পৃষ্ঠা:সীতা-হৰণ কাব্য.djvu/১০২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯২
সীতাহৰণ-কাব্য

হেন লঙ্কানাথ মই; নকৰিলে ভয়।
ভিখাৰী নগণ্য নৰে; কৰিলে দুৰ্গতি
ভগ্নীৰ! নাশিলে ৰক্ষ-কটক কুমতি
নিৰ্ম্মূলি দণ্ডকে! কোৱা, হেন অসহন
পাৰে কোন্ কাপুৰুষ সহিব ভূতলে?
চিন্তিও উপায় এবে দণ্ডিবে দ্বন্দীক
দণ্ডক-বিনাশী দুষ্ট,—মাতৃবধী তব—,
তোমাৰ পৰম শত্ৰু; ৰক্ষকুল মান।
কৰা ৰক্ষা, ৰক্ষকুল-বুদ্ধিশিৰোমণি!”
 ক্ষণক স্তম্ভিত থাকি সনম্ৰে মাৰীচ
উত্তৰিলা দশগ্ৰীৱে, “লঙ্কাপুৰেশ্বৰ!
শুনিয়াছে সব বাৰ্ত্তা ইতিপূৰ্ব্বে আমি
ৰাজ ভগ্নী অঙ্গচ্ছেদ ৰক্ষ ক্ষয় বনে।
ঘোৰ অপমান ইটো! ভীষণ লাঞ্ছনা!
নাহি ভুল আত। কিন্তু তথাপি ইদাস
চিৰ অনুগত তব, কৰে নিবাৰণ।
কৰিৰে বিৰোধ, শূৰ, ৰাঘবৰ সহ।
অযোধ্যাধিপতি পঙ্‌ক্তিৰথ ৰথীশ্বৰ
—শুনিয়াছা নাম—,তাৰ তনয় স্বৰূপে
সুপ্ৰসিদ্ধ সূৰ্য্যকুলে, শ্ৰীৰাম লক্ষণ


 ‘চিন্তিও উপায়......দুষ্ট’—দণ্ডক বিনাশী দুষ্ট দ্বন্দীক (বিৰোধ কাৰীক) দণ্ড দিবৰ নিমিত্তে উপায় চিন্তা কৰা। পঙ্‌ক্তিৰথ—দশৰথ।