পৃষ্ঠা:সীতা-হৰণ কাব্য.djvu/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩
প্রথম সর্গ

ৰাঙ্গিলা আনন; পূবে গগণ-আমন
ৰাঙ্গে যথা উদি ভানু উদয় অচলে;
অথবা কৃষাণু যথা কান্তিয়া কাঞ্চনে
ৰাঙ্গে তাপে। সীতা বাক্যে কুপিতা কৰ্ব্বুৰী
কহিলা বাঘবে চাই, “দয়াময়! যদি
কৰা অধিনীক দয়া, জনক তনয়া,
—কণ্টক তোমাৰ সুখে—, গুছাওঁ জঞ্জাল;
নিষ্কণ্টকোঁ তব পথ প্ৰেম পাৰাবাৰে।”
তৰ্জ্জিলা সীতাক দুষ্টা, “ভৎৰ্সিলি যাহাক,
জান কি, জানকি! কোন সেহি বীৰাঙ্গনা?
নুবুজিলা দিলি গালি, পড়িলি বিপাকে।”
 এত কহি নিশাচৰী সলাইলা ৰূপ
ধৰিলা ভীষণ মূৰ্ত্তি। মোহিনী মুৰতি
লুকাল; লুকাল আৰু কুসুমৰ মালা;
হৰিল সুহাসি মুখে, মৃদু দৰশন।
শূৰ্পনখা শূৰ্প-নখ, দন্ত কোৰ সম,
কৰী-কৰ্ণ তুল কৰ্ণ, ধৰিলা নিমিষে;
বিশাল নাসিকা ৰন্ধে, বহিল নিশ্বাস,
ভাতীমুখে বায়ু যেন। টকালি ৰসনা,


 অথবা কৃষানু....ৰাঙ্গে তাপে—অথবা যেনেকৈ অগ্নিয়ে উত্তাপৰে সোণক কান্তিযুক্ত কৰি ৰঙ্গা কৰে। শূৰ্প-নখ—কুলাৰ সমান নখ।