পৃষ্ঠা:সীতা-হৰণ কাব্য.djvu/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ৷৹ ]

ৰাখিছিলোঁ যত্নে আমি সি চিত্ৰ সুমাই;
দেখিলে সি চিত্ৰ এবে মুখে হাসি পায়।

 ‘আসাম-বিলাসিনী’ৰ সমালোচনা গ্ৰন্থকাৰৰ মনত বোধ হয় বৰকৈ লাগিছিল। উক্ত ‘কবিতা’ শীৰ্ষক প্ৰবন্ধতত উক্ত কথাকে লক্ষ্য কৰি তেওঁ এইদৰে লেখিছে :—

(১)
দূৰাশা উচিত শাস্তি পালোঁ হাতে হাতে;
দেখি মোৰ চপলতা,
ক্ৰোধে “বিলাসিনী” মাতা
কৰিলা গঞ্জনা; আমি বহিলোঁ অমাতে;
পুনঃ মোৰ দুৰাকাঙ্খা দিলোঁ অধঃপাতে।
(২)
হে কবিতে! আকৌ মোৰ নিৰলজ্জ মন,
(কি লাজ আছয় তাৰ,
গঞ্জনাও প্ৰিয় যাৰ),
সব কাতি কৰি আজি কৰিছে নৰ্ত্তন;
চাইছে কৰিবে পুনঃ তুলিকা চালন।

 গ্ৰন্থকাৰে পূৰ্ব্বে নিজ ঘৰতে থাকিবলৈ পোৱাত অনেক সময় পাইছিল। সেই সুবিধাতে অলপ বয়সতে তেওঁ ‘পাৰমিতি ও জৰীপ’, ‘চিন্তা-তৰঙ্গিণী’ দুই খণ্ড, আৰু ‘কবিতামালা’ সুই খণ্ড