সমললৈ যাওক

পৃষ্ঠা:সীতা-হৰণ কাব্য.djvu/১৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২১
পঞ্চম সৰ্গ
 

কিৰূপে ভুলাব লাগে পুৰুষৰ মন?
গল মুঢ়া ভাৰ্য্যা হুবে পৰ পত্নী বধি!”
 অপৰ সুন্দৰী বোলে, “নহয় নো কি?
ডৰুয়াই কোনে, সখি, মন লাভ কৰে
পুৰুষৰ; প্ৰেম জালে নাবান্ধিলে তাক?
ধীৰ কৰভিনী গতি, নিতম্ব নিটোল,
শিৰত সজ্জ্বিত কেশ, স্ফীত বক্ষস্থল,
অধৰে মধুৰ হাসি, লোচনে কটাক্ষ,
এত অস্ত্ৰ ৰমণীৰ;-বীৰ বৃন্দ যাত
অধীৰ, যোগীন্দ্ৰ মুনি ঋষি ব্ৰতধাৰী
ৰিপুঞ্জয়, পৰাজয়—; সাংসাৰিক ৰাম
লক্ষণ কি বস্তু, সখি, ভাবি চোৱা মনে।
যদিও সুৰূপ ধৰি মায়ায় কৰ্ব্বুৰী।
গৈয়াছিলা; কিন্তু ভীমা নাজানে কৌশল;
কি হব থাকিলে অস্ত্ৰ নাজানে প্ৰয়োগ;
অভাগী অমূল্য ৰত্ন হেৰুয়ালে পাই।”
 হাসিয়া ৰসিকা এক কৰিলা উত্তৰ,
“চলা সবে যাওঁ সাজি পঞ্চবটী বনে;
ৰক্ষোবালা-মন-হৰ ভাই দুই জনে।
দৰশোঁ নয়নে। ধৰে কত বল দেহে


 কৰভিনী—ডেকেৰীহাতী। ৰক্ষোবালা-মন-হৰ—ৰক্ষবালাৰ (অৰ্থাৎ শূৰ্পনখাৰ) মন হৰণকাৰী।