পৃষ্ঠা:সীতা-হৰণ কাব্য.djvu/১২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পঞ্চম সৰ্গ

( আন্দোলন)

 নোৱাৰে ৰমণীকুল ৰাখিব গুপুতে
গুপ্ত কথা;-কথা যেন সূচি হেন তাড়ে
অন্তৰে—, অন্তৰ থাকি কৰয় অন্তৰ
বেকতি, এদিন নোহে এদিনৰ পৰে।
ৰাম লক্ষ্মণৰ ৰূপে কিৰূপে মোহিতা,
কিৰূপে মুখাঙ্গহীনা, হল শূৰ্পনখা;
কহিত ৰাৱণ গলা, কি মানস কৰি,
কাৰ সঙ্গে; লঙ্কা পশি ইজনী সিজনী
কহিলা ৰাক্ষস-ভগ্নী। জনৰবে পাই
লঙ্কাময় বিয়াপিলে ৰঞ্জিত কাহিনী।
 সৰোবৰে,—কাখে কৰি কনক-কলসী
মধুৰ সুহাসি হাসি মধুৰ অধৰে,
লোচন যুগলে কাঢ়ি যুবদল মন,
মনোৰম কুচ মাজে আসনি মনোজে—,


 কৰয় অন্তৰ—বাহিৰ কৰে। বেকতি—প্ৰকাশি। আসনি—বহুয়াই। মনোজ—কামদেব।