষণে হে দেব! এই বন-বিচাৰিণী-
হৃদয়ে জন্মালা প্ৰেম; কুক্ষণত হায়
চলিলোঁ গ্ৰাসিবে সীতা কাল ভুজঙ্গিনী।
হায় হায় দিলা ফল, মুখ্য অঙ্গহীনা
কৰিলা নৰৰ হাতে; কোৱা চতুৰ্ম্মুখ!
কি মতে কুমুখ মোৰ দেখাম স্বজনে?
আছিল মনত এয়ে যদি তব বিধি!
কি হেতু জনম দিলা ৰাজ-ভগ্নী কৰি
ৰক্ষোবংশে? আমি হেন কুল-কণ্টকিনী
কিয় উপজালা, প্ৰভু, স্বৰ্ণ লঙ্কাধামে?
বহিল অখ্যাতি কুলে। ৰাখিলা কিহেতু,
(ন বধিয়া কালসৰ্প-লক্ষণৰ হাতে),
সহিবে লাঞ্ছনা ভবে? যদিবা ৰাখিলা
জীৱন্তে ভোগিবে দুঃখ; মিনতি দাসীৰ
তব পদে তৱে, দেৱ! প্ৰতিফল যেন
পায় নৰ কালি ৰণে; পাৰোঁ যেন আমি
পাসৰিব মনস্তাপ মানব মৰণে,
মানবীৰ,—আমি যথা—, সু-অঙ্গ ছেদনে।”
 প্ৰভাতিলা বিভাবৰী। পড়িল জিলিকি
তৰুণ অৰুণ কান্তি সিন্দুৰ সদৃশ।
উদয় অচল শিৰে। শত শঙ্খধ্বনি


 বিভাবৰী—ৰাত্ৰি [ ৫৭ ]
 

ধ্বনিল সৈন্যৰ ক্ষেত্ৰে। জয় জয় নাদে
মন্দ্ৰিলা কৰ্ব্বুদবৃন্দ জিনিয়া জীমুতে;
পূৰিল দণ্ডকাৰণ্য ৰক্ষ-কোলাহলে।
বাহিৰিলা সেনা নানা প্ৰহৰণ ধৰি;
লইলা কোনোএ শূল; কেহোঁ ভীম গদা;
ধৰিলা কোদণ্ড কোনো, শৰবৃন্দ সহ
আঁটিয়া নিষঙ্গ অঙ্গে; কোনো উলঙ্গিলা
কৃপাণ; প্ৰচণ্ড দণ্ড দণ্ডাইলা ধৰি।
কোনোএ; ৰান্ধিলা কেহোঁ কবচ উৰসে।
কাৰৰ হাতে অসি নাচে; কাৰে হাতে টাল
খৰ্পৰ বা কাৰৰ হাতে; ইৰূপে কটক
ধৰি নানা অস্ত্ৰগণ চলিলা গৰ্জ্জিয়া।
দূষণ ভীষণবলী ধৰি মহাশূল।
কৰে, কৰী-পৃষ্ঠে চৰি, মত্তকৰী সম
চলিলা বিক্ৰম কৰি; ঐৰাবতে যেন
সুৰেশ কুলিশ ধৰি। অষ্ট অশ্ব যুত


 মন্দ্ৰিলা—গভীৰ শব্দ কৰিলা।  জীমূত—মেঘ।
 পূৰিল—পূৰ্ণ হল। কোদণ্ড—ধনু। নিষঙ্গ—তূণ।
 ‘ধৰিলা কোদণ্ড ...অঙ্গে’—কোনোএ শৰ বিলাকৰ সৈতে গাত তূণ বান্ধি লই ধনু ধৰিলে।
 উৰস—বক্ষ

 কুলিশ—বজ্ৰ। [ ৫৮ ]
 

ৰথে ৰথীবৰ খৰ তীক্ষ্নবল-তিখা
চলিলা বিকম্পি ক্ষিতি প্ৰচণ্ড প্ৰতাপে।
 ৰৌদ্ৰ ৰক্ষোদল দলি দণ্ডক কানন,
—প্ৰমত্ত মাতঙ্গদল দলে যথা বন—,
যায় বীৰপণা কৰি। নিবিড় অৰণ্য
এৰি, পলাইলা দূৰে ডৰে জীৱগণ।
পলাইলা পশুপতি সভয়ে কেশৰী;
উভ শুণ্ডে হুড়মুড়, গল শুণ্ডধৰ
অধীৰ তৰাসে; যেন ত্ৰাহি ত্ৰাহি স্মৰি
কৰ্ব্বৰ কৰাল নখী পলাল সবেগে।
মুটকি সুদীৰ্ঘ লেজ; ভয়ে ভঙ্গ দিলা
ভয়াল ভল্লুক, বৰা, খড়গী গণ্ডাৰ,
মহিষ বিশাল শৃঙ্গী, আৰু কত প্ৰাণী।
ধাইলা কুৰঙ্গদল শৃঙ্গ উচ্চ কৰি;
লুকাইলা ভয়ে অহি মহীগৰ্ত্তে পশি;
উড়িলা পতত্ৰীকুল আকুল চৌদিশে।
 কৰ্ব্বুৰ-কম্বুৰ ধ্বনি, সৈন্য কলকলি,
মিশিয়া উভয়ে, ঘোৰ উঠিল কল্লোল;
সমুদ্ৰ কল্লোল যথা প্ৰভঞ্জনাঘাতে;


 তীক্ষ্নবল-তিখা—প্ৰখৰ বলত যি তিখাৰ দৰে কঠিন অৰ্থাৎ মহাবলী।
 কৰ্বৰ—বাঘ। পতত্ৰী-পক্ষী।

 কৰ্ব্বুৰ-কম্বুৰ ধ্বনি—ৰাক্ষসৰ শঙ্খধ্বনি। [ ৫৯ ]
 

কিম্বা খৰতৰগতি-ভীমাস্ৰাতস্বতী।
গিৰিবৰ দেহ হন্তে পড়িলে বাগৰি,
উঠয় কল্লোল যথা অতল গহ্বৰে।
দূৰ থাকি সেনা বোল পশিল আসিয়া
তাড়কা-সূদন কৰ্ণে পঞ্চবটী বনে।
সুমিত্ৰা-নয়নাঞ্জনে, পিনাক-ভঞ্জন
ৰাঘব কহিলা, “ভাই শুনা কোলাহল;
আসিছে ৰাক্ষসগণ কৰিয়া নিনাদ,
বিবাদিবে মোৰ সনে। এই শুনা, বীৰ,
বাজিছে অসংখ্য শঙ্খ শিঙ্গা ভীমস্বনে
সঘনে সুদূৰ বনে। ৰুষিছে অন্তৰে।
শত্ৰুদল আজি, শূৰ্পনখা অপমানে,
আৰু চতুৰ্দ্দশ ৰক্ষসেনাৰ পতনে।
পড়িয়াছে ঘৃতাহুতি ৰিপু-ক্ৰোধানলে;
জ্বলিছে ক্ৰোধাগ্নি-শিখা; অনিৰ্ব্বেয় শিখা
বিনা ঘোৰ শৰজাল-জল বৰষণে;
অনিবাৰ্য্য যুদ্ধ আজি পঞ্চবটীবনে।
বিকট গৰ্জ্জন শুনি বিকট সেনাৰ,
বিকট মূৰতি দেখি, ডৰিব মৈথিলী
কুমলী। বলীন্দ্ৰ-ৰুদ্ৰ। চন্দ্ৰকুল-বালা


 তাড়কা সুদন—তাড়কা ৰাক্ষসীক বধকাৰী, অৰ্থাৎ ৰাম।

 পিনাক ভঞ্জন—শিবধনু ভঙ্গকাৰী। [ ৬০ ]
 

লইয়া বহিও দূৰে; আতঙ্কিতা যাতে
নোহে সতী। শীঘ্ৰগতি যাওঁ ৰক্ষোৰণে।”
 শুনিয়া স্বামীৰ বাক্য, স্বামীগত-প্ৰাণা
উত্তৰিলা বিধুমুখী, “বিধুকুলাঙ্গনা।
ইদাসী, হে দাসীকান্ত! পদাব্জে তোমাৰ
প্ৰাৰ্থিছে বিনয়ে, ত্যজা ৰক্ষসহ বাদ।
চলা বন পৰিহৰি। কি কাম সমৰে?
পদে পদে সুবিপদ, পদে পদে কাঁটা,
ধৰণী কণ্টকময়ী, বিধাতা বিমুখ
যাৰ প্ৰতি। ত্যজা ৰণ মিনতি চৰণে।
ভাবি চোৱা ভাগ্যে কত ঘটিছে অশুভ।
শৈশবে ৰাক্ষস সহ ঘটালে বিবোধ।
বিশ্বামিত্ৰ; ক্ষোৰণে কোমল শৰীৰ
ক্ষত হল শৰানলে। পথে ভৃগুপতি
ঘটালে বিবাদ, যৰে ফিৰিলা অযোধ্যা
ভাঙ্গিয়া ধূৰ্জ্জটি-ধনু মোক পৰিণয়ি।
ৰাজ্য অভিষেক হেতু হল আয়োজন;
আনন্দিত নৰনাৰী; দেখিও ভাবিয়া
বিড়ম্বনা বিধাতাৰ! মন্থৰা কুমন্ত্ৰে
কুমন্ত্ৰিলে কৈকেয়ীক, কৰিলে বিষাক্ত
দুগ্ধ যেন বিষ যোগে; সেহি দুগ্ধাস্বাদে


 ধূৰ্জ্জটি—শিব। পৰিধাম—বিয়া কৰি। [ ৬১ ]
 

ভূপতিত নৰবৰ দাসীৰ শ্বশুৰ।
নিলে ৰাজ্যৰ কাঢ়ি, তথাপি কৈকেয়ী
কাকোদৰী সম ক্ৰুড়া, নুহিলে সন্তুষ্টা;
বনবাসে দিলে খেদি চীৰ-পৰিধানে
তোমাক হে আৰ্য্যমণি। নৃপসুত হুয়া
কাননে ভিখাৰী এবে; ফলমূলাশনে
ভূতল-শয়নে,—হায় হৃদি ফাটি যায়—,
সামান্য তপস্বী হেন যাপিছা জীবন!
এতেক কৰিয়া বিধি তুষ্ট নুহুইলা,
খেদে বন থাকি এবে ঘটাইয়া বাদ
ৰক্ষসঙ্গে। কুক্ষণত আসিয়া ৰাক্ষসী
শূৰ্পনখা, দিলে দেখা; নাসিকা শ্ৰৱণ
কুক্ষণে লক্ষ্মণ বীৰ ছেদিলে চণ্ডাৰ।
আসিল দ্বিসপ্ত সংখ্যা দৃপ্ত নিশাচৰ
ক্ৰোধে গৰ্জ্জি, কালি মাত্ৰ; পুনৰ উৎপাত
ঘটায় বিধাতা আজি কিনো নিদাৰুণ,
আসিছে অশ্ৰপ দল অৰণ্য আৰাৱি।
নাই কাৰ্য্য সমৰত; চলিও এৰিয়া
ৰাক্ষস সঙ্কুল বন। আমাত বিমুখ


 কাকোদৰী—সৰ্পিনী। চীৰ-পৰিধান—বাকল পৰিধান।

 দৃপ্ত—উদ্ধত। অশ্ৰপ—ৰাক্ষস। [ ৬২ ]
 

চতুৰ্ম্মুখ সদা প্ৰভু! আৰু বা কি বাঞ্ছা।
বাঞ্ছিছে বিৰিঞ্চি মনে, কোনে জানে তাক।”
 “কি কহিলা সুহাসিনি!” হাসি উত্তৰিলা
ৰঘুশ্ৰেষ্ঠ, “যাব লাগে এৰি পঞ্চবটী
নিশাচৰগণ ভয়ে, ভীতা যথা তুমি
ৰমণী? এই কি যুক্তি তব, বৰাননি?
ভানুসম তেজী ভানুকুলে জন্ম মম;
ক্ষত্ৰিয় কুলজ অজ-অঙ্গজ বীৰেন্দ্ৰ
মহাৰথী দশৰথ; তাহা তনয়
যাবোঁ আমি পলাইয়া ৰাক্ষসৰ ভয়ে?
পিনাকী-পিনাক যাৰ মহা বাহুবলে
দ্বিখণ্ডিত; হাতে যাৰ দেবদত্ত ধনু;
সুপ্ত সৰ্পদলবৎ দেব অস্ত্ৰগণ
অক্ষয় তূণত যাৰ; সেহি ৰাম, প্ৰিয়ে,
ডৰে কি ৰাক্ষসগণে? ডৰে খগপতি
বৈনতেয়, দেখি সতি পঙ্গপাল দলে?
নাহি চিন্তা মোৰ হেতু; অন্তিবোঁ অকলে
অৰিদল। থাকা তুমি, ইন্দুনিভাননি,
নিৰ্ভয়ে দেৱৰ সঙ্গে সুদূৰ কন্দৰে।”
 কহিবে লাগিলা পাছে বাজৰ্ষি-দুহিতা,


 বৈনতেয়—বিনতাৰ পুত্ৰ অৰ্থাৎ গৰুড়। [ ৬৩ ]
 

“প্ৰাণেশ্বৰ, একেশ্বৰ ৰাত্ৰিমট মাজে
প্ৰবেশি কৰিবা যুদ্ধ; তৰঙ্গ-আকুল
অকূল অৰ্ণবে যেন এখানি তৰণী।
বহিবা ভাসিয়া তুমি; আৰু আমি দাসী
পদ প্ৰত্যাশিনী তব বহিবোঁ নিশ্চিন্তে
সুদূৰে,—আদেশ তব হেন, গুণমণি?
সূৰ্য্যকুলে সূৰ্য্য তুমি; সূৰ্য-কৰ-দানে।
উজ্জ্বল যি চন্দ্ৰ, মোৰ জন্ম তাৰ কুলে;
তুমি বিনে চন্দ্ৰকুল-সম্ভবা আমাৰ
আন্ধাৰ, হে দেব! আমি সূৰ্য্যমুখী ফুল,
সূৰ্য্য তুমি; বিমলিনা সূৰ্য্যৰ অভাবে
সূৰ্য্যমুখী, অবিদিত কাহাৰ জগতে?
নাযাইবে দূৰে, কান্ত, বহিবোঁ সমীপে
তোমাৰ; বহিবে এই কুটীৰ ভিতৰে।
বীৰকুল-ইভ নিভ সৌমিত্ৰি সুবাহু
হওক তোমাৰ সঙ্গী ই কাল সমৰে।”
 নীৰবিলা মধুস্বৰা। মধুবৰষিণী
সীতাক সমৰ্থি, শূৰ কহিলা সৌমিত্ৰি
সম্বোধি কৌশল্যা-ধনে, “বসুন্ধৰা-সুতা


 ৰাত্ৰিমট—ৰাক্ষস। ইত—হস্তী। নিভ—সদৃশ।
 বসুন্ধৰা-সুতা—মাটিৰ তলত অণ্ডৰূপে সীতাৰ জন্ম হেতু তেওঁক

বসুন্ধৰাৰ কন্যা বোলা হইছে। [ ৬৪ ]
 

যি ভাষিলা, বীৰষৰ্ভ, তব ই ভৃত্যৰ
মনোমত। উনমত্ত অৰিদল মাজে,
দূৰ্ব্বাদল শ্যাম, এৰি তোমাক অকলে
যাবোঁ অনুগত আমি কিমতে অন্তৰে?
শূলপাণি সঙ্গচ্যুত নন্দি শূলপাণি
দাস তাৰ, হোৱে কভু? জানোঁ পৰাক্ৰ
অতুল ভূতলে তব; খৰ শৰৰাশি
কৰিবেক ভষ্মৰাশি যত নিশাচৰে;
পাইব বিলয় বৈৰী, যথা পায় লয়
তৃণদলে অম্বুবিন্দু অম্বুজেশ কৰে।
জানোঁ আমি দৰ্ব্বদল তৃণদল প্ৰায়,
তুমি দাবানলৰূপী; বাঞ্ছিছোঁ তথাপি
হুইবে সমৰ-সঙ্গী তব শূৰমণি!”
 শুনি প্ৰিয়ানুজ বাক্য কৌশল্যা-আত্মজ
আদেশিলা প্ৰিয়বাক্যে, “থাকা তবে তুমি
কুটীৰে, উৰ্ম্মিলা-প্ৰিয়, ৰক্ষি প্ৰিয়ম্বদা
ৰমোমায়াজাল থাকি। নালাগে যাইব


 বীৰৰ্ষভ—বীৰশ্ৰেষ্ঠ।
 ‘শূলপাণি সঙ্গ.....হোৱে কভু?'—শূলপাণি মহাদেবৰ, তেওঁৰ দাস শূলধাৰী নন্দিয়ে কেতিয়াবা সঙ্গ এৰে নে?
 অম্বুজেশ—অম্বুজ ঈশ, অৰ্থাৎ পদ্মৰ পতি, সূৰ্য্য।

 দৰ্ব্বদল—ৰাক্ষসবিলাক। [ ৬৫ ]
 

মোৰ সহ ৰণে তুমি।” কহিলা সীতাক
কৰিয়া অভয় দান, “নডৰিবা কিছু
ৰঘুবংশ-বধূ! কিবা সাধ্য অশ্ৰপৰ,
কৰে তব অপকাৰ, থাকোতে লক্ষ্মণ
বলবাহু তব সঙ্গে। জানা কমলিনি!
অভেদ্য ব্যূহৰ সম ইপৰ্ণ কুটিৰ
অৰি পক্ষে, অৰিন্দম লক্ষ্মণ ৰক্ষণে।
নিকটিলে ৰিপুদল যাওঁ মই ৰণে।”
এতেক কহিয়া ৰাম ধৰিলা ধনুক
ইন্দ্ৰদত্ত, শ্যামকৰে; শ্যামল বাৰিদে
ইন্দ্ৰধনু যথা, ৰশ্মি বিকাশিলা চাপ;
বাহুবলে গুণমণি গুণিলা তাহাক।
অক্ষয় ইষুধি পৃষ্ঠে বান্ধিলা নৃমণি,
খৰশাণ শৰাবলী মুক্তাবলী প্ৰভ
জাগিল সংগ্ৰাম গন্ধে; সুপ্ত সৰ্পদল
জাগিলা শুনিয়া যেন ডমৰুৰ ধ্বনি।
 নিৰ্গতিলা গৃহ হস্তে ধীৰ পদক্ষেপে
সুধীৰ সুবীৰ-গুৰু গুৰু পদে নমি
উদ্দেশে। সঞ্চাৰে তেজ লৌহ খণ্ডে ব্যাপি
অগ্নি পৰশনে যথা; ধনু পৰশনে


 নিকটিলে-ওচৰ চাপিল। ইষুধি—তূণ।

 সুবীৰ-গুৰু—সুবীৰ শ্ৰেষ্ঠ। [ ৬৬ ]
 

বেগে বীৰতেজ তথা হল প্ৰধাৰিত
ব্যাপি বীৰ কলেবৰ। অৰিদল মাজে,
কৰী-অৰি-পৰাক্ৰমে পশিলা ৰাঘব
তাড়কাৰি; তাৰকাৰি সুৰ সেনাপতি
পশিলা বিক্ৰমে যথা অসুৰ-সংগ্ৰামে।
দেখিলা ৰাক্ষসগণ, আসে অগ্ৰসৰি
নৰ এক,—দিব্যৰূপ, মোহন মুৰতি—
ধৰি কৰে শৰাসন, তৃণ পৃষ্ঠভাগে।
ঘেড়িলা ৰাঘবে সবে ঘোৰ কলৰবে,
কৰি অৱহেলা মনে, ক্ষুদ্ৰ নৰ জ্ঞানে।
উলঙ্গিলা অসি কেহোঁ হুঙ্কাৰ কৰিয়া
কেহোঁ আস্ফালিলা শূল; ধৰি ভীম গদা
ভীমবলে, কোনো জন চলিলা গৰ্জ্জিয়া।
টকালিলা কোনো ৰক্ষ; মাৰিলা টিলিকি
কোনো; পকাইলা কেহোঁ সুঘোৰ নয়ন;
হাসিলা বা কোনো দুষ্ট দন্তুৰ, দশন .
কোৰ সম নিকটাই, খল খল কৰি;
ৰক্ষকুল কোলাহলে পূৰিল চৌদিক।
 অমূৰ্ত্তক চতুৰ্দ্দশ সহস্ৰ কটকে


 কৰী-অৰি—সিংহ। তাড়কাৰি—তাড়কাবধী, অৰ্থাৎ ৰাম।
 তাৰকাৰি—তাৰক অসুৰক বধকাৰী কাৰ্ত্তিক।

 দন্তুৰ—উচলা দঁতুৱা। অমূৰ্ত্তক—উন্মত্ত [ ৬৭ ]
 

কৌতুকে ধৰিছে ঘেডি, বাঘব অকল;
কিমতে তৰিব বীৰ নিবিড বিপিন
অথবা অসীম সিন্ধু; ভাবি দেবদল
আকাঙিক্ষ ৰাঘৰ শুভ সমবেত সবে
আকাশে, দৰ্শিবে নৰ-নৰাশন-ৰণ।
আসিলা অমৰপতি বজ্ৰী পুৰন্দৰ
ইভৰাজ পৃষ্ঠে চৰি; হৰিণ বাহনে
আসিলা পবন দেব, শমন মহিষে,
গণেন্দ্ৰ ইন্দুৰে, শিখিবাহন ময়ুৰে;
কুবেৰ বৰুণ বিভাবসু মেঘপতি
অশ্বিনী কুমাৰ চন্দ্ৰ আদি দেবগণ
নিজ নিজ যানে চৰি আসিলা ত্বৰিতে।
আসিলা বজাই বীণা দেবৰ্ষি নাৰদ
কৰি হৰিগীতধ্বনি ঢেকি আৰোহণে।
চিন্তিত ত্ৰিদিব-বাসী তিস্থি অন্তৰীক্ষে
প্ৰতীক্ষিলা ৰক্ষ-নৰ সুঘোৰ সমৰ।।
 বেৰিলা কৰ্ব্বুৰ বৃন্দ; আসিলা ধাইয়া
ধৰিবে ৰাঘবে; যেন ব্যাধ মৃগশিশু
ধৰিবে চলিয়া যায় উল্লাস অন্তৰে।


 নৰাশন—ৰাক্ষস। শিখিবাহন—কাৰ্তিক। বিভাবসু—অগ্নি

 যান—বাহন। তিস্থি—ৰই, থাকি। অন্তৰীক্ষে—শূন্যে। [ ৬৮ ]

টাৰিলা দেব-চাপ * বীৰেন্দ্ৰ-কেশৰী
ৰাঘব, ধৰিয়া হাত; সুঘোৰ টঙ্কাৰে
পাইলা আতঙ্ক সেনা; শঙ্কা উপজিল
অৰিৰ অন্তৰে; যথা নতশিৰ-ফণী
তুলিলে মস্তক ধৰি চিত্ৰময় ফণা
সক্ৰোধে গৰজি, লোক সশঙ্কিত হোৱে।
মণিময় ধনু, তূণে পুঞ্জ পুঞ্জ শৰ,
দিবাকৰ-কৰে জ্বলি, চপলা সদৃশ
চকমকি, অৰিদল নেত্ৰ ঝলসিলা।
স্তম্ভিত ৰাক্ষস সেনা। কহিলা নৃমণি,
“কিহেতু পতঙ্গবৎ, পাপমতিগণ,
আসিলি মৰিবে, মোৰ অমোঘ অস্ত্ৰত
যাই জাহ? পৰিছে কি মৎস্যৰ উজান
বকুলে, ক্ষয় হেতু? তোসৰ প্ৰবৰ
আছে যেহি বীৰ তাক পঠায়ো সমীপে।”
 দেখিয়া স্থগিত সেনা, ৰুষিলা দূষণ
দুঃশাসন; অগ্ৰসৰি বৰষিলা শৰ
জাকে জাকে; ৰাঘবেন্দ্ৰ ব্যৰ্থিলা হেলায়।
সেনাদল, (দলপতি যুঝিছে দেখিয়া ),


 * ৰামৰ হাতত থকা ধনুৰ্ব্বাণ ইন্দ্ৰই দিয়া; ৰামক দিবৰ কাৰণ ইন্দ্ৰই ধনুৰ্ব্বাণ শৰভঙ্গ মুনিৰ ঠাইত থৈ গৈছিল। মুনিয়ে পাছত ৰামক

দিলে। [ ৬৯ ]
 

কৰিয়া ভৈৰব ৰব হানে প্ৰহৰণ।
বাজিল তুমুল যুদ্ধ। নাম গুণগ্ৰাম
সংগ্ৰাম-কুশল শূৰ বৰ্ষি শৰগ্ৰাম
নাশিলা অসংখ্য সেনা। দেখিয়া দূষণ
দন্তিলা, “মানব হুয়া মোৰ সহ ৰণ
কৰিছ তপস্বি! দেখ দেবদত্ত শূল
ভীষণ, ধৰিলোঁ হাতে; দেখে কোনজন
ৰক্ষে তোক আমি এই অশ্ৰপ-আহবে।”
ভীমবলে ভীম শূল ধৰিলা ৰাক্ষস;
ত্ৰিশূলী-ত্ৰিশূল সম, তেজৰাশি তাৰ
দীপ্তিলা সমৰস্থল। পাইলা তৰাস
অন্তৰীক্ষে সুৰবৃন্দ দেখি মহাশূল।
কৰে,—যেহি শূল বিধাতাৰ বৰে
পাইলা পলাশীপতি অব্যৰ্থ জগতে।
এৰিলা যতেক বাণ ৰঘুকুলমণি
ঠেকি বজ্ৰসম অস্ত্ৰে পড়িল ভূতলে,
শৈল দেহে ঠেকি যথা পড়ে লোষ্ট্ৰগণ।
চিন্তিত হইলা চিত্তে সীতা-চিন্তামণি,
নাহি কাটা যায় শূল। কহিলা দূষণ,


 অশ্ৰপ—ৰাক্ষস। আহবে—যুদ্ধে।

 পলাশী—(পল অৰ্থাৎ মাংস অশন যাৰ), ৰাক্ষস। [ ৭০ ]
 

“শূলপাণি শূল সম মহাশূল মোৰ
কি শক্তি ব্যৰ্থিবি মূঢ়! ইষ্টদেব তোৰ
চিন্তি ল অন্তিম কালে, ই কাল-সমৰে।”
এত কহি ৰক্ষোবলী মন্ত্ৰপুত কৰি
শূন্যে তুলি ধৰে শূল; অনল উগাৰি
গৰ্জ্জিলা মহাস্ত্ৰ; হল দীপ্ত ৰণস্থলী;
কঁপিল মেদিনী স্বৰ্গ গভীৰ গৰ্জ্জনে।
হেনকালে শব্দবাহী ৰাঘব-শ্ৰৱণে
শবদিলা দৈববাণী, “দ্বিভুজ ৰক্ষৰ
ছেদা ৰঘুমণি।” শুনি দেবাদেশ হেন
ত্বৰিতে কাৰ্ম্মুকে বাণ যুৰি দাশৰথি
শূল সহ দুই কৰ কাটিলা ৰক্ষৰ।
ভূতলে পড়িল শূল; ভূকম্পনে যেন
লৰিলা ধৰণী কম্পি মহাস্ত্ৰ পতনে
পুনঃ দিব্যবাণ মাৰি বীৰেন্দ্ৰ-মাৰ্ত্তণ্ড
অন্তিলা দুৰন্ত ৰিপু দুৰ্ব্বাৰ দূষণে।
 পলাইলা সেনাদল বিভঙ্গে লৱৰি
ৰণে ভঙ্গ দিয়া; যেন ঘোৰ দাবানলে
দহিলে গহন বন, বনবাসীগণ
পলায় বিপাঙ্গে। ৰণে পড়িলা দূষণ,
ভয়ে ভঙ্গ দিল সেনা, দেখি ৰক্ষোবৰ


 কাৰ্ম্মুক—ধনু। [ ৭১ ]
 

খৰ, খৰতৰ বেগে চলাইলা বথ
কশাঘাতি অষ্ট অশ্ব অগ্নিৰ-আঙ্গনি
অৰি অভিমুখে। ভ্ৰাতৃশোক নিৰগত
অক্ষবাৰি বাৰি, শোক কোপে পৰিণতি,
উত্তৰিলা বন্দোবীৰ ৰাঘবে সম্বোধি,
“শুনিছোঁ, দুৰ্ম্মতি! তোৰ ৰামচন্দ্ৰ নাম,
জন্ম সূৰ্যকুলে। সদা ৰক্ষোহিংসা কৰা।
(মুনি বাক্যে), ধৰ্ম্ম তোৰ। মুনি সঙ্গে থাকি
ভুলিলি মুনিৰ মন্ত্ৰে; মুনিৰ আকাৰ
ধৰিলি; সলালি নৃপ নন্দনৰ ৰূপ;
—কুমাৰণী ধৃত পোক কুমাৰণী বাঁহে
সলায় যিৰূপে ৰূপ, শুনি গুঞ্জৰণ।
মন্ত্ৰ সদা—মুনিবেশে ফুৰ বনে বনে।
দুৰবল দৰ্ব্বদল দলি মিথিলাত,
বাঢ়িল সাহস তোৰ। ভগ্নী শূৰ্পনখী
আদৰৰ ৰাক্ষসৰ; কৰিলি লাঞ্ছনা।
অবলা, বনে দুষ্ট পাইয়া অকলা;
কাটিলি নাসিকা কৰ্ণ; নাভাবিলি মনে
দণ্ডকে কৰে যে বাস দণ্ড বিধানক।


 অগ্নি-আঙ্গনি—জুইৰ আঙ্গনিৰ নিচিনা অৰ্থাৎ তেজী

 পৰিণতি—পৰিণত কৰি। [ ৭২ ]
 

অবোধ! বিৰোধ তোৰ ৰক্ষোষোধ সহ
মিটাইবোঁ আজি ৰণে; কত বল ধৰে।
দেখিবোঁ মনুষ্য-তনু তোৰ, নৰপশু!
ডাকিলি মৰণ নিজ, পামৰ! কৰিবোঁ
অৰাম অবনী আজি অনিৰ্ব্বেয় বলে।”
 শুনি বীৰ দাশৰথি বক্ষোৰথী বাণী
কৰিলা উত্তৰ, “তোৰ সদৰ্প গৰ্জ্জনে
নড়ৰে, ৰে নৰ-ৰিপু, এই ৰক্ষোৰিপু।
যথা শক্তি হান্ তোৰ তীক্ষ্ণ অস্ত্ৰগণ,
কোনে বাধে? মুনিগণ ধৰ্ম্ম-পৰায়ণ
কৰে তপ জপ যজ্ঞ; নিশাচৰ দল
কৰে লণ্ড ভণ্ড আসি; ধৰ্ম্মকৰ্ম্মে সদা
হোৱে সবে প্ৰতিদ্বন্দ্বী; দণ্ডিলোঁ সিহেতু
দুষ্টগণে। শূৰ্পনখা আসিলা গ্ৰাসিবে
বৈদেহী, সিহেতু দুষ্টা প্ৰতিফল পালে।
আসিলি আপুনি এবে লভিবে মৰণ,
দুৰ্ম্মতি! দূষণ তোৰ ধৰাশয্যাশায়ী
দেখ্‌ চাহি; সম গতি লভি ৰক্ষপতি
যাইবি ভ্ৰাতৃৰ সহ শমন সদনে।”
 এত কহি নীৰবিলা বলীন্দ্ৰ-পাবক


 অনিৰ্ব্বেয়—নিৰ্বাপিত কৰিব নোৱৰা।

 বলীন্দ্ৰ-পাবক—মহাবলীৰ ভিতৰত যি অগ্নি সদৃশ। [ ৭৩ ]
 

ৰাঘব। উঠিল পুনঃ সমৰ তৰঙ্গ;
ৰণৰঙ্গে সেনাগণ কৰিলা নিনাদ।
নিন্দিয়া নীৰদ-নাদ। ৰৌৰৱি চৌদিক
বাজিল সুঘোৰ স্বনে ৰাক্ষস-বাজনা।
ঝন্ ঝনি পুনঃ সেনা নিস্কোষিলা অসি
কটিপাশে বিজুলিত চৰ্মকোষ থাকি।
অৰি কৰে নৃত্যমান অসিৰ ফলকে
চকমকি ৰবি কৰ,—চকমকী যথা
উজলে জলদ দেহ,—উজলিলা তথা
নীলবৰ্ণ ৰক্ষোদেহ। নবোৎসাহে ৰণে
আগুৱালে বৈৰীবৃন্দ বিৰূপ মূৰতি।
এক হস্তে বৰ্ম্ম ধৰি এক হস্তে অসি।
উড়িল কলম্বৰাজি ত্যজি ৰাঘবৰ
কাৰ্ম্মূক কালাগ্নি বৰ্ষি আলোকি চৌদিক;
ভেদিলে জৰ্জ্জৰি দেহ যুযুৎসু চমুৰ।
বাণানলে বীৰচূড়া বিমুখিলা সবে
কটাক্ষে; কৰাল মূৰ্ত্তি কৰ্ব্বুৰ কটক
হুইলা ভূতলশায়ী, ধৰাতল শায়ী
যথা তীক্ষ অন্ত্ৰে ছিন্ন ৰম্ভাতৰু শ্ৰেণী।


