পৃষ্ঠা:সীতা-হৰণ কাব্য.djvu/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰথম সৰ্গ
 

—কানু শিৰে চূড়া—, উচ্চাৰাও কৰি
ডাক দিলা 'ৰাম কানুʼ,প্ৰতিধ্বনি তাৰ
ধ্বনিল গহ্বৰ থাকি। কনক মণ্ডিত
চঞ্চু, নেত্ৰ পদ যাৰ, বিহগী ময়না
দ্বিজধন্যা কুজনিলা । গাইলা ধনেশ
হৰিষে,—ধনেশ জন হৰষিত যথা;
গাইলা পাৰ্ব্বত্য পক্ষী আৰু কত কত।
হায় পৰ্ব্বতীয়া শোভা কিবা মনোৰম!
বিস্তাৰি বিস্তীৰ্ণ কায়, ব্যাপি বহু স্থল,
উচ্চ শিৰে ধৰাধৰ, ধৰাপতি যেন,
দৰ্শিছে চৌদিশ গৰ্ব্বে। সহস্ৰ সহস্ৰ
শিলাৰূপী-গজ-মালে আবৰিত দেহ
কোন স্থলে; কোন স্থলে, উচ্চ তৰুৰাজি,
তৃণ, পত্ৰ, লতা, বনে শৰীৰ সজ্জিত।]
নিৰ্ঝৰিণী শত শত; (পাষাণ হৃদেও
থাকে দয়াময়ী মূৰ্ত্তি; সমাংস শৰীৰী
মানব নিষ্ঠুৰ কিন্তু, ধিক হেন নৰে),


 ডাক দিলা 'ৰাম কানু’—ময়ুৰে মাতিলে ʼবা কাউ’ বা ‘ৰাম কানু’ বোলা যেন শুনা যায়। দ্বিজধন্যা—পক্ষী ধন্যা। ধনেশ—ধনেশ্বৰ পক্ষী। ধনেশ জন—ধনবান লোক। শিলাৰূপী-গজ-মালে—শিলাৰূপ ধাৰণ কৰা হাতীৰ মালাৰে; (পৰ্ব্বতৰ গাত থকা শিলবিলাকক হাতী বুলিছে)।