পৃষ্ঠা:সীতা-হৰণ কাব্য.djvu/১০৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৭
চতুৰ্থ সৰ্গ
 

হতগৰ্ব্ব বীৰগুৰু হেন ভৃগুপতি
ৰঘুপতি কৰে। নোহে সামান্য মানব
ৰাঘব, হে বীৰমণি! তাৰ পৰশনে
অহল্যা হইলা মুক্তা শিলাদেহ এৰি;
শুনিছা ইহেন কৈত অদ্ভুত কাহিনী?”
 মাৰীচ বচনে, স্মৃতিপথে ৰাৱণৰ
উদিল পূৰ্ব্বৰ কথা; গুণিলা মনত
মন্দোদৰী নাথ বীৰ, “গৈছিলো মিথিলা
লভিবে জানকী, শুনি ৰূপৰ জেউতি।
কিন্তু যি কঠিন পণ কৰিলা জনক,
—হৰ-ধনু ভঙ্গ পণ—। আমাৰ কপালে
নঘটিল ৰত্ন লাভ। কোদণ্ড আকাৰ
দেখি চমকিলো। তেও আবদ্ধ আশায়
আটিলো ককালে বস্ত্ৰ; আঙ্কোৱালি আস
ধৰিলো বিংশতি কৰে, দন্ত কডমডি
দশ মুখে; নোৱাৰিলো লৰাব পিনাক
সুমেৰু সমান; দেখি হাসিলা সমাজে;
প্ৰহস্ত যোগালে ৰথ, পলাইলো লাজে।
কিমতে ইহেন ধনু তুলিলে ৰাঘব;
গুণোতে ভাঙ্গিলে তাক। ক্ষুদ্ৰ নৰ দেহে
হেন অসম্ভব বল দিলে কি বিধাতা?”


 কোদণ্ড—ধনু। আস—ধনু।