পৃষ্ঠা:সীতা-হৰণ কাব্য.djvu/১২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৪
সীতাহৰণ-কাব্য

পলাইয়া? প্ৰজা আমি, কপিৰাজ পদে
নমিবোঁ বিহিত মানে। যদি বীৰেশ্বৰ
তথাপি বিৰোধ কৰে; যুজিবোঁ বিক্ৰমে।
ইন্দ্ৰসুত সূৰ্য্যসুত ভাই ভাই ৰণ।
ঘটিছে অনেক বাৰ; দেখোক এবাৰ
ইন্দ্ৰজ বায়ুজ যুদ্ধ জগতে কৌতুকে।
নাহি লাজ পৰাজয়ে কপিৰাজ হাতে।”
 অনন্তৰে বায়ু পুত্ৰ ভীষণ শৰীৰী
দণ্ডাইলা উঠি; যেন শিখৰী শিৰত
দণ্ডাইলা তুঙ্গ শৃঙ্গ শূন্য স্থল ভেদি।
দেখিলা দশাস্য ঋষ্যমুখাদ্ৰি উপৰে
পৰ্ব্বত প্ৰমাণ কপি স্থিৰ নেত্ৰ কৰি
অপেক্ষিছে আগমন! বালিৰাজ বোধে,
স্মৰিয়া পূৰ্ব্বৰ কথা,—অসীম লাঞ্ছনা—,
দিশান্তৰ লঙ্কেশ্বৰ চলালা স্যন্দন।
বায়ুবেগে; ফিৰি ফিৰি চাহন্তে চলিলা।
 ৰাৱণৰ মন শঙ্কা বুজিলা মাৰীচ;
কহিলা প্ৰকাশি হাসি, “কিষ্কিন্ধ্যাৰ নাথ
নোহে সিটো, দেখি যাক ডৰালা অন্তৰে,
ৰক্ষপতি। কপিপতি,—আছে অভিশাপ—,


 ইন্দ্ৰদুত, ইন্দ্ৰজ—বালি। সূৰ্য্যসুত—সুগ্ৰীব। বায়ুজ-হনুমান। আদ্ৰি—পৰ্ব্বত। তুঙ্গ—উচ্চ। স্যন্দন—ৰথ।