পৃষ্ঠা:সীতা-হৰণ কাব্য.djvu/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪০
সীতাহৰণ-কাব্য
 

পটু পত্তি দুই সপ্ত চক্ষুৰ পলকে
বধিলে তপস্বী নৰ; সিংহদলে যেন
দলিলে শৃগাল একা! হেন পৰতাপী
কোন সি মানব, ভগ্নি, কোৱা পৰিচয়
জানা যদি। কিবা নাম, কৈত তাৰ ধাম,
কাৰ বা নন্দন সিটো—টুটিল যাহাৰ
মোৰ হাতে ভব-বাঞ্ছা ই ভবমণ্ডলে।”
 কহিলা ৰাৱণ-ভগ্নী, “এক জন নাম
শ্ৰীৰাম; লক্ষণ নাম ধৰে অন্য জন;
অযোধ্যাধিপতি দশৰথৰ তনয়।
উভয়ে; কৰিছে বাস কানন ভিতৰে
পালিয়া জনক সত্য। জনক-নন্দিনী
সীতা নামে সঙ্গে নাৰী,—শ্ৰীৰাম মহিষী।
এহিৰূপ পৰিচয় দিছিলে তপস্বী;
সত্য কি অসত্য দুষ্ট বনচাৰী কথা
কোনে জানে? কিন্তু, দাদা, অদ্ভুত মানব,
দৰশনে ক্ষুদ্ৰ কায়, ৰুদ্ৰ পৰাক্ৰমে।”
 ৰক্ষ-ৰিপু পৰিচয় শূৰ্পনখা মুখে
শুনিয়া দূষণ দূপ্ৰ কহিবে লাগিলা,
“এহি ৰাম, মহাবাহু, সেই নৰাধম,
যাৰ শৰে ৰক্ষ সেনা হুইলে নিপাত


পত্তি—পদাতিক সৈন্য। দুপ্ৰ—বলী।