পৃষ্ঠা:সীতা-হৰণ কাব্য.djvu/১৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫৪
সীতাহৰণ-কাব্য

মম পতিজিত-মাতা-চৰণ সেবিকা।
অমৰীৰ, হৰি হৰি, মৰী-পদ সেবা।”
 মায়াৰ আশ্বাস পাই, মায়াপুৰ থাকি
সুৰপতি হৰ্ষমতি উলটিলা গৃহে;
প্ৰবেশিলা অন্তঃপুৰ,—পৌলোমী সুন্দৰী
মন দুঃখে বসি যথা সখীগণ সহ
আক্ষেপিছে। আসে পতি দেখি বিষাদিনী
সম্বৰি অম্বৰ অবয়ব আবৰিয়া,
সসম্ভ্ৰমে দণ্ডাইলা সখীদল সহ।
সুবৰ্ণ আসন আনি যোগালে বিমলা;
বসিলা বাসব, ৰামে বসিলা বাসব-
ৰমণী, মলিন মুখে। মল্লিকা, মঙ্গলা,
চন্দ্ৰা, চিত্ৰা, তাৰা আদি সখী অন্তৰিলা
স্থলান্তৰ। বিশালাক্ষী-বদন নিৰখি
কহিলা সহস্ৰ আখি, “দুষ্ট দুৰমুখ
দশমুখ মুখে শুনি তৰ্জ্জন বচন
সুদুঃখী, সুমুখি, তুমি; বুজিছোঁ অন্তৰে
প্ৰফুল্ল আনন তব ম্লান সি কাৰণ।


 মম পতিজিত-মাতা—ইন্দ্ৰজিত-মাতা অৰ্থাৎ মন্দোদৰী। ইন্দ্ৰজিত বুলিলে নিজ স্বামীৰ নাম কঢ়া হয় সেই নিমিত্তে শচীয়ে ইজিত “মম পভিজিত” বুলিছে।
 সহস্ৰ আঁখি—ইন্দ্ৰ।