সমললৈ যাওক

পৃষ্ঠা:সীতা-হৰণ কাব্য.djvu/১২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১১
চতুৰ্থ সৰ্গ

কহিলা,–অসাধ্য নোহে–; কিন্তু অমাৰীচ
হুইলে অবনী আজি অৰি-অস্ত্ৰাঘাতে,
অৰ্দ্ধ ৰাজ্য পুৰস্কাৰ লইবেক কোনে?
উপায় নাপাওঁ ভাবি, কিৰূপ ছলনা
কৰিয়া ছলিবোঁ ৰামে; সামান্য মায়ায়,
সামান্য মানব ন্যায়, অসামান্য বীৰ।
নুভুলিব। চিন্তি, শূৰ, নাপাওঁ উপায়।”
 চলিছে পুষ্পক ৰথ আশুগতি গতি,
অতিজব অশ্ব যোগে, দণ্ডকৰ দিশে,
বিস্ফাৰিত কৰি বায়ু; বাৰি বিস্ফাৰিয়া
অৰ্ণবে অৰ্ণবপোত যন্ত্ৰযুক্ত যেন।
চলয় নিৰ্দ্দিষ্ট স্থানে ধৰি তীব্ৰগতি।
যান বেগে শো শো শব্দ হুইয়া ধ্বনিত
ক্ৰমশঃ আধিক্য ভাবে পশিল আসিয়া
ঋষ্যমুখাচলে;—যথা বিষন্ন অন্তৰে,
বানৰ সমাজ লই বানৰাধিপতি
সুগ্ৰীব, দোঁৱাই গ্ৰীব, অধোমুখ কৰি
নিন্দিছে অদৃষ্ট নিজ, লভি পৰাভব
বাৰম্বাৰ বালি সহ সুঘোৰ সংগ্ৰামে।
চমকে বানৰ বৃন্দ শূন্যে শব্দ শুনি।


আশুগতি গতি-পবন গতি। অতিজব-বেগবান। যন্ত্ৰযুক্ত কল থকা।