পৃষ্ঠা:সীতা-হৰণ কাব্য.djvu/১২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১২
সীতাহৰণ-কাব্য

ঘোৰতৰ। বৃক্ষশাখে শাখামৃগগণ
লাফে লাফে উঠি, সবে দেখিলা নেহালি
আসে এক গোট কিবা অতুল প্ৰতাপে,
যাৰ প্ৰতিঘাতে বায়ু নভঃস্থল যুৰি
স্বনিছে ভীষণ স্বন। বৃক্ষ হতে লম্ফি
পড়িয়া ভূতলে ভীত বৃদ্ধ জাম্বুবান
চলিলা চপলা গতি, নাচায় পশ্চাতে;
কহি গৈলা উচ্চৰাৱে, “পলা পলা সবে
আসিছে বলীন্দ্ৰ বালি কিষ্কিন্ধ্যাধিপতি
প্ৰচণ্ড প্ৰতাপে কোপে; বধিব পৰাণে।”
ত্ৰাসিত সুগ্ৰীব বীৰ শত্ৰু-ভ্ৰাতৃ নামে,
“আগত কৃতান্ত মোৰ; কৰা পৰিত্ৰাণ,
হে বিধি, বিপদে,” বুলি পলাইলা; যথা
মৃগ মৃগৰাজ ভয়ে! নীল বীৰবৰ
নীলবৰ্ণ হুয়া ভয়ে পলালা অন্তৰে;
সমৰ-অনল নল সমল বদনে।
লুকাইলা; ঘন বনে গয় হলা লয়;
গবাক্ষ বিস্ফাৰি অক্ষ লৰিলা সত্বৰে।
ক্ষুদ্ৰ ক্ষুদ্ৰ কপিগণ, শলভ সদৃশ,
চিতিকিলা চতুৰ্দ্দিশে। মল মুত্ৰ ত্যাগি


 শাখামৃগ—বানৰ। 'ঘন বনে গয় হলা লয়’—ডাঠ বনত গয় বানৰ লুকাল। শলভ—ফৰিঙ্‌ পতঙ্গ।