পৃষ্ঠা:সীতা-হৰণ কাব্য.djvu/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩১
দ্বিতীয় সর্গ
 

বসন তিতাই ঘৰ্ম্ম বয় জৰ জৰে;
নুফুটে বচন মুখে। জিজ্ঞাসিলা খৰ,
“কি হেতু আসিছা লৰি? শত্ৰুৰ নিধন
হুয়াছে কি? কিম্বা ভয়ে গল পলাইয়া
ভীৰু নৰ? কোৱা বাৰ্ত্তা বিংশাক্ষ-ভগিনি?”
নিৰানন্দা চণ্ডা পাছে নিকষা-নন্দিনী,
খণ্ডিত বচনে ঘনে হেঁফাই কহিলা,
“দণ্ডিবে দণ্ডাৰ্হ নৰ, সেনা চৌধজন
নিছিলোঁ বাছিয়া; কিন্তু নৰল বাঁচিয়া
এজনো, বীৰেন্দ্ৰ! অতি অদ্ভুত ঘটনা!
নিমিষে এজন নৰে নিধনিলে সবে।
কথমপি অভাগিনী এৰালোঁ মৰণ;
শৰীৰে হেৰাল তত, না পাইলোঁ পথ;
দুৰ্গম অৰণ্য মাজে আসিলোঁ চলিয়া;
কণ্টকে ফালিলে বস্ত্ৰ, আকুহি শৰীৰ
বেৱাইলে ৰক্তধাৰ, দেখিও নয়নে।”
 শুনি নিশাচৰ হত নিশাচৰী মুখে
মানিয়া আশ্চৰ্য্য খৰ কৰ্ব্বুৰ-শিখৰ।
লাগিলা কহিবে, “হলোঁ স্তম্ভিত শুনিয়া
তোৰ ইবাৰতা শূৰ্প! অদ্ভুত কাহিনী,


 বিংশাক্ষ—ৰাৱণ। চণ্ডী—মুখৰা, দন্দুৰী।
 খণ্ডিত বচনে—ভঙ্গ ভঙ্গ কথাৰে। দণ্ডাৰ্হ—দণ্ডৰ যোগ্য।