 নীৰদ—মেঘ। বৰ্ম্ম—ঢাল। চকমকি—চমকৃ কৰি।
 চকমকী—বিজুলী। কলম্বৰাজিশৰ বিক। কাৰ্ম্মূক—ধনু

 যুযুৎসু—যুদ্ধাৰ্থী। চমূৰ-। ৰম্ভাতৰু-কলগছ। [ ৭৪ ]
 

দ্বিসপ্ত সহস্ৰ ৰক্ষসেনা দেহ থাকি
বৰ্ষিত শোণিত, যেন বৰ্ষাৰ বৰ্ষণ,
কৰিলে সমৰক্ষেত্ৰ প্লাবিত; ভাসিল
পড়ি তাত ৰাক্ষসৰ শব ৰাশি ৰাশি,
লোহিত সাগৰে যেন। সব সৈন্য হত;
অকল আহব-স্থলে অশ্ৰপ-প্ৰধান
বলা খৰ; যেন হায় দণ্ডাই শ্মশানে
ছেদিত-প্ৰশাখা-শাখা লাংটা তৰুৰৰ।
দেখিলা ৰাক্ষসশূৰ পুঞ্জ পুঞ্জ পক্ষী।
শগুণ বায়স আদি যত মাংসলোভী
আসিল চৌদিশ থাকি; কৰি কলৰব
খেলিলে কুণপ লই। সশঙ্ক-অন্তৰ।
হলা ৰক্ষোবলী; যেন দেখিলা নয়নে
কৰাল-বদনী কালী সমৰ ৰঙ্গিণী
ভয়ঙ্কৰী, ৰণস্থলে কৰিছে নৰ্ত্তন।
চাৰিভিতে বীৰবৰ নেহালি দেখিলা
সুঘোৰ তিমিৰে যেন গ্ৰাসিছে ধৰণী।
দেখি কীলালপ-নাথে বিকল অন্তৰ,
কহিল আদিত্যকুল-আদিত্য শ্ৰীৰাম,
“কি ফল ভাবনা কৰি এবে ৰক্ষপতি


 শোণিত—তেজ,ৰক্ত। কুণপ—মৃতদেহ।

 কীলালপ—ৰাক্ষস। [ ৭৫ ]
 

আছিল উচিত কৰা ৰণযাত্ৰা আজি
ভাবি ভাবি-ফলাফল। ৰক্ষ-ক্ষয়কাৰী
বৈৰী মোক নিচিনিলি; তুচ্ছিলি দুৰ্ম্মতি!
এই যে দেখিছ তূণ পৃষ্ঠদেশে মোৰ,
অক্ষয়; অসংখ্য অস্ত্ৰ কৰিয়াছোঁ ব্যয়,
অব্যয় তথাপি তূণ; পূৰ্ণ শৰজালে।
পাইছ অন্তৰে ভয়; ইচ্ছা যদি থাকে
ৰণভঙ্গ দিয়া ভীৰু যাহ পলাইয়া
ৰাখি প্ৰাণ; পলাতকে নবধে ৰাঘবে।”
নৰ-ত্ৰাস খৰ, নৰপুঙ্গৰ বচনে,
পালে ত্ৰাস; কিন্তু লজ্জাবশে বীৰবৰ
উত্তৰিলা দম্ভ কৰি, “নডৰে মৰণ
ৰক্ষকুলোদ্ভব এই ৰক্ষকুলপতি।
এই ৰণস্থলে খৰ কৰিব শয়ন
হৃষ্টচিতে; অৰি ভিতে সমৰে তথাপি
নকৰিব, সীতা-প্ৰিয়, পৃষ্ঠ প্ৰদৰ্শন।”
 এত কহি সুবিক্ৰমে বীৰ ধুৰন্ধৰ
ধৰিলা ধনুক ক্ৰোধে; পুঞ্জ পুঞ্জ শৰ
কৰিলা বৰ্ষণ ক্ষণে ঢাকিয়া গগণ।
শীঘ্ৰ হস্তে তীক্ষ্নতেজী শৰগণ যুৰি
মাৰিলা ৰাঘব, যেন কৃষানুকলাপ


 কীলালপ—ৰাক্ষস। ধুৰন্ধৰ—শ্ৰেষ্ঠ। [ ৭৬ ]
 

উড়িল আকাশ পথে। ৰক্ষোনৰ-শৰে
আলোকিলে শূন্যস্থল অগনি উগাৰি।
মৃগেন্দ্ৰ মৃগেন্দ্ৰ সঙ্গে ৰণৰঙ্গে অতি,
কিম্বা কৰীপতি মত্ত কৰীপতি সহ
যুজে যথা বনমাজে; ভূতলে শ্ৰীৰাম
বীৰেন্দ্ৰ-কেশৰী, ৰথে ৰক্ষোৰথী খৰ
বীৰকুল-অগ্নিশিখা, যুজিলা সিমতে।
কোহোঁ নহে ন্যূন ৰণে। লৰিলা ধৰণী;
ডৰিলা দেবতা শূন্যে, নাগ নাগলোকে;
কঁপিলা আতঙ্ক পাই সুদূৰে জলধি।।
অনন্তৰ ৰঘুবৰ ৰক্ষোৰথ ধ্বজ
কাটিলা; কাটিলা অষ্ট অশ্ব ৰথবাহী;
পড়িলা ভূতলে খৰ লক্ষি শীঘ্ৰগতি।
ঢুকাল ৰক্ষৰ অস্ত্ৰ; ধৰি বৃক্ষাবলী
বৰষিলা ভীমবাহু; ব্যৰ্থ হুয়া সব
ৰাম শৰে, খণ্ড খণ্ড পড়িল ভূতলে।
বাণে জৰ্জ্জৰিত খৰ, ৰক্তস্ৰোত বহে
শৰীৰে; দণ্ডাই বীৰ চাৰিভিতে চায়;
নিৰুপায়, অস্ত্ৰ নাই; নখদন্ত হীন
কেশৰী যদ্ৰূপ। ৰুষি ধাইলা সবেগে
ভীমৰূপ ধৰি শূৰ গ্ৰাসিবে ৰাঘবে।
ভৃগুপতি-গৰ্ব্ব-খৰ্ব্বী ৰাঘব খৰ্ব্বিলা

[ ৭৭ ]

ৰাক্ষস বিক্ৰম; বাণে ভেদিলা ৰক্ষৰ
ধাবমান বক্ষঃস্থল; গিৰিচূড়া সম
পড়িলা ভূতলে অৰি কৰি আৰ্ত্তনাদ।
কঁপি গল ধৰাধৰ ধৰণী সাগৰ।
উড়িল পৰাণ বায়ু; শৱে পৰিণত
হল বীৰেশ্বৰ খৰ,—মূহুৰ্ত্ত আগেয়ে
যুজিছিলে যেহি বলী, তেজে বৈশ্বানৰ।
নুমাল ৰাক্ষস-শিখা; দণ্ডক কানন
নৰাস্ত্ৰে অখৰ হল; পাতলিল ধৰা।
 নিৰ্বিঘ্ন দণ্ডকবন এতকাল পৰে।
বিষ্ণু অংশে অবতীৰ্ণ ৰাম ৰঘুমণি
বিধ্বংশ ৰাক্ষস-বংশ কৰিলা ক্ষণকে
দণ্ডকে। দেবতাগণ,—দেব-ৰিপুদল
দলিত দেখিয়া—, হৰ্ষে প্ৰশংসি ৰাঘবে,
শুনাইলা দেব-বাণী, “ধন্য মহামতি!
ৰবিকুলে পদ্ম তুমি ৰক্ষ-হুতাশন;
সাধিলা সুৰৰ শুভ, সুৰগণ-অৰি
বিনাশি কৰ্ব্বুৰ দলে। বৈদেহী-বিলাসী!
আশিসে ত্ৰিদিববাসী তোমাক উল্লাসে।”


 ‘বাণে ভেদিলা....বক্ষস্থল’—ধাবমান ৰক্ষৰ বক্ষঃস্থল বাণেৰে ভেদ কৰিলো। ‘সুৰগণ-অৰি বিনাশি কৰ্বৰ দলে’—সুৰগণ-অৰি কৰ্ব্বুৰ

দলক বিনাশ কৰি। আশিসে—আশীৰ্ব্বাদ কৰে। [ ৭৮ ]
 

শুনি দেব-বাণী বীৰ যুৰি দুই কৰ
উত্তৰিলা উৰ্দ্ধমুখে নিৰীক্ষণ কৰি
অন্তৰীক্ষে, “হে দেবতা অন্তৰীক্ষবাসী,
ক্ষুদ্ৰ ৰাম নোহে তুল অতুল সংগ্ৰামে
ৰাক্ষসৰ; তুমি সব দীনে অনুকূল,
সেহি হেতু জয়ী দাস ঘোৰ ৰক্ষোৰণে।
ধৰে ভৃত্য শিৰ নমি দেব-আশীৰ্ব্বাদ।”
বাজিল দুন্দুভি ঢাক কুৰুলি দগৰ
শঙ্খ ঘণ্টা কৰতাল দেববাদ্যগণ;
নাচিলা অপ্সৰী ৰঙ্গে; ৰাঘবৰ শিৰে
বৰ্ষিলা ত্ৰিদিববাসী পুষ্প ৰাশি ৰাশি।
চলিলা গৃহাভিমুখে ৰঘুকুল-কৰী
ধৰি ধীৰগতি, যথা ধীৰ গজপতি।
 কুটীৰে মূৰ্চ্ছিতা সীতা। সেনা কলকলি,
অস্ত্ৰাৱলী ঝন্‌ঝনি, অৰি বাদ্য নাদ
অদূৰে সমৰস্থলে, পশিল শ্ৰৱণে
জানকীৰ। মেঘনাদ জিনি ৰাক্ষসৰ
আতাহ আহবে অতি শ্ৰুতি ভয়ঙ্কৰ
বধিৰিলে সতী-শ্ৰুতি; নেত্ৰ ঝলসিলে
তেজোময় অস্ত্ৰ-প্ৰভা, ক্ষণপ্ৰভা সম।


 নিৰীক্ষণ—দৰ্শন। অন্তৰীক্ষ—শূন্য, আকাশ। অনুকুল—সদয়।

ত্ৰিদিব—স্বৰ্গ। বধিৰিলে—কলা কৰিলে। ক্ষণপ্ৰভা—বিদ্যুৎ। [ ৭৯ ]
 

আতঙ্কে ৰাঘব-প্ৰিয়া যেন বিভীষিকা
দৰশিলা মুহুঃ মুহুঃ; হৰিল চেতনা;
চিন্তিত সুমিত্ৰা-সুত সীতাৰ কাৰণে।
অনন্তৰে দেব-বাদ্য সুমধুৰ ধ্বনি।
ধ্বনিলে ধনীৰ কৰ্ণে, মধুৰিলে যেন
দেহময়, দূৰি ভয়। লভিলা চেতনা
সুবচনী; দৰশিলা নয়ন উন্মীলি
সম্মুখে দণ্ডায়মান আৰ্যকুল-মণি।
পাইলা জীৱন সতী মৃতদেহে যেন;
নিঃসৰিল নেত্ৰ-নীৰ; নীৰজ-নয়নী
কান্দিলা নিৰখি ক্ষত পতি কলেৱৰ
অৰি অস্ত্ৰে; দেহময় ৰঞ্জিত ৰুধিৰে।
প্ৰণমি পতিৰ পদে পতি-প্ৰমোদিনী।
ভাধিলা মধুৰ, “নাথ! অধীনা তোমাৰ
বঁচালা; জীৱন্তে মৃত্যু লভিছিলে দাসী।
বক্ষ অস্ত্ৰাঘাতে দেহি সুকোমল দেহ
ক্ষত আজি; বয় ৰক্ত ৰক্তি কলেবৰ;
এত কষ্ট তব প্ৰভু! হায় অভাগিনী
কিয় নমৰিলোঁ আমি শূৰ্পনখা গ্ৰাসে।”
 কান্দিলা জনক-কনী; পড়িল লোতক
তপ্‌ তপ্‌ বক্ষঃস্থলে; বক্ষোজ-বসন।


 কনী—দুহিতা। বক্ষোজ—পয়োধ, স্তন। [ ৮০ ]
 

তিতিল, ভেদিয়া বস্ত্ৰ উদিল সুপ্ৰভা।
হাসিলা ৰাঘব মৃদু; কহিলা মৰমি
বনিতা-চিবুক ধৰি, “যন্ত্ৰণা আমাৰ
দেখি তব ইন্দু মুখ, ইন্দু নিভাননি!
দূৰিল; থাকে কি কষ্ট অমৃত মিলনে?”
মছিলা নয়ন-নীৰ নৃপকূল-নিধি
প্ৰিয়াৰ; হাসিলা হৰ্ষে সীতা সুহাসিনী;
মছিলে উদিয়া ৰবি নিশিৰ নিয়ৰ
সবোজিনী নেত্ৰে, যথ। হাসে সৰোজিনী।
 লভিলা দণ্ডকবাসী ৰাক্ষস-সমূহ।
সংহাৰ সংগ্ৰামে ঘোৰ, দেখি শূৰ্পনখী
মানিলা অদ্ভুত অতি,—স্বপন সমান—।
দিবে বাৰ্ত্তা লঙ্কাপুৰে,—পাইলে বিনাশ
ৰাক্ষস তপস্বী কৰে, ভক্ষক ভক্ষৰ,
সৰ্প যেন ভেকগ্ৰাসে—, অদ্ভুত কাহিনী
কহিবে ৰাৱণে, দুষ্টা আলোচিলা মনে।
দণ্ডকৰ চতুৰ্দশ সহস্ৰ ৰাক্ষক
নিপাতি আপোন দোষে, বিধ্বংসিবে পাছে
লঙ্কাৰ ৰাক্ষস-বংশ অজেয় জগতে,
শূৰ্পনখা শূন্যভৰে,—যথা বৈনতেয়


 মৰমি—মৰম (স্নেহ ) কৰি। চিবুক—ঠুঁটৰি। বৈনতেয়—বিনতাৰ

পুত্ৰ, গৰুড়। [ ৮১ ]
 

গৰুড়,—কৰিলা গতি সদাগতি বেগে
হই পাৰ পৰাবাৰ, যথা লঙ্কাপুৰী।
অনুশৰী-অঙ্গাঘাতে হল আন্দোলিত
সবেগে অনিল; যথা অনিল-আঘাতে
হোৱে আন্দোলিত বেগে অম্বুধি-জীৱন।
দেখি ভয়ঙ্কৰীৰূপা নিশাচৰী গতি
সবেগে গগণগথে, গগণ-বিহাৰী
পড়িল পতত্ৰীগণ সভয়ে ভূতলে।


 সদাগতি—বায়ু। পাৰাবাৰ—সমুদ্ৰ। অনুশৰী—ৰাক্ষসী।

অম্বুধি-জীৱন—সমুদ্ৰৰ জল। পতত্ৰী—পক্ষী। [ ৮২ ]

তৃতীয় সৰ্গ
(বাৰ্ত্তা)

 সুৰপুৰে সুৰপতি সুৰবৃন্দ লৈয়া
বসে যথা স্বৰ্ণাসনে; কনক লঙ্কাত
সুউচ্চ দ্বিৰদৰদ নিৰ্ম্মিত আসনে,
—খচিত হীৰক হেমে—, পাত্ৰ মিত্ৰ সহ
বসিছে লঙ্কেশ যথা গম্ভীৰ আননে।
সুপ্ৰশস্ত সভাগৃহ,—কান্তি অতুলন,
লেখনী বৰ্ণনাতীত—; স্তম্ভ স্ফটিকৰ;
ৰত্নৰ কুসুম সহ সুবৰ্ণ-লতিকা।
চিত্ৰিতা ঘেডিয়া স্তম্ভ, বিটপীৰ দেহে
ঘেডিয়া ব্ৰততী যথা পুষ্প-ৰত্ন সহ।
মণিময় চন্দ্ৰাতপ,—নভঃস্থল যেন
তাৰাময়,—কৰে শোভা স্বৰ্ণছাদ তলে,
প্ৰকাশি বিমল বিভা উজলিয়া গৃহ।
গ্ৰথিত সুবৰ্ণ-সূত্ৰে সুচিকণ অতি
জালৰ জুলিছে চন্দ্ৰাতপ-চাৰি কাশে,


 দ্বিৰদ—হস্তী। ৰদ—হাতী দাঁত। বিটপী—বৃক্ষ। ব্ৰততী—লতা। [ ৮৩ ]
 

পুঞ্জ পুঞ্জ মুক্তাবলী জিলিকিছে তাত;
দূৰ্ব্বাদল-দলে যথা, বালাৰ্ক কিৰণে,
জ্বিলিকে শিশিৰ বিন্দু বৃন্দ ঊষাকালে।
শ্যাম দূৰ্ব্বাদলে মুক্তা ক্ষণে লোপ পায়
ৰবি কৰে; কিন্তু মুক্তা অলোপ অলয়।
সুৱৰ্ণ জালৰে; হোৱে কৰে তেজস্কৰ।
দুৱাৰে দুৰ্জ্জয় দ্বাৰী ভীষণ আকুতি,
—কৃতান্ত কিঙ্কৰ উৰে যাৰ দৰশনে,—
সদৰ্পে ক্ষেপিয়া পদ ঘুৰে নিৰন্তৰ
নিচ্চোষিত অসি কৰে। কিঙ্কৰ কিঙ্কৰী,
সজ্জিত সজ্জিতা বেশে, কৰ যোড় কৰি
দণ্ডাইছে এক পাশে, ৰাজাজ্ঞা অপেক্ষি
সভয়ে। ধৰিয়া কৰে ধবল চামৰ
হৈম নালে সংগ্ৰথিত, প্ৰফুল্ল আননে,
সিংহাসন দুই পাশে দণ্ডাইয়া ধীৰে
ব্যজনিছে ৰাজদেহ, অপ্সৰী সমান।
ৰূপৱতী দুটী নিত্য-যৌবনা যুবতী।


 দুৰ্ব্বাদল-দলে—দুবৰি বিলাকৰ পাতত।
 শ্যাম দুৰ্বাদলে....তেজস্কৰ—সূৰ্য্যৰ কিৰণত শ্যাম দূৰ্ব্বা বিলাকত নিয়ৰ-বিন্দু ৰূপ মুক্তা ক্ষণকতে লোপ পায়; কিন্তু সুৱৰ্ণ জালৰত থকা মুক্তা লয় লোপ নহয়, কিৰণত তেজস্কৰহে হয়।

 ধবল চামৰ হৈম নালে সংগ্ৰথিত—সোণৰ নালত গথা বগা চামৰ। [ ৮৪ ]
 

ব্যজনে লৰিছে দেহ মৃদু; তাৰ সহ
লৰিছে বিচিত্ৰ বস্ত্ৰ; চমকিছে হাতে
লৰি হীৰাময় বালা! মদন-আলয়
বক্ষোৰুহ যুগ মাজে, (দুই গিৰিচূড়া
মাজে যেন তৰঙ্গিনী বিমল সলিলা),
পডি হেম হাৰাবলী অমূল্য প্ৰস্তৰে
সুৰঞ্জিত, সুখ লাভে হাসিছে উজলি।
সুচিকণ কেশবন্ধে কাঞ্চন-কুসুম
কান্তিছে; কাঞ্চন-লেডি উদ্ধশিৰ তাত,
দেহৰ দোলনে, মৃদু লভিছে কম্পন;
জুলিছে চমকি কৰ্ণে কৰ্ণ-বিভূষণ।
চামৰ ব্যজন লাগি সমীপে স্থাপিত
পুষ্পপূৰ্ণ পুষ্পাধাৰে, কুসুম-কিঞ্জল
পশিছে উডিয়া নাসাৰন্ধ্ৰে, লঙ্কেন্দ্ৰৰ।
ৰম্য সভাগৃহে হেন, মহা পয়োভৰে,
বিশ্বজয়ী বিশ্বশ্ৰবা-নন্দন আনন্দে
বসি উচ্চ সিংহাসনে, মুকুট-মণ্ডিত
দশ শিৰ উচ্চ কবি,—মণি-বিভূষিত
দশ ফণা উচ্চ কৰি যেন ফণীধৰ—,


 বক্ষোৰুহ—স্তন। কেশবন্ধ—খোপা। কাঞ্চন-কুসুম—সোণৰ ফুল

 কান্তিছে—শোভা কৰিছে। কিঞ্জল—পুষ্প ৰেণু। [ ৮৫ ]
 

আলোচিছে ৰাজ কায্য; সভাসদগণ
নতশিৰে ৰাজ আজ্ঞা কৰিছে শ্ৰৱণ।
 হেনকালে সভাস্থলে শূৰ্পনখা আসি
প্ৰবেশিলা আচম্বিতে। উন্মাদিনী প্ৰায়
নিশাচৰী; জবা আখি; সক্ৰোধ মূৰতি;
নাই বেশ ভূষা দেহে; বিশুষ্ক শোণিত
বিৰূপিছে দেহ বস্ত্ৰ। বন বিহাৰিণী
পু প্ৰিয়া গলদেশে, কবৰী বন্ধনে,
নোশোভে কুসুম মালা। বিমুক্ত কব্ৰী;
পৃষ্ঠে স্বন্ধে বক্ষদেশে আউল বাউল
পড়িয়াছে কেশদাম আদব বিহনে,
ছিন্ন ভিন্ন যথা কেশ ভল্লুকীৰ শিৰে।
ভীষণ আকৃতি কৰ্ণ নাসিকা অভাবে,
দেখি সভাসদ দল ডৰিলা অন্তৰে।
হেন বেশে ৰাজ ভগ্নী ৰাজপদ যুগে
নমিলা আসিয়া কান্দি। স্তম্ভিত হইলা
দেখি ভগ্নী দুৰগতি দশনন বলী।
পুছিলা বিংশাক্ষ পাছে, “ইকি শূৰ্পনখা।
সৰ্বনাশ ঘটাইলে কোন পাপমতি,
কহিও সত্বৰে মোক। কোন মৰামৰ,
কিন্নৰ গন্ধৰ্ব কিম্বা, কৰ উত্তোলন
কৰিলে শৰীৰে তোৰ কহিও প্ৰকাশি।

[ ৮৬ ]

ভষ্মে সৰ্ব্বভূক্‌ যথা; কাদম্বে অশনি,
(মৃত্যু পৰশনে যাৰ); পতালে অনন্ত
বিষধৰ যথা; কিম্বা বিষধৰ-ধাৰী।
বৃষভ-বাহন যথা কৈলাস অচলে;
আমি তথা দশগ্ৰীব কালান্তক কাল;
সুৰ-ত্ৰাস হলাহল হৈম লঙ্কাপুৰে।
বিৰোধিলে মোৰ সহ কোন মুঢ়মতি?”
কহোঁতে কহোঁতে কথা ক্ৰুদ্ধ লঙ্কেশ্বৰ;
শৰীৰে উষ্ণিল তেজ; নিৰ্ব্বাপিত যেন,
জ্বলিল পাবক-শিখা দপ্‌ দপ্ কৰি;
লোহিত বিংশাক্ষ মুহুঃ দশাশ্যে ঘূৰিল।
 আৰম্ভিলা ৰক্ষোবালা, “কি কৰো দুৰ্দ্দশা
বিধি বাম ৰক্ষকুলে; নিৰ্ম্মূল সমূলে
সুবিখ্যাত বংশ তব দণ্ডক কাননে।
বৃথায় শঙ্কৰপদ পূজা নিৰন্তৰ
শঙ্কৰ-কিঙ্কৰ বীৰ। তব আৰাধনা,
—আকাঙিক্ষ অভয়—, বৃথা অভয়া-চৰণে
নিত্য নীলোৎপল দানে। ভাণ্ডে ভ্ৰাতৃবৰ।
কেৱল কৃত্ৰিম স্নেহে উমা উমাপতি।


 কাদম্ব—মেঘ। বিষধৰ-ধাৰী—সৰ্পধাৰী মহাদেব।
 বৃষভ-বাহন—বৃষভ যাৰ বাহন, অৰ্থাৎ মহাদেব।

 হলাহল—বিষ। পাবক—অগ্নি। [ ৮৭ ]
 

নহলে কি ৰক্ষোবল দুৰ্ব্বলৰ বলে,
—দুৰ্বল মনুষ্য হাতে—যায় ৰসাতল
দণ্ডকে, দূষণ খৰ বীৰদ্বয় সহ?”
 “কি কহিলি শূৰ্পনখা” উত্তৰিলা শূৰ,
“ধ্বংস ৰক্ষোবংশ বনে? কি কথা কহিলি,
সুদক্ষ দমক দ্বয় বলে মহাবলী
নিহত মানব হাতে? স্বপন সমান
এই বাৰ্ত্তা, ভগ্নি, তোৰ। মৃগেন্দ্ৰৰ দল,
মৃগেন্দ্ৰ পতিৰ সহ, যেন মৃগ হাতে
হাৰালে পৰাণ! বধ্য বধে বধকাৰী!
শুনাইলি অলৌকিক কাহিনী যে আজি।”
 বিস্ময়ে হইলা স্তব্ধ ৰক্ষকুল-নিধি।
উত্তৰিলা সহোদৰা, “নিশিৰ স্বপন।
নোহে ইটো বাৰ্ত্তা মোৰ; কিম্বা উন্মাদিনী
হইয়া উন্মাদ বাক্য নাভাষিছোঁ আমি;
কহিছে ঘটনা যিটো ঘটিছে প্ৰকৃতে।
ত্ৰিজগত-জয়ী বীৰ! ত্ৰিজগত জয়ি,
লভিয়া অতুল কীৰ্ত্তি, বিপুল বিভৱ,
পাসৰিলা ৰাজ কাৰ্য্য। ডুবিয়াছা সুখে


 দমক—শাসনকৰ্ত্তা। বধ্য বধে বধকাৰী—বধ্যই বধকাৰীক বধ কৰে। “ত্ৰিজগত জয়ী বীৰ! ত্ৰিজগত জয়ি’—হে ত্ৰিজগত জয়ী বীৰ

তুমি ত্ৰিজগত জয় কৰি। [ ৮৮ ]
 

বিলাস-বাৰিধি তলে; দব্বোপনিবেশে
কি ঘটিছে, নাই দৃষ্টি; উদধি উপৰে
তৰঙ্গ কলোল ঘোৰ, নাহি দেখে যথা
অতল অৰ্ণবতল-নগ্ন জল চৰে।
বিলাসিনী দল সঙ্গে বিলাস-ভবনে
সদা মত্ত তুমি, শূৰ; মত্ত বন মাজে
কৰিণী সমাজে পশি যথা কৰীবৰ,
পাসৰি আপোন বিঘ্ন ধৃতকাৰী কৰে।
বাহ্য জ্ঞান শূন্য হই, কামিনী-কুহকে
সতত বিভোল তুমি; ভোলানাথ যথা
ভোল যোগে। কিয় হেন বিলাসী-শ্ৰৱণে
নালাগিব বাৰ্ত্তা মোৰ স্বপন সমান?
ভোগ-নিমীলিত নেত্ৰ দেখিও উন্মীলি,
দব্বনাথ। দব্বশূন্য দৰ্ব্বোপনিবেশ;
দণ্ডক মানব শৰে হল ভষ্মৰাশি।”
 সহোদৰা মুখে শুনি ভৎসনা বচন
লজ্জিত ত্ৰিদিবজিত ইন্দ্ৰজিত পিতা,
গৰজিলা সুগম্ভীৰ, “কোন্ নৰকীট,
—ফুলবনে কীট যথা প্ৰবেশি অজ্ঞাতে
ছেদয় কুসুম-বৃন্ত—,পশি বন মাজে


 দৰ্ব্বোপনিবেশ—দৰ্ব্ব (ৰাক্ষস) + উপনিবেশ।

 নিমীলিত—মুদ্ৰিত। উন্মীলি—মেলি। [ ৮৯ ]
 

ক্ষয়িলে ৰাক্ষস দল? না ভাবিলে মনে
আছোঁ কীটক্ষয়ী যম কানন ৰক্ষক?
সমুচিত শাস্তি শত্ৰু পাইব অচিৰে।
মোৰ হাতে। কোৱা ভগ্নি ঘটনা বিবৰি।”
 উত্তৰিলা ৰক্ষোভগ্নী, “পুষ্প আহৰণে
অৰণ্যে সিদিন পশি, ভ্ৰমি বনে বনে
গলে। পঞ্চবটী বন; দেখিলোঁ তথাত
দ্বিনৰ-তপস্বী বসে গোদাবৰী তীৰে,
—শ্ৰীৰাম লক্ষণ নাম, দশৰথ-সুত—।
পিতৃসত্য হেতু ৰাম বল্কল ধাৰণে
খাটে বনবাস; সঙ্গে পত্নী মনোৰমা,
—সীতা নাম—,মহীতলে তৰুণী অতুলা।
সি নাৰী ৰত্নৰ ৰূপ কহিবোঁ কিমতে;
নাপায় ৰসনা ভাবি বাক্য সমুচিত
বৰ্ণিবে সিৰূপ-কান্তি;—বৰ্ণন অতীত—।
সুকোমল দেহ-লতা লাৱণ্য সুন্দৰ,
সুন্দৰী লতিকা যেন বনৰ ভিতৰে;
তপ্ত হেম-বৰ্ণ বৰ্ণ; বদন-সুকান্তি
বিধু-কান্তি সম। ভ্ৰূব যুগে ৰতিপতি
পুষ্পধনু পাতি শৰ যুৰিছে ছিণ্ডিবে
ৰূপসীৰ মনোহৰ পীন পয়োধৰ,
কদম্ব কুসুম কিম্বা জামিৰেল ভ্ৰমে।

[ ৯০ ]

দেখিয়া মম্মথ ভ্ৰম, নয়ন কমল
হাসিছে কোমল দৃষ্টি; কুৰঙ্গিণীকুল
ঘুৰিছে কুটীৰ কাশে সি নেত্ৰ দৰ্শনে।
—কমলে কুসুম ৰাশি—, কমলিনী গলে
শোভে পুষ্প মালা পুঞ্জ। কপৌফুল লেড়ি
ৰঞ্জে ঘেড়ি কৃশোদৰী কৃশলা-বন্ধনে,
কাদম্বিনী শিৰে যথা ইন্দ্ৰ ধনু ভিৰি।
কণ্ঠ কণ্ঠকূনিকা; নিঃসৰে অমৃত,
কহে কথা যবে ধীৰি অমৃত-ভাষিণী;
সেহি সুধাপান লোভে উদে সুধাকৰ
নিত্য নিত্য নিশিকালে সুনীল অম্বৰে।
শুনিয়াছোঁ,—দেবকুলে পৰাৰবি ৰণে,
সুন্দ উপসুন্দ যবে দৈত্যকুলপতি
ৰসিলা বাসবাসনে; ভ্ৰাতৃভেদ হেতু,
(ভ্ৰাতৃভেদে মৃত্যু লেখা, বিধাতা বিধান),
নিৰমিলা বিশ্বকৰ্ম্মা তিলোত্তমা নামে
অপ্সৰী, লইয়া ৰূপ তিল তিল কৰি।
ৰূপ ৰাশি হন্তে যত পাইলা জগতে।
মাৰিলা দেবাৰি দ্বয় দ্বন্দি নিজে নিজে
মোহিত মোহিনীৰূপে; সেহি তিলোত্তমা


 কণ্ঠকূনিকা—বীণা। কণ্ঠ কণ্ঠকূনিকা—কণ্ঠস্বৰ বীণাৰ দৰে।

 বাসবাসনে—ইন্দ্ৰৰ আসনত। দ্বন্দি—দ্বন্দ্‌ কৰি। [ ৯১ ]
 

সীতা নাম ধৰি কিবা জন্মিলা ভূতলে।
কিন্তু কি বিধিৰ বিধি! কণ্টকে কেতকী,
পঙ্কে পঙ্কজিনী, কিম্বা আন্ধাৰ ভূগৰ্ভে
মুক্তা-ৰত্ন যথা; এই ৰমণীৰতন
পতিত অথলে তথা,—ভিখাৰীৰ হাতে।
উদ্ধাৰি কুস্থান থাকি সীতা সুকেশিনী
কৰিবে মহিষীতব লঙ্কাপুৰেশ্বৰী,
(যাক যিহে শোভে) মনে আলোচি চলিলোঁ
কুটীৰ সমীপে। কিন্তু বিড়ম্বিলা বিধি,
ঘটিল কপালে হায়!” কান্দিলা ৰাক্ষসী
হুম হুমি; মছি অশ্ৰু পুনঃ আৰম্ভিলা,
“ঘটিল কপালে মোৰ যি দেখিছ এবে;
বীৰেন্দ্ৰ! নাসিকা কৰ্ণ কাটিলে লক্ষ্মণে।
ৰাজভগ্নী অঙ্গহীনা, ভূমণ্ডল মাজে
বহিল অখ্যাতি ইটো; হাসিব বাসব
শত্ৰু তব, বাসবাৰি! কিয় অভাগিনী
নমৰিল সি দিনতে তপস্বীৰ হাতে।”
 কান্দে শূৰ্পনখা পুনঃ। ভাসি দুকপোল
জৰ জৰ অশ্ৰুজল পড়ে বক্ষঃস্থলে।
সান্ত্বনা বচনে শান্ত কৰি ভগিনীক
কহিলা কৰ্ব্বুৰপতি, “কহিও কনিষ্ঠে!


