পৃষ্ঠা:সীতা-হৰণ কাব্য.djvu/১৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮৬
সীতাহৰণ–কাব্য

দেহ সদা শয্যা বিনে; বল্কল ধাৰণ
বস্ত্ৰাভাবে; তৈলাভাবে বান্ধিয়াছে জটা
শিৰে, দেহে উড়ে ধূলি; আহাৰ অভাবে
খায় কপি খাদ্য ৰাম ফল মূল আদি;
এয়ে তো প্ৰণয়ী তোৰ যাৰ লাগি কান্দ!
ছি ছি সামান্যৰ প্ৰতি প্ৰেম তোৰ মনে!
বৃথা কষ্ট নাপাইবি, মুক্তি নাই তব;
পাইবি স্বৰ্গৰ সুখ ভজিয়া আমাক
দ্বিতীয় ত্ৰিদিব তুল্য স্বৰ্ণ লঙ্কাধামে।”
 উত্তৰিলা ৰক্ষবাক্যে মৈথিলী সুন্দৰী,
“ৰাক্ষস! তৰ্জ্জনে তোৰ নভৰে জানকী;
নুভুলে স্নেহৰ বাক্যে যত প্ৰলোভনে
জানিবি নিশ্চয়, পাপি, পতি-প্ৰাণা সীতা।
যি আশা কৰিয়া মোক হৰিলি পামৰ
নহব সি আশা পূৰ্ণ; কিয় অকাৰণ
হবি নাৰীবধী? মুঢ়, কিয় অকাৰণ
ডুবাবি কনক লঙ্কা, ডুবিবি আপুনি?”
 “হে বিধাতা, মনে এয়ে আছিল তোমাৰ?
চন্দ্ৰকুলোদ্ভবা আমি; ৰাজৰ্ষি জনক
জনক আমাৰ; হলোঁ সূৰ্য্যকুল–বধূ;
ৰথীশূৰ দশৰথ নৰেন্দ্ৰ শ্বশুৰ;
পতি ৰঘুকুলমণি; হায় হে বিধাতা