পৃষ্ঠা:সীতা-হৰণ কাব্য.djvu/১৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সপ্তম সৰ্গ

(হৰণ)

 উতৰে পুষ্পক ৰথ দণ্ডক কানন
খৰ দূষণৰ ৰাজ্যে। নামিলা সি স্থানে
লঙ্কেশ মাৰীচ। ৰথচক্ৰ ঘৰ ঘৰি
নীৰবিল; স্থিৰ ৰথ; ক্ষণকাল হেতু .
বিশ্ৰামিলা অবিশ্ৰান্ত অশ্ব ৰথবাহী।
দণ্ডক বিভিন্নৰূপ কৰিছে ধাৰণ;
জনশূন্য ৰক্ষাগৃহ; গৃহৰ সামগ্ৰী
থান্ বান্ পড়ি আছে গৃহস্থ অভাবে।
অনাদৰে যতে ততে। উন্মীলিত দ্বাৰে
যাতায়াত কৰে গৃহে বন জন্তুগণ,
—ৰাক্ষসৰ পৰিবৰ্ত্তে—, নিঃশঙ্কিত চিতে।
যতেক ৰন্ধন-পাত্ৰ শৃগাল কুকুৰ।
আনিছে বাহিৰে কতু। কতুবা বানৰ
লম্ফি জম্ফি খাদ্যবস্তু সুউচ্চ ৰক্ষিত
নিক্ষেপিছে ক্ষিতিতলে; অন্য জন্তুগণ
আনন্দে সি সব পাই কৰিয়ে চৰ্ব্বণ।