 বাসবাৰি—ইন্দ্ৰৰ শত্ৰু, অৰ্থাৎ ৰাৱণ। [ ৯২ ]
 

কি ঘটিল অনন্তৰে। কহিলোঁ তোমাক
কৰিবোঁ দণ্ডিবে ৰিপু উচিত বিধান।”
 ৰাজাৰ প্ৰতিজ্ঞা শুনি, বুলিবে লাগিলা
ৰাজ-সহোদৰা, “তব হাতে ৰক্ষোমণি!
ৰক্ষকুল শত্ৰু যদি সামান্য মানব
নাহি পায় প্ৰতিফল; তোমাৰ বিদ্বেষী
দেবতা হাসিব দিবে; হাসিব জগতে
যতেক ভূপতিগণ; বীৰকুলপতি!
ৰহিব কুখ্যাতি খ্যাত কীলালপ কুলে।
 “দিলে বাৰ্তা অনন্তৰে দণ্ডকে আসিয়া;
পঠালে দূষণ খৰ চৌধ নিশাচৰ
শাস্তিবে শত্ৰুক; কিন্তু তপস্বীৰ বাণে
লভিল নিমিষে মৃত্যু দ্বিসপ্ত কৰ্ব্বুৰ।
ৰুষিলা দূষণ খৰ ইসম্বাদ পাই;
সাজিলা অন্তিবে অৰি; দ্বিসপ্ত সহস্ৰ
চলিলা বাহিনী সঙ্গে ৰণ-ৰঙ্গে; নাদি
ঘন-নাদে, পঞ্চবটী বেড়িলা সৰোষে।
কিন্তু কি আশ্চৰ্য্য, দাদা, ক্ষুদ্ৰতণু ৰাম,
—সমৰে শমন মূৰ্ত্তি— মৰ্দ্দিলা মুহূৰ্তে
অসংখ্য অনীক অস্ত্ৰে; ৰক্ষপতি দুই
যুজিয়া বিস্তৰ মত্ত মাতঙ্গ বিক্ৰমে,


 দিবে—স্বৰ্গত। কীলালপ—ৰাক্ষস। অনীক—সেনা। [ ৯৩ ]
 

এৰিলা ঐহিক দেহ; একে একে পড়ি
শুইলা সমৰ স্থলে। বাজিল আকাশে
দেববাদ্য ৰাম জয়ে; পুষ্প বৰিষণ
কৰিলা আনন্দে সুৰ নৰ-শূৰ শিৰে;
মুদিলোঁ লাজত আখি অৰিৰ আনন্দে।”
 শুনি শূৰ্পনখা বাণী, আলক্তিয়া আখি
গৰ্জ্জিলা ৰাৱণ কোপে, “কি কহিলি ভনি!
ৰক্ষকুল ক্ষয় দেখি আদিতেয়গণ,
শৃগাল পালৰ সম, দিলে হুৱা ধ্বনি
উল্লাসে? বজালে বাদ্য ৰক্ষোৰিপু জয়ে?
দেখিবোঁ দেবতা সবে, দেখিবোঁ বাসবে।
মেঘনাদ সহ ৰণে মেষপাল যেন
পলাল সবেও; লাজ নহল। ইবাৰ
সুৰৰ সুৰস ৰক্ত শুষি অস্ত্ৰানলে
খণ্ডাইবোঁ তেজ; লণ্ডি ভণ্ডি সুৰপুৰী,
অবৰোধে অবৰুদ্ধ কৰিবো সবাক;
খটাবোঁ কিঙ্কৰবৎ স্বৰ্ণ লঙ্কাধামে।
আৰু ই প্ৰতিজ্ঞা,—দিবোঁ আনিয়া লঙ্কাত
দাসী কৰি দেবেন্দ্ৰাণী দৰ্ব্বেন্দ্ৰাণী পদে।


 আদিতেয়গণ—অদিতিৰ পুত্ৰ বিলাক, অৰ্থাৎ দেবতা বিলাক।
 অবৰোধে—কাৰাগাৰে।

 দৰ্ব্বেন্দ্ৰাণী—(দৰ্ব্ব+ইন্দ্ৰাণী) ৰাক্ষসৰ ঈশ্বৰী, অৰ্থাৎ মন্দোদৰী [ ৯৪ ]
 

যাহ ভৃত্য বক্ৰমুখ! যা চলি সত্বৰে
আন্ ৰথ সজ্জা কৰি সাৰথি সহিত,
যুৰি তুৰঙ্গম তেজী। সাধোঁ উপস্থিত
কাৰ্য্য আগে; বিদলিবোঁ পৰে দেবদলে।
 ৰাজাজ্ঞা পাইয়া, ৰাজপদে আজ্ঞাবহ
নমি কৃতাঞ্জলি হুয়া, চলিলা ত্ববিতে
যানশালে; সজাইলা ৰথ মনোৰথ।

 

 আজ্ঞাবহ—ভৃত্য। [ ৯৫ ]

চতুৰ্থ সৰ্গ
(মাৰীচ মন্ত্ৰণা)

 কি গান গাইব লাগে কোনৰূপ সুৰে,
ওস্তাদ বেহালা-বাদ্যে সুমধুৰ কৰি
স্মৰায় প্ৰথমে; পাছে গায়ক গায়িকা,
যন্ত্ৰ-নিনাদিত স্বৰে স্মৰণ লভিয়া।
নিজ কণ্ঠে গায় গীত বেকত কৰিয়া।
ভগিনী-দুৰ্দ্দশা দৰ্শি, শুনি সীতা ৰূপ,
কি কৰিলা অনন্তৰে ৰক্ষকুলপতি,
বীণাস্বৰে দয়া কৰি তুমি, বীণাপাণি!
স্মৰণ কৰাই দিয়া; চেষ্টা কৰি চাহোঁ
গাইবে কাহিনী সিটো আমি মূঢ়মতি।
বন্য মুখ টিঁয়া আমি; জঠৰ ৰসনা,
মুফুটে বচন মুখে; তুমি দয়া কৰি
দয়াময়ি! এহি দীনে হুইয়া সদয়,


 বেকত—ব্যক্ত, প্ৰকাশ। বীণাপাণি—সৰস্বতী।

 জঠৰ—ডাঠ, নলৰা। [ ৯৬ ]

“ৰাধা কৃষ্ণ ৰাধা কৃষ্ণ, কৃষ্ণ কৃষ্ণ ৰাম”
বহুবাৰ শিক্ষা দিলে; মধুময় ইটো
বাণী নাসিলেও মুখে, অপভ্ৰংশ তাৰ
“অধা কীট আধা কীট, কীট কীট আম”
নিঃসৰে বদনে কিবা। নাপালেও, দেবি!
সম্পূৰ্ণ অঘূণ আম; পূৰ্ণ মনস্কাম,
অৰ্ধেক পালেও ফল অৰ্দ্ধ কীটময়।
ভোলা-টিঁয়া বাৰম্বাৰ ভুলে শিক্ষাবাণী,
স্মৰোৱা পুনশ্চ মাতঃ সুশ্বেত-বৰণি।
 মুগ্ধ দশঙ্কন্ধ, শুনি শূৰ্পনখা মুখে।
সীতাৰ অপূৰ্ব্বৰূপ। বিশ্ব-বিমোহিনী
ৰূপৰাশি আসি যক্ষকুলেন্দ্ৰ-নয়নে
ভাসিলা; দেখিলা যেন সুচাৰু হাসিনী
স্বচক্ষে কৰ্ব্বুৰবৰ। সুধাকৰ দেখি
মত্ত কাল বাহু যথা, মত্ত মহাবাহু
সুধাকৰ মুখী-ৰূপে; বাঢ়িলেক লোভ
লোভীৰ, লভিবে লক্ষী শ্ৰীৰাম ললনা।
কিন্তু কি উপায়ে আশা হুই পুৰণ;
ৰাম-সিংহ-বক্ষঃশোভী ৰতন অতুল,
কিম্বা ভুজঙ্গম মণি,—দুৰলভ ধন,


 ‘নিঃসৰে বদনে কিবা’—কিবা জানি মুখত ওলাষ বা আহে।

 সুধাকমুখী-ৰূপে—চন্দ্ৰমুখী সীতাৰ ৰূপত। ললনা—পত্নী। [ ৯৭ ]
 

কিমতে হুইব লাভ ভাবে ৰক্ষপতি।
বিষাদ, হৰিষ, উভে উদিল অন্তৰে।
ৰাজাৰ; বিষাদ—ৰাজ-ভগ্নী অঙ্গহীনা—;
হৰিষ,—জানকী লাভ আশা অঙ্কুৰিতা—
শত্ৰু দণ্ড, ৰত্নলাভ, এককালে দুই
কিমতে সাধিব কাৰ্য্য ভাবি লঙ্কেশ্বৰ
স্থিৰিলা কৰিবে ছলে বৈদেহী হৰণ।
এক কাৰ্য্যে দুই ফল; হৰণে,—ৰমণী
ৰত্নলাভ—; সেহি ৰত্ন বিৰহে বিপক্ষ
মৰিব বিষাদে কান্দি—দণ্ড সমুচিত—।
 অনন্তৰে ৰথ আনি যোগালে সাৰথি।
সুউচ্চ বিমান,—যথা উচ্চ শৃঙ্গধৰ—,
কনকৰ পুষ্প পুঞ্জে ভূষিত; ‘পুষ্পক’
সিকাৰণে নাম তাৰ। অভ্ৰভেদী চূড়
চন্দ্ৰচূড়-শালাকৃতি, দিছে পৰিচয়
ত্ৰিশূলী-ভক্তৰ ৰথ বুলি মৰামৰে।।
দ্বীপ্তিময় চাৰি চক্ৰ; চাৰি পৰিধিত
ৰাখিছে অণুভা-বিভা যেন সুকৌশলে
স্থিৰ কৰি। শ্বেতবৰ্ণ চাৰি তুৰঙ্গম


 উভে—উভৰে। শৃঙ্গধৰ—পৰ্বত। অভ্ৰভেদী....মৰামৰে।’— মহাদেবৰ ত্ৰিশূলৰ আকৃতি গগণভেদী ধ্বজে, মহাদেবৰ ভক্ত ৰাৱণৰ ৰথ

বুলি দেবতা আৰু নৰক পৰিচয় দিছে। অণুভা—বিজুলী। [ ৯৮ ]
 

যোজিত, বিদ্যুতগতি; বিভূষিত দেহ
সমুজ্জ্বল হেম সাজে, হেমবৰ্ণে যথা
ভূষিত ধবল-শৃঙ্গ হিমগিৰি শিৰে
প্ৰভাতে, শৰতকালে মিহিৰ কিৰণে।
পক্ষময় হয়, (শুনি, পাঠক পাঠিকা!
নামানিবা আচৰিত; সম্ভব সকলো
পূৰ্ব্বকালে, ইকালেও কবি কল্পনাত ),
হুয়া সাজু নিজ কাৰ্য্যে, পক্ষ জঙ্কাৰিলা
স্বৰ্ণময়; নিৰ্গতিল সমুজ্জ্বল বিভা;
ববিৰ ৰথাগ্ৰস্থিত যথা অৰুণৰ
বিস্তৃত পক্ষৰ মাজে ৰবি-কৰমালা
নিৰগতে, ঝল্‌ ঝল্‌ বিদ্যুতৰ বিভা।
 উঠিলা পুষ্পক ৰথে ৰক্ষোৰথী বলী
ভগ্নী শূৰ্পনখী সহ। শূন্যপথে বেগে
চলে যান; হৈম চক্ৰ ঘুৰে ঘড় ঘড়ি,
—যেন চাৰি চক্ৰবাণ অগ্নি প্ৰজ্জ্বলিত—
বিকীৰ্ণি কিৰণ মালা দ্বীপ্তি নভঃস্থল।
ডৰিলা দেবেশ দিবে, নৰ নৰলোকে,
পাতালে পন্নগপতি; আতঙ্কে আকুল
ভাবি ৰক্ষপতি কাৰ প্ৰতি প্ৰতিকূল।


 মিহিৰ—সূৰ্য্য। হয়—ঘোঁড়া। চক্ৰবাণ—এবিধ খাৰৰ সজুলি।

বিকীৰ্ণি—প্ৰকাশি, নিৰ্গত কৰি। দিবে—স্বৰ্গত। পন্নগপতি-অনন্ত। [ ৯৯ ]
 

পড়িল ৰথৰ জ্যোতি জলধিৰ জলে
উজলি উদক ৰাশি; উৎকণ্ঠিত ভয়ে
কুম্ভীৰ হাঙ্গৰ নক্ৰ যত জলচৰ।
ডুবিল অতল তলে। দেখি ৰথ গতি,
পত্ৰৰথ দল ত্ৰাসে কোলাহল কৰি
পলাল চৌদিশে উডি। উতৰি অৰ্ণব
লঙ্কাপতি চলি গৈলা, মন্ত্ৰণা-নিপুণ
মাৰীচ, যিবনে বসি,--দ্বেষ হিংসা আদি
পূৰ্ব্ব আচৰণ এৰি—, তপ-ব্ৰতে ব্ৰতী।
আচম্বিত আগমনে লঙ্কাধিপতিৰ
চমকিলা বৃদ্ধ ৰক্ষ; দৰশিলা সঙ্গে
অঙ্গহীনা শূৰ্পনখা, বীভৎস মূৰতি—।
আথে বেথে উঠি শীঘ্ৰে অশ্ৰপ-তাপস
অভ্যৰ্থি পুষ্পকৰথী নৰাশন-নাথে
দানিলা আসন। “পাত্ৰ, নাহি প্ৰয়োজন
আসনে”; কহিলা শূৰ সুৰপুৰ-ৰিপু,
“নোহে বসিবৰ কাল। ক্ৰোধে দুঃখে আজি
আকুল পৰাণ মোৰ। দেখা, মিত্ৰবৰ!
শূৰ্পনখা সোদৰীৰ কিৰূপ দুৰ্গতি।
শুনিলো কৰিছে বাস পঞ্চবটী বনে
শ্ৰীৰাম লক্ষ্মণ নামে দ্বি নৰ-তপস্বী


 পত্ৰৰথ—পক্ষী। অভ্যৰ্থি—অভ্যৰ্থনা কৰি। নৰাশন—ৰাক্ষস। [ ১০০ ]
 

বনবাসী; সঙ্গে নাৰী পৰমা ৰূপসী।
গৈয়াছিলা সেহি বনে পুষ্প অন্বেষণে
পুষ্প-প্ৰিয়া শূৰ্পনখা,—স্নেহৰ নন্দিনী
জননীৰ; ৰক্ষকুলে অতি আদৰিণী।
বিনা দোষে ভগিনীৰ পাপিষ্ঠ লক্ষ্মণ
ছেদিলে নাসিকা কৰ্ণ। পাইয়া অকলা
অবলা কৰ্ব্বুৰ-বালা, ইহেন লাঞ্ছনা।
কৰিলে অধম, হায় দাগিলে অখ্যাতি
সুবিখ্যাত ৰক্ষকুলে। হাসিলে জগতে।
সহে কি ইলাজ, মিত্ৰ পঙ‌্ক্তিগ্ৰীব প্ৰাণে?
 এত কহি বিংশভুজ ভূজঙ্গম যেন
ফোপাইলা ক্ৰোধভৰে; নিশ্বাস প্ৰশ্বাসে
বহিল প্ৰবল বাযু। নিস্তব্ধ মাৰীচ।
কহিবে লাগিলা পুনঃ ৰক্ষকুলৰ্ষভ,
“অকল ইমানে নোহে, কৰ্ব্বুৰ-তপস্বি।
নাশিলে তপস্বীৰাম সমস্থ ৰাক্ষস
দণ্ডকত। কহোঁ শুনা,—সূৰ্পনখা মুখে
পাইবাৰ্ত্তা, যুদ্ধযাত্ৰা বনকৰ্ত্তা দুই
বলীন্দ্ৰ দূষণ খৰ কৰিয়া সত্বৰ,
চলিলা অন্তিবে অৰি; চলিলা লগত
অগণ্য ৰাক্ষস চমূ। কিন্তু কি আশ্চৰ্য্য

 পঙক্তিগ্ৰীব—দশানন। [ ১০১ ]
 

সসৈন্যে মানব হাতে দুই ৰক্ষোবীৰ
মুহূৰ্ত্তে লভিলা মৃত্যু। ৰাক্ষস বঞ্চিত।
হইলেক অৰাক্ষস অৰণ্য দণ্ডক।
নডৰিলে নৰে মোক,—মই লঙ্কেশ্বৰ,
যাৰ নামে ত্ৰিভূবন কঁপে থৰ পৰি।
ইন্দ্ৰদম ইন্দ্ৰজিৎ, যাৰ ভয়ে ভীত
ত্ৰিদিব নিবাসী; ভীমবাহু বীৰবাহু,
বাৰণাৰি পৰাক্ৰমী; পাতাল ঈশ্বৰ
মহামায়াময় মহীৰাৱণ প্ৰতাপী;
ভীমকায় অতিকায় অৰি-হুতাশন,
আদি পুত্ৰগণ মোৰ। কুম্ভকৰ্ণ বীৰ,
—যাৰ নাসাপথে গৰ্ভে প্ৰলয় নিশ্বাসে
প্ৰবেশে সাৰথি ৰথী ৰথ গজ হয়।
ৰুষিলে সমৰে; পুনঃ উড়ে তৃণ প্ৰায়
প্ৰবল প্ৰশ্বাস-বাতে,—প্ৰিয় ভাই মোৰ;
আৰু ভাই, বিভীষণ বংশ-বিভূষণ
ভীষণ সমৰী-কুম্ভ নিকুম্ভ সুবলী,
শুম্ভ নিশুম্ভৰ সম বিক্ৰমে; তৰণী,
—তৰণী কৰ্ব্বুৰ কুলে—; ভীষণ দৰ্শন
ভস্মাক্ষ ধূম্ৰাক্ষ আদি লঙ্কা-অলঙ্কাৰ
আছে বীৰগণ যাৰ অজেয় জগতে।
তুমি হেন দক্ষ ৰক্ষ পাত্ৰবৰ যাৰ।

[ ১০২ ]

হেন লঙ্কানাথ মই; নকৰিলে ভয়।
ভিখাৰী নগণ্য নৰে; কৰিলে দুৰ্গতি
ভগ্নীৰ! নাশিলে ৰক্ষ-কটক কুমতি
নিৰ্ম্মূলি দণ্ডকে! কোৱা, হেন অসহন
পাৰে কোন্ কাপুৰুষ সহিব ভূতলে?
চিন্তিও উপায় এবে দণ্ডিবে দ্বন্দীক
দণ্ডক-বিনাশী দুষ্ট,—মাতৃবধী তব—,
তোমাৰ পৰম শত্ৰু; ৰক্ষকুল মান।
কৰা ৰক্ষা, ৰক্ষকুল-বুদ্ধিশিৰোমণি!”
 ক্ষণক স্তম্ভিত থাকি সনম্ৰে মাৰীচ
উত্তৰিলা দশগ্ৰীৱে, “লঙ্কাপুৰেশ্বৰ!
শুনিয়াছে সব বাৰ্ত্তা ইতিপূৰ্ব্বে আমি
ৰাজ ভগ্নী অঙ্গচ্ছেদ ৰক্ষ ক্ষয় বনে।
ঘোৰ অপমান ইটো! ভীষণ লাঞ্ছনা!
নাহি ভুল আত। কিন্তু তথাপি ইদাস
চিৰ অনুগত তব, কৰে নিবাৰণ।
কৰিৰে বিৰোধ, শূৰ, ৰাঘবৰ সহ।
অযোধ্যাধিপতি পঙ্‌ক্তিৰথ ৰথীশ্বৰ
—শুনিয়াছা নাম—,তাৰ তনয় স্বৰূপে
সুপ্ৰসিদ্ধ সূৰ্য্যকুলে, শ্ৰীৰাম লক্ষণ


 ‘চিন্তিও উপায়......দুষ্ট’—দণ্ডক বিনাশী দুষ্ট দ্বন্দীক (বিৰোধ

কাৰীক) দণ্ড দিবৰ নিমিত্তে উপায় চিন্তা কৰা। পঙ্‌ক্তিৰথ—দশৰথ। [ ১০৩ ]
 

বিষ্ণু অংশে অৱতীৰ্ণ। ত্যজি ৰাজ্যভাৰ
পিতৃসত্য হেতু ৰাম আসিয়াছে বনে;
আসিয়াছে সঙ্গে বীৰ সুমিত্ৰা নন্দন
সুধন্বী, সুলক্ষ্মী সীতা শ্ৰীৰাম বনিতা।
নোহে, নিশাচৰনাথ, ৰঘুকূলমণি
যি ভাবিছা মনে তুমি,—তপস্বী মানব—:
ৰামদৰ্প-দম ৰাম অব্জ অজকুলে।
সত্য হেতু বনবাসী, তপস্বীৰ বেশ;
দেহে কিন্তু বিষ্ণুতেজ; অহি দন্তে যথা
থাকে কালান্তক বিষ অদৃষ্ট, অথবা
লুকাইত ইৰম্মদ কাদম্ব উদৰে।
বিবাদিলে তাৰ সঙ্গে, বিষম বিভ্ৰাট
ঘটিব কৰ্ব্বুৰ নাথ! বিৰতি বিৰোধে,
বঁচোৱা ৰাক্ষস-বংশ, বংশচূড়ামণি।”
 দশাস্য কৰিয়া হাস্য মাৰীচ বচনে
উত্তৰিলা, “শিশু সম তব বাক্যে মোৰ
আসে হাসি। হলে বৃদ্ধ বুদ্ধি লোপ পায়,
—সত্য ইটো বুধ-বাক্য—। বাৰ্দ্ধক্যৰ সহ
বোধ হ্ৰাস তব, বৃদ্ধ! নহলে কি তুমি
সামান্য মানুষে বোলা বিষ্ণু অবতাৰ?
নীচ নৰে বিষ্ণুজ্ঞান! বিৰলে বসিয়া


 ইৰম্মদ—বিদ্যুতাগ্নি। বিৰতি—বিৰত হই। [ ১০৪ ]
 

বন মাজে, তপ বলে হেন দিব্যজ্ঞান
লভিলা কি পাত্ৰবৰ? ধন্য তব তপ!
ধন্য তব তপোজাত নৰে বিষ্ণুজ্ঞান!”
 নীৰবিলা বাসবাৰি। দুৰ্ম্মুখ জোকাৰি
কহিলা দুৰ্ম্মুখী শূৰ্পনখী ঠেও ধৰি,
“সি কহিলা সত্য, দাদা! গতবুদ্ধি বুড়া;
প্ৰবীণে নবীন জ্ঞান! বাদ্ধক্যে বালক
হুয়াছে তাপস-ৰক্ষ; শিশু সম জ্ঞান
লভিছে; নহলে কভু বিড়াল তপস্বী
হোৱে কি হণুষ হুয়া? নহলে কি কৰে
নৰে বিষ্ণু বোধ, যেন কাঁহক কাঞ্চন?
তব আজ্ঞা পালি, নৰ-তপস্বীৰ সহ
বিৰোধিলে, কিবা জানি ঘটয় মৰণ,
এই ভয়ে ভীত ভীৰু; কৰে বাঞ্ছা মনে
বাঁচিবে অধিক কাল। নেদেখিছে বুড়া
শিৰে শুভ্ৰ কেশ; মুখে শুভ্ৰ গোফ দাঁড়ি;
শৰীৰে সোতোৰা চৰ্ম্ম; দন্ত দুটী এটী
স্খলিত বদন হন্তে। নুবুজে অবুজ
ইসব সঙ্কেতে যম দিছে যে জাননী।
কি হেতু আসিলা ইটো অকৰ্ম্মাৰ পাশে


 হণুষ—ৰাক্ষস। [ ১০৫ ]
 

ৰক্ষোনাথ? কিবা ফল সাধিব তাপস,
শত্ৰু নামে ভীত যিটো, নৰ-ডৰে ডবে।”
 আকৰ্ণি কৰ্কশ বাণী নিকষা সূতাৰ,
কহিলা সন্তপ্ত মনে তাড়কা তনয়
“জ্ঞান বুদ্ধি লোপ মোৰ, হে ৰাজ-ভগিনি,
বাৰ্দ্ধক্যে, নাহিক ভুল; নিয়তি নিকট,
মৰিবোঁ সত্বৰে। ( দাসে ক্ষমিবা, ৰাজন!
চিৰ অনুগত তব; আছে অধিকাৰ
কহিবে উচিত)। কিন্তু কিহেতু, তৰুণি!
তৰুণ বয়সে তব বুদ্ধিৰ বিলয়
ঘটিল? কহিও,—আৰু গোপনে কি ফল—,
হুইয়া মোহিতা নৰ-তপস্বীৰ ৰূপে,
সাজিয়া মোহিনী কিয় চাহিলা বৰিবে
ধৰ্ম্মনিষ্ঠ ৰিপুঞ্জয় শ্ৰীৰাম লক্ষ্মণে
বিস্তাৰি কুহক জাল? যতন বিফল
দেখি, পাছে ক্ৰোধে কিয় ভীমমূৰ্ত্তি ধৰি
চাহিলা গ্ৰাসিবে সীতা নিৰপৰাধিনী?
বৃদ্ধ আমি, বুদ্ধি লোপ; কিন্তু আচৰিত
কিয় বোধ লোপ তব তৰুণ বয়সে!
তব হেতু বীৰ-কেতু দুই সেনাপতি
সদলে বিনষ্ট বনে। এবে যে কৰিলা।


 আকৰ্ণি—শুনি। নিয়তি—মৃত্যু। [ ১০৬ ]
 

সূত্ৰপাত, শূৰ্পনখা, উচ্ছেদিবে কুল।
উদধি-উৰস-নিধি স্বৰ্ণ লঙ্কাধামে।”
 কৰ্ব্বুৰ-প্ৰবীণ যদি দিলা প্ৰকাশিয়া
ৰহস্য ঘটনা,—যিটো কৰিয়া গোপন
ৰাখিছিলা নিশাচৰী—,হুইলা বিষণ্ণ
বিংশভুজ। ভুজঙ্গিনী যথা নতশিৰা
ঔষধ আঘ্ৰাণে, তথা হল অধমুখী।
উগ্ৰমুখী শূৰ্পনখী সলজ্জ অন্তৰে।
আৰম্ভিলা পুনঃ পাছে ৰাক্ষস-তাপস
চাই ৰক্ষোনাথ মুখ, “ত্ৰিদিব-বিজয়ি!
কৰোঁ নিবেদন দাসে, সম্বৰা বিবাদ
শূৰ ৰাঘবেন্দ্ৰ সহ। প্ৰহস্ত সহিত,
—পৰে কি নপৰে মনে—,গৈছিলা মিথিলা
লভিবে মৈথিলী, ভঞ্জি শিব শৰাসন।
স্বয়ম্বৰে। যেহি ধনু তুলিবে টুটিল
বল তব বিংশ ভুজে, বিংশতি-লোচন!
ভীম ভুজবলে সেহি ধূৰ্জ্জটি-ধনুক।
ভাঙ্গিলা ধানুকী ৰাম অবলীলাক্ৰমে।
পৰশু ধৰিয়া কৰে নিক্ষত্ৰিলা ক্ষিতি
প্ৰচণ্ড পৰশুৰাম, তিনি সপ্ত বাৰ;


 উদধি-উৰস-নিধি—সমুদ্ৰৰ বক্ষৰত্ন। ধূৰ্জ্জটি—শিব। নিক্ষত্ৰিলা—

ক্ষত্ৰিয়হীন কৰিলা। [ ১০৭ ]
 

হতগৰ্ব্ব বীৰগুৰু হেন ভৃগুপতি
ৰঘুপতি কৰে। নোহে সামান্য মানব
ৰাঘব, হে বীৰমণি! তাৰ পৰশনে
অহল্যা হইলা মুক্তা শিলাদেহ এৰি;
শুনিছা ইহেন কৈত অদ্ভুত কাহিনী?”
 মাৰীচ বচনে, স্মৃতিপথে ৰাৱণৰ
উদিল পূৰ্ব্বৰ কথা; গুণিলা মনত
মন্দোদৰী নাথ বীৰ, “গৈছিলো মিথিলা
লভিবে জানকী, শুনি ৰূপৰ জেউতি।
কিন্তু যি কঠিন পণ কৰিলা জনক,
—হৰ-ধনু ভঙ্গ পণ—। আমাৰ কপালে
নঘটিল ৰত্ন লাভ। কোদণ্ড আকাৰ
দেখি চমকিলো। তেও আবদ্ধ আশায়
আটিলো ককালে বস্ত্ৰ; আঙ্কোৱালি আস
ধৰিলো বিংশতি কৰে, দন্ত কডমডি
দশ মুখে; নোৱাৰিলো লৰাব পিনাক
সুমেৰু সমান; দেখি হাসিলা সমাজে;
প্ৰহস্ত যোগালে ৰথ, পলাইলো লাজে।
কিমতে ইহেন ধনু তুলিলে ৰাঘব;
গুণোতে ভাঙ্গিলে তাক। ক্ষুদ্ৰ নৰ দেহে
হেন অসম্ভব বল দিলে কি বিধাতা?”


 কোদণ্ড—ধনু। আস—ধনু। [ ১০৮ ]
 

নিৰখি মাৰীচ মুখ, ক্ষণক ভাবিয়া,
উত্তৰিলা নৈকষেয়, “নকৰিবোঁ ৰণ
ৰাম সনে, পালি বাক্য তোমাৰ, তাপস!
বিধানিবোঁ প্ৰতিদণ্ড শত্ৰুক তথাপি;
হৰিবোঁ বনিতা তাৰ,—অমূল্য ৰতন—।
মণি বিনে ফণী যথা, জল বিনে মীন,
ৰামৰ সি গতি হোক। মায়া জাল পাতি
ভুলাই ৰাঘব দ্বয় নিবা তুমি দূৰি।
গৃহ হন্তে; অৱসৰে হৰিয়া জানকী
তুলি ৰথে শূন্যপথে পলাবোঁ সত্বৰে
নিষ্কণ্টকে। কৰা তুমি উপায় ইয়াৰ।
নাজানিব ৰক্ষ-শত্ৰু নিলে কোনে সীতা;
ভাবিব শাৰ্দ্দূল নতু অন্য হিংস্ৰ প্ৰাণী
কৰিলে ভক্ষণ বনে। জানিলেবা শেষে,
কি কৰিব ৰামে! ৰবোঁ সিন্ধুৰ সিপাৰে।
অলঙ্ঘ্য অৰ্ণব লঙ্ঘি কি শক্তি নৰৰ
হব পাৰ লঙ্কাপুৰে? উদধি ইপাৰে,
(প্ৰাচীৰ বাহিৰে যথা ভীষণ ভল্লুক
হীনবল), নিবাৰিত ৰহিব ৰাঘব;
হইব ৰোদনে সাৰ বৈদেহী বিহনে।”
 মন্দোদৰী-মনমথ-বচন শুনিয়া


 মন্দোদৰী-মনমথ—মন্দোদৰীৰ পতি অৰ্থাৎ ৰাৱণ। [ ১০৯ ]
 

মন্দ মন্দ হাসি সুন্দ-নন্দন সনম্ৰে
কহিলা, “ৰাক্ষস-মায়া নাখাটে বীৰেন্দ্ৰ!
ৰাম পাশে; মায়াভেদী ৰাঘব-লোচন
ভেদিব আমাৰ মায়া; হুইব বিফল
সব বুদ্ধি; ফল মাত্ৰ হেৰুয়াবোঁ প্ৰাণ।
বিষ্ণু অংশ ৰাম; সীতা লক্ষী স্বৰূপিনী
অযোনি-সম্ভবা; শক্তিমন্ত্ৰে শক্তি মিল
পাত্ৰোচিতা পাত্ৰী, যথা বাৰিদে বিদুলী,
পৰশিলে অন্যে কিন্তু মৰণ নিশ্চয়।
হৰিলে মৈথিলী, শূৰ, নাই পৰিত্ৰাণ!
ৰজত প্ৰাচীৰ নিভ অম্বুধি বেষ্টন,
—কৰা যাৰ গৰ্ব্ব—, বীৰ হুইব নীৰম্বু
ৰামৰ শোষক বাণে। ৰঘুকুল পতি
হুই পাৰ শুষ্ক সিন্ধু কৰিব নিৰ্ম্মূল
মূলে কীলালপ-কুল; ৰুধিবে ৰঞ্জিত
হুইব কনক লঙ্কা; জানিবা নিশ্চয়
কৰ্ব্বুৰ গৌৰব-ৰবি ডুবিব সাগৰে।”
 কুপিলা ৰাৱণ শুনি অমঙ্গল বাণী
ৰক্ষোমুখে, “বাৰম্বাৰ শত্ৰুৰ বড়াই,”
কহিলা, কৰিছ তই, ৰক্ষকুলাধম!
তুচ্ছ জ্ঞান কৰ মোক, ৰট অমঙ্গল?”


