পৃষ্ঠা:সীতা-হৰণ কাব্য.djvu/৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৩
তৃতীয় সৰ্গ
 

পুঞ্জ পুঞ্জ মুক্তাবলী জিলিকিছে তাত;
দূৰ্ব্বাদল-দলে যথা, বালাৰ্ক কিৰণে,
জ্বিলিকে শিশিৰ বিন্দু বৃন্দ ঊষাকালে।
শ্যাম দূৰ্ব্বাদলে মুক্তা ক্ষণে লোপ পায়
ৰবি কৰে; কিন্তু মুক্তা অলোপ অলয়।
সুৱৰ্ণ জালৰে; হোৱে কৰে তেজস্কৰ।
দুৱাৰে দুৰ্জ্জয় দ্বাৰী ভীষণ আকুতি,
—কৃতান্ত কিঙ্কৰ উৰে যাৰ দৰশনে,—
সদৰ্পে ক্ষেপিয়া পদ ঘুৰে নিৰন্তৰ
নিচ্চোষিত অসি কৰে। কিঙ্কৰ কিঙ্কৰী,
সজ্জিত সজ্জিতা বেশে, কৰ যোড় কৰি
দণ্ডাইছে এক পাশে, ৰাজাজ্ঞা অপেক্ষি
সভয়ে। ধৰিয়া কৰে ধবল চামৰ
হৈম নালে সংগ্ৰথিত, প্ৰফুল্ল আননে,
সিংহাসন দুই পাশে দণ্ডাইয়া ধীৰে
ব্যজনিছে ৰাজদেহ, অপ্সৰী সমান।
ৰূপৱতী দুটী নিত্য-যৌবনা যুবতী।


 দুৰ্ব্বাদল-দলে—দুবৰি বিলাকৰ পাতত।
 শ্যাম দুৰ্বাদলে....তেজস্কৰ—সূৰ্য্যৰ কিৰণত শ্যাম দূৰ্ব্বা বিলাকত নিয়ৰ-বিন্দু ৰূপ মুক্তা ক্ষণকতে লোপ পায়; কিন্তু সুৱৰ্ণ জালৰত থকা মুক্তা লয় লোপ নহয়, কিৰণত তেজস্কৰহে হয়।  ধবল চামৰ হৈম নালে সংগ্ৰথিত—সোণৰ নালত গথা বগা চামৰ।