সমললৈ যাওক

পৃষ্ঠা:সীতা-হৰণ কাব্য.djvu/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩
প্রথম সর্গ

 বন হন্তে হেনকালে হলা উপস্থিত
উৰ্ম্মিলা-বিলাসী আসি, মেলিয়া তুপলি
সুৰসাল ফল মুল বিবিধ প্ৰকাৰ
প্ৰদানিলা সতী প্ৰতি। প্ৰশ্নিলা বৈদেহী,
“কিহেতু বিলম্ব আজি হল, বীৰমণি,
তোমাৰ? তপন তাপে তপ্ত মুখ খানি;
গৈয়াছিলাঁ। বহু দূৰ হয় অনুমান।”
 সীতাৰ সস্নেহ বাক্যে কৰিলা উত্তৰ
সুমিত্ৰা-অঞ্চল-নিধি, “নিমিলে নিকটে
ফল মুল, স্নেহময়ি! সিকাৰণে আজি
গৈয়াছিলোঁ অন্বেষিয়া সুদূৰ কাননে,
গোদাবৰী অন্য পাবে। আসিব সময়ে
নাই ভেলা, যাত কৰি হুয়াছিলোঁ পাৰ,
ভাসিগল স্ৰোতস্বতী সস্ৰোত সলিলে।
কাটিয়া কদলী বৃক্ষ নিৰ্ম্মি জলযান
নব, উতৰিলোঁ নদী; বিলম্ব সিহেতু
হুয়াছে অধিক আজি তব ইদাসৰ।”
উত্তৰিলা ৰঘুকুল-কমল ৰাঘব,
“পাইছা বীৰেশ ক্লেশ; যাই তব গৃহে


 উৰ্ম্মিলা-বিলাসী—উৰ্মিলাৰ পতি, লক্ষ্মণ। স্ৰোতস্বতী—নদী। সলিল—জল। উতৰিলোঁ—পাৰ হলোঁ।