 সুন্দ-নন্দন—মাৰীচ। কীলালপ—ৰাক্ষস। [ ১১০ ]
 

এত কহি কোষ হন্তে নিষ্কোষিলা অসি
তীক্ষ্ণধাৰ। তৰবাৰি-তৰবৰ-প্ৰভা
চমকিলে নেত্ৰ; যথা চমকে নয়ন।
চকমকি সৌদামিনী, হুইলে নিৰ্গতা
মেঘ হন্তে। মেঘনাদ পিতা গৰজিলা,
“কৰিবোঁ ই অস্ত্ৰে তোৰ মস্তক ছেদন
ৰে ভণ্ড তপস্বি! যাৰ অন্নত পালিত
সতত; অশুভ তাৰ চৰ্চ্চ প্ৰতিবাৰ।
বিপক্ষৰ পক্ষ হুয়া অধম পামৰ?”
 দশশিৰ কৰে দৰ্শি অসিৰ প্ৰকাশ
অশিৰ কৰিব বুলি ভয়ত বিহবল,
গুণিলা মাৰীচ মনে, “বিষম সঙ্কটে
পড়িলোঁ; এফালে ৰাজা ভল্লুক ভীষণ,
আন ফালে ৰামচন্দ্ৰ প্ৰচণ্ড কেশৰী;
বিতুষ্টিবোঁ কোন জনে? মৰণ নিশ্চয়।
বিভক্তিব লঙ্কেশ্বৰ আঘাতে অসিৰ।
শিৰ মোৰ স্কন্ধ থাকি, নাপালিবোঁ যদি
আজ্ঞা তাৰ। যাওঁ যদি ৰাজাদেশ পালি
ছলিবে ৰাঘবে; বাণ অব্যৰ্থ তাহাৰ


 ‘যথা চমকে নয়ন......মেঘ হন্তে—বিদুলী মেঘৰ পৰা বাহিৰ হলে চক্‌মক্‌ কৰি চকুত যেনেকৈ চমক্‌ (বা ঝলক্‌) লগায়। অশিৰ—

মস্তক-শূন্য। [ ১১১ ]
 

ব্যৰ্থিব আমাৰ মায়া, অন্তিব পৰাণ।
মৰণ ধুৰুব আজি; বিকট দৰ্শন
নিকটি, নিয়তি যেন বদন মেলিছে
মোৰ হেতু। হায়, আজি মায়াবী মাৰিচে
মাৰিবে কৰিলা বিধি বিষম বিধান।”
 ভাবিয়া ইৰূপে ৰক্ষ, বিষাদে নিশ্বাসি,
আশ্বাসিলা আপোনাক, “অৱশ্য মৰণ
আছয় জনম পাছে, অজি নতু কালি।
দুদিনৰ আগ পাছে কি লাভ? কি ফল
ডৰি তাক, নাহি যাৰ একান্ত এৰণ?
সংসাৰত ভোগ ইচ্ছা, যত দিন জীয়া,
বাঢ়ি যায়, নাহে টুটি; তাৰ লগে লগে
অনুদিন পাপ বৃদ্ধি। ই পাপ দেহৰ
পতন কুশল শীঘ্ৰ। কিন্তু কাৰ হাতে?
ৰাম, কি ৰাৱণ? ইটো মীমাংসা কঠিন;
লঙ্ঘিবো ৰাজাজ্ঞা, কিম্বা দ্বেষিবোঁ শ্ৰীৰামে?
যাৰ পক্ষাড়ালে থাকি দেব দৈত্য নৰে
নডৰিলোঁ; চিৰকাল যাহাৰ আশ্ৰয়ে
কটালোঁ আনন্দে; হেন ৰাজাৰ আদেশ
নাপালিলে অকৃতজ্ঞ বুলিব জগতে।


 ধুৰুব—ধ্ৰুব, নিশ্চয়। “পতন কুশল শীঘ্ৰ’—শীঘ্ৰ পতনেই মঙ্গল কৰ।

দ্বেষিবোঁ—হিংসা কৰিম। [ ১১২ ]
 

অহিংসু নিষ্পাপ ৰামে,—বিষ্ণুৰ স্বৰূপ—
কিৰূপে বা হিংসা কৰি পাপ-পঙ্ক ৰাশি
লিপোঁ এই পাপ দেহে? হায় ৰে কি কৰোঁ?”
যুক্তিলা তাপস পাছে, “বিষ্ণু অংশে ৰাম
অৱতীৰ্ণ অবনীত; মিলিলে মৰণ
তান হাতে, সৰ্ব্ব পাপ হুইব মোচন।
লঙ্কেশ্বৰ আজ্ঞা পালি হিংসিলে ৰাঘবে,
দ্বিকৰ্ম্ম সাধন হব,—ৰাজাজ্ঞা পালন;
মুক্তি লাভ ৰাম হাতে, বৈকুণ্ঠ বসতি।”
 স্তব্ধ দেখি বহুক্ষণ মাৰীচে, ৰাৱণ
মূৰ্ণিত লোচনে ক্ৰোধে বুলিবে লাগিলা,
“কি ভাবিছ মনে মনে ৰক্ষকুলাঙ্গাৰ?
ধ্যানিছ কি ৰামচন্দ্ৰ ইষ্ট গুৰু তোৰ?
কি কাৰণে নিৰুত্তৰ? পালিবি কি আজ্ঞা,
অবজ্ঞা কৰিবি কিম্বা, কহ ভীৰুমতি!”
“কি কহিবোঁ ৰক্ষপতি,” উত্তৰে মাৰীচ
কৰ যুৰি নমি শিৰ, “ত্ৰিভুবন-ত্ৰাস!
ঘূৰ্ণিত লোচন কুড়ি, দন্ত কড় কড়ি
দশ মুখে, কৰে চকচকী তৰবাৰি,
দৰশি হেৰাল জ্ঞান, উড়িল পৰাণ
দাসৰ। চিন্তোতে হিত, ঘটিল অহিত,


 যুক্তিলা—যুক্তি কৰিলে। [ ১১৩ ]
 

কুপিলা, হে সুৰ-ৰিপু। ৰাঘব বিক্ৰম
জ্ঞাত মোৰ; বাধা দিলোঁ বিবাদে সিহেতু।
বহু পূৰ্ব্বে মিথিলাত গৈয়াছিলোঁ আমি
নষ্টিবে মুনিৰ যজ্ঞ; সেহি কালে ৰাম
ছিলা মাত্ৰ শিশু; হায় কি কবোঁ, ইন্দ্ৰাৰি!
শিশু ইষু বজ্ৰ সম বাজিল হৃদয়ে;
হৰিল চেতন মোৰ; ঘুৰি চক্ৰাকাৰে
অন্তৰীক্ষে, ভাগ্যবলে পলাইলোঁ প্ৰাণে।
জানো আমি ৰাম বীৰ্য্য, ডৰোঁ সিকাৰণে।
নৃপতি নন্দন এবে যুবত; বিক্ৰমে।
বীৰ-গুৰু, নৰ-সিংহ। দ্বন্দোঁ কোন্ প্ৰাণে
তাৰ সঙ্গে? অনিবাৰ্য্য মৃত্যু আজি মোৰ।
তব কৰে, কিম্বা বীৰ ৰঘুপতি বাণে।
চলিও যাইবো; দৰ্শি চৰণ কমল।
শ্ৰীৰামৰ, শীতলিবোঁ নেত্ৰ; তান হাতে
অন্তিয়া ইপাপ দেহ লভিবোঁ সুগতি।”
 সুকেতু-দৌহিত্ৰ যদি ইৰূপে সম্মতি
প্ৰকাশিলা; তুষ্ট হলা কষ্ট ৰক্ষপতি।
নিকষা নন্দন; মন্দ মন্দ মুখে হাসি
কৰিলা কোষস্থ অসি, সঙ্গে প্ৰভাৰাশি
লুপ্ত হল; মেঘে যথা প্ৰবেশিলে শশী


 শিশু ইষু—বালকৰ বাণ। [ ১১৪ ]
 

লুপ্ত হোৱে দীপ্তিমালা প্ৰবেশ সহিত।
পুলকে পৌলস্ত্য-পুত্ৰ প্ৰিয়বাক্যে পাছে
কহিলা তাপসে, “তুমি বুদ্ধিৰ ভাণ্ডাৰ।
নহিলে সহায় তুমি, মায়া-শিৰোমণি!
কিমতে হৰিবোঁ সীতা? নাবিক বিহনে
তৰণী তৰঙ্গাকুল তৰঙ্গিণী শ্ৰোত
অৱহেলি, কেতিয়াবা উজাব কি পাৰে?
তৰণী কেবল আমি; ৰাম-নদ স্ৰোতে
উটি যাবোঁ‌; কি শকতি হবে প্ৰতিকূল
তুমি হেন বুদ্ধিমান কাণ্ডাৰী বিহনে?
মায়া সুনিপুণ তুমি; মায়ায় তোমাৰ
বিমোহিব পাৰা দেব যক্ষ কিন্নৰাদি;
নৰ কি পদাৰ্থ? ব্যৰ্থ কাটিয়া সময়।
নাহি কাম। উঠা ৰথে হুইয়া সহায়,
চলি যাওঁ বেগে বন পঞ্চবটী যথা।”
 সম্বোধিলা শূৰ্পনখা বৃদ্ধৰক্ষে চাই,
“নুহুইবা ৰুষ্ট মোত। শ্ৰদ্ধাস্পদ তুমি;
কহিছোঁ অযোগ্য বাক্য। অবলা বদনে
উচ্চাৰিত অনুচিত বাক্য কথঞ্চিৎ
হোৱে; ক্ষমা দিবা দোষ। ৰক্ষোনাথ সহ
যুক্তি কৰি সমুচিত দণ্ড বিধানিবা
তপস্বীক। চোৱা ভাবি, সামান্য মানবে

[ ১১৫ ]

মুখৰ মুখ্যাঙ্গ ছেদি কৰিলে লাঞ্ছনা!
নোহে কি কৰুণা? কোৱা, কিলাজে সমাজে
দেখাবোঁ কুমুখ মোৰ?” কান্দিলা ৰাক্ষসী
হুক হুকি। ভগিনীৰ অক্ষি-নীৰ মুছি
শান্তাইলা দশানন, “নকৰিবা শোক;
এতোধিক শোক ৰাম পাইব অচিৰে।
যোৱা গৃহে। ৰাজ-ভগ্নী তুমি, শূৰ্পনখা!
কাহাৰ শকতি হেন কৰে অৱহেলা।
তোমাক লঙ্কাত? ভগ্নি যোৱা লঙ্কাপুৰে।”
কহিলা মাৰীচ, “মাই, সম্বৰি ক্ৰন্দন
আনন্দে চলিও লঙ্কা; নিৰানন্দ আজি
কৰিবোঁ তপস্বী নৰে; কন্দাবোঁ তাহাক;
কান্দিব বৈৰীও তাৰ, পৰে লঙ্কাপুৰে।”
 পাইয়া প্ৰবোধ বাণী, নিচুকি ক্ৰন্দন,
প্ৰণমি দোঁহাৰ পদে ৰৌদ্ৰা নিশাচৰী
ধৰিলা লঙ্কাৰ পথ; দস্তিলা মনত
“আনোক জানকী। আগে হুতাহ পলাই
ছিণ্ডিবোঁ কামুড়ি দন্তে সুবলিত নাসা
তাইৰ; খণ্ডিবোঁ আৰু সুকৰ্ণ যুগল।
ভূষিত ভূষণে। পাছে ভুক্ষাই যাতনা,
বৈদেহী অদেহী কৰি থইবোঁ গিলিয়া।”
 চলিলা চৰিবে ৰথে ৰক্ষোৰথী বলী

[ ১১৬ ]

মহাকায়; মহামায় স্তুতিলা হৃদয়ে,
“ৰাৱণ তোমাৰ দাস, দানব-দলনি!
প্ৰাৰ্থে পদে কৰ-পুটে; পূৰ্ণ কৰা আশা।
দিয়া বৰ, হে বৰদে! বাঞ্ছা সিদ্ধি যেন
হোৱে, সাদ্ধি, ই ৰক্ষৰ। ৰমণী-ৰতন,
—সীতানাম—' পাৰোঁ যেন কৰিবে হৰণ
অক্লেশে।” কৈলাস শিৰে হাসি হৈমবতী
হৰপ্ৰিয়া, দিলা বৰ 'তথাস্তু’ বুলিয়া।
শুনি বাক্য নিঃসৰণ বৰদা-বদনে,
নেত্ৰ মেলি জটাধৰ হসিত অধৰ
সুধিলা, “তথাস্তু শব্দ শবদিল মুখে
তোমাৰ; দানিলা বৰ কাক বৰাননি?”
যোগীন্দ্ৰ বচনে সতী নগেন্দ্ৰ নন্দিনী।
উত্তৰিলা কৰ যুৰি, “অন্তৰ্য্যামী তুমি,
কি না জানা ভূতনাথ? ৰক্ষকুল নাথ
বৈদেহী হৰণ বাঞ্ছে; দিলোঁ বৰ তাক।”
উত্তৰিলা বিশ্বেশ্বৰ বিষাদে, “ৰাৱণ
পৰম ভকত মম; পৰম পূজক।
তোমাৰো; নাজানে আনে আমি দুই বিনে
ৰীৰেশ্বৰ। কিন্তু সতি সি বুলি কি হব?
মদগৰ্ব্বে গৰ্ব্বী ৰাজা; ঘটিছে কুমতি;
বিড়ম্বিছে বিধি তাক, নিকট পতন।”

[ ১১৭ ]

কহিলা গিৰিজা, “প্ৰভু! ভাবিলে সিকথা
লাগে ব্যথা। ৰক্ষোবৰ কায়মনে সদা।
পূজে পদে। নষ্ট কিন্তু নিজ কৰ্ম্ম গুণে।
কৰিছে অধৰ্ম্ম বহু; বহু পাপে, ক্ষয়
অনিবাৰ্য্য; অতি কাৰ্য্য নোশোভে কদাচো।
টুটিছে দশাস্য আয়ু; সিহেতু কমলা-
তেজোদ্ভূতা সীতা আজি ইচ্ছিছে হৰিবে
ৰক্ষোৰাজ। ৰাজলক্ষ্মী যায় লঙ্কা এৰি;
সিন্ধু-বক্ষশোভী লঙ্কা ডুবে সিন্ধুজলে।”
 অনন্তৰে উঠি ৰথে মাৰীচ ৰাৱণ।
শূন্যপথে গলা চলি। সুদূৰ সাগৰে
পড়িল কনক লঙ্কা মাৰীচ নয়নে।
স্থিৰ দৃষ্টে মন কষ্টে, পৰিণাম স্মৰি
ভাবিব লাগিলা ৰক্ষ দ্বিপক নেহালি,
“হায় হেমময়ী লঙ্কা মনোহৰপুৰী
জিনিয়া অমৰাবতী! অমৰ বিজয়ী
বীৰদল-প্ৰসবিনি! বিনয়ে বিদায়
মাগিছে মাৰীচ আজি তব পদে নমি
দূৰ হন্তে। শেষ দেখা অধম পুত্ৰৰ;
আশিসি বিদায় তাক কৰিও জননি।
সুনীল বাৰিধি বক্ষে দীপ্ত অলঙ্কাৰ
তুমি লঙ্কা, যথা হায় শশাঙ্ক ভূষণ

[ ১১৮ ]

নীল নভঃ বক্ষে; ভাবি ভাবি-পৰিণাম
(দশ স্কন্ধ দোষে) তব, বিদৰে অন্তৰ।
দেখিও চলিছে দুষ্ট পৰস্ত্ৰী হৰিবে;
—সামান্যা পৰস্ত্ৰী নোহে, লক্ষ্মী স্বৰূপিনী
ৰাঘব বনিতা—; ৰক্ষকুলাঙ্গাৰ ক্ষয়
হুইব; তুমিও মাতা যাবা ৰসাতলে।
সাৰি সাৰি অট্টালিকা,—ৰজত ৰচিত।
কতো, কতো হেমময়; দ্বাৰ সুশোভিত
নানা ৰত্নে, বনৰাজি বন-ৰত্নে যথা;
উড়িছে উপৰে যাৰ পতাকা নিচয়—,
তব অঙ্ক-অলঙ্কাৰ, হুঙ্কাৰ কৰিয়া
প্ৰজ্জ্বলিবে ৰণানল যৱে ৰঘুমণি,
সমভূমি সম সবে পাইব বিলয়।
অতুল অশোক বন,-প্ৰবেশিলে যথা
শোক দুঃখ অন্ত হয়-, নন্দন কানন


 ভাবি পৰিণাম—ভবিষ্যত পৰিণাম। বন-ৰত্ন—ফুল।
 ‘সাৰি সাৰি অট্টালিকা....পাইব বিলয়।’—কতো বিলাক ৰৌপ্যময় কতো বিলাক সুৱৰ্ণময়, যাৰ দুৱাৰ (বন যেনে ফুলেৰে শোভিত) নানা ৰত্নেৰে সুশোভিত, আৰু যাৰ ওপৰত পতাকা বিলাক উড়িছে, এনেকুৱা তোমাৰ কোলাৰ অলঙ্কাৰ স্বৰূপ সাৰি সাৰি অট্টালিকা, যেতিয়া ৰঘুমণিএ হুঙ্কাৰ কৰি ৰণানল জ্বালিব, সমভূমিৰ সমান হই সকলো

বিলাক লোপ পাব। [ ১১৯ ]
 

নিন্দি, শোভে তব ক্ৰোড়ে শ্যামল সাজেৰে;
সলাব সিৰূপ বন, হব মৰুভূমি।
দেবতা বাঞ্ছিত ফল অমৃত সমান
স্ৰৱে যেহি মধুবন; সহস্ৰ সহস্ৰ
ৰক্ষকে ৰক্ষিত, পক্ষী পশিব নাপাৰে
ভয়ে যৈত; ভষ্মভূত, (সৰ্ব্বভুক যথা),
কৰিব কানন সেহি ৰাম কোপানল;
মধু নাম এৰি বন হুইব অমধু।
যি সমুদ্ৰ ৰুদ্ৰৰূপে, ক্ষুদ্ৰ দেহ তব,
বিস্তাৰি সুনীল বাৰি বেষ্টিয়া আছয়
বিধৌতি চৰণ; যিটো সমীৰ মিলনে
পৰ্ব্বত প্ৰমাণ উৰ্ম্মি অলেখ অপাৰ
ধৰে দেহে; নাদে ঘনে ভীষণ হুঙ্কাৰ;
ঘাত প্ৰতিঘাতে কৰি সলিল সফেণ
সলায় সুনীল কায়, ধৰয় ধবল;
শুকাইব সেহি সিন্ধু, অগস্ত্য গণ্ডুষে
যথা; কিম্বা সেতু-বন্ধে লভিব বন্ধন
ৰত্নোদৰ ৰত্নাকৰ ৰত্নৰ সলনি,
কৰ্ব্বুৰ-কুণপ পুঞ্জ বহিব শৰীৰে।”
গুণোতে ইমতে মনে তাড়কা-তনয়,
স্তব্ধ ভঙ্গি ভীমবাহু কহিলা লঙ্কেশ


 কুণপ—মৃতদেহ। [ ১২০ ]
 

মৃদু বাক্যে, “কোৱা, পাত্ৰ! কিৰূপ কৌশলে
লভিবোঁ কৌশল্যা-বধূ, কৌশল্যা-আত্মজ
শূৰে ভাণ্ডি। লভিবে সি দুৰলভ নিধি
উত্ৰাৱল মন মোৰ—যাহাৰ আশায়
আমি আদি কত ভূপ মিথিলা নগৰে
গলোঁ সয়ম্বৰে; কিন্তু ব্যৰ্থ মনোৰথ—।
নহল শকতি ভাঙ্গি আশুতোষ-আস
লভিবে যাহাক; আজি তোমাৰ সহায়ে
ফাঁন্দ পাতি ধৰো সেহি বিহগী-ৰতনে;
কহিও কুহক কিবা আলোচিছা মনে।
যদি লাভ হোৱে সীতা; শীতল মূৰতি
অশীতল হৃদে ধৰি শীতলিবে যদি
পাৰোঁ তব মন্ত্ৰবলে,—সুদীৰ্ঘ বাঞ্ছিত
নব অৰ্দ্ধাঙ্গিনী লাভে—তোমাক নিশ্চয়
পুৰস্কাৰ দিবোঁ ৰাজ্য অৰ্দ্ধেক অক্লেশে।”
 কহিলা তাপস ৰক্ষ ৰক্ষকুলেশ্বৰে
সবিনয়ে, “ত্ৰিনয়ন ত্ৰিনয়ন-প্ৰিয়া
প্ৰীত প্ৰীতা যাৰ প্ৰতি, ত্ৰিলোক-বিজয়ী
লঙ্কা অধীশ্বৰ তুমি; কি অসাধ্য তব?
পুৰস্কাৰ দিবা ৰাজ্য অৰ্দ্ধেক অক্লেশে

---  কৌশল্যা-বনু—কৌশল্যাৰ বোৱাৰী, অৰ্থাৎ সীতা। আস—ধনু।

শীতল মূৰতি—সীতাক বুজাইছে। অৰ্দ্ধাঙ্গিনী—পত্নী। [ ১২১ ]

কহিলা,–অসাধ্য নোহে–; কিন্তু অমাৰীচ
হুইলে অবনী আজি অৰি-অস্ত্ৰাঘাতে,
অৰ্দ্ধ ৰাজ্য পুৰস্কাৰ লইবেক কোনে?
উপায় নাপাওঁ ভাবি, কিৰূপ ছলনা
কৰিয়া ছলিবোঁ ৰামে; সামান্য মায়ায়,
সামান্য মানব ন্যায়, অসামান্য বীৰ।
নুভুলিব। চিন্তি, শূৰ, নাপাওঁ উপায়।”
 চলিছে পুষ্পক ৰথ আশুগতি গতি,
অতিজব অশ্ব যোগে, দণ্ডকৰ দিশে,
বিস্ফাৰিত কৰি বায়ু; বাৰি বিস্ফাৰিয়া
অৰ্ণবে অৰ্ণবপোত যন্ত্ৰযুক্ত যেন।
চলয় নিৰ্দ্দিষ্ট স্থানে ধৰি তীব্ৰগতি।
যান বেগে শো শো শব্দ হুইয়া ধ্বনিত
ক্ৰমশঃ আধিক্য ভাবে পশিল আসিয়া
ঋষ্যমুখাচলে;—যথা বিষন্ন অন্তৰে,
বানৰ সমাজ লই বানৰাধিপতি
সুগ্ৰীব, দোঁৱাই গ্ৰীব, অধোমুখ কৰি
নিন্দিছে অদৃষ্ট নিজ, লভি পৰাভব
বাৰম্বাৰ বালি সহ সুঘোৰ সংগ্ৰামে।
চমকে বানৰ বৃন্দ শূন্যে শব্দ শুনি।


আশুগতি গতি-পবন গতি। অতিজব-বেগবান। যন্ত্ৰযুক্ত

কল থকা। [ ১২২ ]

ঘোৰতৰ। বৃক্ষশাখে শাখামৃগগণ
লাফে লাফে উঠি, সবে দেখিলা নেহালি
আসে এক গোট কিবা অতুল প্ৰতাপে,
যাৰ প্ৰতিঘাতে বায়ু নভঃস্থল যুৰি
স্বনিছে ভীষণ স্বন। বৃক্ষ হতে লম্ফি
পড়িয়া ভূতলে ভীত বৃদ্ধ জাম্বুবান
চলিলা চপলা গতি, নাচায় পশ্চাতে;
কহি গৈলা উচ্চৰাৱে, “পলা পলা সবে
আসিছে বলীন্দ্ৰ বালি কিষ্কিন্ধ্যাধিপতি
প্ৰচণ্ড প্ৰতাপে কোপে; বধিব পৰাণে।”
ত্ৰাসিত সুগ্ৰীব বীৰ শত্ৰু-ভ্ৰাতৃ নামে,
“আগত কৃতান্ত মোৰ; কৰা পৰিত্ৰাণ,
হে বিধি, বিপদে,” বুলি পলাইলা; যথা
মৃগ মৃগৰাজ ভয়ে! নীল বীৰবৰ
নীলবৰ্ণ হুয়া ভয়ে পলালা অন্তৰে;
সমৰ-অনল নল সমল বদনে।
লুকাইলা; ঘন বনে গয় হলা লয়;
গবাক্ষ বিস্ফাৰি অক্ষ লৰিলা সত্বৰে।
ক্ষুদ্ৰ ক্ষুদ্ৰ কপিগণ, শলভ সদৃশ,
চিতিকিলা চতুৰ্দ্দিশে। মল মুত্ৰ ত্যাগি


 শাখামৃগ—বানৰ। 'ঘন বনে গয় হলা লয়’—ডাঠ বনত গয় বানৰ

লুকাল। শলভ—ফৰিঙ্‌ পতঙ্গ। [ ১২৩ ]
 

কোনোবা, কোনোবা ডৰে চেঞ্চাই, আতঙ্কে
উভলেজে পলাইলা; সঙ্কুচিত চিতে
লুকালা কাননে, গৰ্তে, বিটপী কোটৰে।
চিন্তিত হইলা হনু, “লুকাওঁ কিৰূপে?
কৈত স্থান মোৰ হেতু? হৰিণৰ অৰি
হৰিণৰ মাংস যথা; প্ৰকাণ্ড ই দেহ
হল তথা অৰি মোৰ সঙ্কট সময়ে।
বালি নিকালিব প্ৰাণ। পৰ্ব্বত-গহবৰ
পূৰ্ণ কৰি পড়ি থাকোঁ, যি থাকে কপালে।
শুনিছিলোঁ ছিলে শাপ মাতঙ্গ মুনিৰ,
মাতঙ্গ-বিক্ৰম তাৰাপতি কপীশ্বৰ
লভিব মৰণ যদি আসে ঋষ্যমুখে।
ই শাপে শঙ্কিত ৰাজা অচল অঞ্চলে
নাসিছিলা; পৰিত্ৰাণ পাইলা সিহেতু
সুগ্ৰীব, পশিয়া ঐত। মুনি অভিশাপ
হল কি বিফল এবে, তাহাৰ মৰণে?
নহলে কি সাহে বালি আসে মৃত্যু স্থানে?”
 ক্ষণ পাছে পুনৰ্ব্বাৰ ভাবিলা পাবনি
সাহসে কৰিয়া ভৰ, “ইকি দুৰ্ভাবনা
উদিল অন্তৰে মোৰ! প্ৰভঞ্জন পিতা,
অঞ্জনা জননী মোৰ; কি হেতু গঞ্জনা
ৰাখিবোঁ দেবতা-বীৰ্য্যে, কাপুৰুষ সম

[ ১২৪ ]

পলাইয়া? প্ৰজা আমি, কপিৰাজ পদে
নমিবোঁ বিহিত মানে। যদি বীৰেশ্বৰ
তথাপি বিৰোধ কৰে; যুজিবোঁ বিক্ৰমে।
ইন্দ্ৰসুত সূৰ্য্যসুত ভাই ভাই ৰণ।
ঘটিছে অনেক বাৰ; দেখোক এবাৰ
ইন্দ্ৰজ বায়ুজ যুদ্ধ জগতে কৌতুকে।
নাহি লাজ পৰাজয়ে কপিৰাজ হাতে।”
 অনন্তৰে বায়ু পুত্ৰ ভীষণ শৰীৰী
দণ্ডাইলা উঠি; যেন শিখৰী শিৰত
দণ্ডাইলা তুঙ্গ শৃঙ্গ শূন্য স্থল ভেদি।
দেখিলা দশাস্য ঋষ্যমুখাদ্ৰি উপৰে
পৰ্ব্বত প্ৰমাণ কপি স্থিৰ নেত্ৰ কৰি
অপেক্ষিছে আগমন! বালিৰাজ বোধে,
স্মৰিয়া পূৰ্ব্বৰ কথা,—অসীম লাঞ্ছনা—,
দিশান্তৰ লঙ্কেশ্বৰ চলালা স্যন্দন।
বায়ুবেগে; ফিৰি ফিৰি চাহন্তে চলিলা।
 ৰাৱণৰ মন শঙ্কা বুজিলা মাৰীচ;
কহিলা প্ৰকাশি হাসি, “কিষ্কিন্ধ্যাৰ নাথ
নোহে সিটো, দেখি যাক ডৰালা অন্তৰে,
ৰক্ষপতি। কপিপতি,—আছে অভিশাপ—,


 ইন্দ্ৰদুত, ইন্দ্ৰজ—বালি। সূৰ্য্যসুত—সুগ্ৰীব। বায়ুজ-হনুমান।

আদ্ৰি—পৰ্ব্বত। তুঙ্গ—উচ্চ। স্যন্দন—ৰথ। [ ১২৫ ]

নসম্ভবে কদাচিত এই গিৰি শিৰে।
কিন্তু ভাবি দেখা মনে, তুমি বিজ্ঞজন,
ধনুব্বিদ্যা-অনভিজ্ঞ, অবিজ্ঞ প্ৰয়োগে
বাণৰ,—বানৰ হেন বালি বীৰবৰ—,
বৃক্ষ শিলা সাৰ মাত্ৰ; তথাপি টুটিল
তব বিংশ ভুজে বল, তাহাৰ সমীপে;
পাইল অশেষ ক্লেশ লেজৰ বন্ধনে।
ৰণ-বিদ্যা বিশাৰদ, সমৰ-কুশল
কৌশল্যা কুমাৰ সহ কৰিয়া বিবাদ,
—হৰিয়া বৈদেহী সতী—, তাৰ কোপানলে
কিমতে তৰিবা? মহী গৰ্ভে অহিবৎ
লুকালেও নাই ত্ৰাণ। কি কবোঁ অধিক;
ভাবি চোৱা, বীৰমণি, বিজ্ঞতম তুমি।”
 আকৰ্ণি মাৰীচ বাণী কহিলা ৰাৱণ,
“তাৰাপতি-চন্দ্ৰ সম, বালি তাৰা পতি
দীপ্তিমান কপিকুলে। মহা বলীয়ান,
পাৰে উপাৰিবে বীৰ বলে হিমগিৰি।
নকৰিলোঁ হন্তে ভয় তথাপি তাহাক,
নাথাকিলে লেজ তাৰ; পাশীপাশ সম
নেঙ্গুৰ-বন্ধন ডৰোঁ, নড়ৰোঁ তাহাক।


 অনভিজ্ঞ—মুৰ্খ। অবিজ্ঞ—নজনা। প্ৰয়োগ—ব্যবহাৰ। অবিজ্ঞ

প্ৰয়োগে বাণৰ—বাণৰ ব্যৱহাৰ নজনা। বিশাৰদ—নিপুণ। [ ১২৬ ]
 

ৰামত—বালিত আছে ব্যবধান বহু;
ৰাঘব সামান্য নৰ; ইন্দ্ৰ বীৰ্য্যজাত
কপীন্দ্ৰ,—প্ৰদীপোদ্ভুত প্ৰদীপ যদ্ৰূপ
সমতেজী—' তেজী বীৰ জনক সমান।
হল বা ৰাঘব বলী; সি বুলিয়া কিবা।
নলভিবোঁ সীতা, মোৰ নুপূৰিবোঁ আশা?
কণ্টকৰ ভয়ে কোন্ পুষ্প আহৰণে
কুণ্ঠিত? বিৰত কোন্, তৰঙ্গ তৰ্জ্জনে,
ৰত্নাকৰ গৰ্ভ হন্তে ৰত্ন উত্তোলনে?
যত্ন বিনা ৰত্ন লাভ নোহে কদাচিত;
লভিবোঁ কামিনী-নিধি, নিশ্চয় যতনে।

[ ১২৭ ]

পঞ্চম সৰ্গ

( আন্দোলন)

 নোৱাৰে ৰমণীকুল ৰাখিব গুপুতে
গুপ্ত কথা;-কথা যেন সূচি হেন তাড়ে
অন্তৰে—, অন্তৰ থাকি কৰয় অন্তৰ
বেকতি, এদিন নোহে এদিনৰ পৰে।
ৰাম লক্ষ্মণৰ ৰূপে কিৰূপে মোহিতা,
কিৰূপে মুখাঙ্গহীনা, হল শূৰ্পনখা;
কহিত ৰাৱণ গলা, কি মানস কৰি,
কাৰ সঙ্গে; লঙ্কা পশি ইজনী সিজনী
কহিলা ৰাক্ষস-ভগ্নী। জনৰবে পাই
লঙ্কাময় বিয়াপিলে ৰঞ্জিত কাহিনী।
 সৰোবৰে,—কাখে কৰি কনক-কলসী
মধুৰ সুহাসি হাসি মধুৰ অধৰে,
লোচন যুগলে কাঢ়ি যুবদল মন,
মনোৰম কুচ মাজে আসনি মনোজে—,


 কৰয় অন্তৰ—বাহিৰ কৰে। বেকতি—প্ৰকাশি। আসনি—বহুয়াই। মনোজ—কামদেব। [ ১২৮ ]

চলিছে ৰঙ্গিনী দল; নিতম্বৰ ভৰে
উফৰি পড়িব ভয়ে ধীৰে কাঢ়ে খোজ,
চৰি ম’ৰালিনী কিম্বা মাতঙ্গিনী গতি।
শোভিছে ৰজত-প্ৰভ সৰস-সলিলে
ফুটি সৰোজিনী ৰাশি; সৰস-চৌকূলে
গ্ৰথিত বৰফনিভ সুশ্বেত প্ৰস্তৰে,
ফুটিল ক্ৰমশঃ আসি ৰমণী-সৰস-
বদন-কমল বৃন্দ। পদ্মপুষ্প ভ্ৰমে,
(কূলত কামিনীকূল নিৰখি), কৌতুকে
উড়িলা মধুপপুঞ্জ মধুজীবী সদা,
চুহিবে অধৰ মধু জিনি ফুলমধু।
কামিনীৰ কৰে কিন্তু বিতাৰিত হুয়া,
(আশাত নিৰাশ, দেহি!), ভুন্‌ ভুন্ কান্দি
উড়িলা উভতি সবে কমল-কাননে।
 স্থানে স্থানে জুম পাতি দৰ্ব্বাঙ্গনাগণ।
দেবাঙ্গনা সমা ৰূপে ৰাজ-ভগ্নী কথা
উত্থাপিলা। প্ৰকাশিলা বিৰক্তি এজনী,
“বিধবাতে গল দিন; বাৰ্দ্ধক্যে ব্যাকুলা
কাম মদে শূৰ্পনখা, কিনো আচৰিত!


