পৃষ্ঠা:সীতা-হৰণ কাব্য.djvu/১৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ষষ্ঠ সৰ্গ

(দেব-মন্ত্ৰণা)

 চলিও কল্পনে! এবে দীনে সঙ্গে কৰি
একবাৰ সুৰপুৰে; ৰাজ ৰাজেশ্বৰী
কিঙ্কৰ লইয়া সঙ্গে মহাতীৰ্থে যথা;
চলা একবাৰ দেবি ত্ৰিদশ-আবাসে।
সুৰাৰি লঙ্কেশে শঙ্কি সুৰদল তথা,
—লাঞ্ছিত ৰাক্ষস-ৰণে—, কি কৰে মন্ত্ৰণা,
দৰশোঁ‌, হে দয়াময়ি, তোমাৰ নয়নে;
ৰাজৰাজেশ্বৰী-ব্যয়ে সহগামী দাস
দৰ্শে যথা মহাতীৰ্থ কৌতুক অন্তৰে।
 নিস্তব্ধ বাসব সভা। সভাতলে আজি
বসিছে ত্ৰিদিববাসী ত্ৰিদিবেশ সহ
বিমৰ্ষে নীৰব হুয়া; নাহি বাক্য মুখে,
কাষ্ঠ-পুত্তলিকাগণ বাক্যহীন যথা।
উল্লাস আনন্দ নৃত্য গীত বাদ্যধ্বনি


 ত্ৰিদশ-আবাসে—দেবতাৰ বাসস্থানলৈ অৰ্থাৎ স্বৰ্গপুৰীলৈ।