সমললৈ যাওক

পৃষ্ঠা:সীতা-হৰণ কাব্য.djvu/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৭
দ্বিতীয় সৰ্গ

আনন্দে;—অৰণ্য যেন ছিলে পুণ্যধাম—
ৰাক্ষস-সঙ্কুল হল সেহি তপোবন,
ধৰিলে বিভিন্নৰূপ বিৰূপ-মিলনে।
ফুৰয় ৰাক্ষসবৃন্দ বন চতুৰ্ভিতি
পিন্ পিন্ কৰি,—যেন পিপৰাৰ দল—,
আতঙ্কিয়া বনবাসী; আশ্ৰমে প্ৰবেশি
কৰে উপদ্ৰব; দ্ৰব্য বলে নিয়ে কাঢ়ি।
যজ্ঞ আৰম্ভন মাত্ৰ আসয় নিকট
বিকট মূৰতি সব; সঙ্কট দেখিয়া
যজ্ঞকাৰী বিপ্ৰগণ পলায় বিপাঙ্গে।
হাতে হাতে ৰক্ষোদল যজ্ঞফল ফুল
ঘৃত দধি দুগ্ধ আদি নিয়ে লুটিপুটি
লণ্ডিভণ্ডি যজ্ঞ; দূৰে পেলায় নিক্ষেপি
কোশা কুশি ঘণ্টা ধূপ বিবিধ সামগ্ৰী।
এইৰূপে নিৰন্তৰ কৰে নিশাচৰ
অত্যাচাৰ মুনিগণে। সহিব নোৱাৰি
লাঞ্ছনা ৰাক্ষস হাতে, আশ্ৰম এৰিয়া
চলিলা অন্যত্ৰ ক্ৰমে বনবাসীগণ।
অনাহাৰী জলাহাৰী ফলাহাৰী যত।


 বিৰূপ-মিলনে—যাৰ বেয়াৰূপ তাৰ মিলনত অৰ্থাৎ ৰাক্ষসৰ মিলনত।
 বিপাঙ্গে—সঙ্কটত, সঙ্কট ভাবি।