 মৰালিনী—হংসিনী। চৌকূলে—চাৰি পাৰত। ৰমণী-সৰস- বদন:কমল—তিৰুতাৰ ৰসযুক্ত মুখৰূপ পদ্ম। দৰ্বাঙ্গনাগণ—ৰাক্ষসৰ

কন্যা বিলাক। [ ১২৯ ]

বন-বিহাৰিণী গুচি, তপস্বিনী হুব
বাঞ্ছিলা, তপস্বী ভজি। বিধবা সধবা
হব যদি ছিলে মন; জগতে বিচাৰি,
যক্ষ ৰক্ষ দৈত্য কুলে নাপালে কি বৰ;
বসিল তাইৰ মন ভিখাৰী মানবে?”
 উত্তৰিলা অন্য বালা “যাত যাৰ মন
বসে, সখি! তাৰ পক্ষে মদন সমান
সেহি জন। মনে যাক বুলিয়া আপোন
সঁপে প্ৰাণ; তুমি তাক বুলিলে অধম
কি হব? দেখিবা যাক ৰূপবান তুমি,
ৰূপহীন মোৰ নেত্ৰে হয়তো লাগিব।
ভ্ৰমি ৰাজ-ভগ্নী সদা আকাশ পাতাল,
দেখিছে সুৰূপ কত; নহল বিকলা;
হুইলে বিহ্বলা কিন্তু মানবৰ ৰূপে।
অবশ্য আছয় হেতু; কাৰণ বিহনে
নোহে কৰ্ম্ম। ৰাম হুনু হৈমবতী সুত
কাৰ্ত্তিক সদৃশ ৰূপে। অসামান্য ৰূপে
আকৰ্ষিলে বালা মন; চুম্বক প্ৰস্তৰে
আকৰ্ষে যদ্ৰূপ লৌহ। সৃজিলা বিধাতা
ৰূপ দৰশন হেতু নয়ন যুগল;
নফলিল কিন্তু হায় নয়ন-দৰ্পণে
সেহি ৰূপ প্ৰতিৰূপ, যি ৰূপে ভুলিলা

[ ১৩০ ]

শূৰ্পনখা; নেদেখিলোঁ মূৰতি মোহন।”
 আৰু এক বালা পাছে কহিবে লাগিলা
“শুনিছোঁ শ্ৰীৰাম থাকি লক্ষণ উত্তম;
ৰতিপতি মৰি বোলে হৰ কোপানলে
জন্মিলা লক্ষণ হুয়া। অপ্সৰী সদৃশ
নধৰিলোঁ পক্ষ ভুজে; কিম্বা শূন্য গতি,
যথা শূৰ্পনখা ধৰে, নধৰিলোঁ দেহে।
ধৰিলে উড়িলোঁ হয় ঘূৰাবে নয়ন।
নিৰখি মধুৰ ৰূপ। মন হাবিলাষ
ৰহিল মনতে।” আৰু ৰূপসী কহিলা,
 “কি হব থাকিলে ৰূপ? কঠিন হৃদয়
পুৰুষ। পুড়িয়া প্ৰেমে দানব-প্ৰেয়সী
চলিলা বেছেৰী দেহি বৰিবে তপস্বী
পতিপদে। কিনো সিটো নীৰস মানব,
বঞ্চিলে আশাত! কিনো নিৰ্দ্দয় অন্তৰ!
কাটে আকৌ নাক কাণ, হায় হায় দেহি!”
 কহিলা ৰূপসী অন্য, “দোষিলে কি হব
অপৰক? নৈকষেয়া নোহে কিন্তু ভাল।
পৰম দ্বন্দুৰী; সদা কটুৰ বচন
দুৰ্ম্মুখে। কি বুজে প্ৰেম, কি বুজে সাদৰ,


 দানব-প্ৰেয়সী—শূৰ্পনখা; (শূৰ্পনখাৰ স্বামী পূৰ্ব্বে এটা দানব

আছিল)
[ ১৩১ ]
 

কিৰূপে ভুলাব লাগে পুৰুষৰ মন?
গল মুঢ়া ভাৰ্য্যা হুবে পৰ পত্নী বধি!”
 অপৰ সুন্দৰী বোলে, “নহয় নো কি?
ডৰুয়াই কোনে, সখি, মন লাভ কৰে
পুৰুষৰ; প্ৰেম জালে নাবান্ধিলে তাক?
ধীৰ কৰভিনী গতি, নিতম্ব নিটোল,
শিৰত সজ্জ্বিত কেশ, স্ফীত বক্ষস্থল,
অধৰে মধুৰ হাসি, লোচনে কটাক্ষ,
এত অস্ত্ৰ ৰমণীৰ;-বীৰ বৃন্দ যাত
অধীৰ, যোগীন্দ্ৰ মুনি ঋষি ব্ৰতধাৰী
ৰিপুঞ্জয়, পৰাজয়—; সাংসাৰিক ৰাম
লক্ষণ কি বস্তু, সখি, ভাবি চোৱা মনে।
যদিও সুৰূপ ধৰি মায়ায় কৰ্ব্বুৰী।
গৈয়াছিলা; কিন্তু ভীমা নাজানে কৌশল;
কি হব থাকিলে অস্ত্ৰ নাজানে প্ৰয়োগ;
অভাগী অমূল্য ৰত্ন হেৰুয়ালে পাই।”
 হাসিয়া ৰসিকা এক কৰিলা উত্তৰ,
“চলা সবে যাওঁ সাজি পঞ্চবটী বনে;
ৰক্ষোবালা-মন-হৰ ভাই দুই জনে।
দৰশোঁ নয়নে। ধৰে কত বল দেহে


 কৰভিনী—ডেকেৰীহাতী। ৰক্ষোবালা-মন-হৰ—ৰক্ষবালাৰ (অৰ্থাৎ

শূৰ্পনখাৰ) মন হৰণকাৰী। [ ১৩২ ]

দণ্ডক অন্তক দ্বয়, বুজো একবাৰ।
যদিও নাজানো আমি ধনুৰ্ব্বাণ-ৰণ;
মল্লযুদ্ধে সবে কিন্তু নিয়ত নিপুণা;
সদৰ্পে আহ্বানোঁ ৰাজ-ভগ্নী-মনচোৰে
মল্লযুদ্ধে। যুজে যথা বিহগ বিহগী
শালিকা শালিকী, খুটি আচুড়ি বাকুহি
পক্ষাঘাতি, ভূমিতলে বাগৰি যুগৰি;
যুজি তথা, পৰাভবি ভূমিতল-ৰণে,
আনোঁ ধন দ্বয়ে বান্ধি স্বৰ্ণ লঙ্কাধামে।
দেখোক ৰমণী-ৰিপু কত বল ধৰে
ৰমণী, মৃণাল ভুজে; কত বল ধৰে
কৰী-অৰি সম সৰু ৰমণী-ককালে;
বুজোক ৰমণী বান্ধে কিৰূপ বন্ধনে।”
ৰসিকা ৰসিক-বাক্য ৰক্ষোবালাদল
হাসিলা বিস্তৰ। কৰি হাস উপহাস।
ইৰূপে; কনকালুকা কীলাল-পূৰ্ণিত
কাশে কৰি, সবে পাছে গলা ঘৰঘৰি।
 যুবক অশ্ৰপদল সুৰাপান কৰি
প্ৰমোদ ভবনে সবে বসিলা বিভোলে;
বজাইলা বাদ্য কোনো; নাচিলা হাসিলা


 ‘ৰমণী-ৰিপু -ৰাম লক্ষ্মণক বুঝাইছে। কনকালুকা-সুবৰ্ণ কলসী

কীলাল-হল। অশ্ৰপৰাক্ষস। [ ১৩৩ ]

গাইল বা কোনো; কোনো কৰিলা বিবাদ;
কোনোএবা সুৰাপানে দিব্য জ্ঞান লভি
প্ৰণমিলা সুৰেশ্বৰী ভূমিতলে পড়ি।
কহিলা ৰাক্ষস এক, “শুন ভাই আজি
শূৰ্পনখা কথা লই মহা আন্দোলন।
পড়িছে লঙ্কাত। হুনু তপস্বী মানব,
(লক্ষ্মণ তাহাৰ নাম), বলে ধৰি নিয়া
বনত একলা পাই ৰাজ-ভগিনীক,
চাহিলা কৰিবে পত্নী। নুহিলা সম্মতা
শূৰ্পনখা। ক্ৰোধে নৰ দণ্ডিলা তাহাক।”
কহিলা অগিৰ অন্য, “কহিত শুনিলি
হেন অযথাৰ্থ কথা? প্ৰকৃত ঘটনা।
শুনিও কহিবো আমি যি শুনিলো কাণে
যুবতীদল বদনে সৰোবৰ ঘাটে।
আছিলা যৌবনকালে পৰমা সুন্দৰী
নিকষা; ভুলাই বিশ্বশ্ৰবা তপোধনে


 সুৰেশ্বৰী—সুৰা-ৰূপা দেবী। অগিৰ—ৰাক্ষস।
 লঙ্কাৰ পৰা খেদাখাই মাল্যবান আদি ৰাক্ষস বিলাক পাতালত আছিল; বিশ্বশ্ৰবাৰ পুত্ৰ কুবেৰে পাছত শূন্য লঙ্কা অধিকাৰ কৰিলে। মাল্যবানে সহিব নোৱাৰি নিজ কন্যা নিকষাৰ দ্বাৰাই বিশ্বশ্ৰবাক মোহিত কৰি তেওঁৰ ঔৰসে নিকষাৰ গৰ্ভত ৰাৱণ আদি পুত্ৰ জন্মালে।

ৰাৱণে কুবেৰক খেদি লঙ্কা উদ্ধাৰ কৰিলে। [ ১৩৪ ]
 

তপোবনে, নিজৰূপে; বৰমাল্য দিলা,
মাল্যবান-আজ্ঞা পালি,—জনক তাহাৰ—।
মুনিৰ ঔৰস জাত ৰক্ষপতি কালে
উদ্ধাৰিলা লঙ্কা, বলে খেদিয়া কুবেৰে।
জননী দৃষ্টান্ত অনুসৰি শূৰ্পনখা।
ইচ্ছিলা তপস্বী পতি; মনে আশা কৰি
তপস্বীৰ বীৰ্যে কিবা দশকণ্ঠ সম
জন্মে পুত্ৰ মহাবলী। কুৰূপ সলাই
মায়াবলে মায়াবিনী সাজিলা ৰূপসী,
ভুলালা লক্ষ্মণ ৰামে। দ্বন্দিলা দুভাই
মোহিত মোহিনী ৰূপে; সুন্দ উপসুন্দ
বিবাদিলা মুগ্ধ যথা তিলোত্তমা ৰূপে।
দেখিলা বিভ্ৰাট সীতা, নিয়ে ভুলাইয়া
নিজপতি মায়াবিনী; কাটিলা কৌশলে
শূৰ্পনখা-অঙ্গ সতী, বদন বিৰূপি।
মহা বুদ্ধিমতী নাৰী ইৰূপে শাস্তিলা।
ৰাক্ষসীক; আৰু পতি দেৱৰে ৰাখিলা।”
 উত্তৰিলা অন্য ৰক্ষ খল খল হাসি,
“শুনিলি তোহঁতে যি যি, সব কথা মিছা।
তপস্বীৰ ৰূপে ভুলি নিজে আপদিনী


 দশক—ৰাৱন। বিৰূপি—কুৎসিত কৰি।

 দেৱৰ-সীতাৰ দেওৰ, অৰ্থাৎ লক্ষ্মণ। [ ১৩৫ ]
 

চলিলা হুইবে পত্নী। যুবত দুভাই;
শূৰ্পনখা বুড়ী কিন্তু, বিভীষণ বড়;
ৰূপো অনুপম অতি, কৃতান্ত-কিঙ্কৰী ,
দেখি যাক হাৰ মানি ডৰিয়া পলায়।
কাকুতি মিনতি যত কৰিলা কামুকী,
হুইলে বিফল সব; তাহাৰ কুহকে
নুভুলিলা দুই ভাই। পাই অতি লাজ
কলঙ্কিনী, অভিমানে ধিক্কাৰে কাটিলা
নিজে নিজ অঙ্গ; এবে নৰে বাদ দিয়া।
মিছা অভিযোগে ক্ৰুদ্ধ কৰিলে ৰাজনে।”
 “দেখা দেখা ভাই,” কহে অন্য এক জন,
“দেখা শূৰ্পনখা কথা! নিজে নাক কাণ
কাটি, দিয়ে অন্যে বাদ ভীমা নিশাচৰী!
কোনে বুজে বিশ্বমাজে ৰমণীৰ মন?
দেখাত কোমল যেনে ৰমণী-আনন,
মন কিন্তু নোহে তেনে। কোনে পায় মন
ৰমণীৰ? নীৰজিনী অতীব কোমলা;
অন্তৰ কি হয় তেনে? শক্ত বীচিমালা
থাকে গৰ্ভে; ৰস তাৰ নাপায় ভ্ৰমৰে।
প্ৰভাময় ৰমণীৰ বদন-কমল,


 বীচি—গুটি। [ ১৩৬ ]
 

অন্তৰ আন্ধাৰ কিন্তু; যথা দীপ-শিখা।
প্ৰভাময়, তলভাগে আন্ধাৰ চকলা।”
 দন্তবক্ৰ ৰাজভৃত্য কহিবে লাগিলা
অতঃপৰ, "ৰাজ ক্ৰোধ আজি সভাতলে
কি ভীষণ! মেঘ-মন্দ্ৰ জিনিয়া গৰ্জ্জন
শুনি চমকিল প্ৰাণ; সভাসদগণ।
কঁপিলা সভয়ে সবে থৰ থৰ থৰে।
সহোদৰা বাক্যে ৰাজা মহাকোপ বেগে
চলিলা হৰিবে সীতা দিলোঁ ৰথ আনি।
দুৰভাগ্য মোৰ; মোক নিনিলা লঙ্কেশ
সঙ্গে; নেদেখিলোঁ সীতা অপৰূপ ৰূপ;
নেদেখিলোঁ, শূৰ্পনখা বুলিলা যাহাক
মৰতে মানবী-ৰূপা অমৰী সুন্দৰী।।
চলিও প্ৰাচীৰে সবে থাকোঁ দণ্ডাইয়া,
দেখিবোঁ আসোঁতে পথে স্যন্দনে সুন্দৰী,
নেদেখিবোঁ আৰু প্ৰবেশিলে অন্তঃপুৰে।”
 শ্ৰীৰাম লক্ষ্মণ সীতা আৰু শূৰ্পনখা।
এই চাৰি জন নাম হল মুখে মুখে।
লঙ্কাপুৰে। অন্তঃপুৰে পুৰ-সুশোভিনী;
সভাতলে সভাসদ; দুৱাৰে দুৱাৰী;
সৈন্যক্ষেত্ৰে সৈন্যদল; প্ৰাচীৰে প্ৰহৰী;


 মৰতে—মৰ্ত্ত্যে। [ ১৩৭ ]
 

গৃহে গৃহী; পথে পথী; কুসুম-শয্যাত
দম্পতী; বিবিধ স্থানে বিবিধ প্ৰকাৰে
লঙ্কাপুৰবাসীগণ কৰিলা আলাপ।
পঞ্চবটী অঘটন,—ৰঞ্জিত ৰটনা—।
গাইলা বালিকা দল মিলি ঠাই ঠাই,
“নাক কাটী কাণ কাটী শূৰ্পনখা বাই
দেখি ধাতু যায়।” হৰ্ষে গাইল বালক,
“অনঙ্গ মোহন ৰূপ ধৰে দুই ভাই।”
 শূৰ্পনখা যেহিৰূপে ৰাজাৰ সমীপে
বৰ্ণিলা জানকী ৰূপ; অন্তঃপুৰে গই
ৰাণী মন্দোদৰী আগে বৰ্ণিলা সিৰূপে
বাজ-চামৰিণী দ্বয়। শুনিলা মহিষী
তদন্তৰে দুতীমুখে, কৰ্ব্বুৰ-ঈশ্বৰ।
কৰ্ব্বুৰ-তাপসে লই, পঞ্চবটী বনে
চলিলা হৰিবে সীতা। চিন্তিলা অন্তৰে
বিষাদে বিশাল নেত্ৰী লঙ্কা-অধীশ্বৰী,
“এত দিনে অন্তভোগ! বিলুপ্ত হবলা
মুখ্যাৰাণী নাম মোৰ; ঘুৰিল অদৃষ্ট!
হোৱে কিবা নৰ-পত্নী পুৰ-পাটেশ্বৰী!
উপজিলা শূৰ্পনখা খ্যাত ৰক্ষকুলে
কাল ভুজঙ্গিনী। হায়, নিকষা শাশুড়ী


 অঘটন—দুৰ্ঘটনা। [ ১৩৮ ]
 

কি কুক্ষণে কুলক্ষ্মিণী ধৰিলা গৰভে!
ইহেন দ্বন্দুৰী নেদেখিলোঁ ভূমণ্ডলে;
বিবাদিলা মোৰ সহ, চিত্ৰাঙ্গদা সহ,
সৰমা প্ৰমীলা সহ, নিজ মাতৃ সহ,
কৰিলা কন্দল চণ্ডা যাৰ তাৰ সঙ্গে
লঙ্কাধামে। অৱশেষে দুৰ্ম্মুখৰ গুণে
দুৰ্ম্মুখী এৰিয়া লঙ্কা চলিলা দণ্ডকে।
বনে গই নাম আৰু চৰালে পাপিনী;
হেৰুয়ালে নাক কাণ; কৰ্ম্মোচিত ফল
দিলে ধাতা। দুঃখ কিন্তু, নষ্টাৰ কাৰণে
ৰক্ষোবল নষ্ট বনে। এবে কলঙ্কিনী
লঙ্কা আসি, লঙ্কানাথে ভুলালে কহিয়া
সীতা ৰূপ। ৰূপ-মুগ্ধ কাম-দাস ৰাজা
পৰ-স্ত্ৰী হৰিবে গলা উন্মত্ত অন্তৰে।
উম্মদ ৰমণী নামে প্ৰমত্ত মাতঙ্গ
অতৃপ্ত হুতাশ হেন, (হুতাশন যথা),
নেদেখিলোঁ নুশুনিলো ই মহীমণ্ডলে।
শুনিছোঁ জনম কালে গ্ৰহ দৃষ্টি মতে
লভে ফলাফল প্ৰাণী; গ্ৰহৰূপ ধৰি।


 চিত্ৰাঙ্গদা—বীৰবাহুৰ মাক, ৰাৱণৰ স্ত্ৰী। 'উন্মদ ৰমণী নামে.....ই মহীমণ্ডলে’—অগ্নিৰ দৰে অতৃপ্ত, হতাশ ৰমণীৰ নাম শুনিলে পগলা

এনে প্ৰমত্ত হাতী এই পৃথিবীত নেদেখিলোঁ নুশুনিলোঁ। [ ১৩৯ ]
 

কিবা জানি ৰঙ্গদৃষ্টি কৰিলা অনঙ্গ
যি মুহূৰ্ত্তে প্ৰসবিলা ৰাজাক শাশুড়ী।
যুবত তনয়গণ; বাৰ্দ্ধক্য বয়সী
ৰক্ষোৰাজ, তেও লাজ নাভাবিলে মনে।
কি কব শুনিলে মেঘনাদ বীৰবাহু
অতিকায় আদি পুত্ৰ; কি বুলিব শুনি
কুম্ভকৰ্ণ, বিভীষণ ধৰ্ম্মিষ্ঠ দেৱৰে!
কি কহিব ত্ৰিজগতে হেন পাপাচাৰে।”
 ভাবোঁতে ইৰূপে মনে, স্মৰিলা হঠাৎ
চাৰুনেত্ৰী লঙ্কা-ভৰ্ত্ৰী, যেহি অভিশাপ
কুবেৰ-নন্দন দিলা, উপপত্নী তাৰ
ৰম্ভাবতী অস্পৰীক যৱে দশানন।
কৰিছিলা পথে বল। সি কথা স্মৰণে
আতঙ্কিত হলা ৰাণী; হিয়া মাজে ঘন
আঘাতিলে হৃদ-জেঠী। ব্যথিত অন্তৰে
বিমষে গুণিলা পুনঃ ৰাৱণ-ৰমণী,
“হায়, কি ঘটনা আজি ঘটয় অদৃষ্টে,
জীৱন মৰণ কিম্বা। চমকিছে প্ৰাণ।
কামাকুল পতি যদি কৰে বলাৎকাৰ
জানকীক; আছে নল কুবেৰৰ শাপ,
ঘটিবেক বলাৎকাৰ ৰমণে মৰণ।


 কুবেৰ-নন্দন—নল কুবেৰ; সম্বন্ধে ৰাৱণৰ ভাতিজা হয। [ ১৪০ ]
 

পৰস্ত্ৰী হৰণ হেতু যায় ৰক্ষোমণি
নাজানিলোঁ আগে; হায় জানিলে ই কথা,
নিবাৰিলোঁ হন্তে হেন পাপ কৰ্ম্ম থাকি
ধৰি পদ যুগে; নতু স্মৰণ কৰাই
দিলোঁ হয় অভিশাপ। হায় প্ৰাণনাথ
পাসৰিলা কিবা জানি ভাতিজাৰ শাপ।
হা বিধাতা! তব পদে মিনতি দাসীৰ
দিয়া পতি দান প্ৰভু! মহামতি যেন
নোহে ভ্ৰম-মতি। দেব, কৰিও কৰুণা;
ময়-সুতা দয়াময় প্ৰাৰ্থয় আতুৰে।”
অতি ত্ৰস্তে অশ্ৰুনেত্ৰে লঙ্কেশ-মহিষী
মহেশী-মন্দিৰে গলা; পতিৰ মঙ্গল
বাঞ্ছি, আৰাধিলা সতী সতী-পদাম্বুজে।


 ময়-সূতা—ময়দানবৰ কন্যা, মন্দোদৰী। আতুৰে—আতুৰ হই; ব্যাকুল হই। 'সতী সতী-পদাম্বুজে’—প্ৰথম ‘সতী’ মন্দোদৰীক

বুজাইছে, আৰু দ্বিতীয় 'সতী’ শিবপত্নী সতীক বুজাইছে। [ ১৪১ ]

ষষ্ঠ সৰ্গ

(দেব-মন্ত্ৰণা)

 চলিও কল্পনে! এবে দীনে সঙ্গে কৰি
একবাৰ সুৰপুৰে; ৰাজ ৰাজেশ্বৰী
কিঙ্কৰ লইয়া সঙ্গে মহাতীৰ্থে যথা;
চলা একবাৰ দেবি ত্ৰিদশ-আবাসে।
সুৰাৰি লঙ্কেশে শঙ্কি সুৰদল তথা,
—লাঞ্ছিত ৰাক্ষস-ৰণে—, কি কৰে মন্ত্ৰণা,
দৰশোঁ‌, হে দয়াময়ি, তোমাৰ নয়নে;
ৰাজৰাজেশ্বৰী-ব্যয়ে সহগামী দাস
দৰ্শে যথা মহাতীৰ্থ কৌতুক অন্তৰে।
 নিস্তব্ধ বাসব সভা। সভাতলে আজি
বসিছে ত্ৰিদিববাসী ত্ৰিদিবেশ সহ
বিমৰ্ষে নীৰব হুয়া; নাহি বাক্য মুখে,
কাষ্ঠ-পুত্তলিকাগণ বাক্যহীন যথা।
উল্লাস আনন্দ নৃত্য গীত বাদ্যধ্বনি


 ত্ৰিদশ-আবাসে—দেবতাৰ বাসস্থানলৈ অৰ্থাৎ স্বৰ্গপুৰীলৈ। [ ১৪২ ]
 

বিৰাজিত যেহি স্থলে,—মহোৎসবে যেন—
অবিৰল; আজি হায় বিৰস সি গৃহ।
নাই নৃত্য নৃত্যস্থলে; মেনকা উৰ্ব্বশী
মিশ্ৰকেশী চিত্ৰলেখা ৰম্ভা তিলোত্তমা,
নিৰুপমা মনোৰমা বিদ্যাধৰী দল
নাই সভা গৃহে; নৃত্য কৰিবেক কোনে?
কোনেবা গাইব গীত, নাই ৰঙ্গস্থলে
সুকণ্ঠী গায়কী বৃন্দ কিন্নৰ-অঙ্গনা।
নাবাজে খঞ্জৰী তাল, নাবাজে মন্দিৰা,
বাজে বাঁশৰী বীণা সুস্বৰী ছেতাৰ;
নীৰব অমৰ-বাদ্য। নহব বা কিয়?
ৰক্ষ ক্ষয়ে ৰাম জয়ে দণ্ডক সমৰে,
দেবৰ আনন্দ শুনি শূৰ্পনখা মুখে,
লঙ্কাধামে সভাতলে বসি লঙ্কাপতি
যিৰূপে গৰ্জ্জিলা দেবে; শব্দবাহী বহি
ৰাৱণ-গৰ্জ্জন স্বৰ্গে শুনাইলা সুৰে।
শুনিলা দেবতাগণ, “কি কহিলি ভনি!
ৰক্ষকুল ক্ষয় দেখি আদিতেয়গণ
শৃগাল পালৰ সম, দিলে হুৱাধ্বনি
উল্লাসে। বজালে বাদ্য ৰক্ষোৰিপু জয়ে?
দেখিবোঁ দেবতা সবে দেখিবোঁ বাসবে।
মেঘনাদ সহ ৰণে মেষপাল যেন

[ ১৪৩ ]

পলাল সবেও; লাজ নহল। ইবাৰ
সুৰৰ সুৰস ৰক্ত শুষি অস্ত্ৰানলে
খণ্ডাইবোঁ তেজ; লণ্ডি ভণ্ডি সুৰপুৰী
অবৰোধে অবৰুদ্ধ কৰিবোঁ সবাক,
খটাবোঁ কিঙ্কৰবৎ স্বৰ্ণ লঙ্কাধামে।
আৰু ই প্ৰতিজ্ঞা,—দিবো আনিয়া লঙ্কাত
দাসী কৰি দেবেন্দ্ৰাণী দৰ্ব্বেন্দ্ৰাণী পদে।
যাহ ভৃত্য বক্ৰমুখ। যা চলি সত্বৰে,
আন্ ৰথ সজ্জা কৰি সাৰথি সহিত,
যুৰি তুৰঙ্গম তেজী। সাধোঁ উপস্থিত
কাৰ্য্য আগে; বিদলিবোঁ পৰে দেবদলে।”
 অদিতি নন্দনগণ সশঙ্কিত সদা
এনেয়ে দশাস্য ভয়ে; তদুপৰি আজি
হুমিয়ালে পুনঃ বীৰ। শুনিয়া তৰ্জ্জন
চিন্তাকুল দেবকুল অকুল চিন্তাত;
নীৰব নিস্তব্ধ সভা, যেন শূন্যময়।
 অনন্তৰ শোকান্তৰ দেব পুৰন্দৰ
সুদীৰ্ঘ নিশ্বাস কাঢ়ি, লাঘবি কিঞ্চিৎ
অন্তৰৰ অগ্নিতাপ, (কলসী উদৰে
উতপ্ত সলিলা বাষ্প অবৰুদ্ধ থাকি


 দৰ্ব্বেন্দ্ৰাণী—ৰাক্ষসৰ ইন্দ্ৰাণী অৰ্থাৎ মন্দোদৰী। [ ১৪৪ ]
 

নিৰ্গতিলে শেষে, যেন হোৱে লঘুতাপ
কিঞ্চিৎ কলসী-গৰ্ভ; দুঃখৰ কাহিনী
কহিলে স্বজনে, তথা সন্তপ্ত হৃদয়
(লঘূভাৰ হোৱে অল্প), কহিবে লাগিলা
নিস্তব্ধতা ভঙ্গ কৰি দেবকুল প্ৰতি,
“কত দিনে ভ্ৰাতৃগণ! কত দিনে আৰু
পুৱাইব আমাসাৰ অমা-বিভাবৰী!
কি কাৰণে অমৰত্ব অমৰ সমূহে
দিলে বিধি; যদি হায় হুইয়া অমৰ
লাঞ্ছিত হুইব লাগে মৰগণ হাতে?
সহিয়াছোঁ কতবাৰ লাজ অপমান
দৈত্যাসুৰ দল হাতে; কত কত বাৰ
বসিছে দেবাৰিগণ দেব-সিংহাসনে।
বাৰম্বাৰ বিড়ম্বনা কৰিছে বিধাতা
এহিৰূপে; এবে পুনঃ ৰাক্ষস আসিয়া :
লভিলে প্ৰভুত্ব স্বৰ্গে। লঙ্কানাথ-সুত
কৰিলে দেবতা বৃন্দে অসীম লাঞ্ছনা।
বক্ষোদল দলি পদে পবিত্ৰ ত্ৰিদিব
কৰিয়াছে অপবিত্ৰ। পূজিবেক কোনে,
—মৰ্ত্ত্যলোকে মৰ-তুল্য—, লাঞ্ছিত অমৰে?
দেবতা দেবত্বহীন মানিবে বা কোনে?
শুনিলা কিপে আজি গৰ্জ্জিছে পুনৰ

[ ১৪৫ ]

লঙ্কাপুৰে সুৰ-ৰিপু গৰ্ব্বিত ৰাৱণ;
কহিছে দম্ভিয়া দুষ্ট মোৰ শচী-ৰাণী
কৰিব লঙ্কাত নিয়া মন্দোদৰী দাসী।
হা অদৃষ্ট! ছিলে হেন বাণী অসহন।
শুনিবে কপালে মম, অমৰেশ আমি!”
 এত কহি মন দুঃখে অধোমুখ কৰি
নীৰবিলা নাকনাথ; নতশিৰ হুয়া।
ৰহিলা দেবতাগণ অম্লান বদনে।
তৰুৰাজ হলে তপ্ত তপন উত্তাপে,
ম্লান অবলম্বী পত্ৰ যিমত; অথবা
হলে জলাশয় জল তপ্তময়, যথা
হোৱয় জীৱনজীবী যত জীগণ
সন্তপ্ত; সিমত আজি দেবেন্দ্ৰ সন্তাপে
সন্তাপিত দেবগণ, বিষণ্ণ বদন।
 তুলিয়া মলিন মুখ সুদুঃখে কহিলা
পুনৰ পৌলোমী পতি, “প্ৰমিলা-বল্লভ
উঃ কি বলীয়ান্! যবে যজ্ঞ কৰি উঠে
নিকুম্ভিলা, তৃণবৎ ত্ৰিভুবন জিনে।
বজ্ৰপাণি ইন্দ্ৰ আমি, তাৰ প্ৰহৰণে
অস্থিৰ হইলোঁ ক্ষণে; হৰিল শৰীৰে


 নাকনাথ—(নাক—স্বৰ্গ, নাথ—অধিপতি), ইন্দ্ৰ। [ ১৪৬ ]

চেতনা; অচল ৰল বজ্ৰ মোৰ হাতে।
জিনি মোক ‘ইন্দ্ৰজিৎ' নামে অভিহিত
হুইলেক ৰক্ষোবীৰ অখিল ভুবনে।”
 সমাপিলা বাক্য যদি বাসব; “বাসনা,
দেবেন্দ্ৰ!” জলদ-ৰাজ কহিবে লাগিলা,
“নুপূৰিব অমৰৰ, জীবে যত দিন
মম নাদ সম নাদী মন্দোদৰী সুত।
সিদিনৰ ৰণে আমি উদাৰ অম্বৰ
আবৰি, বিস্তাৰি দেহ, বিশ্ব আন্ধাৰিলোঁ
অমাবস্যা নিশি নিভ; উদিগৰি অনল
হাসিয়া বিকট হাসি নাচিলা চপলা
জ্বলকি নয়ন মুহুঃ; গভীৰ গৰ্জ্জনে
জল স্থল হিমাচল কঁপিল সভয়ে।
পড়িল মুষলধাৰা; জুৰুলি জুপুৰি
যত নিশাচৰ সেনা ডাকিলা আতঙ্কে
'ৰক্ষ ৰক্ষ বিধি আজি; সঙ্গে দেবতাৰ
কৰে বাদ মেঘনাদ কিনো বুদ্ধিহীন;
কড়মড় কড়মড় মস্তক উপৰে
কৰে বজ্ৰ, কোন স্থানে লুকাইবোঁ শিৰ;
এই যে ধাইয়া আসে ভীষণ অনল,
বজ্ৰানলে পুড়ি হায় হাৰালোঁ জীৱন।'
হল ছিন্ন ভিন্ন সেনা কঁপি থৰ ধৰি

[ ১৪৭ ]

আতঙ্কে অম্বুদ-নাদে। কিন্তু সি ৰাৱণি
ৰহিলা অটল ৰণে; অতুল সাহস,
অতুল অস্ত্ৰৰ শিক্ষা, ধন্য ৰক্ষোমণি।
কি বিষম মায়া তাৰ; সমৰ সময়
মোৰ দেহে লুকাইয়া মোকে হানে বাণ,
নেদেখোঁ তথাপি তাক; হইলো অস্থিৰ
দিলো ৰণভঙ্গ শেষে খণ্ডিত শৰীৰে।”
 শুনিয়া ঘনেশ বাণী, মুখ উত্তোলিয়া
উত্তৰিলা ত্ৰয়ীতনু “তুমি মেঘপতি!
ভঙ্গ দিলা যুদ্ধে যৱে অনুচৰগণ
তোমাৰ পলাল যথা পঙ্গপাল দল,
ভ্ৰূভঙ্গে নিমিষে। আমি থাকিয়া অন্তৰে
দেখিলোঁ গৰ্জ্জিছে গৰ্ব্বে জয়লাভ কৰি
ৰাৱণ নন্দন শূৰ, “ছি ছি লাজ লাজ
পলায় অমৰগণ ডৰিয়া মৰণ।'
নসহিল বাক্য তাৰ; চলিলোঁঁ সম্মুখে
পূৰ্ণ তেজ বিকাশিয়া; পাইলে বিনাশ
লক্ষ লক্ষ প্ৰাণী পুড়ি; হুইলা বাৰিধি
বাৰিশূন্য; বিশ্বমাজে জ্বলিল অগণি।
বিষম সমৰ শিক্ষা কিন্তু ৰাৱণিৰ;


 অম্বুদ—মেঘ। অটল—ভ্ৰূক্ষেপ নকৰি স্থিৰভাৱে থকা।

 ত্ৰয়ীতনু—সূৰ্য্য। [ ১৪৮ ]

ক্ষণেকে পৰাস্ত হলো; ফুটিল শৰীৰে
বিষময় শৰগণ প্ৰতি লোমকূপে।
পলাইলো উৰ্দ্ধশ্বাসে, লুকাইলোঁ গৈয়া
হিমাদ্ৰি কন্দৰে; তথা উত্তাপত মোৰ
সঞ্চিত তুষাৰ ৰাশি অনন্ত কালৰ
পমিয়া চলিলা বেগে নদৰূপ ধৰি
ব্ৰহ্মপুত্ৰ সিন্ধুনামে, সিন্ধুৰ সন্নিধি;
অজীৱন সিন্ধু পুনঃ পাইলা জীৱন।
সপ্ত দিন অচেতন অচল গহ্বৰে।
আছিলোঁ যন্ত্ৰণা ভোগি; আছিল জগৎ
সপ্তদিন অন্ধকাৰ মোৰ অনুদয়ে।”
 এতেক কহিলা যদি দেব অংশুমালী
আৰম্ভিলা মৃত্যুপতি বিষাদিত মনে,
“কি কবোঁ দুঃখৰ কথা! সি দিনৰ ৰণে
হলোঁ উপস্থিত যৱে আমি, দেবপতি!
সাহসে কৰিয়া ভৰ; লঙ্কেশ নন্দন
নিন্দিয়া নীৰদ-নাদ নাদিলা প্ৰকোপে।
চমকিল হৃদিস্হল ভৈৰৱ হুঙ্কাৰে,
হস্ত হস্তে দণ্ড খসি পড়িল ভূতলে।
মোৰ ই অৱস্থা দেখি দেবাৰি-বদনে


‘আজীৱন সিন্ধু পুনঃ পাইলা জীৱন’-জলশূন্য সাগৰে পুনৰ জল

পালে। [ ১৪৯ ]

উঠিল হাসিৰ ৰোল খল খল কৰি;
লাজত মৰিলোঁ প্ৰাণে। প্ৰমিলা-ৰমণ
কহিলা বিকৰ্থি পাছে, 'ভীৰু দণ্ডধৰ!
দণ্ড খসি পড়ে তোৰ যাৰ সিংহনাদে
কৰ হন্তে; তাৰ সঙ্গে কহ কোন মুখে
আসিলি কৰিবে বাদ? নিৰ্ম্মম অধম
প্ৰাণী অন্তকাৰী তই; পত্নী পুত্ৰ পতি
পিতা স্নেহময়ী মাতা হৰি, শোকানল
জ্বাল নৰ নাৰী বুকে হষে নিৰন্তৰ।
জীৱৰ নিয়ন্তা তই, তোৰ যে নিয়তি
মেঘনাদ, মূঢ়মতি! নাজানিছ মনে;
নাজানিছ কাৰ সঙ্গে পশিছ সংগ্ৰামে?
ধৰ ধনু কিম্বা দণ্ড; জীৱ-অন্তকাৰী
অন্ত কৰি, ধৰোঁঁ নাম আজি অন্তকাৰি;
নৰ নাৰী মৃত্যু অস্ত হোক 'ত্ৰিভুবনে।
এত কহি সুৰ-বৈৰী তৃণতা টঙ্কাৰি
এৰিলেক বাণগণ বিদ্যুতৰ বিভা;
নিবাৰিলোঁঁ নিজ অস্ত্ৰে পাৰিলোঁ যতেক;
যুজিলোঁঁ ক্ষণেক। পাছে ৰক্ষশূৰ মণি
মাৰি পঞ্চ ইষু আশু বিন্ধিলে হৃদয়;


অন্তকাৰী (অন্তক + অৰি)—যমৰ শত্ৰু। তৃণতা—ধনু

ইষু—বাণ। [ ১৫০ ]

পড়িলোঁ মুৰ্চ্ছিত হুয়া মহিষ থাকিয়া
ভূমিতলে; বহুক্ষণে লভিয়া চেতন
দেখিলোঁ বন্ধনে আছোঁ ইন্দ্ৰজিত ৰথে।
নিদিলেক মুক্তি দুষ্ট; নিয়া লঙ্কাপুৰে
কৰিলেক বন্দী। প্ৰাণী হল মৃত্যুহীন
জগতে; জনম ৰল, মৃত্যু কিন্তু নাই;
বাঢ়িল প্ৰাণীৰ সংখ্যা। বিভ্ৰাট ভাবিয়া
চলিলা চতুৰানন দশানন পাশে;
মাগিয়া মুক্তিলা মোক। হনূষৰ হাতে
পাইলোঁঁ লাঞ্ছনা হেন, ধিক্‌ ই জীৱনে।
অমৰ কৰিয়া কিয় সৃজিলে বিধাতা।”
 শেষিলে ইৰূপে নিজ বৃত্তান্ত কৃতান্ত,
উত্তৰিলা প্ৰভঞ্জন, “শুনা, মৃত্যুপতি!
দেখিলোঁ সুদূৰ হন্তে অৰাতিৰ ৰথে
বন্দী হলা তুমি। তব মহিষ বাহন :
হুইলা সক্ৰোধ অতি, বিতাড়িলা খুড়
ক্ষৌণী বিদাৰিত কৰি; চলিলা সবেগে,
(চলি যায় যথা ইষু আস-সূত্ৰ এৰি),
মেঘনাদ ৰথ লক্ষি; প্ৰকম্পি ধৰণী
ক্ৰোধে উনমত্ত শূৰ মহিষ-অসুৰ


'মুক্তিলা-মুক্ত কৰিলা।' ক্ষৌণী-পৃথিবী। ইষু—বাণ।

আস-ধনুক। [ ১৫১ ]
 

চলিলা খেদিয়া যেন মহিষ-মৰ্দ্দিনী।
ৰক্ষোবীৰ বাণাঘাতে আহত হুইয়া।
পলালা বাহন; তেও প্ৰকাশি বিক্ৰম
শৃঙ্গে বিদাৰিয়া গৈলা নিশাচৰ চমু
সম্মুখে পাইলা যত। সম্মুখিলো ৰণে
তব মুক্তি বাঞ্ছি আমি; প্ৰবল প্ৰতাপে
বহিলোঁ আলোড়ি বিশ্ব; বৃক্ষ গিৰিচূড়া
পড়িল ভাঙ্গিয়া কত; দিক দিগন্তৰ
ধূলাময় অন্ধকাৰ; ৰাক্ষস কটক
ছিন্ন ভিন্ন উড়ি গল; হাহাকাৰ ধ্বনি
উঠিল সমৰ ক্ষেত্ৰে। ঘূৰ্ণিত বতাসে
আগুলিলোঁ ৰিপু যান; জলচক্ৰ যথা
ঘূৰিল শূন্যত ৰথ; ব্যস্ত ৰক্ষোৰখী।
কিন্তু কি সুদক্ষ ৰণে বিংশাক্ষ কোঙৰ!
কৰিলা (অচল যেন) অচল স্যন্দন
স্থিৰ বাণে ক্ষণে বীৰ; এৰি শত বাণ
জৰ্জ্জৰিলা দেহ মোৰ; ৰণে ভঙ্গ দিলো।”
 হেনকালে গীত ধ্বনি বীণাধ্বনি সহ
অদূৰে, ধ্বনিলা আসি সবাৰো শ্ৰৱণে।
প্ৰবেশিলা দেব সভা দেবৰ্ষি নাৰদ,


 কৰিলা (অচল যেন) অচল স্যন্দন—প্ৰথম ‘অচল’ অৰে পৰ্ব্বত,

দ্বিতীয় অচল অৰ্থে চলনহীন। [ ১৫২ ]
 

হৰিগুণ-গীত মুখে; সম্মান কৰিয়া
দণ্ডাইলা দেৱগণ। আসন দানিলা
সম্ৰমে পৌলোমীৰম; কৰষোৰ কৰি
কহিলা, “পবিত্ৰ প্ৰভু সুৰপুৰ আজি
তব শুভ আগমনে; পদ-অব্জ-ৰজ
কৰিলেক শুদ্ধ এই দৰ্ব্ব-বিদলিত
কলুষিত নাকপুৰী নৰক সমান।
কি হেতু বা আগমন হুয়াছে ই স্থানে।
কহিলে আমাক, হওঁ কৃতাৰ্থ, দেবৰ্ষি!”
 উত্তৰিলা তপোধন, “দেব দুঃখে দুঃখী
আমি সদা; তুমি সবে আসিলো দেখিবে
শুনিলো, দেবেন্দ্ৰ, পুনঃ গৰ্জ্জিছে ৰাৱণ
দণ্ডিবে দেবতা বৃন্দে।” কহিলা বাসব,
“কি কবোঁ লাঞ্ছনা প্ৰভু! ইন্দ্ৰৰ ইন্দ্ৰত্ব,
পদ্মপত্ৰে পয়ঃ হেন, কৰিলা অস্থিৰ
বিধাতা। প্ৰতিজ্ঞা আজি কৰিছে ৰাৱণ
সুৰত্ৰাস, সুৰপুৰী বলে নিব কাঢ়ি
ৰথৰ কঙ্গাল কৰি যত দেবদলে।
অমৰ-অদৃষ্ট এই! দেখা দেবগণ,
হে দেব, অদেব প্ৰায়, নিষ্প্ৰভ মূৰতি;


 দৰ্ব্ব—ৰাক্ষস। নাকপুৰী—স্বৰ্গপুৰী। পয়ঃ—জল। [ ১৫৩ ]
 

বিবুদ্ধি বিবুধদল। দেখিও স্বচক্ষে,
মৰুৎ মলিন মুখ, নীৰদ নীৰব,
দিনমণি দীন প্ৰায়, অনল সমল,
মৃত্যুপতি মৃত যেন, বিষণ্ণ বৰুণ;
বজ্ৰপাণি ইন্দ্ৰ আমি মেঘনাদ জিত,
নিন্দিত জীৱন ধৰি বহিছোঁ ত্ৰিদিবে।
কৰিয়াছে আৰু পণ দুৰ্ম্মতি ৰাৱণ,
আমি ইন্দ্ৰ, ৰাণী মম কৰিব কিঙ্কৰী
লঙ্কাপুৰে; বাক্যে তাৰ ফাটি যায় হৃদি।”
এত কহি হুমুনিয়া এৰিলা বাসব,
নীৰবিলা কৰতলে কপোল বিশ্ৰামি।
 “নকৰিবা শোক শত্ৰু!” কহিলা নাৰদ,
“সদা একৰূপে দিন নাযায় কাহাৰো,
বিধাতাৰ বিধি ইটো। নিশা পাছে দিন,
দিবসান্তে আসে নিশা; প্ৰচণ্ড মাৰ্ত্তণ্ড
শক্তিমন্দ শীতে, গ্ৰীষ্মে শক্তিমন্ত হোৱে;
পূৰ্ণচন্দ্ৰ হ্ৰাস হই ক্ৰমে পায় লয়,
অমাবস্যা চন্দ্ৰ পুনঃ পূৰ্ণ মুৰ্ত্তি লভে।
সদা সদাগতি ভাগ্যে দুৰ্গন্ধ-যাতনা
নঘটে; নঘটে কিম্বা পুষ্প পৰিমল


 বিবুধ—দেবতা। কপোল—গাল। শত্ৰু—ইন্দ্ৰ। শক্তিমন্দ—

তেজহীন। শক্তিমন্ত—তেজযুক্ত। সদাগতি—বায়ু। [ ১৫৪ ]
 

অবিৰল। নিৰমল (অমেঘ), অথবা
সমল (সমেঘ), সদা নাথাকে আকাশ।
বহুল দৃষ্টান্ত হেন আছয়, সুৰেন্দ্ৰ,
কত কবোঁ? ভাবি দেখা বিজ্ঞতম তুমি;
এহিৰূপ ঘটে পৰিবৰ্ত্তন জগতে
অহৰহ। দুৰ্বিসহ মনস্তাপ তব
নাথাকিব চিৰকাল; পুনঃ পুৰন্দৰ!
পূৰ্ণৰূপে অভ্যুদয় অৰ্চিব অচিৰে।
তব শত্ৰু লঙ্কেশ্বৰ—, যাৰ ভুজবলে
কঁপিছে মেদিনী স্বৰ্গ; অবনত শিৰ
সুৰ নৰ কিমৰাদি—, কহিলো তোমাক
লভিব পতন দেব আজি নোহে কালি।”
 মুনীন্দ্ৰ বচন শুনি বুলিলা শচীন্দ্ৰ,
“আশস্ত হইলোঁ প্ৰভু শান্তি বাক্যে তব
আশাপ্ৰদ। আশা-লতা, ৰোপিলোঁ হৃদয়ে;
ফলে যেন আশা-লতা, হোৱে যেন তব
বাক্য সিদ্ধি, হে ঋষীন্দ্ৰ, বাক্‌-সিদ্ধ তুমি।
কিন্তু দৰ্ব্ব-দৰ্পবাক্যে পোলোম-নন্দিনী
বিষাদিনী অতি, দেব! প্ৰিয়াৰ অমল


 দৰ্ব্ব-দৰ্পবাক্যে—ৰাক্ষস (অৰ্থাৎ ৰাৱণৰ) দৰ্প বাক্যত।

 পোলোম-নন্দিনী—শচী। [ ১৫৫ ]
 

বদন কমল আজি সমল দৰ্শনে,
নৰহে ধৈৰয় দেহে; অন্তৰ বিদৰে।”
 উত্তৰিল ঋষিৰাজ, “ফলিব অচিৰে
আশা-লতা, সিঞ্চা যদি ধৈৰ্য-বাৰি মুলে।
নৈকষেয় ক্ষয় হেতু সূত্ৰপাত আজি
ঘটিছে; চলিছে দুষ্ট হৰিবে বৈদেহী
বাঘব-ৰঞ্জিনী। দৃপ্ত দেব-ৰিপু অতি,
নগণিছে ত্ৰিভুবন; নিৰ্বাপন কালে
জ্বলে দীপ-শিখা অতি; গজি দেহে পাখি
পিপৰা উড়য় উৰ্দ্ধে, মৰণ সময়ে।
অতি কাৰ্য অতি কথা, ‘অতি’ শব্দ কদা
নোহে ভাল। অতি’ সঙ্গী সদা 'অবনতি';
আলো সঙ্গী ছায়া যথা। 'অতি’ উদভূত,
উহ হুয়া ‘অবনতি’ মধ্য দ্বি অক্ষৰ;
‘অতি' হোৱে ‘অবনতি’ পূৰুব লক্ষণ।
চৰিছে ৰাৱণ অতি। লক্ষ্মী স্বৰূপিণী
সীতাৰ হৰণে, তাৰ নিস্তাৰ ইবাৰ
নাহিক; ঐহিক ভোগ অন্তিছে মুঢ়ৰ;
ৰাৰ বাণে অৰাৱণ হুইব অবনী।


ধৈৰ্য-বাৰি—ধৈৰ্যৰূপ জল। দৃপ্ত—গৰ্ব্বিত, উদ্ধত। ‘অতি উদভূত...
...দ্বি অক্ষৰ'—‘অবনতি’ শব্দৰ মাজৰ আখৰ দুটা(ব, ন), লোপ হৈ
'অতি' শব্দ উৎপন্ন হইছে। অৰ্থাৎ অতি কাৰ্য্যত অবনতি বা বিপদ ঘটে। [ ১৫৬ ]

দেখিয়া পাবক-শিখা পতঙ্গম যথা
মোহিত; মোহিত তথা অগিৰ-অধিপ
অগ্নি-শিখা সীতাৰূপে; পতঙ্গ সদৃশ,
হব ভস্ম তাৰ তেজে, মুগ্ধ যাৰ ৰূপে।
পৰ্শি সীতা পাপ মনে হীনায়ু ৰাৱণ
হইব। মাৰীচে কৰি সঙ্গে ৰক্ষোবৰ
চলিছে, মন্ত্ৰণা কৰি,——মায়ায় মাৰীচ
ছলিব লক্ষণ ৰামে; এই অৱসৰে
ৰাৱণ হৰিব সীতা পাই শূন্য ঘৰে-—।
এহি যুক্তি স্থিৰিয়াছে; কিন্তু কিঁ‌ কৌশলে
ছবি দুভায়ে, তাক তাড়কা-তনয়।
না পাইছে ভাবি। ৰক্ষোমায়াজাল যদি
ব্যৰ্থ হোৱে; নুহুইব মৈথিলী হৰণ;
নুহুইব ৰক্ষশূৰ বিংশাক্ষ বিলয়।
কুহক-নিপুণ বুলি মাৰীচে আশ্ৰয়
কৰিছে কৰ্ব্বুৰনাথ; কিন্তু কি শকতি
মাৰীচৰ; ভুলাইবে ৰাক্ষস-মায়ায়
মায়াভেদী ৰাঘবেন্দ্ৰ বিচক্ষণ অতি?”
 “তেন্তে কি উপায় প্ৰভু সুধিলা সুবেশ,
“কি উপায়ে হব সীতা হৰণ সাধন,
——নিৰ্ভৰিছে যাত অমৰাৰিৰ মৰণ——?


অগিৰ-অধিপ-ৰাক্ষসৰ কৰ্ত্তা অৰ্থাৎ ৰাৱণ। [ ১৫৭ ]

 উত্তৰিলা বীণাপাণি নাৰদ, “উপায়
নাহি অন্য শূৰশ্ৰেষ্ঠ। পঠোৱা সত্বৰে
অনুৰোধি মায়াদেবী দণ্ডক কাননে
মাৰীচ সহায় হেতু; তাৰ দেহে দেবী
হোক অধিষ্ঠিত গৈয়া; উদ্দেশ্য উদ্ধাৰ
কৰোক, মাৰীচে কৰি মায়া বুদ্ধি দান।”
 মুনি বাক্য শুনি পাছে দেবকুল-নিধি
কহিলা, “দেবৰ্ষি! আমি যত দেবগণ
পৰাস্ত ৰাক্ষস ৰণে। পিতা পুত্ৰ দুই
ৰাৱণ ৰাৱশি, যেন দুগোট কেশৰী
ভীমবল, ত্ৰিভুবন তৃণতুল্য গণে।
পাৰিব কি ৰাজপুত্ৰ ৰঘুকুলমণি,
——কোমলাঙ্গ শিশু সম——,ৰাক্ষস-সংগ্ৰামে?
ভ্ৰূভঙ্গ দেখিয়া যাৰ, মতিভঙ্গ হোৱে
ৰণে মোৰ; যাৰ বিংশ লোচন ঘূৰ্ণনে
সক্ৰোধ, ডৰাওঁ মই সহস্ৰ লোচন;
দপ্ত কড়মড়ি দৰ্শি দশাস্যে যাহাৰ
কঁপে হৃদিস্থল মোৰ——বজ্ৰধাৰী আমি——,
ইহেন বিষম যম সম ভয়ঙ্কৰ
কুড়িকৰ ৰণে স্থিৰ হব ৰঘুপতি,
সন্দেহ দাসৰ অতি। নামানিছে মন
ৰামৰ পাৰগ শূৰ কাৰণ নিধনে।"

[ ১৫৮ ]

 প্ৰকাশি ঈষদ হাসি উত্তৰিলা ঋষি,
“নাজানা, দেবেন্দ্ৰ! বাঘবেন্দ্ৰ পৰাক্ৰম;
পাহৰিছা কোন তেওঁ; সিহেতু সন্দেহ
তোমাৰ; বুলিছা বীৰে কোমল বালক।
নাজানা কি শচীপতি কোমলতা থাকি
কাঠিন্য উদ্ভুত হোৱে? বজ্ৰই প্ৰমাণ
তব হস্তস্থিত, যাৰ জনম অস্থিত।
তৰল সলিল হোৱে শক্ত শিলা সম;
জলময় মেঘ হয় কালান্তক কাল,
ভীষণ গৰ্জ্জন কৰে উগাৰে অনল।
শ্ৰীৰাম কোমল তেনে; কিন্তু যথাকালে
ধৰিব কেশৰী মুৰ্ত্তি; কোদণ্ড টঙ্কাৰে
কঁপাই জল স্থল গগণ মণ্ডল।
ৰবি মুখে ছায়া যথা, অগ্নি মুখে তৃণ,
ধ্বংস হব ৰাম কোপে ৰাৱণ ৰাৰণি।”
 নাৰদে সম্বোধি উত্তৰিলা বিভাবসু,
“বিফল বচন প্ৰভু কৰিয়াছা ব্যয়;
নুহিছে প্ৰত্যয় মনে। হিমাদ্ৰি সদৃশ
অটল সি দশানন; দৰশনে বাৰ
ভীম মূৰ্ত্তি, ভেদি হৃদি প্ৰাণ বাহিৰায়;
পাবি কি নৰতনু ৰামচন্দ্ৰ বলে


 অস্থিত—হাড়ৰপৰা। কোদণ্ড—ধনু। বিভাবসু—অগ্নি। [ ১৫৯ ]
 

তাৰ সনে? দেবদলে নকৰা ভাণ্ডনা;
অলীক বচনে, দেব, প্ৰাণ নুযুৰায়।”
 “আমাৰ সন্দেহ অতি”, কহিলা বৰুণ,
“তব বাক্যে ঋষিবৰ। ক্ষুদ্ৰ ৰঘুবৰ
উড়ি যাব ৰাৱণৰ প্ৰলয় প্ৰশ্বাসে,
কিম্বা প্ৰবেশিব গৰ্ভে নিশ্বাসাকৰ্ষণে।
কি কাৰণে অকাৰণে অসম্ভব কথা
কহিলা দেবৰ্ষি? কোনে কৰিব প্ৰত্যয়?”
 বৰুণ বহ্নিৰ বাক্যে কুপিলা নাৰদ;
দ্বিৰদ আস্ফালে কৰ যথা ক্ৰোধ ভৰে,
আস্ফালিলা তথা মুনি কৰস্থিত বীণা
সকোপে; কঁপিল দেহ শ্মশ্ৰু জটাজূট
থৰ থৰি; জবা বৰ্ণ ধৰিলে নয়নে।
উত্তৰিলা তপোধন, “বচনে আমাৰ
কৰিয়াছ অবিশ্বাস? দেবৰ সমাজে
কহিয়াছোঁ মিথ্যাবাণী ভাবিছ দুজনে?
বুলিছ মিথ্যুক মোক প্ৰজাৰ অন্তৰে।
হে বৰুণ, সৰ্ব্বভুক, তুমি দুয়ো দেব,
অদেব সদৃশ, ভৃত্যপ্ৰায় এহি দোষে,
যি ৰামে বুলিয়া নৰ অৱহেলা মনে,
হেন নৰ যানবাহী হুইবা কলিত।"


 শ্মশ্ৰু—দাড়ি। জটাজূট—জটাবিলাক। [ ১৬০ ]
 

 শাপ শুনি সচকিত হই দুই জন,
“ক্ষমা দোষ, মুনিবৰ?” বুলিয়া বিনয়
কাকুতি কৰিলা বহু; নুশুনিলা ঋষি,
“ব্যৰ্থ নোহে বাক্য মোৰ,” দানিলা উত্তৰ।
 অব্যৰ্থ দেবৰ্ষি শাপ; ইকালে সিহেতু
অনল বৰুণ দুই হুই সম্মিলিত
অহৰহ নৰ গৃহে চলাইছে কল।
বাষ্পযান যত আছে ভূতলে নৰৰ,
—ৰেল ৰথ ব্যোমযান, বাষ্পপোত আদি—,
বহিয়াছে ভৃত্যভাবে দুয়ো অবিৰল।
 ঋষি ক্ৰোধে সুদুঃখিত সুৰকুল-নিধি
বাসব, বুলিলা নম্ৰে, “ক্ষমা অপৰাধ
মুনিকুল-মণি দেব! এনেয়ে অমৰ
মৰ-তুল্য মৰ-তাপে; মিত্ৰ শাপে এবে
যায় ৰসাতল, গৃহ বিবাদ অনলে।
তুমি ৰুষ্ট হলে কোনে কৰিব উপায়
ৰক্ষ ক্ষয় হেতু? কোৱা বৈৰী নিৰ্য্যাতন
কি মতে হুইব প্ৰভু? দেবকুল হিত
কিৰূপে ফলিব, তুমি হুইলে কুপিত?”
 মুনিপদে ধৰি যদি কহিলা এতেক
শচীকান্ত হুয়া শান্ত বিনয় বচনে,
কহিলা নাৰদ, “দেব-মঙ্গল আকাঙ্খী

[ ১৬১ ]

আমি সদা, দেবৰাজ। চলা মোৰ সঙ্গে,
যাইবোঁ উভয়ে মায়াদেবীৰ সদনে।”
অনন্তৰে মুনিবৰ দেববৰ সহ
চলি গৈলা মায়াপুৰ। সভা ভঙ্গ কৰি
চলিলা দেবতাগণ আপোন আলয়ে।
 ৰাৱণ তৰ্জ্জন বাৰ্তা সুৰ-অন্তঃপুৰে
প্ৰবেশিছে। ভয়ে যত সুৰাঙ্গনাগণ
বিহ্বলা, স্মৰিয়া পূৰ্ব দানব-পীড়ন,
—অসীম লাঞ্ছনা—। পুনঃ কি ঘটে কপালে
দাৰুণ ৰাক্ষস হাতে! আশঙ্কি আপদ
নিষ্প্ৰভ বদনা সবে; নিষ্প্ৰভ যদ্ৰূপ
শশাঙ্ক, শশাঙ্ক-শঙ্কা ৰাহুৰ গৰাসে।
নাই সাজ আভৰণ অমৰী শৰীৰে;
অসজ্জিত কেশদাম; নাই ফুলমালা
গলদেশে, কিম্বা শিৰে কৃশলা-বন্ধনে।
চিৰ হাস্যমুখে আজি সুহাসি ৰহিত,
যেন বাসি ফুল দেহি। ৰমণী মণ্ডলে
আতঙ্ক প্ৰবাহ হায় বহিছে প্ৰবল;
নিৰানন্দ বিৰাজিছে চিৰানন্দ পুৰে।
 পৰিচাৰিকাক চাই উত্তৰিলা শচী,
"ব্যজনে কি কাম আৰু, অ' সখি বিলা।


 শশাঙ্ক—শঙ্কা-চন্দ্ৰৰ শত্ৰু। কৃশলা—চুলি। [ ১৬২ ]

পেলোৱা চামৰ। আমি নোহোঁ সি ইন্দ্ৰাণী;
ৰাৱণ কৰিছে পণ, দু এদিন পাছে
নিব স্বৰ্গ হন্তে মোক স্বৰ্ণ লঙ্কাধামে
দাসী কৰি। হাতে ধৰি চামৰ আপুনি
ব্যজনিবোঁ লঙ্কেশ্বৰী দানব-নন্দিনী।
ভাগ্যবতী ময়-সুতা; মহেন্দ্ৰ-মহিষী
হব দাসী পদে যাৰ, আজ্ঞা অনুপালি
সতত। সখি হে, কোৱা, কি ফল বতাসি
আজি তাক, হব যোন কালি পৰ দাসী।”
 “কি কাৰণে অমঙ্গল,” কহিলা বিমলা,
(বিমল বৰণী ধনী, বিমল হাসিনী)
চামৰিণী, “ভাবা মনে, সুৰেন্দ্ৰ-ৰঞ্জিনি?
শত্ৰুৰ হীনাৰ্থ বাক্যে কিয় চিন্তাকুলা?
শত্ৰুৰ সদস্ত বাক্য আছয় সতত
বিপক্ষৰ প্ৰতি, সতি! সি বুলি কি কভু ,
হোৱে দম্ভ সিদ্ধ তাৰ? অলীক ভাবনা
অযোগ্য স্বপ্নতো ভাবা; এৰা চিন্তা মনে;
মনকষ্ট হয়, দেবী, তোমাৰ বচনে।”
 ইন্দ্ৰাণী-মালিনী চন্দ্ৰবালা নিতম্বিনী
উত্তৰিলা, “চন্দ্ৰাননি! দুৰ্জ্জয় দানৰ
স্বৰ্গজয়ী, গল ক’ত ভাবি দেখা মনে।
ৰাক্ষস প্ৰবল আজি; হীনবল কালি

[ ১৬৩ ]

হব পাৰে দেৱৰণে; পাব পাৰে লয়;
নাহিক বিচিত্ৰ একে বিচিত্ৰ জগতে।
ভাগ্যচক্ৰ ঘূৰে সদা বিধাতা বিধানে;
সখি হে নাযায় দিন কাৰো সমভাবে।”
 কৰিলা উত্তৰ শচী সুচাৰু লোচনী,
“সি আশা বিফল, চন্দ্ৰা। ৰাৱণ ৰাৱণি
অজেয় কুঞ্জৰ দ্বয় হব পৰাজয়
দেব ৰণে কোনকালে? বিফল দুৰাশা।
ৰাৱণৰ বাক্য বিদ্ধ, শূল সম যেন,
ৰহিছে হৃদয়ে মোৰ; ৰহিব ইমতে
হুয়া বিদ্ধ চিৰকাল, চিৰায়ু যে আমি।
তোমাৰো নাহিক কাম গাঁথি, চন্দ্ৰবালা,
সুচিকণ ফুলমালা। আৰু নোশোভিব
নন্দন প্ৰসূন-হাৰ মন্দভাগী দেহে;
মন্দাকিনী নীৰে সখি পেলোৱা কুসুম,
পেলোৱা গাঁথনি সূত্ৰ; বন ৰত্নৰাজি
ৰঞ্জি স্ৰোতস্বতী দেহ ভাসি যক্‌ স্ৰোতে।
অশোক কানন পুষ্প অবচয়ি নিজে
লঙ্কাপুৰে, লঙ্কেশৰী গলে দোলাইবোঁ
ৰচি সুচিকণ মালা; হুইবোঁ মালিনী;
হবোঁ মন্দোদৰী দাসী মন্দভাগী আমি।
ভাগ্যে মোৰ, হা বিধাতা, এই বিধানিলা,

[ ১৬৪ ]

মম পতিজিত-মাতা-চৰণ সেবিকা।
অমৰীৰ, হৰি হৰি, মৰী-পদ সেবা।”
 মায়াৰ আশ্বাস পাই, মায়াপুৰ থাকি
সুৰপতি হৰ্ষমতি উলটিলা গৃহে;
প্ৰবেশিলা অন্তঃপুৰ,—পৌলোমী সুন্দৰী
মন দুঃখে বসি যথা সখীগণ সহ
আক্ষেপিছে। আসে পতি দেখি বিষাদিনী
সম্বৰি অম্বৰ অবয়ব আবৰিয়া,
সসম্ভ্ৰমে দণ্ডাইলা সখীদল সহ।
সুবৰ্ণ আসন আনি যোগালে বিমলা;
বসিলা বাসব, ৰামে বসিলা বাসব-
ৰমণী, মলিন মুখে। মল্লিকা, মঙ্গলা,
চন্দ্ৰা, চিত্ৰা, তাৰা আদি সখী অন্তৰিলা
স্থলান্তৰ। বিশালাক্ষী-বদন নিৰখি
কহিলা সহস্ৰ আখি, “দুষ্ট দুৰমুখ
দশমুখ মুখে শুনি তৰ্জ্জন বচন
সুদুঃখী, সুমুখি, তুমি; বুজিছোঁ অন্তৰে
প্ৰফুল্ল আনন তব ম্লান সি কাৰণ।


 মম পতিজিত-মাতা—ইন্দ্ৰজিত-মাতা অৰ্থাৎ মন্দোদৰী। ইন্দ্ৰজিত বুলিলে নিজ স্বামীৰ নাম কঢ়া হয় সেই নিমিত্তে শচীয়ে ইজিত “মম পভিজিত” বুলিছে।

 সহস্ৰ আঁখি—ইন্দ্ৰ। [ ১৬৫ ]
 

উন্মাদ ৰাৱণ, প্ৰিয়ে! উন্মাদ বচনে
অনুচিত শোক তব। অচিৰে বিনাশ
পাব ৰক্ষ,—সুৰ-নৰ-গন্ধৰ্ব্ব-প্ৰলয়—।”
 সুৰপতি বাক্যে শচী বিৰস বদনা
তিতি নেত্ৰজলে, ধীৰে কৰিলা উত্তৰ,
“ৰাৱণ উন্মাদ নোহে; যি কহিছে মুখে
ফলাৰ কাৰ্যত কালে। ভুজবলে, বলী
দলি দেবদলে পুনঃ, পালি নিজ পণ,
নিব দাসী কৰি তব শ্ৰীচৰণ-দাসী।
নিস্তাৰ সৌভাগ্যবলে,—অভাগিনী ভালে
সম্ভবে সৌভাগ্য যদি,—যদিওবা পাওঁ
কোনমতে দৰ্ব্ব হাতে; দুৰ্বচন তাৰ,
(নীচ মুখে উচ্চ বাণী!),ৰহিব হৃদয়ে
বিদ্ধ সদা। ইচ্ছা, যেন আত্মঘাতী হুয়া
লভি অন্ত, অন্ত কৰো অন্তৰ যন্ত্ৰণা
অভাগিনী। তালৈকো যে হইলোঁ অমৰী,
নঘটে মৰণো; কিনো অভাগ্য-কপালে!”
 “নকৰিবা শোক সতি।” কহিলা সুৰেন্দ্ৰ,
“সম্লান বদনে তব, বিদৰে অন্তৰ।
প্ৰফুল্ল আননে তব উৎসাহিত আমি।


 উন্মাদ—পাগল।, দৰ্ব্বহাতে—ৰাক্ষসৰ হাতত।

 অমৰী—মৰণশূন্যা। [ ১৬৬ ]
 

নব বল জাগে, প্ৰিয়ে, দুৰ্ব্বল হৃদয়ে
সুহাসি দৰ্শনে তব,—সঞ্জীবনী তুমি—।
শশী তুমি, শশিমুখি! নভঃস্থল আমি;
হুইলে মলিনা তুমি, অন্ধকাৰ মম।
দিবোঁ শুভবাৰ্ত্তা এক। সুন্দ-সুত সহ
চলিছে দণ্ডক বনে আজি লঙ্কাপতি।
হৰিবে ৰাঘব-প্ৰিয়া। কহিলা দেবৰ্ষি,
সীতাৰ হৰণে ধ্ৰুব সীতাপতি হাতে
হুইব দুৰন্ত অন্ত, শুনা সুহাসিনি।
আলচ,—মাৰীচে মায়া কৰিয়া বিস্তাৰ
অন্তৰাব গৃহ হন্তে শ্ৰীৰাম লক্ষ্মণ;
অবসৰে কুড়িকৰ কৰিব হৰণ
জানকী। ৰাঘব কিন্তু তীক্ষ্ণদৰ্শী অতি,
নুভুলিব মায়াবীৰ সামান্য কুহকে।
সিহেতু মুনীন্দ্ৰ সহ কৰিয়া মন্ত্ৰণা,
অনুৰোধি মায়াদেবী পঠালোঁ দণ্ডকে
মাৰীচ সহায় হেতু। ৰক্ষোদেহে দেবী
হুয়া অধিষ্ঠিতা, নিজে পাতিৰ কুহক,
বিচলিত হব যাত ৰবিকুল মণি।
মায়াসহ বাগ্দেবী, আশা কুহকিনী
চলিছে সঙ্গিনী হুয়া; যথোচিত কালে


 সুন্দ-সুত—মাৰীচ। কুড়িকৰ—ৰাৱণ। [ ১৬৭ ]
 

কৰিব সহায় দুয়ো মৈথিলী হৰণে,
—ন্যস্ত যাত শত্ৰুনাশ, সুৰ সুমঙ্গল—।”
উত্তৰিলা সুৰেশ্বৰী, “সখীগণ মুখে
শুনিয়াছোঁ সব কথা। সমুখ সমৰে
বিমুখিবে বৈৰী কাৰো নহল শকতি।
ধন্য দেব দেবী বুদ্ধি! যুক্তিলা সবেও
বধিবে ৰমণী এক অৰ্পিয়া শাৰ্দ্দুলে!
আশা, মায়া, সৰস্বতী, মিলিলা ত্ৰিদেবী,
—ভুল কথা, দেবী নোহে—, তিনি নিশাচৰী।
মিলিলা, গ্ৰাসিবে এক বন-বিহাৰিণী।
নিৰ্দ্দোষী ৰমণী দেহি, ৰাম-কণ্ঠ-মণি।
ছি ছি লাজ মুণ্ড খাই অবলা বালাৰ,
উদ্ধাৰে অমৰ-ৰাজ্য অমৰ সমাজ;
হেন ৰাজ্যসুখ-বাঞ্ছা বাঞ্ছে কোন জনে?
বাল-ক্ৰীড়া সম কথা! দুৰ্জ্জয় ৰাৱণ।
—তব বজ্ৰঘাতে যাৰ নুটুটে শকতি—
ছাৱাল ৰাঘব হাতে লভিব পতন,
হেন অসম্ভব কথা কহিয়া নাৰদ
ভুলালে তোমাক। মুনি হৰিভক্তি জানে,
জানে তপ জপ যজ্ঞ; কিন্তু কিবা জানে
বীৰ দৰ্প, ভুজবল, সমৰ বাতৰি?


 বাল-ক্ৰীড়া সম কথা—লৰাৰ ধেমালিৰ নিচিনা কথা। [ ১৬৮ ]
 

অকাৰণে ঋষিশ্ৰেষ্ঠ,—পাৰ্গত কেৱল
ক্ৰোধ প্ৰদৰ্শনে—, হায় দিলে অভিশাপ
নুবুজি, উচিত বক্তা দেব দুই জনে;
শুনিয়াছোঁ‌ সব কথা চন্দ্ৰা সখী মুখে।”
 উত্তৰিলা দেবশ্ৰেষ্ঠ লজ্জিত বদনে,
“যি কহিলা সত্য, সতি চাৰু চন্দ্ৰাননি।
নুবুয়ায় হেন কাৰ্য্য দেবৰ। উপায়
নাই কিন্তু; দৈববলে বলী লঙ্কেশ্বৰ;
হীনবল দেবদল দুৰভাগ্যক্ৰমে।
সি যি হোক সুলোচনে! বিমৰ্ষতা এৰি
প্ৰফুল্ল-বদনা হোৱা; জানিবা নিশ্চয়
ইন্দ্ৰৰ ইন্দ্ৰত্ব তব প্ৰফুল্ল বদনে,
—যায়ো যদি সুৰপুৰ সুৰ-ৰিপু হাতে—।
তৰ বলে বলী ইন্দ্ৰ; ৰজ্জুবলে বলী
চিলা যথা। ৰজ্জু বিনে উড়ে কি কদাচ
শূন্যে চিলা? তুমি সূত্ৰ হুইলে দুৰ্ব্বল,
(মলিন আননে তব হীনবল আমি),
পড়িবোঁ‌ খসিয়া ৰক্ষ-প্ৰলয় বতাসে।
তুমি কমলিনী, সতি, মুদিলে নয়ন
বিমৰষে; মধুৰস বিনে মধুজীবী
মধুপ কি গতি তবে? দেখোৱা সুহালি
সুবদনে, সুৰদনি। বচোৱা সুৰেশে।"

[ ১৬৯ ]

 ইফালে মিলিলা মায়া, আশা, বীণাপাণি,
হুয়া কাল জানকীৰ। চলিলা ত্ৰিদেবী
পঞ্চবটী বনে; যেন সপ্তৰধী মিলি
চলিলা বধিবে শিশু অভিমন্যু বীৰ
অৰ্জ্জুন নন্দন, কুৰুক্ষেত্ৰ মহাৰণে।
লম্ভিলা মাৰীচ দেহে মায়া; লঙ্কেশ্বৰে
আক্ৰমিলা আশা দেবী; বাগ্দেবী লুকাই
ৰহিলা অপেক্ষি কাল ৰাঘব কুটিৰে।

[ ১৭০ ]

সপ্তম সৰ্গ

(হৰণ)

 উতৰে পুষ্পক ৰথ দণ্ডক কানন
খৰ দূষণৰ ৰাজ্যে। নামিলা সি স্থানে
লঙ্কেশ মাৰীচ। ৰথচক্ৰ ঘৰ ঘৰি
নীৰবিল; স্থিৰ ৰথ; ক্ষণকাল হেতু .
বিশ্ৰামিলা অবিশ্ৰান্ত অশ্ব ৰথবাহী।
দণ্ডক বিভিন্নৰূপ কৰিছে ধাৰণ;
জনশূন্য ৰক্ষাগৃহ; গৃহৰ সামগ্ৰী
থান্ বান্ পড়ি আছে গৃহস্থ অভাবে।
অনাদৰে যতে ততে। উন্মীলিত দ্বাৰে
যাতায়াত কৰে গৃহে বন জন্তুগণ,
—ৰাক্ষসৰ পৰিবৰ্ত্তে—, নিঃশঙ্কিত চিতে।
যতেক ৰন্ধন-পাত্ৰ শৃগাল কুকুৰ।
আনিছে বাহিৰে কতু। কতুবা বানৰ
লম্ফি জম্ফি খাদ্যবস্তু সুউচ্চ ৰক্ষিত
নিক্ষেপিছে ক্ষিতিতলে; অন্য জন্তুগণ
আনন্দে সি সব পাই কৰিয়ে চৰ্ব্বণ।

[ ১৭১ ]

কোনস্থলে দিব্য ৰক্ষ-আসনে ভল্লুক
ভয়ঙ্কৰ, কৰে বসি গাত্ৰ কণ্ডুয়ন
হৰ্ষ চিত। সুসজ্জিত কোমল শয্যাত
শুইছে কতুবা ব্যাঘ্ৰ কৰাল কেশৰী
অৰ্দ্ধ নিমীলিত নেত্ৰে, পুলক অন্তৰে।
বেৰ দ্বাৰ ভাঙ্গি কতু শুণ্ডে শুণ্ডধৰ
ভাণ্ডাৰ লুটিছে বলে। মৃগ মৃগীদল
পুষ্পোদ্যানে নিৰাতঙ্কে ভ্ৰমিছে কৌতুকে,
ভক্ষিছে কপোল ভৰি পল্লব নিকৰ।
এহিৰূপে নানা স্থানে নানা জন্তুগণ
বনবাসী, গৃহবাসী ভাবে অধিকাৰ
কৰিছে ৰাক্ষস স্থান, ৰাক্ষস অভাবে।
 দেখিলা ৰাক্ষসনাথ ৰাক্ষসৰ বন
বাক্ষস-তাপস সহ; বিষণ্ণ অন্তৰে
অনন্তৰে চলি গলা পঞ্চবটী বনে।
দেখিলা সি স্থানে শূৰ-শিখৰ ৰাৱণ।
কৰ্ব্বুৰ-কুণপ পুঞ্জ পূৰ্ণি ধৰাতল
আছে পড়ি; ৰণ-বন ৰুধিৰে ৰঞ্জিত।
পৰিয়াছে মধ্যস্থলে অশ্ৰপ প্ৰধান
দু-ভাই দূষণ খৰ, দুগোট কুঞ্জৰ।
শৃগাল কুকুৰ কাক শগুণ শগুণী


 কণ্ডুয়ন—খজুতি। কুণপ—মৃতদেহ। অশ্ৰপ—ৰাক্ষস। [ ১৭২ ]
 

কৰে কলৰব সবে, শব ৰাশি ৰাশি
পাই হৰষিত মনে। অগণ্য কাউৰ
খায় মাংস; দেখি ক্ৰোধে খেদিছে কুক্কুৰ
বায়স উড়িছে ভয়ে, কিন্তু মাংস লোভ
এৰিব নোৱাৰি, শূন্যে ঘূৰিয়া ঘূৰিয়া।
জিজ্ঞাসিছে, “কাকা তই নিদিয় কি খাব?”
বায়স বিপত্তি দেখি হাসিছে শগুণী।
“হিহি হিহি খিকি খিকি”; কুক্কুৰ ধাইছে
লক্ষি সি সবাক ক্ৰোধে; প্ৰসাৰি ডেউকা
ভয়ে পলাইছে যত শগুণৰ শ্ৰেণী।
গৃধিনী উড়িল দেখি, প্ৰশংসি শ্বাপদে
“হুৱা হুৱা ভাল হুৱা” অদূৰে গোমায়ু
ডাকিলা আনন্দে। পুনঃ তাড়িলা সিদিশে
বৃকাৰি; পলাল যত বৃকধূৰ্ত্ত ভয়ে।
খেদে কাক, খায় মাংস শৃগাল শগুণে;
শগুণ খেদিলে, খায় কাউৰ শৃগালে;
শৃগাল খেদিলে, খায় কাউৰ শগুণে।
এহিৰূপে খেদাখেদি কৰিছে কুক্কুৰ
নিৰন্তৰ; শান্তি নাই; শুকাইছে ভোকে;
শ্ৰান্ত কলেৱৰে পাছে ডাকিছে সঘনে,


 শ্বাপদ—কুকুৰ। গোমায়ু—শৃগাল। বৃকাৰি—কুকুৰ।

 বৃকধূৰ্ত্ত—শৃগাল। [ ১৭৩ ]
 

“ভুক্‌ ভুক ভোকে মৰোঁ খায় যে অপৰে।”
হিংসুকৰ শান্তি নাই, দৃষ্টান্ত কুক্কুৰে।
 ডাকিনী যোগিনীগণ বিস্তীৰ্ণ শ্মশানে
পাই অগণিত মৰা, আনন্দে বিহ্বলা,
নাচিছে হাসিছে, গীত গাইছে পুলকে
নিকটাই দীৰ্ঘ দন্ত বিকট বদনে।
কাহাৰৰ প্ৰকাণ্ড মুণ্ড, সুক্ষীণ শৰীৰ,
জিলিকে হাড়ৰ জকা চৰ্ম্মৰ ওপৰে।
খৰ্ব্বাকৃতি কোনো জনী, বিশুদ্ধ ওৰস,
উদৰ কলসবৎ; দুটী মৃতদেহ।
খালেও নহব পূৰ্ণ। ওষ্ঠৰ উপৰে
দীৰ্ঘদন্ত বক্ৰাকাৰে প্ৰকাশিছে কাৰো।
সুদীৰ্ঘ কাৰো বা জিবা লহ লহ কৰে,
শোণিত সোৱাদে সদা ছেলেকে কোৱাৰি।
কাৰো হস্তে ছিন্ন মুণ্ড; পদখণ্ড কাৰো;
কাৰ কৰে কৰ; ধড় কৰে টনাটনি।
কেহোবা; কেহবা মাংস চৰ্ব্বিছে প্ৰচুৰ;
কধিৰ পীয়াছে কোনো অঞ্জলি কৰিয়া;
দেখিলে ভীষণ দৃশ্য, অন্তৰাত্মা কঁপে।
 দশাননে দেখি যত ডাকিনী যোগিনী
পাই ভয় পিছুৱালে; ঘূৰি ঘূৰি চাই


 উৰস—বুকু। [ ১৭৪ ]
 

ইজনী সিজনী কৰি কহিব লাগিলে,
“ইটো কি আহিছে হেঁয়ে হাতী যেন গাৰে?”
“চাছোঁ চা দহোটা মূৰ,” কহে অন্য জনী।
বোলে কোনো, “চাছোঁ বাই শালগছ যেন
একুড়ি এবুড়ি হাত।” কয় আৰু জনী,
“টেলেকা একুড়ি চকু টেঁৰা কৰি কৰি
কেনেকৈ চাইছে চাছোঁ; কেনে কৰে দেখোঁ।”
আন জনী বোলে, “সিটো হলং হলং কৰি
আহিছে ইফালে; পলা, ধৰিবহি আজি।”
শ্মশান-বাসিনী যত পলাল তৰাসে।
 ধীৰে ধীৰে ৰক্ষপতি ভ্ৰমন্তে চলিলা;
অগিৰ দুৰ্গতি দেখি স্তম্ভিত অন্তৰে
গুণিলা, “এতেক বল ধৰয় ৰাঘব!
নোহেতো সামান্য নৰ! বংশ ৰাক্ষসৰ
অস্তিলে সমুলে এই দণ্ডক অৰণ্যে!
কি সাহে জোকাবোঁ হেন অতুল প্ৰতাপী
সমৰ-কুশল বীৰ বিষ্ণু অবতাৰ
ৰঘুপতি? মুঢ়মতি আমি লঙ্কাপতি
নিচিনিছোঁ ৰঘুনাথে; লঙ্কা বংশ মোৰ
চাহিছোঁ কৰিবে ধ্বংস, যথা ৰক্ষকুল
সমুল নিৰ্ম্মূল এই বিপুল দণ্ডকে।


 অগিৰ—ৰাক্ষস। [ ১৭৫ ]

নাচাহোঁ জানকী; পৰ ৰমণী হৰণে।
নাহি কাম; চলি যাওঁ ঘূৰি লঙ্কাপুৰে।”
 দৰশিলা আশা দেবী উপজিছে ভয়
ৰক্ষৰ; মুহূৰ্ত্তে পৰিবৰ্ত্তন ঘটিছে;
জানকী হৰণ-ইচ্ছা দীপ্ত দীপ-শিখা
নিৰ্ব্বাপিত প্ৰায়। দেবী উদ্ৰেকিলা আশা
ৰক্ষোমনে; ৰক্ষ যেন শুনিলা শ্ৰৱণে,
“কিয় ভয় লঙ্কানাথ! উপজিছে মনে
তোমাৰ? তুমি যে ৰক্ষোবীৰ-চুড়ামণি
অজেয় জগতে; ভয় সামান্য মানবে?
গিৰিজা হুইয়া তুষ্টা স্তুতিত তোমাৰ
দিছে বৰ, আজি তুমি কৰিলে যতন
নিশ্চয় লভিবা সীতা অতুল ৰতন।
তব কুলে অপমান কৰিলে মানব;
ৰহিব অখ্যাতি যদি শান্তি নাহি পায়
তব কৰে শত্ৰু তব, শক্ৰন্দম তুমি।”
 আশাৰ কুহক-বাক্য, পিক-কুহৰণ
মিষ্ট যথা, ধ্বনিলেক শ্ৰৱণ-কুহৰে
ৰাজাৰ। হুইলা মুগ্ধ ৰাত্ৰিমট-মণি,
দেখিলা সুসাধ্য সব চক্ষুৰ গোচৰে,
সীতা লাভ হব যেন অবশ্য অক্লেশে।


ৰাত্ৰিমট-ৰাক্ষস। [ ১৭৬ ]

গুণিলা মনত বীৰ, “ইকি হল মোৰ?
স্বপন দেখিলোঁ কিবা দিঠকতে আজি!
নিৰ্ভীক অন্তৰে হল শঙ্কাৰ সঞ্চাৰ
হঠাৎ কিহেতু আজি? সামান্য ৰাঘবে,
-তপস্বী মানবে-, ভয় ই মোৰ হৃদয়ে
যি শত্ৰু কৰিলে হেন লাঞ্ছনা ৰাক্ষসে
মোৰ হাতে দণ্ডনীয় অবশ্য নিশ্চয়।”
 আসিলা সুকেতু-সুতা-সুত হেনকালে
অন্যত্ৰ থাকিয়া,; চিন্তাযুত দশগ্ৰীৱে
কহিলা, “ৰাজন! ৰাজ্য খৰ দূষণৰ
শ্মশানত পৰিণত দেখিও নয়নে।
দণ্ডক ৰাক্ষস শূন্য; শূন্য গৃহ সবে
জন্তুগণ অনুক্ষণ বিচৰণ কৰে।
চতুৰ্দ্দশ সহস্ৰ কটক সহ হায়
কীলসম কীলালপ-অধিপ দু-ভাই
ভূতলে শায়িত আজি। বুদ্ধিমান তুমি,
ভাৰিচোৱা ৰাঘবৰ ৰণ-শিক্ষা কেনে।”
 আকৰ্ণি মাৰীচ-বাণী অগিৰ-ঈশ্বৰ
কোলে কম্পি, ৰক্তবৰ্ণ বিংশতি লোচনে
উত্তৰিলা, “দেখা কাৰ্য্য নগণ্য নৰৰ!


সুকেতু-সুতা-সুত—সুকেতুৰ কন্যা তাড়কা, তাড়কাৰ পুত্ৰ মাৰীচ

কীল—অগ্নিশিখা। কীলালপ—ৰাক্ষস। [ ১৭৭ ]

সহোদৰা নাসা কৰ্ণ কাটিলে পামৰ
একবাৰ; পুনৰ্ব্বাৰ কৰিলে সংহাৰ
দু-ভাই দূষণ খৰ ৰক্ষোগণ সহ
আছিল ই বনে যত। বনবাসী ৰাম,
কৰে অত্যাচাৰ হেন! বৃথা মোৰ তেজ,
বৃথা মোৰ বাহুবল; পুত্ৰ মোৰ বৃথা
ইন্দ্ৰজিত হেন; বৃথা কুম্ভকৰ্ণ ভাই;
নাপায় ৰাঘব যদি কাৰ্য্য প্ৰতিফল!
কোৱা মিত্ৰবৰ এবে তপস্বী দুজনে,
—মাতৃহন্তা তব, আৰু ৰক্ষকুল ক্ষয়ী—,
ছলিবে কৌশল কিবা কৰিছা সুস্থিৰ।
বলে ছলে নিবোঁ আজি সীতাক ধৰিয়া
ৰামৰ হৃদয়-ধন; সি ধন বিহনে
কান্দে যেন কৰ্ম্মফল কৰিয়া স্মৰণ
বনে বনে বন্যৰাম শোকে অহনিৰ্শি।”
 বুলিলা মাৰীচ পাছে, “শুনা লঙ্কেশ্বৰ!
দেখিলোঁ আশ্চৰ্য এক ৰক্ষ-পুষ্পবনে
জন্তুগণ মাজে এক সুবৰ্ণ হৰিণ
লৰিয়া পলাল মোৰ দেখি আগমন;
মোহিত হইলোঁ ৰূপে; চলিলোঁ পশ্চাতে;
নেদেখিলোঁ কিন্তু আৰু হয় অনুমান
দেবতা সদয় হুয়া শিকালে কৌশল।

[ ১৭৮ ]

মায়া কৰি স্বৰ্ণ মৃগ আকাৰ ধৰিয়া
ছলিবোঁ তপস্বী দ্বয়ে; লইবা হৰিয়া
ৰামৰ হৃদয়-ধন সীতা সুহাসিনী।”
আহ্লাদিত লঙ্কেশ্বৰ মাৰীচ বচনে
কহিলা, “হে মিত্ৰ তব বুদ্ধি বিচক্ষণ।
সতত মৃগয়া প্ৰিয় ৰবিকুলোদ্ভব
ক্ষত্ৰিয় নৃপতিগণ; শ্ৰীৰাম লক্ষ্মণ
দেখি স্বৰ্ণ-মৃগ বনে, ভুলিব অবশ্য।
বিলম্বে নাহিক কাৰ্য্য; ধৰা মৃগৰূপ
স্বৰ্ণময়, যেহিৰূপে ভুলাবা ৰাঘবে।”
 মায়াবলে মৃগৰূপ ধৰিলা মাৰীচ;
সুপ্ৰসন্না মায়াদেবী কৰিলা সহায়;
ৰচিলা মৃগৰ দেহ আপুনি স্বকৰে
কৰিয়া বিচিত্ৰ অতি ৷ চিত্ৰিত শৰীৰ
কৰিছে কজ্জল ৰেখা; কোমল নিটোল
অবয়ব; শিৰে যেন দ্বিখণ্ড প্ৰস্তৰ
বহুমুল্য, শৃঙ্গৰূপে হল সুশোভিত।
সুশ্বেত চাৰিটী খুড়া; ৰক্ত ওষ্ঠ দুটী;
সুবঙ্কিম নেত্ৰযুগ, নয়নৰ মণি
যেন নীলমণি দুটী অতি মনোহৰ;
কোনে নুভুলিব তাৰ মৃদু দৰশনে।
স্বৰ্ণপ্ৰভ মৃগ দেখি লভিলা আনন্দ

[ ১৭৯ ]

দশমুণ্ড; দশমুখে খল খল হাসি
কহিল, “অতুল মায়া তব মিত্ৰবৰ!
ধন্য বুদ্ধি; এই ৰূপে মানব ৰাঘব
অবশ্যে ভুলিব; যোৱা তাহাৰ গোচৰে;
থাকোঁ লুকাইয়া আমি নিকটস্থ বনে?”
কুটিৰৰ পাশে বনে ৰলা লুকাইয়া।
ৰক্ষোৰাজ; বনৰাজ যেন বন মাজে
লুকায়, অপেক্ষি কাল ধৰিবে হৰিণী।
যি স্থানে কুটিৰে বসি শ্ৰীৰাম জানকী
আলাপিছে নানা কথা; সুৱৰ্ণ হৰিণ
দিলে দেখা সেহিস্থলে। ৰূপ-জেউতিত
জিলিকিলে বন। মৃগ ক্ষণে আগে যায়;
ক্ষণকে উলটি চায়; খায় দূৰ্ব্বাদল
কোনোবাৰ; কোনোবাৰ ভেলেকা চাহনি
ধৰে; লক্ষে চঁকি বৃক্ষপত্ৰৰ পতনে;
অথবা চমকে নিজ ছায়া দৰশনে।
দেখিলা দম্পতিদ্বয় মৃগ বিতোপন
চৰে এহিৰূপে বনে। বিমোহিতা সীতা
অনুপমৰূপে তাৰ, মৃদু মধুস্বৰে
কহিলা স্বামীক, “কিবা আচৰিত মৃগ
দেখিও হে কান্ত! কাস্তি কনক স্বৰূপ


বনৰাজ-বাঘ। লম্ফে-জাপ মাৰে। [ ১৮০ ]

আলোকিছে বনস্থলী; কৰিয়া কৰুণা
দিয়া ধৰি তাক। আমি তৃণ জল দানে
হৰিষে হৰিণ শিশু পুষিবোঁ যতনে।
অথবা জীয়ন্তে যদি ধৰা অসম্ভব,
বিনাশি, প্ৰকাশি দয়া তব দাসী প্ৰতি,
দিয়া তাৰ চৰ্ম্মখানি; পাতিয়া কুটিৰে
বসিবোঁ আনন্দে দুয়ো কৰিয়া আসন।”
 শুনি মৃগশিশু প্ৰিয় প্ৰেয়সী প্ৰাৰ্থনা,
লক্ষ্মণ লক্ষণাগ্ৰজ কহিলা সম্বোধি,
“দেখিও হৰিণ ভাই; হেমপ্ৰায় প্ৰভা
দেহে তাৰ; হেন মৃগ দৰ্শন-দুৰ্লভ
কৈত থাকি উপস্থিত? ইচ্ছিছে মৈথিলী
পাইবে তাহাক; আনা ধৰিয়া জীয়ন্তে;
অথবা সাধিয়া মৃত্যু আনা চৰ্ম্মখানি,
কৰা সন্তোষিতা সীতা জনক-নন্দিনী।”
 কৌশল্যা-নন্দন বাণী শুনিয়া সৌমিত্ৰি
সৌম্যমূৰ্ত্তি, সাম্যভাবে বুলিলা, “নৃমণি!
নহয় প্ৰকৃত মৃগ; নসম্ভবে কদা
হেন অসম্ভবৰূপী মৃগ মৃগকুলে;
পাতিয়াছে মাত্ৰ মায়া কোনোবা ৰাক্ষসে।
স্বজ্ঞাতী ৰাক্ষস বধ দেখি তব বাণে।
দণ্ডকে, দণ্ডিবে আজি আমি দুয়োজনে

[ ১৮১ ]

লই প্ৰতিহিংসা তাৰ, কোনোবা মায়াবী
পাতিছে মায়াৰ জাল ঘটাৱে জঞ্জাল;
জঞ্জালিলা যথা শূৰ্পনখা সেহি দিন
ধৰিয়া মোহিনীৰূপ। হইও নিৰস্ত,
নাহি কাৰ্য্য, আৰ্য্যপূৰ, সুবৰ্ণ হৰিণে।”
 উত্তৰিলা ৰঘুপতি, “শুনিও লক্ষ্মণ,
প্ৰকৃত হৰিণ যদি, আবৰণ তাৰ।
লইবোঁ বিচিত্ৰ অতি; যদিবা ৰাক্ষস
মায়াবী, মাৰিবোঁ তাক দণ্ডক-কণ্টক;
মুনিগণ নিষ্কণ্টক হোক ই কাননে।
যতক্ষণ নাসোঁ আমি নাশিয়া ইয়াক,
—প্ৰকৃত হৰিণ কিম্বা মায়াবী ৰাক্ষস-
থাকা এই স্থানে ভাই; নাযাইবা কভু
জনক জীয়াৰী এৰি গৃহে একেশ্বৰী।”
এতেক কহিয়া বীৰ ধৰি ধনুৰ্ব্বাণ
চলিলা উদ্দেশি মৃগ; ধৰিবাৰ হেতু
কৰিলা যতন বহু; থাকে থাকে মৃগ
ওচৰ চাপিলে ৰাম, পলায় অন্তৰে।
ক্ষণকে নিকট হয়, ক্ষণে যায় দূৰ
মায়াবী; প্ৰলোভি হেনৰূপে নৃপসুতে
অন্তৰালে বহুদুৰ। জানিয়া ৰাঘব
নহয় প্ৰকৃত মৃগ, শৰাসনে শৰ

[ ১৮২ ]

যুৰিলা, ভেদিলা মৃগ; ত্যজি মায়াৰূপ
ৰাক্ষস আকাৰ ধৰি পড়িলা মাৰীচ।
মৰণ সময়ে ৰাজ মন্ত্ৰণা সাধিবে,
ৰাম স্বৰ অনুকৰি মায়াবী ৰাক্ষস
দিল ডাক উচ্চৰবে, “ভাই হে লক্ষ্মণ
আসিও সত্বৰে মোক বেড়িলে ৰাক্ষসে।”
ডাকিয়া ইৰূপে ঘনে তাড়কা-নন্দন
নীৰবিলা অৱশেষে;-যন্ত্ৰণা অসীম
বাণাঘাতে-; ৰাম স্মৰি ত্যজিলা জীবন।
 এহিৰূপে সীতাকান্ত ৰাক্ষসান্ত কৰি,
মায়াবীৰ ডাক শুনি নিজ ধ্বনি সম
চিন্তিত হইলা অতি; ভাবিলা অন্তৰে,
“কি আশ্চৰ্য্য ৰক্ষোমায়া। ছলিয়া আমাক
আনিলে অৰণ্য দুষ্ট; মৰণ সময়ে
কিহেতু ডাকিলে পুনঃ সুমিত্ৰা-নন্দনে।
ধৰি মোৰ স্বৰ? অৰ্থ নিগূঢ় ইয়াৰ
আছয় অবশ্য কিবা। কিবা জানি হায়,
ভুলিয়া ৰাক্ষস ডাকে বালক লক্ষ্মণ,
ভাবি মোক বিপদস্থ, আসে সীতা এৰি
শূন্যগৃহে; তেন্তে কিবা ঘটে অঘটন।”
এত ভাবি চিন্তান্বিত অতি ৰঘুপতি
চলিলা গৃহাভিমুখে সবেগ গমনে।

[ ১৮৩ ]

 ইফালে লক্ষ্মণ সীতা মায়াবী ৰক্ষৰ
শুনিলা আতঙ্ক ডাক ৰাম স্বৰ সম।
বাগ্দেবী সুযোগ পাই হেনকালে আসি
বসিলা সীতাৰ কণ্ঠে। পতি ডাক হেন
মানিয়া ৰাক্ষস-ডাক, কাতৰে জানকী
কহিলা, “দেৱৰ, চলা ত্বৰিত গমনে;
পড়িয়া অগ্ৰজ তব নিশাচৰ হাতে
ডাকিছে তোমাক; যোৱা শীঘ্ৰে বীৰমণি!
ৰাক্ষস-কুহকে ভুলি, ৰাক্ষসৰ মুখে
দিলো প্ৰাণনাথে, মই কিনো অভাগিনী।”
কান্দোঁ‌ কান্দোঁ‌ সীতা দেবী; ক্ষণে দুকপোল
তিতিল অক্ষিৰ নীৰে; নিৰখি লক্ষ্মণ
বুলিলা সস্নেহে, “দেবি নকৰা ক্ৰন্দন;
স্থিৰ হোৱা, কিয় হেন উৎকণ্ঠিতা অতি।
কাৰ হেন শক্তি আছে ৰাঘবে অনিষ্ট
কৰে? নিশাচৰ মায়া নুবুজিছা, সতি,
মায়াবীৰ মাত সিটো জানিবা নিশ্চয়।”
 ঊৰ্ম্মিলা-বল্লভ বাক্যে শ্ৰীৰাম-বল্লভা
নামানি, ক্ৰন্দন কৰি কহিবে লাগিলা,
“কি কোৱা দেৱৰ তুমি? নিশাচৰ মাত?
কদাচ নহয় আমি অকৰ্ণে শুনিছোঁ‌।
ডাকিয়াহে প্ৰভু মোৰ বিপদে পড়িয়া;

[ ১৮৪ ]

মিনতি কৰিছোঁ যোৱা নকৰি পলম।”
 কহিলা সুমিত্ৰা-সুত দেখি জানকীৰ
অস্থিৰতা, “অকাৰণ ভাবা অমঙ্গল।
যাত্ৰাকালে ৰঘুমণি কহিলা আমাক
নাযাইবে গৃহ ত্যজি; যাইবোঁ কিমতে
প্ৰভুৰ আদেশ লঙ্ঘি, তব বাক্যে সতি?
নোশোভে তোমাৰ হেন চিত্ত ব্যাকুলতা,
বীৰপত্নী তুমি। কিয় শঙ্কা অকাৰণ?
যেহি জন ভাঙ্গিয়াছে শিব শৰাসন
ভয়ঙ্কৰ; ভৃগুৰাম যাৰ পৰাক্ৰমে
লজ্জিত; পতিত যাৰ ঘোৰ অস্ত্ৰানলে
মুহুৰ্ত্তে ৰাক্ষস সেনা দেখিলা প্ৰত্যক্ষে
সিদিন; ইহেন বীৰ বীৰদল-গুৰু
ৰাঘব, কৰে কি ভয় সামান্য ৰাক্ষসে?
কি চিন্তা তোমাৰ, সতি, পতিৰ কাৰণে?”
হুইলা কুপিতা সীতা সৌমিত্ৰি বচনে
বাঙ্গি অক্ষ। ৰূক্ষ বাণী নিঃসৰিল মুখে
ধনীৰ, “কি চিন্তা মম পতিৰ কাৰণে।
পতিৰ অভাব নাই কহিছ সঙ্কেতে
দুৰ্ম্মুখ দুৰ্ম্মুখ তই। প্ৰভুৰ অভাবে
পূৰাবি কি স্বামীস্থল? কহিছ সিহেতু
“কি চিন্তা তোমাৰ, সতি, পতিৰ কাৰণে।

[ ১৮৫ ]

১৭৫
এই তোৰ মন বাঞ্ছা? ৰাঘব বিপদ
বাঞ্ছিয়া সিহেতু দুষ্ট বহিছে আনন্দে।
কৈকেয়ী কৌশল কৰি কৌশল্যা-নন্দনে
দিলে বনবাস; নিলে ৰাজ্যভাৰ কাঢ়ি
ভৰতে; এতিয়া তই নে তাৰ ৰমণী।
কপটি। বাসনা তোৰ নুপূৰিব কদা
ত্যজিবোঁ পৰাণ মোৰ প্ৰভুৰ বিহনে।
যত স্নেহ ভক্তি তোৰ ৰঘুপতি প্ৰতি
বুজিলোঁ কৃত্ৰিম সব; বিমাতৃ তনয়ে
নসম্ভবে কদাচিত প্ৰকৃত মমতা;
পাইলো প্ৰমাণ তাৰ সঙ্কট সময়ে।
ধিক্ তোৰ ভ্ৰাতৃ-ভক্তি; ধিক্ তই হেন
বিষকুম্ভ পয়োমুখ কপটী অনুজে।”
 প্ৰিয়বাক্য যাৰ মুখে বিৰাজিত সদা,
দুগ্ধে মধুৰতা যথা; হে ৰাম-প্ৰিয়া
বদনে অপ্ৰিয় বাণী কৰ্কশ নিঠুৰ।
শুনি আচৰিত অতি অপাপ-অন্তৰ
সুবলী, বুলিলা, “হেন অবাচ্য বচন
প্ৰয়োগিলা কিয় সতি? অনুগত দাস
ৰাঘৱৰ মই; আৰু ভৃত্য আজ্ঞাবাহী ,
তোমাৰো সতত। ৰাজ্য-সুখ পৰিহৰি
দুইৰো আদেশ পালি, তপস্বী সাজিয়া

[ ১৮৬ ]

ভ্ৰমিছোঁ সতত সঙ্গে বিজন কাননে,
ইহেন লক্ষ্মণ প্ৰতি তব কটুবাণী?
জননী স্থানীয়া তুমি, পূজনীয়া মোৰ;
দাস আমি, কি কহিবোঁ? তোমাৰ বচনে
অবাচ্য, জননি, মোৰ জ্বলিছে অন্তৰ।”
 “কি কাম, লক্ষ্মণ, তব,” কহিলা বৈদেহী,
“হুয়া পৰদাস? বনে ভক্ষি ফলমূল,
কি কাম কৰিবে কষ্ট? অযোধ্যা নগৰী
যোৱা ফিৰি; ভৰত শত্ৰুঘ্ন দুই সহ
ভুঞ্জা ৰাজ্য-সুখ সুখে; কৰা সন্তোষিত
ঊৰ্ম্মিলাৰ মন। সীতা, ঊৰ্ম্মিলা-ৰমণ,
নাহি চায় তব ন্যায় সহায় কাননে।”
 “দুঃখিত অন্তৰে শূৰ-শিখৰ লক্ষ্মণ
উত্তৰিলা, “আৰু সতি দুৰক্ষৰ বাণী
নুবুলিবা; যাওঁ আমি তবাদেশ পালি
অগ্ৰজ উদ্দেশে। কিন্তু ভবিষ্য গৰভে
নাজানোঁ কি আছে আজি। নাহি দোষ মোৰ;
যাওঁ প্ৰভু-আজ্ঞা লঙ্ঘি তোমাৰ আদেশে।”
এতেক কহিয়া বীৰ গৃহ চতুৰ্দ্দিশে
শৰাগ্ৰে অঙ্কিলা ৰেখা; কহিলা সীতাক,
“শৰাগ্ৰে ৰেখিলোঁ গৃহ; শত্ৰু সাধ্য নাই
প্ৰবেশে ভিতৰে। দেবি গৃহৰ বাৰ্হি

[ ১৮৭ ]

নুহুইবা কদাচিত, থাকে যেন মনে।
প্ৰণমোঁ চৰণে; এবে হইলোঁ বিদায়
ইদাস।” আকাশ দিশে চাই বীৰমণি
প্ৰাৰ্থিলা, “হে দেবকুল, হবা অনুকূল।
ৰাক্ষস-সঙ্কুল ঘোৰ অকুল অৰণ্যে
শূন্যঘৰে, হে দেবতা, নিৰাশ্ৰিতা সীতা
এৰিলোঁ; ৰাখিও সবে কৰিয়া কৰুণা।”
 সমাপিয়া স্তুতি বীৰ ধৰি ধনুৰ্ব্বাণ
চলিলা অন্বেষি ৰামে; বৃক্ষ আড়ে থাকি
দৰ্শিলা দশাস্য; হাস্য কুটীল বদনে,
জানি গৃহে একাকিনী ৰাঘব-ৰমণী।
তুৰন্তে তপস্বীবেশ ধৰিলা লঙ্কেশ,
-ৰক্তবস্ত্ৰ পৰিধান; যজ্ঞসূত্ৰ দেহে
সুশুভ্ৰ, ওলমে স্বৰ্ণ অঙ্গুৰীৰ ভৰে
আঠু-পৰ্শি; কক্ষতলে জুলে স্থূল জুলি;
শিৰে সেৰা সেৰি কেশ ৰাঙ্গিচা বৰণ
বান্ধিয়াছে জটাজুটি; হাতত লাখুটি;
কপালে চন্দন; গলে ৰুদ্ৰাক্ষৰ মালা।
এহিৰূপে ছদ্মৰূপে ৰাজা দশানন,
ধৰি বীৰগতি গলা সীতাৰ সমীপে
লাখুটিত কৰি ভৰ। শশিপ্ৰভা সম
জানকীৰ কান্তি দেখি হুইলা মোহিত

[ ১৮৮ ]

লঙ্কেশ, মহেশ যথা মোহিনীৰ ৰূপে।
শূৰ্পনখা যেহিৰূপ সীতা সুন্দৰীৰ।
দিছিলা বৰ্ণনা পূৰ্বে, সত্য সি বৰ্ণনা
অক্ষৰে অক্ষৰে, বীৰ ভাবিলা অন্তৰে।
 সম্ভাষিলা ৰক্ষ পাছে, “হে চাৰু বদনি!
কোন তুমি? কোথা হন্তে আসিলা ইস্থানে?
দেবী কি মানবী? এই সুঘোৰ কাননে
ভীষণ ৰাক্ষস পূৰ্ণ, কি কাৰ্য্যে বসতি?”
শুনি ছদ্মবেশী বাণী, তপস্বীৰ জ্ঞানে,
মধুৰ ভাষিণী মৃদু মধুৰ বচনে
মধুৰিলা কৰ্ণ তাৰ, “পৰিচয় মোৰ
শুনা তপোধন! আমি জনক দুহিতা,
সীতা নাম। সূৰ্য্যবংশী অযোধ্যা নৃপতি
দশৰথ; ৰামচন্দ্ৰ তেওঁৰ তনয়
পতি মোৰ, আসিয়াছে পিতৃ সত্য হেতু
কাননে; আসিছোঁ আমি স্বামীৰ সংহতি।
পাইব পাৰোঁ কি প্ৰভু তব পৰিচয়
ই দাসী?” হনূষপতি হৰিষ আননে
কহিলা, “অবশ্যে; কিন্তু পূৰ্ণ পৰিচয়
পাবা শেষে; কহোঁ এবে সম্প্ৰতি সঙ্ক্ষেপে
শুনা সুহাসিনি, আমি কুবেৰৰ ভাই;
এৰিছোঁ সংসাৰ মায়া; থাকোঁ এই বনে

[ ১৮৯ ]
 

কৰি তপ, ফল মূল আহাৰি কেবল।
আসিলোঁ ভিক্ষাৰ হেতু; যদি আছে কিবা
গৃহে তব, দিলে হয় উদৰ উপায়।”
 শুনি তপস্বীৰ বাক্য কহিলা জানকী
কোমল অন্তৰা, “কৰা অপেক্ষা ক্ষণেক;
লক্ষ্মণ আসিব এবে ফল মূল লই,
দিবোঁ ভিক্ষা। মম পতি ৰঘুপতি অতি
হব তুষ্ট দেখি দ্বিজ; কৰিব শুশ্ৰূষা।”
 “হুয়াছে বহুত বেলা;” কহিলা ৰাৱণ,
“পূজাৰ সময় মোৰ; অপেক্ষা কৰিব
নোৱাৰোঁ ৰামৰ হেতু। প্ৰস্থানিলোঁ আমি।”
হুইলা দুঃখিতা সীতা। “ফিৰি যায় দ্বিজ
ভিক্ষা বিনে, শুনি পতি কি বুলিব মোকে”,
এতেক ভাবিয়া সতী কহিলা, “বহিও,
দ্বিজবৰ। দুটী ফল আছে মাত্ৰ গৃহে,
গ্ৰহিও অত্যল্প দান অধিক অভাবে।”
শুনিয়া সীতাৰ বাক্য উলটিলা ধীনে
ছলকাৰী, আশীৰ্ব্বাদি সস্নেহে বুলিলা,
“ধন্যা তুমি সুভাষিণি! সাদৰ বচনে
তোমাৰ, সন্তুষ্ট আমি; লবোঁ যথা দান।”
 আনি দুটী ফল সীতা, সম্ভ্ৰম কৰিয়া
গৃহৰ ভিতৰ থাকি যাচিলা ৰাবণে।

[ ১৯০ ]

“নলওঁ আশ্ৰমে ভিক্ষা” কহিলা তপস্বী,
“বাহিৰে আসিয়া ভিক্ষা কৰিও প্ৰদান,
লই যাওঁ, বিধুমুখি, আশীৰ্ব্বাদ কৰি।”
সীতা বোলে, “দ্বিজবৰ, আছয় নিষেধ
গৃহ হন্তে বাহিৰিবে।” বুলি ৰাৱণ,
“আমাৰো নিষেধ আছে গৃহে ভিক্ষা লবে;
নোৱাৰোঁ লইব দান, যাওঁ সুবদনি।”
 ভাবিতা হুইলা সীতা, “কৰিছে বাৰণ
গৃহ-হন্তে বাহিৰিবে সুমিত্ৰা কুমাৰ।
বাহিৰ নহলে বিপ্ৰ ভিক্ষা নাহি লয়;
তপস্বী ব্ৰাহ্মণ যায় মধ্যাহ্ণ সময়ে
বিনা দানে। শুনি ইটো অতীব অধৰ্ম্ম
বুলিব যে মন্দ মোক নিশ্চয় ৰাঘবে।”
হুইয়া বাহিৰ সতী ডাকিলা ব্ৰাহ্মণে,
“লইও, তপস্বি। ভিক্ষা, বাহিৰিছোঁ আমি
গৃহ থাকি।” শুনি ৰক্ষ ৰঙ্গে উলটিলা।
ভিক্ষা লোৱা ছল কৰি মায়াবী ধৰিলা
ধনীক কোমল কৰে, দৃঢ় মুষ্টি কৰি।
“কি কৰ কি কৰ দুষ্ট” কহিলা সুন্দৰী,
“এৰি দে এৰি দে, হাত, কিহেতু ধৰিলি।”
টনাজোৰা কৰে সীতা হাত এৰাইবে;


ধনীকা,-যুবতী। [ ১৯১ ]
 

কিন্তু কি শকতি? মৃগী পাৰে কি এৰাব
কেশৰী কবল থাকি? কহিলা ৰাবণ,
“পাইবা কৰত কষ্ট; কৰি টনাটনি
নোৱাৰা এৰাব কভু। শুনা সুবদনি
পৰিচয় মম; নোহোঁ যি দেখিছা মোক,
—সামান্য তপস্বী—; মাত্ৰ ছদ্মবেশ ইটো।
লঙ্কাৰ ঈশ্বৰ আমি, ৰাক্ষসৰ নাথ,
যাৰ ভয়ে দেবকুল আকুল সতত
খাটে লঙ্কাপুৰে; দেখা ধৰোঁ নিজৰূপ।”
 এত কহি নিজৰূপ ৰক্ষ প্ৰকাশিলা।
—নীলবৰ্ণ ভীমকায়; ৰাজ আভৰণ
শৰীৰে; দ্বিপঞ্চ মুণ্ড, দুই দশ কৰ;
বিংশতি লোচন যেন বিংশতি নক্ষত্ৰ
কৰে টল টল—। সীতা দেখি মহাকায়
ভয়ত বিহ্বলা হুয়া মুদিলা নয়ন,
উত্তৰিলা আৰ্ত্তস্বৰে, “এৰি দে ৰাক্ষস,
নিৰ্দ্দোষী অবলা নাৰী কৰিছোঁ মিনতি;
নহলে পাইবি শান্তি মম নাথ হাতে।”
 আসিলে বাঘবদ্বয় বন হন্তে ঘুৰি,
ঘটিব বিপদ ভাবি নিকষা তনয়,
তুলা তুল্যা লঘু সীতা তুলিলা তুৰন্তে


 কবল—গ্ৰাস [ ১৯২ ]
 

ৰথে। ৰথ চলিলেক, ৰথচক্ৰ ঘুৰি
ঘড়ঘড়ি, বায়ুবেগে এৰি পঞ্চবটী।
ছটফট কৰে সতী ৰথৰ ওপৰে;
হইলা বাউলী প্ৰায়; কৰি কৰাঘাত
আপোন ললাটে বক্ষে, কান্দে হুম হুমি,
“হা প্ৰভু ৰহিলা কৈত? শ্ৰীচৰণ দাসী
নিয়ে ৰক্ষে বলে ধৰি, আসিও সত্বৰে।
হা দেব হৃদয়েশ্বৰ সীতা-চিন্তামণি
কৈত ই বিপদকালে? তব অভাগিনী
তপস্বীৰ বেশে, নাথ, ছলিলে ৰাৱণে;
হৰিলে ৰাৱণে ছলে ভিখাৰীৰ বেশে,
উদ্ধাৰা তুৰন্তে কান্ত। আসিও লক্ষ্মণ,
স্নেহৰ দেৱৰ মোৰ; কৰিয়া কৰুণা,
—কাতৰে বিনয় কৰোঁ উৰ্ম্মিলা-ৰমণ—,
কৰিয়া কৰুণা মোক নিস্তাৰা বিপদে।”
 “লঙ্কেশ্বৰ। ৰাজা তুমি জগতে বিখ্যাত।
ইকি আচৰণ? পৰ ৰমণীহৰণে
নুহিলা কুণ্ঠিত? ছি ছি ৰক্ষকুলপতি!
ইহেন বিধান তব ৰক্ষ-ৰাজবিধি
লেখে কি? চলে কি হেন পাপ আচৰণ
তব ৰাজ্যে? ৰক্ষকুলে নাই কি বিচাৰ?
ৰাজা তুমি, দণ্ডা প্ৰজা কৰে যদি দোষ;

[ ১৯৩ ]

কৰিলে কি পাপ তুমি, দণ্ড বিধানিবে
নাই কোনো? ৰক্ষোৰাজ, জানিবা নিশ্চয়
দণ্ডিবেক ভগবান ৰাজকুল-ৰাজা।
কাতৰে বিনয় কৰোঁ; এৰি দিয়া মোক;
নাৰাখা অখ্যাতি তব সুবিখ্যাত কুলে।”
 সীতাৰ কৰুণ বাক্যে অচলিত চিত
উত্তৰিলা লঙ্কানাথ, “হে নাৰী-সুন্দৰি!
তব ৰূপে মুগ্ধ আমি। তব অনুনয়ে
বধিৰ শ্ৰৱণ মোৰ; অন্ধ নেত্ৰ দ্বয়
ৰোদনে তোমাৰ। ৰূপে বিমোহিত মন,
বিমোহিত কুড়ি আখি; অন্তৰে বাহিৰে
দেখিছোঁ কেৱল ৰূপ, হে ৰূপ-মাধুৰি!
ভাগ্যোদয় আজি তব; ভাবা অমঙ্গল
কি হেতু? ৰাঘব হেতু ফল মূলাহাৰী
জটাধাৰী, কিয় ধনি কান্দা অকাৰণ
হুইয়া বিহ্বলা? তুমি হেন ৰূপবতী
সুভাষ-ভাষিণী দেব-দুৰ্ল্লভ কামিনী
শোভে কি সামান্য নৰে অৰণ্য-সন্ন্যাসী?
আমি ৰাজা দশানন ত্ৰিলোক বিজয়ী,
—যাৰ ভয়ে সুৰ নৰ কিন্নৰ ভূধৰ।
সাগৰ তৰসি কম্পে—, হেন লঙ্কেশ্বৰ
হবোঁ অনুগত তব; চিত্ত-বিনোদিনী

[ ১৯৪ ]

হইবা আমাৰ প্ৰিয়া, হে প্ৰিয়ভাষিণি!
মন্দোদৰী আদি মম যতেক মহিষী
আছে লঙ্কাপুৰে; সবে হুইয়া কিঙ্কৰী
সেবিব শ্ৰীপদ তব; হইবোঁ কিঙ্কৰ,
হইবা ঈশ্বৰী মোৰ, মুখ্যা পাটেশ্বৰী।”
 সুপ্তা ভুজগিনী যেন, জোকালে কোনোএ,
তুলি শিৰ ধৰি ফণা ফোঁপায় সকোপে;
ধৰিত্ৰী-ধীলটী তথা ৰাৱণ বচনে,
মুখ দাঙ্গি চকু ৰাঙ্গি হুইয়া কুপিতা,
বিকৰ্থিলা দৰ্ব্বনাথে ভৎৰ্সনা বচনে,
“নীচাশয় নিশাচৰ বৰ্ব্বৰ পামৰ,
পাপ বাক্য মুখে, তোৰ? জ্বলোক পাবক
তোৰ পাপ-দশাননে। বখানিছ নিজ
প্ৰতাপ বীৰত্ব বহু; কিন্তু নগণিছোঁ
প্ৰভুৰ কনিষ্ঠ এক পদাঙ্গুলি সম
তোক, হে ৰমণী-চোৰ! সামান্য মূষিক
তই ৰে কৰ্ব্বুৰ; মোৰ ৰাঘব কেশৰী।
বিষ্ণু অবতাৰ নাথ; তই অধৰমী
অগিৰ; অন্তৰ বহু,—স্বৰ্গ মৰ্ত্ত্য যেন—
তোত ৰাঘবত। পাপি, কহ কি সাহসে


 ধৰিত্ৰী-ধীলটী,—পৃথিবীৰ কন্যা অৰ্থাৎ সীতা।
 দৰ্ব্বনাথ,—ৰাক্ষসৰ পতি অৰ্থাৎ ৰাৱণ। অগিৰ—ৰাক্ষস। [ ১৯৫ ]

কুবচন হেন জনে? ভাবিছ ভিখাৰী?
লঙ্কানাথ বুলি তই উচ্চ পৰিচয়
দিবে নাপাইলি লাজ? হুয়া ৰক্ষোৰাজ
চোৰৰ প্ৰকৃতি! পৰ ৰমণী হৰণ
ধৰ্ম্ম তোৰ! নীচমতি হৰিলি অবলা
অকলা গৃহত পাই ছদ্মবেশ ধৰি;
ই তোৰ পৌৰুষ? লাজ! মোৰ প্ৰাণ প্ৰভু,
দেৱৰ লক্ষ্মণ কিম্বা থাকিলে গৃহত,
তোৰ এই দশ মুণ্ড মুকুট ভূষিত
ভূতলে পড়িয়া আজি লোটালে হেতেন।
এৰি দে অধৰ্ম্মী মোক; নহিলে সংহাৰ
হব তোৰ ৰক্ষকুল, ৰঘুমণি ৰোষে।”
 আকৰ্ণি ভৎৰ্সনা বাণী বৈদেহীৰ মুখে,
তৰ্জ্জিলা বৈদেহী-হৰ দন্ত কড়মড়ি
কুড়ি মুখে কুড়ি পাটি, “অবোধ ৰমণি!
তিৰস্কাৰ কৰ তই অশ্ৰপ-ঈশ্বৰে?
এতেক সাহস? ভাগ্যে অবলা ৰমণী;
নহলে মস্তক তোৰ ছেদিলোঁ‌ হেতেন।
কি গুণ শ্ৰীৰাম ধৰে? ৰাজ্য হেৰুৱাই
কৰিছে কাননে বাস; গৃহৰ অভাবে
কুটিৰ আশ্ৰয় তাৰ; ভূতলে লুণ্ঠিত


অশ্ৰপ,--ৰাক্ষস [ ১৯৬ ]

দেহ সদা শয্যা বিনে; বল্কল ধাৰণ
বস্ত্ৰাভাবে; তৈলাভাবে বান্ধিয়াছে জটা
শিৰে, দেহে উড়ে ধূলি; আহাৰ অভাবে
খায় কপি খাদ্য ৰাম ফল মূল আদি;
এয়ে তো প্ৰণয়ী তোৰ যাৰ লাগি কান্দ!
ছি ছি সামান্যৰ প্ৰতি প্ৰেম তোৰ মনে!
বৃথা কষ্ট নাপাইবি, মুক্তি নাই তব;
পাইবি স্বৰ্গৰ সুখ ভজিয়া আমাক
দ্বিতীয় ত্ৰিদিব তুল্য স্বৰ্ণ লঙ্কাধামে।”
 উত্তৰিলা ৰক্ষবাক্যে মৈথিলী সুন্দৰী,
“ৰাক্ষস! তৰ্জ্জনে তোৰ নভৰে জানকী;
নুভুলে স্নেহৰ বাক্যে যত প্ৰলোভনে
জানিবি নিশ্চয়, পাপি, পতি-প্ৰাণা সীতা।
যি আশা কৰিয়া মোক হৰিলি পামৰ
নহব সি আশা পূৰ্ণ; কিয় অকাৰণ
হবি নাৰীবধী? মুঢ়, কিয় অকাৰণ
ডুবাবি কনক লঙ্কা, ডুবিবি আপুনি?”
 “হে বিধাতা, মনে এয়ে আছিল তোমাৰ?
চন্দ্ৰকুলোদ্ভবা আমি; ৰাজৰ্ষি জনক
জনক আমাৰ; হলোঁ সূৰ্য্যকুল–বধূ;
ৰথীশূৰ দশৰথ নৰেন্দ্ৰ শ্বশুৰ;
পতি ৰঘুকুলমণি; হায় হে বিধাতা

[ ১৯৭ ]

লেখিলা কপালে মোৰ ইহেন দুৰ্গতি?
সজ্ঞানে অজ্ঞানে যদি কৰিছোঁ অবলা
অপৰাধ তব পদে, ক্ষম চতুৰ্ম্মুখ!
দশমুখ গ্ৰাস হন্তে উদ্ধাৰা দাসীক।”
 “হায় ৰবিকুল-মণি! নামানি বাৰণ
গুৰুজন শাশুৰীৰ, বন্ধু বান্ধবৰ,
অৱহেলি সবজনে আসিলোঁ কাননে,
—কপোতৰ সঙ্গে যথা কপোতী বিহগী—
তব সঙ্গে; ৰক্ষ-ব্যাধ মায়াজাল পাতি
ধৰিলে কপোতী তব দীনা দুৰ্ভাগিনী;
ৰাখিও কপোতী–কান্ত আসিয়া সত্বৰে।
সাদৰত যাক প্ৰভু শশিমুখী বুলি
মাতিছিলা; নিপতিতা ৰাহুগ্ৰাসে আজি;
উদ্ধাৰা হে বীৰবৰ তব শশিমুখী।
যাৰ নেত্ৰযুগে কৰ কমল বুলাই
বুলিছিলা কতবাৰ কুৰঙ্গ-নয়নী;
কালচক্ৰে আজি সেই স্নেহৰ কুৰঙ্গী
তোমাৰ, লইলে ধৰি কৰ্ব্বুৰ-কৰ্ব্বৰে
পাইয়া সুযোগ; শূৰ ৰাখাহি নিবাৰি;
ৰাখাহি নৃমণি তব কুৰঙ্গী-নয়নী।
তুমি ৰবিকুল-ৰবি; আমি কমলিনী


কৰ্ব্বুৰ-কৰ্ব্বৰে—ৰাক্ষস ৰূপ বাঘে। [ ১৯৮ ]

ৰবিগত-প্ৰাণা; হেন কমলিনী তব
আদৰৰ আক্ৰমিলে আসিয়া মৰাল
দুষ্ট চোৰ; কৈত কান্ত হেন অসময়ে?”
 “কৈতেবা ৰহিলা, বীৰ সুমিত্ৰা-নন্দনে,
হে প্ৰিয় দেৱৰ! ক্ষমা অপৰাধ মোৰ,
নুবুজি বুলিলো কটু। নামানি বচন।
তব, অভাগিনী আমি পড়িলোঁ বিপাকে।
প্ৰিয় ভ্ৰাতৃ ৰঘুপতি,⸺যাৰ সুখে সুখী,
যাৰ দুঃখে দুঃখী তুমি; যাৰ স্নেহ বান্ধে
আসিলা কাননে বীৰ ৰাজ্য পৰিহৰি⸺
তাৰ পত্নী নিয়ে ধৰি দুৰ্ম্মতি ৰাৱণে;
কিহেতু উদাস ভাবে ৰহিলা, কেশৰি?
সদা ধনুৰ্ব্বাণ ধৰি, কুটিৰ সম্মুখে,
⸺ৰাজগৃহ দ্বাৰে যেন প্ৰখৰ প্ৰহৰী⸺,
ৰাখিছিলা যাক সদা; গৃহশূন্য কৰি
হৰিলে তাহাক চোৰে; শূন্যগৃহে এবে
আৰু নো ৰখিবা কাক কোৱা, কুল-মণি!
কাতৰে জনক-কনী প্ৰিয় বউ তব
ডাকিছে বিপদে পড়ি, মাতিছে কান্দিয়া;
উদ্ধাৰা অবলা, শূৰ, নাৰী-চোৰে মাৰি।
অথবা নকৰা ক্ষমা যদি মোৰ দোষ,


জনক-কনী⸺ জনক-কন্যা অৰ্থাৎ সীতা। [ ১৯৯ ]

—দোষী আমি অভাগিনী, ভৎৰ্সিলোঁ তোমাক
বিনা দোষে—,যদি নোহে দয়া মোৰ প্ৰতি;
তব প্ৰিয় ভ্ৰাতৃ নামে দিলো, হে দেৱৰ
দোহায়; আসিয়া শীঘ্ৰ, ভ্ৰাতৃ মুখ চাই,
নিস্তাৰাহি নিমাখিতা সীতা, বীৰবাহু!”
 “হায় হায়! ৰঘুমণি কিমতে জানিব
হৰিলে যে মোক দুষ্ট লঙ্কাৰ ৰাৱণে;
কোনে দিব বাৰ্ত্তা ইটো, কোনে দিব হায়
প্ৰভুৰ চৰণে? দেব সদাগতি! তব
সদাগতি সৰ্ব্ব স্থানে; ‘লঙ্কাৰ ৰাৱণে
হৰিলে জানকী,’ এই বাৰ্ত্তা কৃপা কৰি
পশোৱা প্ৰভুৰ কৰ্ণে; জীৱৰ জীৱন
তুমি দেব, জানকীক কৰা জীৱ দান
এই উপকাৰ কৰি,—মিনতি চৰণে।
বিহায়-বিহাৰী পক্ষি! প্ৰাৰ্থিছোঁ কাতৰে,
যোৱা দ্ৰুতগতি উড়ি সীতাকান্ত যথা,
কোৱা ই সম্বাদ নাথে, ‘লঙ্কাৰ ৰাৱণে
হৰিলে জানকী'। যত তৰু লতা বন
জীৱকুলাশ্ৰয়, যৱে লইব আশ্ৰয়
তোমাসাৰ ছায়াতলে জানকী-জীৱন
হুইয়া ভ্ৰমণশ্ৰান্ত, 'লঙ্কাৰ ৰাৱণে
হৰিলে জানকী,’ সবে কবা ই বাতৰি

[ ২০০ ]

হে বন কুসুম! তুমি আদৰৰ ধন
সীতাৰ; তোমাক সীতা ধৰিছিলে শিৰে
সতত; প্ৰভুৰ সঙ্গে যদি হয় দেখা
কহিবা কৰুণা কৰি, ‘লঙ্কাৰ ৰাৱণে
হৰিলে জানকী,’—এই অভাগী প্ৰাৰ্থনা।”
 “হে ৰাক্ষস! নাই কিবা ধৰ্ম্মভয় তোৰ?
হুয়া লঙ্কাপুৰেশ্বৰ ৰাক্ষসৰ নাথ
হৰ পৰ নাৰী। নাই লাজ তোৰ মনে?
এয়ে কি গৌৰব? হায়, তোহেন পাপীক
কিমতে ধৰিছে ৰক্ষে জননী ধৰণী?
ৰে পাপী! পড়োক তোৰ দশশিৰ ব্যাপি
অশনি আকাশ হন্তে। এৰি দে নিৰ্ম্মম!
এৰি দে মিনতি কৰোঁ; প্ৰভু কোপানলে
নহলে সকুলে দুষ্ট পাইৰি পতন।
অথবা, অনলে কিম্বা সলিলে প্ৰবেশি
অন্তিবোঁ ই দেহ মোৰ; কদাপি পামৰ
নফলে যি আশা কৰি হৰিছ ছলেৰে।”
 শুনিয়া নিৰাশ বাণী বিষাদিনী মুখে
বিষণ্ণ হৃদয় ময়-নন্দিনী-ৰমণ
লকেশ্বৰ মনে মনে স্তুতিলা মহেশে,
“ৰাৱণ তোমাৰ দাস বিদিত সংসাৰে


অশনি-বজ্ৰ। [ ২০১ ]

বিশ্বেশ্বৰ! বিষধৰ ধৰিলা ভূষণ
দেহে, কিবা দিবে ফল তব ভক্তজনে
হলাহল? শক্তিনাথ, ভক্তিৰ সাগৰ
ভক্ত চিত্ত; তুমি তথা মন্দৰ ভূধৰ;
শৰীৰ ভুজঙ্গগণ ৰজ্জুৰ স্বৰূপ।
মথিলে সমুদ্ৰ এই, এই গিৰিযোগে,
এই ৰজ্জু ধৰি; প্ৰভু, ফলে কিবা ফল
কালকূট? যথা হায় সমুদ্ৰ মন্থনে
পুনৰ্ব্বাৰ তবাদেশে, ফলিল গৰল?
নহলে কি, মহেশ্বৰ!—চিৰদাস আমি
তোমাৰ; নাজানো আনে—,মোৰ খ্যাত কুলে
ইহেন লাঞ্ছনা ঘটে? যায় নাক কাণ
নৰ হাতে সোদৰীৰ। হাসয় জগতে?
থাকিলে কি কৃপা তব এই ভৃত্য প্ৰতি,
পশুপতি! বনপতি বীৰ ভ্ৰাতৃদ্বয়
দ্বিৰদ সদৃশ, বন-ৰক্ষোবল সহ
হয় ক্ষয়? শুনো পুনঃ গালি নাৰী মুখে?
যদি নোহে কৃপা তব এই দাস হেতু,
বৃথা ভক্তি আৰাধনা পদাম্বুজে তব
নিয়ত ভৃত্যৰ তবে; বৃথা তেন্তে,প্ৰভু,
ভোলানাথ দাস মোক বোলে সৰ্ব্বজনে।
তব কোপানলে পুড়ি অনঙ্গ অনঙ্গ

[ ২০২ ]

হুইছিলে; কি যে ভাগ্য, লভিয়া মৰণ,
পাইলে জীৱন পুনঃ। পীড়ে দাসে এবে
তব ৰিপু, ৰিপুঞ্জয়! কৰিও কৰুণা
কিঙ্কৰক, কায়ে মনে শ্ৰীপদে অৰ্পিত
নিয়ত। হে নীলকণ্ঠ! নীলকায়ে মম
শোভে যেন হেনময়ী ই নাৰী-মালিকা,
ভজে যেন তব ভৃত্যে সীতা সিমন্তিনী।”


 

 মালিকা—মালা

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৪ চনত ১ জানুৱাৰী ১৯৬৪ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )